অসমীয়া চলচ্চিত্ৰৰ অভিনেতা
২৯ প্ৰবন্ধ
-
ফণী শৰ্মা
ফণী শৰ্মা (১৯০৯–১৯৭০) অসমৰ মঞ্চনাট আৰু কথাছবিৰ এগৰাকী উল্লেখযোগ্য অভিনেতা, নাট্যকাৰ আৰু চলচ্চিত্ৰ পৰিচালক। তেজপুৰৰ বাণ ৰঙ্গমঞ্চৰ পৰাই নাট্যজীৱন আৰম্ভ কৰি তেখেতে জয়মতী (১৯৩৫ চলচ্চিত্ৰ)কে ধৰি একাধিক গুৰুত্বপূৰ্ণ অসমীয়া ছবিত অভিনয় আৰু পৰিচালনা কৰিছিল।
-
নিপন গোস্বামী
নিপন গোস্বামী (১৯৪২—২০২২) অসমীয়া চলচ্চিত্ৰ আৰু নাট্যমঞ্চৰ অন্যতম জনপ্ৰিয় অভিনেতা, যিয়ে নায়ক আৰু চৰিত্ৰাভিনেতা—দুয়ো ৰূপতে দীঘলীয়া সময় ধৰি দৰ্শকৰ মনত ঠাই লয়। মঞ্চৰ অভিজ্ঞতাৰ ভিত্তিত তেখেতে অসমীয়া ছবিৰ মূলধাৰাত স্থায়ী ভূমিকা গঢ়ি তোলাৰ লগতে নাট আৰু টেলি-মাধ্যমতো অভিনয়-পৰিচালনাৰ কাম কৰি গৈছে।
-
যতীন বৰা
যতীন বৰা অসমৰ জনপ্ৰিয় চলচ্চিত্ৰ আৰু মঞ্চ অভিনেতা তথা চলচ্চিত্ৰ পৰিচালক-প্ৰযোজক। ১৯৮৯ চনৰ পৰা তেওঁ অসমীয়া চলচ্চিত্ৰ আৰু ভ্ৰাম্যমাণ থিয়েটাৰ—দুয়োখন ক্ষেত্ৰতে সক্ৰিয়ভাৱে কাম কৰি একাধিক সন্মান লাভ কৰিছে।
-
আব্দুল মজিদ
আব্দুল মজিদ অসমৰ চলচ্চিত্ৰ জগতৰ এজন পৰিচালক, প্ৰযোজক, নাট্যকাৰ আৰু অভিনেতা। অভিনয়ৰ জৰিয়তে চলচ্চিত্ৰত প্ৰৱেশ কৰি পৰৱৰ্তী কালত তেওঁ একাধিক অসমীয়া ছবি পৰিচালনা কৰে আৰু ‘চামেলি মেমচা’ব’ৰ যোগেদি ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে।
-
বিজু ফুকন
বিজু ফুকন অসমৰ জনপ্ৰিয় চলচ্চিত্ৰ অভিনেতা আৰু কেতিয়াবা পৰিচালকো আছিল। ১৯৭০–৯০ দশকৰ অসমীয়া বাণিজ্যিক চলচ্চিত্ৰত নায়ক-চৰিত্ৰেৰে তেখেতে প্ৰশস্ত জনপ্ৰিয়তা লাভ কৰে।
-
আদিল হুছেইন
আদিল হুছেইন অসমৰ গোৱালপাৰা জিলাত জন্মগ্ৰহণ কৰা এগৰাকী মঞ্চ, দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেতা। ভাৰতীয় ভাষাৰ চলচ্চিত্ৰৰ লগতে হলিউডৰ কেইখনমান উল্লেখযোগ্য ছবিত অভিনয় কৰি তেখেতে আন্তর্জাতিক পৰিসৰত পৰিচিতি লাভ কৰিছে।
-
অৰুণ নাথ
অৰুণ নাথ অসমৰ এগৰাকী জনপ্ৰিয় চলচ্চিত্ৰ অভিনেতা, যিয়ে মঞ্চ, ভ্ৰাম্যমাণ থিয়েটাৰ আৰু পৰ্দা—তিনিও ক্ষেত্ৰত দীৰ্ঘদিন ধৰি অভিনয় কৰিছে। ১৯৮০ৰ দশকৰ পৰা আৰম্ভ কৰি নতুন সহস্ৰাব্দলৈকে তেওঁ বহু সংখ্যক অসমীয়া ছবিত অভিনয় কৰি অসমীয়া চলচ্চিত্ৰৰ বিকাশত উল্লেখযোগ্য অংশীদাৰিত্ব আগবঢ়াইছে।
