অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৰামধেনু (চলচ্চিত্ৰ)

ৰামধেনু ২০১১ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টচ প্ৰাইভেট লিমিটেডৰ বেনাৰত নিৰ্মিত আৰু মুনিন বৰুৱা পৰিচালিত এই ছবিখনে দৰ্শকৰ পৰা লাভ কৰে অভূতপূৰ্ব সঁহাৰি।

হালনাগাদ: ২৪ জুলাই ২০২৬ ২৬৬ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ৰামধেনু ২০১১ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) চলচ্চিত্ৰ। প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টচ প্ৰাইভেট লিমিটেডৰ বেনাৰত নিৰ্মিত আৰু মুনিন বৰুৱা পৰিচালিত এই ছবিখনে দৰ্শকৰ পৰা লাভ কৰে অভূতপূৰ্ব সঁহাৰি। ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰা শিল্পী সকল হৈছে প্ৰস্তুতি পৰাশৰ, যতীন বৰা, বিষ্ণু খাৰঘৰীয়া, উৎপল দাস, নিশিতা গোস্বামী, জয়ন্ত ভাগৱতী ইত্যাদি। উল্লেখযোগ্য যে এই ছবিখনে একেলেথাৰিয়ে গুৱাহাটীৰ এটি চিত্ৰগৃহত পঁচিশ সপ্তাহ পূৰ্ণ কৰে।

কাহিনী

জীৱনৰ বাটত আগবাঢ়োতে উজুতি খোৱা, অদৃষ্ট, প্ৰেমাস্পদে প্ৰতাৰণা কৰা, বিশ্বাসঘাতকতাৰ মুখামুখি হোৱা নানাৰঙী কেইটামান চৰিত্ৰ গুৱাহাটীৰ এটা ভাড়াঘৰত একেলগে বাস কৰে। এই চৰিত্ৰকেইটাৰ সুখ-দুখ, আনন্দ, বিষাদ, জীৱন দৰ্শনৰ সাতৰঙী গাঁথাই ৰামধেনুৰ কাহিনী।

নিৰ্মাণ

ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ মুনিন বৰুৱাৰ।

চিত্ৰগ্ৰহণ

৩৫ মিলিমিটাৰ চিনেমাস্কোপত ৰামধেনুৰ চিত্ৰগ্ৰহণ কৰা হৈছে। চিত্ৰগ্ৰহণৰ দায়িত্বত আছে সুমন দুৱৰা। বোলছবিখনৰ “ৰং দিয়া মৰম” নামৰ গীতটি কেৰালাৰ মনোমোহা অঞ্চলত চিত্ৰগ্ৰহণ কৰা হৈছে।

অভিনয় শিল্পী

সংগীত

ছবিখনৰ সংগীত পৰিচালনা কৰিছিল যতীন শৰ্মাই। বলিউড আৰু অসমৰ চলচ্চিত্ৰৰ জনপ্ৰিয় শিল্পীয়ে কণ্ঠদান কৰা গীতসমূহ শ্ৰোতাৰ মাজত জনপ্ৰিয়তা লাভ কৰিছিল, তাৰ ভিতৰত উল্লেখযোগ্য গীতকেইটা হৈছে- "ৰং দিয়া মৰম", "উজাই যা নৈ" আৰু "টুপি টুপি"। জনপ্ৰিয় গায়ক অংগৰাগ মহন্তই এই ছবিখনৰ জৰিয়তে প্ৰথমবাৰৰ বাবে অসমীয়া বোলছবিৰ জগতখনত নেপথ্য গায়ক হিচাপে আত্মপ্ৰকাশ কৰিছিল।

গীতৰ তালিকা

ট্ৰেক নংগীতৰ শীৰ্ষককণ্ঠকথাদৈৰ্ঘ্য
১টুপি টুপিসুনিধী চৌহান আৰু জুবিন গাৰ্গইবছন লাল বৰুৱা৫:০৬ মিনিট
২ৰং দিয়া মৰমজুবিন গাৰ্গ আৰু শ্ৰেয়া ঘোষালদিগন্ত ভাৰতী৫:২৮ মিনিট
৩তুমি দিয়াদীক্ষু আৰু জুবলীইবছন লাল বৰুৱা৫:২৭ মিনিট
৪উজাই যা নৈঅংগৰাগ মহন্তইবছন লাল বৰুৱা৫:৩০ মিনিট
৫অস্ত আকাশতেৰাজজ্যোতি কোঁৱৰইবছন লাল বৰুৱা৪:৫৪ মিনিট
৬ৰামধেনুঅংগৰাগ মহন্তইবছন লাল বৰুৱা৫:৪৩ মিনিট
৭আহৰি হ'বনেদীক্ষুদিগন্ত ভাৰতী৪:৫৫ মিনিট
৮উপচি পৰেৰূপজ্যোতি আৰু শৰৎইবছন লাল বৰুৱা৫:২৫ মিনিট

মুক্তি

২০১১ চনৰ ৪ ফেব্ৰুৱাৰীৰ দিনা গুৱাহাটীৰ লগতে অসমৰ ২৪টা বিভিন্ন চিত্ৰগৃহত ৰামধেনু বোলছবিখন মুক্তি পায়।

কলা-কুশলী

  • সংগীত: যতীন শৰ্মা
  • সহকাৰী পৰিচালক: মানস বৰুৱা
  • শব্দগ্ৰহণ: যতীন শৰ্মা
  • সম্পাদনা: এ শ্ৰীকৰ প্ৰসাদ
  • কষ্টিউম আৰু কলা-নিৰ্দেশক: মঞ্জুলা বৰুৱা

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰ২০১১ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰামধেনু (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬১৯১৪৯ (২৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।