অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

চাউল

চাউল (Rice) হৈছে অৰাইজা ছেটিভা (Oryza sativa, এছিয়ান ধান) বা সচৰাচৰ কম ব্যৱহাৰ হোৱা অৰাইজা গ্লেবেৰিমা (Oryza glaberrima, আফ্ৰিকান ধান) নামৰ ঘাঁহজাতীয় উদ্ভিদ প্ৰজাতিৰ বীজ।

হালনাগাদ: ২ ডিচেম্বৰ ২০২৩ ৩৭২ শব্দ · ২ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

চাউল (Rice) হৈছে অৰাইজা ছেটিভা (Oryza sativa, এছিয়ান ধান) বা সচৰাচৰ কম ব্যৱহাৰ হোৱা অৰাইজা গ্লেবেৰিমা (Oryza glaberrima, আফ্ৰিকান ধান) নামৰ ঘাঁহজাতীয় উদ্ভিদ প্ৰজাতিৰ বীজ। বনৰীয়া ধান শব্দটো সাধাৰণতে খেতিৰ বাবে উপযুক্ত জিজানিয়া (Zizania) আৰু পোৰ্টেৰেচিয়া (Porteresia) গণৰ প্ৰজাতিসমূহৰ বাবে ব্যৱহাৰ কৰা হয়, অৱশ্যে এই শব্দটো অৰাইজা গণৰ আদিম বা খেতি নকৰা প্ৰকাৰসমূহৰ বাবেও ব্যৱহাৰ কৰা হ'ব পাৰে।

খাদ্য শস্য হিচাপে, ঘৰুৱা চাউল হৈছে বিশ্বৰ মানৱ জনসংখ্যাৰ আধাতকৈও অধিক১ লোকৰ বাবে বিশেষকৈ এছিয়া আৰু আফ্ৰিকাৰ সৰ্বাধিক ব্যৱহৃত মুখ্য খাদ্য। কুঁহিয়াৰ (১.৯ বিলিয়ন মেট্ৰিক টন) আৰু মাকৈ (১ বিলিয়ন মেট্ৰিক টন)ৰ পিছত ই হৈছে বিশ্বব্যাপী তৃতীয় সৰ্বাধিক উৎপাদিত (চাউল, ২০১৪ চনত ৭৪১.৫ মিলিয়ন মেট্ৰিক টন) কৃষিজাত সামগ্ৰী।২ যিহেতু কুঁহিয়াৰ আৰু মাকৈ শস্যৰ বৃহৎ অংশ মানুহৰ ব্যৱহাৰৰ বাহিৰেও আন উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা হয়, সেয়ে মানুহৰ পুষ্টি আৰু কেলৰি গ্ৰহণৰ ক্ষেত্ৰত চাউল হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ খাদ্য শস্য। মানুহে বিশ্বজুৰি গ্ৰহণ কৰা কেলৰিৰ এক-পঞ্চমাংশতকৈ অধিক কেলৰি চাউলৰ পৰা আহৰণ কৰে।৩ বিশ্বত বিভিন্ন প্ৰকাৰৰ চাউল পোৱা যায় আৰু ইয়াৰ ৰন্ধন প্ৰণালীও অঞ্চলভেদে পৃথক হোৱাৰ দেখা যায়।

''ৰ সৰু ফুল]]

ধান খেতি কৰাৰ পৰম্পৰাগত পদ্ধতি হৈছে কঠীয়া ৰোপণ কৰাৰ সময়ত বা পিছত পথাৰ প্লাৱিত কৰা। এই সৰল পদ্ধতিৰ বাবে সুন্দৰ জলসিঞ্চন পৰিকল্পনাৰ প্ৰয়োজন যদিও ই অপতৃণ আৰু কীট−পতংগৰ বিকাশ হ্ৰাস কৰে। ধান খেতিৰ বাবে পথাৰ প্লাৱিত কৰাটো বাধ্যতামূলক নহয় যদিও, জলসিঞ্চনৰ আন সকলো পদ্ধতিৰ বাবে উদ্ভিদৰ বিকাশৰ সময়ত অপতৃণ আৰু কীট−পতংগ নিয়ন্ত্ৰণৰ ব্যৱস্থা আৰু মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাৰ বাবে এক পৃথক পদ্ধতিৰ প্ৰয়োজন হয়।