-
বাহাৰুল ইছলাম
বাহাৰুল ইছলাম (Baharul Islam) হৈছে অসমৰ এগৰাকী চলচ্চিত্ৰ আৰু মঞ্চ অভিনেতা আৰু নাট পৰিচালক। বাহাৰুল ইছলামে বৰ্তমানলৈ অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাৰ প্ৰায় ৮০খন চলচ্চিত্ৰত অভিনয় কৰিছে।
-
বিজয় শংকৰ
বিজয় শংকৰ (Bijay Sankar) অসমীয়া চলচ্চিত্ৰৰ এগৰাকী অভিনেতা আছিল। তেওঁৰ জনপ্ৰিয় নাম হৈছে অকুদা। পঞ্চাচ আৰু ষাঠিৰ দশক দুটা অসমীয়া চলচ্চিত্ৰত তাৰকা প্ৰথাৰ আৰম্ভণি হোৱাৰ প্ৰত্যক্ষদৰ্শী।
-
সঞ্জীৱ হাজৰিকা
সঞ্জীৱ হাজৰিকা (Sanjeev Hazarika) অসমৰ এজন মঞ্চ আৰু চলচ্চিত্ৰাভিনেতা, নাট পৰিচালক, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ পৰিচালক। ১৯৫৬ চনত তেওঁৰ জন্ম হয়। ১৯৮০ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭৮ চনত তেওঁ আকাশবাণী গুৱাহাটীৰ অনাতাঁৰ নাটকৰ অভিনেতা হিচাপে বাচনিভূক্ত হয়।
-
ইন্দ্ৰ বণিয়া
ইন্দ্ৰ বণিয়া (Indra Bania) অসমৰ এজন অভিনেতা। ১৯৪২ চনৰ ২৪ ডিচেম্বৰত লখিমপুৰ জিলাৰ ধলপুৰত তেওঁ জন্মগ্ৰহণ কৰিছিল। ষাঠীৰ দশকৰ পৰা অসমৰ নাট্য জগতত তেওঁ এক সুকীয়া স্থান লাভ কৰে।
-
তচদ্দুক ইউছুফ
তচদ্দুক ইউছুফ (Tasadduk Yusuf, ১৯৩১- ১০ আগষ্ট ১৯৮২) অসমীয়া চলচ্চিত্ৰ, অনাতাঁৰ আৰু মঞ্চৰ এগৰাকী অভিনেতা আছিল। ইয়াৰোপৰি তেওঁ নাট পৰিচালনা, ৰেডিঅ'ত খেলৰ চলন্ত বিৱৰণী দিয়া আদি কাৰ্যৰ সৈতেও জড়িত হৈছিল। তেওঁ জনাজাত আছিল তেওঁৰ বিখ্যাত বেৰিটোন কণ্ঠস্বৰৰ বাবে।
-
ধীৰু ভূঞা
ধীৰু ভূঞা (Dhiru Bhuyan) আছিল অসমৰ এজন থিয়েটাৰ আৰু চলচ্চিত্ৰ পৰিচালক। ১৯৪২ চনত গুৱাহাটীৰ উজান বজাৰত তেওঁৰ জন্ম হৈছিল।
-
কেনী দেউৰী বসুমতাৰী
কেনী দেউৰী বসুমতাৰী (Kenny Deori Basumatary) অসমৰ এগৰাকী অভিনেতা, চলচ্চিত্ৰ পৰিচালক তথা উদীয়মান লেখক।
-
কুলদা কুমাৰ ভট্টাচাৰ্য
কুলদা কুমাৰ ভট্টাচাৰ্য (Kulada Kumar Bhattacharjee, জন্ম: ১৯৩৩, মৃত্যু: ১ নৱেম্বৰ ২০২৪) অসমৰ এগৰাকী অনাতাঁৰ শিল্পী, অভিনেতা তথা পৰিচালক। তেখেতে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ যোগে প্ৰচাৰিত ৰেডিঅ' নাট 'পৰশুৰাম'ত অভিনয়ৰ যোগেদি জনপ্ৰিয়তা অৰ্জন কৰিছিল।
