অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

পাণবজাৰ

পাণবজাৰ অসমৰ গুৱাহাটী মহানগৰৰ এক অঞ্চল। পল্টন বজাৰ, আমবাৰী, ফাঁচী বজাৰ আদি অঞ্চলবিলাক ওচৰা-ওচৰিকৈ অৱস্থিত। ব্ৰহ্মপুুত্ৰ নদীৰ দক্ষিণ পাৰত নগৰ কেন্দ্ৰৰ ই এক গুৰুত্বপূৰ্ণ অংশ।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২০ ১৫৩ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

পাণবজাৰ অসমৰ গুৱাহাটী মহানগৰৰ এক অঞ্চল। পল্টন বজাৰ, আমবাৰী, ফাঁচী বজাৰ আদি অঞ্চলবিলাক ওচৰা-ওচৰিকৈ অৱস্থিত। ব্ৰহ্মপুুত্ৰ নদীৰ দক্ষিণ পাৰত নগৰ কেন্দ্ৰৰ ই এক গুৰুত্বপূৰ্ণ অংশ।

স্থান

জিলা আদালত (কামৰূপ) এই অঞ্চলৰ এক প্ৰধান স্থান। অঞ্চলটোত বহু গ্ৰন্থাগাৰ, প্ৰধান চৰকাৰী কাৰ্যালয় আৰু দোকান অন্তৰ্ভুক্ত হৈ আছে। কিতাপৰ দোকানসমূহ পাণবজাৰৰ এক আকৰ্ষণ। ঔষধ আৰু ফাৰ্মাচিউটিকেল সামগ্ৰীৰ ই এক প্ৰধান পাইকাৰী বজাৰ আৰু মুদ্ৰণ তথা প্ৰকাশনৰ বাবে এটা কেন্দ্ৰ। কটন বিশ্ববিদ্যালয় ইয়াতে অৱস্থিত।

দীঘলীপুখুৰীৰ ওচৰত অসম আৰু উত্তৰ-পূব ভাৰত ঐতিহ্যবাহী শিল্পকলা তথা কাৰুশিল্পৰ পণ্যাগাৰ আছে। জিলা আদালতৰ কাষত কাছাৰী ঘাট এটা গুৰুত্বপূৰ্ণ স্থানীয় নদীবন্দৰ।

আকৰ্ষণীয় ঠাই

পাণবজাৰ গুৱাহাটীৰ অন্যতম সাংস্কৃতিক আৰু শিক্ষাগত কেন্দ্ৰ হিচাপে পৰিচিত। কামৰূপ অনুসন্ধান সমিতি, অসম ৰাজ্যিক সংগ্ৰহালয় আৰু জিলা গ্ৰন্থাগাৰৰ নিচিনা অনেক ঐতিহাসিক ভৱন ইয়াত অৱস্থিত। নেহৰু পাৰ্ক আৰু শুক্ৰেশ্বৰ মন্দিৰ এই অঞ্চলৰ আন প্ৰধান পৰ্যটন ক্ষেত্ৰ।

শিক্ষা প্ৰতিষ্ঠান

কটন বিশ্ববিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ডন বস্কো উচ্চ মাধ্যমিক বিদ্যালয় এই অঞ্চলৰ বিশিষ্ট শিক্ষা প্ৰতিষ্ঠান।

অধিক চাওক

সম্পৰ্কিত শ্ৰেণী

গুৱাহাটীৰ উল্লেখযোগ্য ঠাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাণবজাৰ” প্ৰবন্ধৰ সংশোধন ২৪৬৮৪৫ (২৮ ছেপ্তেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।