হালধি এবিধ তৃণজাতীয় গছ আৰু ইয়াৰ মৃদ্গত কাণ্ড। ইয়াৰ ৰাইজ'ম পিচিলে বা খুন্দিলে হালধীয়া ৰস ওলায়। হালধিৰ কাণ্ড কেঁচাকৈ শুকানকৈ গুৰি কৰি মছলা হিচাপে আৰু খাদ্যত ৰং দিবলৈ ব্যৱহাৰ কৰা হয়।১ আদা গোত্ৰৰ বহুবৰ্ষজীৱী গছজোপা ভাৰতীয় উপমহাদেশ আৰু দক্ষিণ-পূব এছিয়াৰ স্থানীয় উদ্ভিদ। প্ৰতিবছৰে হালধিৰ ৰাইজ'ম চপোৱা হয়। ইয়াৰে কিছুমান ব্যৱহাৰৰ বাবে আৰু কিছুমান পৰৱৰ্তী খেতিৰ বাবে ৰখা হয়। ৰাইজ'ম সমূহ কেঁচাই বা পানীত সিজাই শুকুৱাই গুৰি কৰি ডাঠ কমলা-হালধীয়া ৰঙৰহালধি গুৰি প্ৰস্তুত কৰা হয়। খাদ্যত প্ৰাকৃতিক হালধীয়া ৰং আৰু গোন্ধ দিবলৈ এছিয়ান খাদ্যশৈলীত হালধি গুৰি বহুলভাৱে ব্যৱহৃত হয়।২ হালধিৰ নিজা সুকীয়া সোৱাদ আৰু গোন্ধ আছে।৩৪
হালধি ঔষধি গুণ বিশিষ্ট। প্ৰাচীন কালৰ পৰা আয়ুৰ্বেদত হালধিক 'হৰিদ্ৰা' হিচাপে ব্যবহাৰ হৈ আহিছে।৫৬ সৌন্দৰ্য চৰ্চাতো হালধি ব্যৱহাৰ কৰা হয়। হালধি ভাৰতীয় সংস্কৃতিৰ অভিন্ন অংগ।

তথ্যসূত্ৰ
- ↑ Priyadarsini, KI. (2014). The chemistry of curcumin: from extraction to therapeutic agent. Molecules. পৃ. 20091–112
- ↑ (2013). Turmeric processing. Kerala Agricultural University, Kerala, India
- ↑ (2009). Turmeric. Drugs.com
- ↑ Brennan, J. (15 October 2008). Turmeric. The National
- ↑ Peter, K. V. (2008). Underutilized and Underexploited Horticultural Crops, Volume 2. New India Publishing. পৃ. 341. ISBN 9788189422691
- ↑ Nelson, KM; Dahlin, JL; Bisson, J. (2017). The Essential Medicinal Chemistry of Curcumin: Miniperspective. Journal of Medicinal Chemistry. পৃ. 1620–1637
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হালধি” প্ৰবন্ধৰ সংশোধন ৬৩৭৮৪৯ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।