-
দুৰ্গেশ্বৰ বৰঠাকুৰ
দুৰ্গেশ্বৰ বৰঠাকুৰ (Durgeswar Borthakur) অসমৰ এগৰাকী নাট্যকাৰ, অভিনেতা আৰু অসমীয়া চলচ্চিত্ৰৰ চিত্ৰনাট্যকাৰ আছিল। নাটকৰ প্ৰতি থকা আগ্ৰহৰ বাবেই তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ চাকৰি এৰি অনাতাঁৰ কেন্দ্ৰত যোগদান কৰিছিল।
-
পৰাগধৰ চলিহা
পৰাগধৰ চলিহা (Paragdhar Chaliha; ১৯২৩-১৯৯৯) এগৰাকী শিক্ষাবিদ, অভিনেতা আৰু সংগীতজ্ঞ আছিল। তেওঁ কবি, গীতিকাৰ, সংগীতজ্ঞ, নাট্যকাৰ, সাহিত্যিক, অভিনেতা, পৰিচালক, সমাজ সংগঠক, সাংবাদিক, ক্ৰীড়াবিদ, ক্ৰীড়া সংগঠক, প্ৰশাসক তথা ৰাজনীতিবিদ আছিল। অসমত তেওঁ সেউজ কোঁৱৰ নামেৰে জনাজাত আছিল।
-
মিৰেল কুদ্দুছ
মিৰেল কুদ্দুছ (Mirel Kuddus) সত্তৰ, আশী আৰু নব্বৈৰ দশকৰ এজন অসমীয়া চলচ্চিত্ৰৰ অভিনেতা। কৌতুক অভিনেতা ৰূপে তেওঁ যথেষ্ঠ জনপ্ৰিয়তা অৰ্জন কৰিছিল।
-
সঞ্জীৱ সভাপণ্ডিত
সঞ্জীৱ সভাপণ্ডিত (Sanjib Sabhapandit) অসমীয়া চলচ্চিত্ৰৰ এজন পৰিচালক আৰু অভিনেতা। ১৯৫৭ চনত তেওঁৰ জন্ম হয়। তেওঁ মেকানিকেল ইঞ্জিনিয়াৰিং বিষয়ৰ উপৰিও এম.বি.এ. বিষয়তো শিক্ষাগ্ৰহণ কৰিছিল।
-
লক্ষী বৰঠাকুৰ
লক্ষী বৰঠাকুৰ (Lakshi Borthakur) অসমৰ এগৰাকী অভিনয় শিল্পী, নাট্যকাৰ তথা লেখক আছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ ওপৰত আধাৰিত লটকন সাধুৰ নাট্যৰূপত নোমলৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
অমূল্য কাকতি
অমূল্য কাকতি (Amulya Kakati; ১১ জুন ১৯৫০-২৫ জানুৱাৰী ২০০২) এগৰাকী নাট্যকাৰ, চিত্ৰনাট্য লেখক, অভিনেতা আৰু প্ৰযোজক। তেওঁ ব'হাগৰ দুপৰীয়া, হালধীয়া চৰায়ে বাওধান খায় আদি ছবিত অভিনয় কৰিছে। তেওঁ মুনীন বৰুৱাৰ সৈতে পিতা-পুত্ৰ আৰু প্ৰভাতী পখীৰ গানৰ যুটীয়া ভাবে চিত্ৰনাট্য ৰচনা কৰিছে।
-
জয়ন্ত ভাগৱতী
জয়ন্ত ভাগৱতী (জন্ম- ১৯৫৮, শ্বিলং) অসমীয়া চলচ্চিত্ৰৰ এগৰাকী অভিনেতা।
-
জৰ্জ বেকাৰ