সাধাৰণতে বাৰ্ষিক উদ্ভিদ হিচাপে ইয়াৰ খেতি কৰা হয়, যদিও ক্ৰান্তীয় এলেকাত ই বহু−বাৰ্ষিক উদ্ভিদ হিচাপেও জীয়াই থাকিব পাৰে আৰু ৩০ বছৰলৈকে শস্য উৎপাদন কৰিব পাৰে।৪ কম শ্ৰমিক ব্যয় আৰু উচ্চ বৰষুণ থকা দেশ আৰু অঞ্চলৰ বাবে ধান খেতি উপযুক্ত, কিয়নো এই খেতি কৰাৰ বাবে অধিক শ্ৰম আৰু পৰ্যাপ্ত পানী অতি প্ৰয়োজনীয়। অৱশ্যে, পানী নিয়ন্ত্ৰণকাৰী প্ৰণালী ব্যৱহাৰ কৰি থিয় পাহাৰ বা পাহাৰীয়া এলেকাতো ইয়াৰ খেতি কৰিব পাৰি। যদিও ইয়াৰ মূল প্ৰজাতিবোৰ এছিয়া আৰু আফ্ৰিকাৰ কিছুমান অংশৰ স্থানীয়, তথাপিও বিশ্বব্যাপী বহুতো সংস্কৃতিত শতিকা জুৰি হোৱা বাণিজ্য আৰু ৰপ্তানিৰ বাবে সেইবোৰতো বৰ্তমান ই সাধাৰণ খেতিলৈ ৰূপান্তৰ হৈ পৰিছে।

সাধাৰণতে এছিয়ান ধান বুলি জনাজাত ''অৰাইজা ছেটিভা''
সাধাৰণতে এছিয়ান ধান বুলি জনাজাত অৰাইজা ছেটিভাছবি: Franz Eugen Köhler, Köhler's Medizinal-Pflanzen · Public domain

ব্যৱহাৰ

চাউলৰ পৰা বিভিন্ন খাদ্য প্ৰস্তুত কৰা হয়:

অন্য ব্যৱহাৰ

মধ্যযুগীয় ইছলামিক গ্ৰন্থসমূহত এই উদ্ভিদ চিকিৎসা পদ্ধতিত ব্যৱহাৰ কৰাৰ কথা উল্লেখ আছে।৫

চাউলৰ শ্বেতসাৰ প্ৰসাধনী পাউডাৰ হিচাপে আৰু কাপোৰ ধোৱাত ব্যৱহাৰ কৰা হয়।৬

তথ্যসূত্ৰ

  1. ↑ Abstract, "Rice feeds more than half the world's population."
  2. ↑ (2020). Crops/Regions/World list/Production Quantity (pick lists), Rice (paddy), 2018. UN Food and Agriculture Organization, Corporate Statistical Database (FAOSTAT)
  3. ↑ Smith, Bruce D. (1998) The Emergence of Agriculture. Scientific American Library, A Division of HPHLP, New York
  4. ↑ The Rice Plant and How it Grows. International Rice Research Institute
  5. ↑ Watson, p. 15
  6. ↑ (1984-01-01). RICE STARCH: PRODUCTION, PROPERTIES, AND USES. Starch: Chemistry and Technology. পৃ. 507–528

সম্পৰ্কিত শ্ৰেণী

শস্যখাদ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাউল” প্ৰবন্ধৰ সংশোধন ৩৯৪৫৯৩ (২ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।