বিল হৈছে চাৰিওফালে স্থলভাগে ঘেৰি থকা দ আৰু বহল স্বাভাৱিক জলভাগ। সাধাৰণতে গংগা-ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চলৰ পূব ভাৰতীয় ৰাজ্য অসম আৰু পশ্চিমবংগৰ লগতে বাংলাদেশৰ হ্ৰদৰ দৰে বৃহৎ স্থিতিশীল পানীৰে পূৰ্ণ আদ্ৰভূমিক বুজাবলৈ বিল শব্দটো ব্যৱহাৰ কৰা হয়। ইয়াৰ বিপৰীতে নদী বা খাৱৈৰ গতিশীল পানীৰ উৎসক বুজাবলৈ খাল শব্দটো ব্যৱহাৰ কৰা হয়। অসমীয়া আৰু বঙালী দুয়ো ভাষাতে পানীৰে পূৰ্ণ ডাঙৰ আদ্ৰভূমিক বিল বোলা হয়। বিস্তীৰ্ণ আৱদ্ধ অলুণীয়া পানীৰ জলাশয় বিলসমূহ মূলতঃ নিম্নভূমি অঞ্চল। বেছিভাগ বিলত শুকান ঋতুত পানী শুকাই যায়। তাৰপিছত এই অঞ্চল খেতি আৰু জীৱ-জন্তুৰ চৰণীয়া অঞ্চল হিচাপে ব্যৱহাৰ কৰা হয়। বাৰিষা কালত এই নিম্নভূমিবোৰ পানীৰে পৰিপূৰ্ণ হৈ পৰে। সাধাৰণতে বিলৰ গভীৰতা অতি বেছি নহয়। কিন্তু ডাঙৰ বিলবোৰৰ গভীৰতা অতি বেছি আৰু প্ৰায় গোটেই বছৰ ধৰি পানী থাকে।১
উৎপত্তি
বিল বহু ধৰণে গঠন হব পাৰে। যদি নিম্নভূমিত পানী নিষ্কাশন প্ৰণালী নাই বা জলনিষ্কাশন পথ বন্ধ থাকে, তেনেহ'লে বানপানীৰ পিছত সেই অঞ্চলত পানী বন্ধ হৈ যায়। পুনৰ যেতিয়া বৰষুণ বেছি হয় পানী জমা হৈ বিলৰ সৃষ্টি হয়। কেতিয়াবা নদীৰ পথ সলনি হয় আৰু বিলৰ উৎপত্তি হব পাৰে। সঘনে গতিপথ সলনি কৰা নদী বা সুঁতিৰ পৰা অশ্বখুৰা আকৃতিৰ বিলৰ সৃষ্টি হয়। এনে বিল কেতিয়াবা নদীৰ লগত সংযুক্ত হৈ থাকে। তদুপৰি ১৮৯৭ আৰু ১৯৫০ চনৰ ভূমিকম্পৰ পৰিণতিতো এনে ধৰণৰ বহু বিল গঙ্গা নদী আৰু ব্ৰহ্মপুত্ৰ নদ উপত্যকাত সৃষ্টি হৈছিল বুলি ভূবিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে।<ref name="গ্ৰন্থ ১"২

বিলৰ উপকাৰীতা
বিলসমূহ জলজ জৈৱবৈচিত্ৰ্যৰ বাবে জনাজাত। প্ৰতি বছৰে প্ৰব্ৰজন কৰা বহু প্ৰজাতিৰ চৰাইবোৰ এই বিলবোৰলৈ আহে। জলজ উদ্ভিদ আদিৰে ভৰপূৰ এই বিলবোৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৱাত অপৰিসীম গুৰুত্ব আছে। বিলৰ উদ্ভিদ প্লাৱক সমূহে বায়ুমণ্ডলত অক্সিজেন গেছ এৰি দিয়ে। তদুপৰি এই জলজ উদ্ভিদবোৰে পানীত হোৱা প্ৰদূষণ ৰোধতো সহায় কৰে। অসমৰ থলুৱা মাছৰ ভঁৰালস্বৰূপ এই বিল ওপৰত নিৰ্ভৰ কৰিয়েই বহু মৎসজীৱী পৰিয়াল বৰ্তি আছে। স্থানীয় বায়ুশ্বাসী মাছৰ লগতে আলংকৰিক মাছেৰে পূৰ্ণ এই বিলবোৰত পলুভক্ষী আৰু ঔষধি গুণসম্পন্ন মাছ পোৱা যায়। বিলসমূহে বানপানী প্ৰতিৰোধ কৰাত বিশেষ সহায় কৰে। ই অতিৰিক্ত পানী ভাগ ধৰি ৰাখে আৰু আশে-পাশে থকা ঠাইবোৰ প্লাৱিত হোৱাৰপৰা ৰক্ষা কৰে। তদুপৰি ইয়াত থকা বিভিন্ন জলজ উদ্ভিদে পানীৰ সোঁত প্ৰতিৰোধ কৰে আৰু বানপানীৰ ভয়াবহতা কম কৰাত, গৰাখহনীয়া ৰোধ কৰাত সহায় কৰে।
]]
বিলৰ জৈৱ বৈচিত্ৰ্য আৰু নান্দনিক প্ৰাকৃতিক পৰিৱেশে নানা পৰ্যটককো আকৰ্ষণ কৰে।
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Mohd Shamsul Alam, and Md Sazzad Hossain. (2012). Banglapedia. Asiatic Society of Bangladesh
- ↑ চুলতানা হাজৰিকা. (২০১৩). অসমৰ আৰ্দ্ৰভূমি আৰু ইয়াৰ ব্যৱস্থাপনা. প্ৰান্তিক. পৃ. পৃষ্ঠা ২৯
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিল” প্ৰবন্ধৰ সংশোধন ২৫৮০৩৮ (৬ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।