জৰ্জ বেকাৰ (George Baker, জন্মː ২৮ অক্টোবৰ ১৯৪৬) এজন ভাৰতীয় অভিনেতা আৰু ৰাজনৈতিক নেতা। তেওঁক মূলতঃ অসমীয়া আৰু বঙালী চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনা যায়। তেওঁ ২০১৪ত ভাৰতীয় জনতা পাৰ্টীত ভৰ্তি হয় আৰু হাওৰা লোকসভা আসনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হয়। নিৰ্বাচনত তেওঁ পৰাজয় বৰণ কৰে।
-
অমৰজ্যোতি চৌধুৰী
অমৰজ্যোতি চৌধুৰী (Amarjyoti Choudhury, জন্ম ১৯৫০ চনত) অসমৰ এগৰাকী প্ৰসিদ্ধ শিক্ষাবিদ, বিজ্ঞানী, অভিনেতা, আবৃত্তিকাৰ, নাট্যকাৰ, কবি, ঔপন্যাসিক আৰু বক্তা। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সহ উপাচাৰ্য।
-
গুণ মহন্ত
গুণ মহন্ত (Guna Mahanta) অসমৰ এগৰাকী অভিনয় শিল্পী আছিল। তেওঁ ১৯৪৬ চনত নগাঁৱত জন্মগ্ৰহণ কৰে। অগ্নিগড়, ৰঙানদী, উজনিৰ দুজনী গাভৰু, মন, শ্ৰীমন্ত শংকৰদেৱ, বীৰ চিলাৰায়, মাঘত মামণিৰ বিয়া আদি ছবিত তেওঁ অভিনয় কৰে। ২০১৮ চনৰ ২৭ আগষ্টত মহন্তৰ দেহাৱসান ঘটে।
-
ভোলা কটকী
ভোলা কটকী (Bhola Kotoky; ১৯৩৫-২০২২) অসমৰ এজন নাট্যকাৰ আৰু মঞ্চ তথা চলচ্চিত্ৰ অভিনেতা আছিল। অসমৰ একাংকিকা নাটৰ বাটকটীয়াসকলৰ তেওঁ আছিল অন্যতম। ভবেন্দ্ৰনাথ শইকীয়াৰ দ্বিতীয় বোলছবি অনিৰ্বাণত তেওঁ ৰজনী মাষ্টৰৰ চৰিত্ৰত অভিনয় কৰিছিল।
-
অতুল পাচনী
অতুল পাচনী (Atul Pachani) অসমৰ এগৰাকী অভিনয় শিল্পী। ১৯৬০ চনৰ ২১ জানুৱাৰীত মাজুুলীত তেওঁৰ জন্ম হয়।
-
নয়ন প্ৰসাদ
নয়ন প্ৰসাদ (Nayan Prasad) হৈছে অসমৰ এগৰাকী চলচ্চিত্ৰ সাংবাদিক-আলোচক প্ৰযোজক, পৰিচালক আৰু অভিনেতা৷ আকাশবাণী গুৱাহাটী কেন্দ্ৰত এগৰাকী শিশু অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰা নয়ন প্ৰসাদে ভাৰতীয় চেঞ্চৰ বৰ্ডৰ আঞ্চলিক গোটৰ সদস্যৰূপে চাৰি বছৰ কাৰ্যনিৰ্বাহ কৰে৷ তেখেতে অসমৰ দৈনিক কাকত আৰু আলোচনীত…
-
মিহিৰজ্যোতি বৰুৱা
মিহিৰজ্যোতি বৰুৱা (Mihirjyoti Baruah) অসমৰ এগৰাকী মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা৷ অসমৰ গোলাঘাট জিলাত জন্মগ্ৰহণ কৰা বৰুৱাই বহুকেইখন অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছে৷ তাৰে ভিতৰত চামেলি মেমচা'ব (১৯৭৫), সূৰ্য তেজৰ অন্য নাম (১৯৯১), বন্ধন (২০০৩), সৰু বোৱাৰী (২০০৩), বাৰুদ (২০০৪) আদি উল্লেখযোগ্য।