অসমীয়া অভিনেতা
৭৩ প্ৰবন্ধ
-
বিষ্ণুপ্ৰসাদ ৰাভা
বিষ্ণুপ্ৰসাদ ৰাভা (১৯০৯–১৯৬৯) অসমৰ আধুনিক সাংস্কৃতিক ইতিহাসত বহুমুখী প্ৰতিভাৰ প্ৰতীক, যাঁক শিল্প-সাহিত্য আৰু গণআন্দোলনৰ সংযোগস্থলৰ এজন মুখ্য স্ৰষ্টা হিচাপে ধৰা হয়।
-
ফণী শৰ্মা
ফণী শৰ্মা (১৯০৯–১৯৭০) অসমৰ মঞ্চনাট আৰু কথাছবিৰ এগৰাকী উল্লেখযোগ্য অভিনেতা, নাট্যকাৰ আৰু চলচ্চিত্ৰ পৰিচালক। তেজপুৰৰ বাণ ৰঙ্গমঞ্চৰ পৰাই নাট্যজীৱন আৰম্ভ কৰি তেখেতে জয়মতী (১৯৩৫ চলচ্চিত্ৰ)কে ধৰি একাধিক গুৰুত্বপূৰ্ণ অসমীয়া ছবিত অভিনয় আৰু পৰিচালনা কৰিছিল।
-
নিপন গোস্বামী
নিপন গোস্বামী (১৯৪২—২০২২) অসমীয়া চলচ্চিত্ৰ আৰু নাট্যমঞ্চৰ অন্যতম জনপ্ৰিয় অভিনেতা, যিয়ে নায়ক আৰু চৰিত্ৰাভিনেতা—দুয়ো ৰূপতে দীঘলীয়া সময় ধৰি দৰ্শকৰ মনত ঠাই লয়। মঞ্চৰ অভিজ্ঞতাৰ ভিত্তিত তেখেতে অসমীয়া ছবিৰ মূলধাৰাত স্থায়ী ভূমিকা গঢ়ি তোলাৰ লগতে নাট আৰু টেলি-মাধ্যমতো অভিনয়-পৰিচালনাৰ কাম কৰি গৈছে।
-
যতীন বৰা
যতীন বৰা অসমৰ জনপ্ৰিয় চলচ্চিত্ৰ আৰু মঞ্চ অভিনেতা তথা চলচ্চিত্ৰ পৰিচালক-প্ৰযোজক। ১৯৮৯ চনৰ পৰা তেওঁ অসমীয়া চলচ্চিত্ৰ আৰু ভ্ৰাম্যমাণ থিয়েটাৰ—দুয়োখন ক্ষেত্ৰতে সক্ৰিয়ভাৱে কাম কৰি একাধিক সন্মান লাভ কৰিছে।
-
আব্দুল মজিদ
আব্দুল মজিদ অসমৰ চলচ্চিত্ৰ জগতৰ এজন পৰিচালক, প্ৰযোজক, নাট্যকাৰ আৰু অভিনেতা। অভিনয়ৰ জৰিয়তে চলচ্চিত্ৰত প্ৰৱেশ কৰি পৰৱৰ্তী কালত তেওঁ একাধিক অসমীয়া ছবি পৰিচালনা কৰে আৰু ‘চামেলি মেমচা’ব’ৰ যোগেদি ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে।
-
বিষ্ণু খাৰঘৰীয়া
বিষ্ণু খাৰঘৰীয়া (জন্ম ১৯৪৬) অসমীয়া চলচ্চিত্ৰ-জগতৰ এজন সুদীৰ্ঘকাল সক্ৰিয় অভিনেতা, যাৰ অভিনয়-জীৱন নাটকৰ পৰা আৰম্ভ হৈ ১৯৭১ চনত চিনেমালৈ বিস্তাৰ পায়। পাঁচ দশকৰো অধিক কালত তেখেতে ত্ৰিশতকৈও অধিক ছবিত অভিনয় কৰাৰ লগতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা সহ একাধিক সন্মান লাভ কৰিছে।
-
বিজু ফুকন
বিজু ফুকন অসমৰ জনপ্ৰিয় চলচ্চিত্ৰ অভিনেতা আৰু কেতিয়াবা পৰিচালকো আছিল। ১৯৭০–৯০ দশকৰ অসমীয়া বাণিজ্যিক চলচ্চিত্ৰত নায়ক-চৰিত্ৰেৰে তেখেতে প্ৰশস্ত জনপ্ৰিয়তা লাভ কৰে।
-
তপন দাস
তপন দাস অসমৰ এগৰাকী মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা, নাট পৰিচালক, আবৃত্তিকাৰ আৰু গল্প লিখক। গুৱাহাটীৰ মঞ্চেৰে খ্যাতি লাভ কৰা এই শিল্পীয়ে পৰৱৰ্তীকালত ভ্ৰাম্যমাণ থিয়েটাৰ আৰু কমেও ২০খন অসমীয়া বোলছবিত অভিনয় কৰি পৰিচিতি বিস্তাৰ কৰে।
