অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ইজিপ্ত

ইজিপ্ত বা মিছৰ (আৰবী ভাষাত: مصر মিস্ব্‌ৰ্, কথিত ইজিপ্তীয় আৰবী مصر মাস্ব্‌ৰ্, ইংৰাজী ভাষাত: Egypt), চৰকাৰী নাম ইজিপ্ত আৰব প্ৰজাতন্ত্ৰ, উত্তৰ আফ্ৰিকাৰ এখন প্ৰাচীন ৰাষ্ট্ৰ। দেশখনৰ বেছি ভাগ অংশ আফ্ৰিকাত অৱস্থিত। ইয়াৰ একেবাৰে পূৰ্বৰ অংশটো চিনাই উপদ্বীপ।

হালনাগাদ: ৭ জানুৱাৰী ২০২৬ ২৪৫ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

ইজিপ্ত বা মিছৰ (আৰবী ভাষাত: مصر মিস্ব্‌ৰ্, কথিত ইজিপ্তীয় আৰবী مصر মাস্ব্‌ৰ্, ইংৰাজী ভাষাত: Egypt), চৰকাৰী নাম ইজিপ্ত আৰব প্ৰজাতন্ত্ৰ, উত্তৰ আফ্ৰিকাৰ এখন প্ৰাচীন ৰাষ্ট্ৰ। দেশখনৰ বেছি ভাগ অংশ আফ্ৰিকাত অৱস্থিত। ইয়াৰ একেবাৰে পূৰ্বৰ অংশটো চিনাই উপদ্বীপ। চিনাই উপদ্বীপ আফ্ৰিকা মহাদেশৰ মধ্য স্থলসেতুৰ দৰে কাম কৰে। ইজিপ্তৰ অধিকাংশ এলেকা মৰুময়। নীল নদীয়ে দেশখনক দুটা অসমান অংশত ভাগ কৰিছে। নীল নদীৰ উপত্যকা আৰু ব-দ্বীপ অঞ্চলতেই ইজিপ্তৰ বেছি ভাগ মানুহ বাস কৰে। কাইৰো দেশৰ এখন ডাঙৰ চহৰ আৰু ৰাজধানী।

নামকৰণ

ইংৰাজী শব্দ Egypt গ্ৰীক ভাষা, ফৰাচী ভাষা, ইংৰাজী ভাষা আৰু আৰবী ভাষাৰ মিশ্ৰণৰ দ্বাৰা সৃষ্টি হৈছে আৰু মিছৰ শব্দটো আৰবী ভাষাৰ পৰা আহিছে।

ভূগোল আৰু জলবায়ু

ইজিপ্তৰ অধিকাংশ অঞ্চলেই মৰুভূমি কিন্তু নীল নদী বৈ যোৱাৰ ফলত উপত্যকা অঞ্চলটো যথেষ্ট উৰ্বৰা। সেই বাবে নীল নদীক ইজিপ্তবাসীৰ প্ৰাণ প্ৰৱাহস্বৰূপে জনা যায়। এই উপত্যকা অঞ্চল প্ৰায় ১৬ কিঃমিঃ বহল। ইজিপ্তৰ এই উপত্যকা আৰু ব-দ্বীপ অঞ্চলটোৰ আয়তন ৩১,০০০ বৰ্গ কিলোমিটাৰ। ইয়াৰ উৰ্বৰা অঞ্চলটো দুভাগত বিভক্ত- ১) নীল উপত্যকা আৰু ২) নীল ব-দ্বীপ। ইজিপ্তত পৃথিৱী বিখ্যাত ছুৱেজ খালটো অৱস্থিত। এই খালৰ দ্বাৰা ভূমধ্য সাগৰ আৰু লোহিত সাগৰক সংযোগ কৰা হৈছে। ১৯৫৬ চনৰ পূৰ্বে ব্ৰিটিছ আৰু ফৰাচী কোম্পানীসমূহৰ হাতত আছিল। ১৯৫৬ চনত ইজিপ্ত চৰকাৰে ইয়াক ৰাষ্ট্ৰীয়কৰণ কৰে।১

কৃষি

দেশখনৰ উপত্যকা অঞ্চলটোত অতীজৰে পৰা জলসিঞ্চনৰ দ্বাৰা খেতি কৰা হয়। ধান এই অঞ্চলৰ প্ৰধান কৃষি। আচোৱান বান্ধৰ পৰা খাল খান্দি ইয়াৰ খেতি-পথাৰত পানী যোগানৰ ব্যৱস্থা কৰা হয়। আনহাতে 'ব'দ্বীপ অঞ্চলটোত খালৰ দ্বাৰা জলসিঞ্চন কৰা হয়। উপত্যকা অঞ্চলত উৎকৃষ্ট মানৰ কপাহ খেতি হয়। খাদ্য শস্যৰ ভিতৰত মাকৈ, ধান, কুহিঁয়াৰ আদি গ্ৰীষ্মকালত আৰু ঘেঁহু, বাৰ্লি, বীন আদিৰ খেতি শীতকালত হয়।১

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ ভূ-দৰ্শন. (২০০২). ইজিপ্ত. কামাখ্যা বুক ষ্টল

সম্পৰ্কিত শ্ৰেণী

পোখালি (দেশ)এছিয়াৰ দেশইজিপ্তৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহআফ্ৰিকাৰ দেশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইজিপ্ত” প্ৰবন্ধৰ সংশোধন ৫৬৮১৫২ (৭ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।