অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

মালয় ভাষা

মালয় বা বাহাসা মেলায়ু (;, জাৱি লিপি: بهاس ملايو) হৈছে মালয়েছিয়া, ইণ্ডোনেছিয়া, ছিংগাপুৰ আৰু ব্ৰুনেইৰ চৰকাৰী ভাষা। ইষ্ট টিমৰ আৰু থাইলেণ্ডৰ কিছু অংশতো এই ভাষাৰ প্ৰচলন আছে৷ বাহাছা মেলায়ু আৰু বাহাছা ইণ্ডোনেছিয়াৰ মাজত বিশেষ পাৰ্থক্য নাই। ইয়াৰ মূল পাৰ্থক্য হ’ল উচ্চাৰণ, বানান আৰু শব্দভাণ্ডাৰ।

হালনাগাদ: ২৭ জুন ২০২৬ ১৫৬ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

মালয় বা বাহাসা মেলায়ু (;১, জাৱি লিপি: بهاس ملايو) হৈছে মালয়েছিয়া, ইণ্ডোনেছিয়া, ছিংগাপুৰ আৰু ব্ৰুণেইৰ চৰকাৰী ভাষা। ইষ্ট টিমৰ আৰু থাইলেণ্ডৰ কিছু অংশতো এই ভাষাৰ প্ৰচলন আছে৷ বাহাছা মেলায়ু আৰু বাহাছা ইণ্ডোনেছিয়াৰ মাজত বিশেষ পাৰ্থক্য নাই। ইয়াৰ মূল পাৰ্থক্য হ’ল উচ্চাৰণ, বানান আৰু শব্দভাণ্ডাৰ।

ইতিহাস

মালয় ভাষাৰ ইতিহাসক পাঁচটা যুগত ভাগ কৰিব পাৰি: পুৰণি মালয়, সংক্ৰমণকাল, ধ্ৰুপদী মালয়, শেষৰ আধুনিক মালয় আৰু আধুনিক মালয়। পুৰণি মালয় ধ্ৰুপদী মালয়ৰ প্ৰকৃত পূৰ্বপুৰুষ বুলি বিশ্বাস কৰা হয়।২

পুৰণি মালয় ভাৰতৰ ধ্ৰুপদী ভাষা সংস্কৃতৰ দ্বাৰা প্ৰভাৱিত হৈছিল৷ সংস্কৃত ঋণৰ শব্দ পুৰণি মালয় শব্দভাণ্ডাৰত পোৱা যায়। পুৰণি মালয় ভাষাৰ আটাইতকৈ প্ৰাচীন শিলালিপিটো ইণ্ডোনেছিয়াৰ সুমাত্ৰাত পোৱা গৈছিল, যিটো গ্ৰন্থ বৰ্ণমালাৰ পল্লাভা জাতত লিখা হৈছিল।৩

মালয় ভাষাত ঋণ শব্দৰ তালিকা

মালয় ভাষাত সংস্কৃত, পাৰ্চী, তামিল, গ্ৰীক, লেটিন, পৰ্তুগীজ, ডাচ আৰু চীনা ভাষাৰ বহুতো ঋণ শব্দ আছে৷ শেহতীয়াকৈ আৰবী, ইংৰাজী ভাষা আৰু মালয়ৰ ভগ্নী ভাষা জাভানীজ আৰু সুন্দানীজ পৰাও ঋণ শব্দৰ আমদানি ঘটিছে। ইংৰাজী ঋণ বেছিভাগেই বাণিজ্য, বিজ্ঞান আৰু প্ৰযুক্তিৰ সৈতে জড়িত আনহাতে আৰবী বেছিভাগে ঋণ শব্দ ইছলামৰ সৈতে জড়িত।

তথ্যসূত্ৰ

  1. ↑ Bauer, Laurie. (2007). The Linguistic Student's Handbook. Edinburgh University Press
  2. ↑ Wurm, Stephen; Mühlhäusler, Peter; Tryon, Darrell T. (1996). Atlas of Languages of Intercultural Communication in the Pacific, Asia, and the Americas: Vol I: Maps. Vol II: Texts. Walter de Gruyter. পৃ. 677. ISBN 978-3-11-081972-4
  3. ↑ (15 September 2007). Bahasa Melayu Kuno. Bahasa-malaysia-simple-fun.com

সম্পৰ্কিত শ্ৰেণী

ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মালয় ভাষা” প্ৰবন্ধৰ সংশোধন ৬১৪৬৭৮ (২৭ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।