-
ব্ৰজেন বৰুৱা
ব্ৰজেন বৰুৱা (১৯২৫–১৯৭২) অসমীয়া চলচ্চিত্ৰৰ প্ৰাৰম্ভিক পৰ্বত বহুমুখী প্ৰতিভাৰে চিনাক্ত এগৰাকী পুৰোধা ব্যক্তি। পৰিচালনা, প্ৰযোজনা, সংগীত-নিৰ্দেশনা, অভিনয় আৰু কণ্ঠশিল্প—এই সকলো ক্ষেত্ৰতে তেওঁৰ সক্ৰিয় অৱদান বিশেষকৈ অসমীয়া চলচিত্ৰক জনপ্ৰিয় ৰূপ দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ।
-
নিপ বৰুৱা
নিপ বৰুৱা (১৯২৫–১৯৯২) অসমীয়া চলচ্চিত্ৰৰ এজন প্ৰযোজক- পৰিচালক, যাৰ কৰ্মধাৰাই বাণিজ্যিক দিশত চলচ্চিত্ৰ উদ্যোগখন অধিক সংগঠিত ৰূপত আগবঢ়াই নিয়ে। তেওঁ ১৫খন অসমীয়া কথাছবি পৰিচালনা কৰাৰ লগতে কাৰ্টুন আঁকা, সংগীত আৰু ফুটবলৰ প্ৰতিও আগ্ৰহী আছিল।
-
আদিল হুছেইন
আদিল হুছেইন অসমৰ গোৱালপাৰা জিলাত জন্মগ্ৰহণ কৰা এগৰাকী মঞ্চ, দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেতা। ভাৰতীয় ভাষাৰ চলচ্চিত্ৰৰ লগতে হলিউডৰ কেইখনমান উল্লেখযোগ্য ছবিত অভিনয় কৰি তেখেতে আন্তর্জাতিক পৰিসৰত পৰিচিতি লাভ কৰিছে।
-
প্ৰাঞ্জল শইকীয়া
প্ৰাঞ্জল শইকীয়া এজন অসমীয়া চলচ্চিত্ৰ আৰু মঞ্চ অভিনেতা; তেখেতে প্ৰযোজক আৰু চলচ্চিত্ৰ পৰিচালক হিচাপেও সক্ৰিয়। প্ৰায় ৩০খন অসমীয়া চলচ্চিত্ৰ আৰু বহুকেইখন নাটকত অভিনয় কৰা এই শিল্পীগৰাকীয়ে সংগীত নাটক একাডেমী বঁটা আৰু নটসূৰ্য ফণী শৰ্মা বঁটা লাভ কৰিছে।
-
অৰুণ নাথ
অৰুণ নাথ অসমৰ এগৰাকী জনপ্ৰিয় চলচ্চিত্ৰ অভিনেতা, যিয়ে মঞ্চ, ভ্ৰাম্যমাণ থিয়েটাৰ আৰু পৰ্দা—তিনিও ক্ষেত্ৰত দীৰ্ঘদিন ধৰি অভিনয় কৰিছে। ১৯৮০ৰ দশকৰ পৰা আৰম্ভ কৰি নতুন সহস্ৰাব্দলৈকে তেওঁ বহু সংখ্যক অসমীয়া ছবিত অভিনয় কৰি অসমীয়া চলচ্চিত্ৰৰ বিকাশত উল্লেখযোগ্য অংশীদাৰিত্ব আগবঢ়াইছে।
-
বিদ্যুৎ চক্ৰৱৰ্তী
বিদ্যুৎ চক্ৰৱৰ্তী অসমীয়া মঞ্চ আৰু চলচিত্ৰ জগতৰ এগৰাকী উল্লেখযোগ্য অভিনেতা-পরিচালক আছিল। ‘ৰাগ-বিৰাগ’ আৰু ‘দুৱাৰ (চলচিত্ৰ)’ আদি ছবিৰ জৰিয়তে তেখেতে অসমীয়া চলচিত্ৰৰ সমান্তৰাল ধাৰা আৰু মূলধাৰাৰ মাজত সেতুবন্ধ ৰচনা কৰিছিল।
-
লক্ষ্যধৰ চৌধুৰী
লক্ষ্যধৰ চৌধুৰী (Lakshyadhar Choudhury; জ. ১৪ অক্টোবৰ, ১৯১৪ চন, উত্তৰ গুৱাহাটী, অসম – মৃ. ১৮ আগষ্ট, ২০০০ চন) আছিল অসমৰ এগৰাকী অভিনেতা, গল্পকাৰ, চলচ্চিত্ৰ পৰিচালক, স্বাধীনতা সংগ্ৰামী আৰু শিক্ষাবিদ। কৰাৰ উপৰিও অসম নাট্য সন্মিলনৰো নলবাৰী অধিবেশনৰ সভাপতিত্ব কৰিছিল।
-
জয়ন্ত দাস
