অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

বৰষুণ

বৰষুণ (Rain) হৈছে বায়ুমণ্ডলীয় জলীয় বাষ্প ঘনিভূত হৈ সৃষ্টি হোৱা আৰু মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত তললৈ নামি অহা তৰল পানীৰ টোপাল। বৰষুণ হৈছে জল চক্ৰৰ প্ৰধান উপাদান আৰু পৃথিৱীত থকা মিঠা পানীৰ জলাধাৰ সমূহৰ মূল উৎস। ই বহু প্ৰকাৰৰ পৰিস্থিতি তন্ত্ৰক অনুকূল পৰিৱেশ প্ৰদান কৰে।

হালনাগাদ: ১৪ জুলাই ২০২০ ৩৩১ শব্দ · ২ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

বৰষুণ (Rain) হৈছে বায়ুমণ্ডলীয় জলীয় বাষ্প ঘনিভূত হৈ সৃষ্টি হোৱা আৰু মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত তললৈ নামি অহা তৰল পানীৰ টোপাল। বৰষুণ হৈছে জল চক্ৰৰ প্ৰধান উপাদান আৰু পৃথিৱীত থকা মিঠা পানীৰ জলাধাৰ সমূহৰ মূল উৎস। ই বহু প্ৰকাৰৰ পৰিস্থিতি তন্ত্ৰক অনুকূল পৰিৱেশ প্ৰদান কৰে।

পৃথিৱীৰ ভূ-ভাগৰ গোলকীয় বাৰ্ষিক গড় বৃষ্টিপাত হৈছে ৮১৫ মি.মি. (২৮.১ ইঞ্চি), কিন্তু সম্পূৰ্ণ পৃথিৱী পৃষ্ঠৰ বৃষ্টিপাত ৯৯০ মি.মি. (৩৯ ইঞ্চি)তকৈও বেছি। ৰেইন গজ নামৰ এবিধ যন্ত্ৰৰ দ্বাৰা বৃষ্টিপাত জোখা হয়। অন্য গ্ৰহটো বৰষুণ হয়, কিন্তু সেই বৰষুণৰ টোপালবোৰ পানীৰ সলনি মিথেন, নিয়ন, ছালফিউৰিক এচিড নাইবা আইৰণৰো হ'ব পাৰে।

বৃষ্টিপাতৰ মাত্ৰা

বৃষ্টিপাত জোখাৰ ক্ষেত্ৰত বৃষ্টিৰ ধাৰাক মিলিমিটাৰত গণনা কৰা হয়। তদুপৰি স্কেল অনুযায়ী পৰিমাপ কৰি পাতল, প্ৰচুৰ, অতি প্ৰচুৰ আৰু চৰম বৃষ্টিপাত হিচাপে দিয়া হয়। এইক্ষেত্ৰত ঘণ্টাত ০.২৫ মিলিমিটাৰৰ পৰা ১ মিলিমিটাৰ পৰ্যন্ত বৃষ্টিপাতক পাতল, ৪ মিলিমিটাৰৰ পৰা ১৬ মিলিমিটাৰ পৰ্যন্ত বৃষ্টিপাতক প্ৰচুৰ, ১৬ মিলিমিটাৰৰ পৰা ৫০ মিলিমিটাৰ পৰ্যন্ত বৃষ্টিপাতক অতি প্ৰচুৰ আৰু ৫০ মিলিমিটাৰতকৈ অধিক বৃষ্টিপাতক চৰম বৃষ্টি আখ্যা দিয়া হয়।

কৃত্ৰিম বৰষুণ

বৰষুণৰ বাবে প্ৰথমেই দৰকাৰ হয় জলীয় বাষ্প, সেই জলীয় বাষ্প পাতল হোৱা কাৰণে ওপৰলৈ উৰি গৈ বতাহৰ ধূলিকণা, বালি কণা ইত্যাদিৰ সৈতে মিহলি হৈ মেঘ বা ডাৱৰ তৈয়াৰ কৰে। এইদৰে মেঘৰ আকৃতি বাঢ়ি গৈ থাকে আৰু ঠাণ্ডাত ই ঘনীভূত হৈ বৰষুণৰ সৃষ্টি কৰে। এই প্ৰাকৃতিক প্ৰক্ৰিয়াটোকে মানৱনিয়ন্ত্ৰীত পন্থাত কৰাকেই কৃত্ৰিম বৰষুণ বোলা হয়। কৃত্ৰিম বৰষুণত, কেতিয়াবা সম্পূৰ্ণ প্ৰক্ৰিয়াটো, কেতিয়াবা তাৰ আংশিক (জলীয় বাষ্পক মেঘলৈ ৰূপান্তৰ) নিয়ন্ত্ৰণ কৰা হয়। সম্পূৰ্ণ প্ৰক্ৰিয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত প্ৰথমে দ্ৰুতগতিৰ ডাঙৰ পাংখাৰ সহায়ত কোনো জলক্ষেত্ৰৰ পানীক বাষ্পীভূত কৰা হয়। সেই পাতল বাষ্প আকাশলৈ উৰি গৈ ডাৱৰৰ সৃষ্টি কৰে। তাৰ পিছত সেই ডাৱৰত ছিলভাৰ আয়'ডাইডৰ কণা ছতিয়াই দিয়া হয়, ফলত সেই ডাৱৰ ঘনীভূত হৈ কৃত্ৰিম বৰষুণৰ সৃষ্টি কৰে। এই ক্ষেত্ৰত বন্দুক নাইবা ৰকেট ব্যৱহাৰ কৰি পৃথিৱীৰ পৰা আকাশলৈ নাইবা বিমান ব্যৱহাৰ কৰি আকাশৰ পৰা ডাৱৰত ছিলভাৰ আয়'ডাইডৰ কণা এৰি দিয়া হয়। উষ্ণ অঞ্চলত এই কামত কেলচিয়াম ক্ল'ৰাইড ব্যৱহাৰ কৰা হয়। কৃত্ৰিম বৰষুণৰ এই প্ৰক্ৰিয়া যথেষ্ট ব্যয়বহুল।

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

ভূগোল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰষুণ” প্ৰবন্ধৰ সংশোধন ২৪১৩৩৩ (১৪ জুলাই ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।