পিঁয়াজ (Onion ) বৈজ্ঞানিক নাম - Alliun cepa ৷ পিঁয়াজ ভোগ বৃদ্ধিকাৰ্যত,শক্তিবৰ্ধক আৰু বিভিন্ন ৰোগৰ প্ৰতিৰোধক হিচাপে কাম কৰে৷<ref name="গ্ৰন্থ ১" ১
প্ৰকাৰ
পিঁয়াজ সাধাৰণতে তিনিটা ৰঙৰ পোৱা যায়৷ বগা,ৰঙচুৱা আৰু শেঁতা বৰণৰ৷ ৰঙচুৱা বৰণৰ পিঁয়াজ অতি বেছিকৈ হয় যদিও বগা ৰঙৰ পিঁয়াজৰ ঔষধি গুণ বেছি৷
ৰাসায়নিক গুণ
| খাদ্যপ্ৰাণ | পৰিমাণ |
|---|---|
| প্ৰ'টিন | ১.২ -১.৪ গ্ৰাম |
| ফেট | ০.১ গ্ৰাম |
| মিনাৰেল | ০,৪ - ০.৭ গ্ৰাম |
| পানী | ৪৮ গ্ৰাম |
| আইৰণ | ০৪৮ -১.২ মিলিগ্ৰাম |
| কেলচিয়াম | ০০৪ - ০.১৮ গ্ৰাম |
| কাৰ্বহাইড্ৰেট | ১১.৬ - ১৩.২ গ্ৰাম |
| ভিটামিন 'বি' | ৪০ মাইক্ৰন |
| ভিটামিন 'চি' | ১১.০০ মিলিগ্ৰাম |
ঔষধি গুণ
- এজমা ৰোগত - পিঁয়াজৰ ৰস হালধিৰ লগত নিমখ আৰু জালুকৰ সৈতে নতুবা পিঁয়াজৰ লগত মৌ ৰস মিহলাই খালে ডিঙিৰ টনছিলাইটিছ আৰু বুকুৰ শ্বাস প্ৰশ্বাসজনিত ৰোগৰ বাবে উত্তম ফলদায়ক৷
ঘৰুৱাভাৱে ব্যৱহাৰ
- জ্বলি থকা বাল্ব ওচৰত পিঁয়াজৰ টুকুৰা কাটি ওলোমাই ৰাখিলে ম'হ -মাখি আদিয়ে প্ৰবেশ নকৰে৷
- নতুনকৈ ৰং দিয়া কোঠাত পিঁয়াজৰ টুকুৰা কাটি থলে ৰঙৰ অকটা গোন্ধ নোহোৱা হয়৷
তথ্যসূত্ৰ
- ↑ ভবেন হাজৰিকা. (২০১৪). পিঁয়াজ. দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী ( বসুন্ধৰা ). পৃ. পৃষ্ঠা ৫
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিঁয়াজ” প্ৰবন্ধৰ সংশোধন ৫৯৫১৭৮ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।