জয়ন্ত দাস (৮ জুন, ১৯৬০ – ১৬ ডিচেম্বৰ, ২০২৩) অসমৰ এজন অভিনেতা আৰু বোলছবি পৰিচালক আছিল। ৰামধেনু নামৰ অসমীয়া চলচ্চিত্ৰত তেওঁ অভিনয় কৰিছিল। ২০২৩ চনৰ ১৬ ডিচেম্বৰ তাৰিখে গুৱাহাটীত তেখেতৰ দেহাৱসান ঘটে, মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৩ বছৰ। মুকুতা ছবিত এজন শিশু শিল্পী হিচাপে জয়ন্ত দাসে অভিনয় কৰিছিল
-
হিৰণ্য ডেকা
হিৰণ্য ডেকা (Hiranya Deka) অসমৰ এগৰাকী অভিনয় শিল্পী। ১৯৮১ চনত 'অপৰূপা' নামৰ ছবিখনৰ জৰিয়তে তেওঁ অসমীয়া চলচ্চিত্ৰৰ জগতত খোজ পেলায়। তেওঁ অভিনয় কৰা অন্যান্য কথাছবি হৈছে 'ইমান মৰম কিয় লাগে', 'কন্যাদান', 'বিধাতা', 'মিঠা মিঠা লগনত', 'কাদম্বৰী', 'ৰত্নাকৰ' আদি।
-
বাহাৰুল ইছলাম
বাহাৰুল ইছলাম (Baharul Islam) হৈছে অসমৰ এগৰাকী চলচ্চিত্ৰ আৰু মঞ্চ অভিনেতা আৰু নাট পৰিচালক। বাহাৰুল ইছলামে বৰ্তমানলৈ অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাৰ প্ৰায় ৮০খন চলচ্চিত্ৰত অভিনয় কৰিছে।
-
কপিল বৰা
কপিল বৰা (Kopil Bora) অসমৰ এগৰাকী মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা আৰু আকাশবাণীৰ ভাষ্য শিল্পী। তেওঁ অভিনয় জীৱনৰ আৰম্ভ কৰে বিদ্যুৎ চক্ৰৱৰ্তীৰ অসমীয়া চলচ্চিত্ৰ 'গুণ গুণ গানে গানে' ৰ (২০০২) জৰিয়তে।
-
দীনেশ দাস
দীনেশ দাস (Dinesh Das, ১৯৪১-বৰ্তমান) অসমৰ এজন অভিনেতা। তেওঁ বহুকেইখন অসমীয়া চলচ্চিত্ৰ, মঞ্চ নাটক, অনাতাঁৰ নাটক, দূৰদৰ্শন ধাৰাবাহিক, টেলিফিল্ম, চুটি ছবি আৰু ভিডিঅ' ছবিত অভিনয় কৰিছে। চলচ্চিত্ৰত তেওঁ প্ৰধানকৈ খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে।
-
বিজয় শংকৰ
বিজয় শংকৰ (Bijay Sankar) অসমীয়া চলচ্চিত্ৰৰ এগৰাকী অভিনেতা আছিল। তেওঁৰ জনপ্ৰিয় নাম হৈছে অকুদা। পঞ্চাচ আৰু ষাঠিৰ দশক দুটা অসমীয়া চলচ্চিত্ৰত তাৰকা প্ৰথাৰ আৰম্ভণি হোৱাৰ প্ৰত্যক্ষদৰ্শী।
-
সঞ্জীৱ হাজৰিকা
সঞ্জীৱ হাজৰিকা (Sanjeev Hazarika) অসমৰ এজন মঞ্চ আৰু চলচ্চিত্ৰাভিনেতা, নাট পৰিচালক, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ পৰিচালক। ১৯৫৬ চনত তেওঁৰ জন্ম হয়। ১৯৮০ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭৮ চনত তেওঁ আকাশবাণী গুৱাহাটীৰ অনাতাঁৰ নাটকৰ অভিনেতা হিচাপে বাচনিভূক্ত হয়।
-
ৰবি শৰ্মা
ৰবি শৰ্মা (Ravi Sarma) অসমীয়া চলচ্চিত্ৰ জগতৰ এজন জনপ্ৰিয় অভিনেতা। অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰসমূহতো তেখেতে নিয়মিতভাৱে অভিনয় কৰি আহিছে।
