সঞ্জীৱ সভাপণ্ডিত (Sanjib Sabhapandit) অসমীয়া চলচ্চিত্ৰৰ এজন পৰিচালক আৰু অভিনেতা। ১৯৫৭ চনত তেওঁৰ জন্ম হয়। তেওঁ মেকানিকেল ইঞ্জিনিয়াৰিং বিষয়ৰ উপৰিও এম.বি.এ. বিষয়তো শিক্ষাগ্ৰহণ কৰিছিল। গুৱাহাটীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত পাঁচ বছৰ অধ্যাপকৰ পদত থকাৰ অন্তত তেওঁ অসম চৰকাৰৰ উদ্যোগত সমবায় খণ্ডত ৰঙিয়াৰ ওচৰৰ তুলসীবাৰীত গঢ় লৈ উঠা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বস্ত্ৰ্ উদ্যোগ অসম পলিয়েষ্টাৰ মিল লিমিটে়ডৰ (APOL) সৈতে জড়িত হৈ পৰে। ২০০২ চনলৈ তেওঁ এপ’লৰ সঞ্চালক হৈ থাকে। ১৯৯৪ চনত গুৱাহাটীৰ নুনমাটিত অসমীয়া মাধ্যমৰ বেচৰকাৰী অসম জাতীয় বিদ্যালয় নামেৰে এখন বিদ্যালয় গঢ় লৈ উঠে। এই বিদ্যালয় গঢ় দিয়া অন্যতম ব্যক্তি আছিল সঞ্জীৱ সভাপণ্ডিত।১
সভাপণ্ডিতে ছাগলী পৰিবহণৰ বাবে এটা অভিনৱ পদ্ধতিৰ উদভাৱন কৰিছিল, যিটো আছিল এক মানৱীয় ব্যৱস্থা। তেওঁ এজন লেখকো।১
চলচ্চিত্ৰপঞ্জী
সভাপণ্ডিতে পৰিচালনা কৰা ছবিসমূহ হ'ল-
- জুয়ে পোৰা সোণ (২০০৪)
- জাতিঙ্গা ইত্যাদি (২০০৬)
- জাংফাই জোনাক (২০১২)
- জীয়া জুৰিৰ সুবাস (২০১৪)
- দিকচৌ বনত পলাশ (২০১৬)
৫১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা মহোৎসৱত (২০০৪) জুয়ে পোৰা সোণে পৰিবেশ সংৰক্ষণ/পৰিৰক্ষণ শিতানত শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছিল। তাৰোপৰি ছবিখন ভাৰতীয় পেনোৰামালৈও নিৰ্বাচিত হৈছিল।২ শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৪৬তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপক, জাহ্নু বৰুৱা পৰিচালিত কুশল (২০০১) ছবিত সভাপণ্ডিতে নাম-ভূমিকাত অভিনয় কৰিছিল।৩
তথ্যসূত্ৰ
- ↑ 51st National Film Award Catalogue. Directorate of Film Festivals, GOI
- ↑ 2004 Indian Penorama. Directorate of Film Festivals, GOI
- ↑ Saibal Chatterjee. (১৬ নৱেম্বৰ, ১৯৯৮). Recalling A Moment - Jahnu Barua's 'Kuhkhal' pays a moving tribute to a forgotten hero. Outlook
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সঞ্জীৱ সভাপণ্ডিত” প্ৰবন্ধৰ সংশোধন ৬৩৭৭৯৮ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।