-
ইন্দ্ৰ বণিয়া
ইন্দ্ৰ বণিয়া (Indra Bania) অসমৰ এজন অভিনেতা। ১৯৪২ চনৰ ২৪ ডিচেম্বৰত লখিমপুৰ জিলাৰ ধলপুৰত তেওঁ জন্মগ্ৰহণ কৰিছিল। ষাঠীৰ দশকৰ পৰা অসমৰ নাট্য জগতত তেওঁ এক সুকীয়া স্থান লাভ কৰে।
-
তচদ্দুক ইউছুফ
তচদ্দুক ইউছুফ (Tasadduk Yusuf, ১৯৩১- ১০ আগষ্ট ১৯৮২) অসমীয়া চলচ্চিত্ৰ, অনাতাঁৰ আৰু মঞ্চৰ এগৰাকী অভিনেতা আছিল। ইয়াৰোপৰি তেওঁ নাট পৰিচালনা, ৰেডিঅ'ত খেলৰ চলন্ত বিৱৰণী দিয়া আদি কাৰ্যৰ সৈতেও জড়িত হৈছিল। তেওঁ জনাজাত আছিল তেওঁৰ বিখ্যাত বেৰিটোন কণ্ঠস্বৰৰ বাবে।
-
হিমাংশু প্ৰসাদ দাস
হিমাংশু প্ৰসাদ দাস (Himanshu Prasad Das) অসমৰ এগৰাকী কবি, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, চলচ্চিত্ৰ অভিনেতা আৰু পৰিচালক। তেওঁ বিশেষকৈ অসমৰ অপেছাদাৰী নাটকৰ লগত জড়িত। তেওঁ ৰচনা আৰু আবৃত্তি কৰা এই ছোৱালী এবাৰ ভালপাই চাবা নেকি শীৰ্ষক কবিতাটিয়ে ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল।
-
উৎপল দাস
উৎপল দাস (ইংৰাজী: Utpal Das) অসমীয়া চলচ্চিত্ৰ জগতৰ এজন জনপ্ৰিয় অভিনেতা৷ তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ, চুটি ছবি আৰু ধাৰাবাহিকত অভিনয় কৰিছে।
-
দুলাল ৰয়
দুলাল ৰয় (Dulal Roy; জন্ম ১ এপ্ৰিল ১৯৪৩) অসমৰ এগৰাকী নাট্যকাৰ, নাট আৰু চলচ্চিত্ৰ পৰিচালক তথা অভিনেতা। তেওঁ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় আৰু পুনেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত অধ্যয়ন কৰিছিল। দুলাল ৰয়ে অসমৰ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ত যুটীয়া সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
দ্বিবন বৰুৱা
দ্বিবন বৰুৱা (Dwiban Baruah) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী পুৰোধা ব্যক্তি আছিল। তেওঁ আছিল একাধাৰে এগৰাকী চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, সঙ্গীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতা আৰু চিত্ৰনাট্যকাৰ। তেওঁ মুঠ ৭খন চলচ্চিত্ৰৰ পৰিচালক আছিল।
-
প্ৰবীণ ফুকন
প্ৰবীণ ফুকন (Prabin Phukan; মৃত্যু ১৪ এপ্ৰিল ১৯৮৫) এজন অসমীয়া নাট্যকাৰ, চলচ্চিত্ৰ আৰু নাট পৰিচালক, অভিনেতা তথা এজন সুদক্ষ খেলুৱৈ আছিল। তেওঁ সপ্তম অসমীয়া চলচ্চিত্ৰ পাৰঘাটৰ পৰিচালক আছিল। লাচিত বৰফুকন (১৯৬১) তেওঁ লক্ষ্যধৰ চৌধুৰীৰ সৈতে যুটীয়াভাবে পৰিচালনা কৰিছিল।