অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

শকুন্তলা (চলচ্চিত্ৰ)

শকুন্তলা (Sakuntala) ভূপেন হাজৰিকা পৰিচালিত কালিদাসৰ অভিজ্ঞানম শকুন্তলম নাটৰ ওপৰত আধাৰিত এখন পৌৰাণিক বিষয়ক অসমীয়া কথাছবি। সঙ্গীত ভূপেন হাজৰিকাৰ। ছবিখনে মুক্তি পাইছিল ১৯৬১ৰ ১১ নবেম্বৰৰ দিনা। প্ৰয়োজক আছিল কলকাতাৰ কামৰুপ চিত্ৰ।

হালনাগাদ: ৩ এপ্ৰিল ২০২৬ ১৩৪ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

শকুন্তলা (Sakuntala) ভূপেন হাজৰিকা পৰিচালিত কালিদাসৰ অভিজ্ঞানম শকুন্তলম নাটৰ ওপৰত আধাৰিত এখন পৌৰাণিক বিষয়ক অসমীয়া কথাছবি। সঙ্গীত ভূপেন হাজৰিকাৰ। ছবিখনে মুক্তি পাইছিল ১৯৬১ৰ ১১ নবেম্বৰৰ দিনা। প্ৰয়োজক আছিল কলিকতাৰ কামৰুপ চিত্ৰ। ছবিখনে ৯ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি শিতানত ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক পাইছিল। দুষ্মন্ত আৰু শকুন্তলাৰ ভূমিকাত অভিনয় কৰিছিল পবিত্ৰ বৰকটকী আৰু অনিতা গুহই। ছয়বছৰীয়া বিদ্যা ৰাৱেও শিশু আশ্ৰম কন্যাৰ ভূমিকাত অভিনয় কৰিছে।১২

মূল ছবিখন ক’লা-বগা আছিল যদিও “প্ৰথম প্ৰহৰ ৰাত্ৰি” শীৰ্ষক গীতটো ৰঙীন ফিল্মত চিত্ৰগ্ৰহণ কৰা হৈছিল। এইখন প্ৰথম অসমীয়া আংশিক ৰঙীন ছবি।৩২৪

কাহিনী

কালিদাস ৰচিত অভিজ্ঞানম শকুন্তলমৰ প্ৰখ্যাত দুষ্মন্ত-শকুন্তলাৰ প্ৰেমকথাৰ আধাৰত ছবিখনৰ কাহিনী নিৰ্মাণ কৰা হৈছে।২৫

হস্তিনাপুৰৰ ৰজা দুষ্মন্ত মৃগয়া কৰিবলৈ গৈ বাট হেৰুৱাই মহৰ্ষি কণ্বৰ আশ্ৰম ওলালগৈ। তাতে গৈ মহৰ্ষি কণ্বৰ তোলনীয়া জীয়ৰী শকুন্তলাক (ইভা আচাও) দেখা-সাক্ষাৎ হ’ল। দুয়োৰো মাজত অনুৰাগৰ জন্ম হ’ল আৰু দুয়ো গান্ধৰ্ব্য বিবাহ কৰি পেলালে। ইফালে ৰজা দুষ্মন্তৰো ৰাজধানীলৈ উভতিবৰ সময় হ’ল। তেওঁ আঙুঠি এটা শকুন্তলাক পিন্ধাই দিলে আৰু অচিৰেই ৰাজধানীলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি দি উভতি গ’ল। এদিন কণ্ব ঋষিৰ আশ্ৰমলৈ ভিক্ষা মাগিবলৈ আহিল খঙাল বুলি প্ৰসিদ্ধি থকা ঋষি দুৰ্বাসা। দুষ্মন্তৰ কথা ভাবি তন্ময় হৈ থকা শকুন্তলাই দুৰ্বাসাৰ মাত নুশুনিলে। খঙতে ঋষিয়ে অভিশাপ দিলে যে যাৰ কথা ভাবি থাকি ঋষিক অৱজ্ঞা কৰিলে, সেইজনেই শকুন্তলাক পাহৰি যাব। শেষত মন কুমলাত দুৰ্বাসা ঋষিয়ে উপায় এটা দিলে যে দুষ্মন্তই প্ৰথমে শকুন্তলাক চিনি নাপাব, কিন্তু কিবা এটা স্মৃতিচিহ্ন দেখুৱাব পাৰিলে তেওঁৰ পূৰ্বৰ কথা মনত পৰিব।৫

ইফালে দুষ্মন্তই নিবলৈ নহাত গৰ্ভৱতী শকুন্তলা নিজে হস্তিনাপুৰলৈ ওলাল। যাওঁতে দুষ্মন্তই দিয়া আঙুঠিটো নৈত পৰি হেৰাই থাকিল। ৰজাই তেওঁক চিনি নাপালে আৰু অপমান কৰি ঘূৰাই পঠিয়ালে। শকুন্তলাই ভগ্ন হৃদয়ে উভতি আহিল আৰু এটা পুত্ৰসন্তান জন্ম দিলে। ঘটনাক্ৰমে আঙুঠিটো এজন মাছমৰীয়াই এটা মাছৰ পেটত পালে। ৰাজকীয় চিহ্নযুক্ত আঙুঠিটো মাছমৰীয়াজনে চুৰ কৰা বুলি তাক ৰাজসভালৈ ধৰি লৈ আহিল। আঙুঠিটো দেখি ৰজা দুষ্মন্তৰ সকলো কথা মনত পৰিল।৫

পুত্ৰসন্তান সহ শকুন্তলাক দুষ্মন্তই হস্তিনাপুৰলৈ লৈ আহিল।৫

অভিনয়

  1. পবিত্ৰ বৰকটকী (দুষ্মন্ত)
  2. অনিতা (শকুন্তলা)
  3. খগেন মহন্ত
  4. ইভা আচাও (শকুন্তলাৰ বান্ধৱী অনসূয়া)
  5. কৃষ্ণা দাস(প্ৰিয়ম্বদা)
  6. ফণী শৰ্মা (ঋষি দুৰ্বাষা)
  7. বিদ্যা ৰাও (অভিনেত্ৰী) (শিশুশিল্পী)৬২

শিল্পী আৰু কলা-কুশলী

  • প্ৰযোজক- কাশী প্ৰসাদ বিহানী
  • বেনাৰ- কামৰূপ চিত্ৰ, কলিকতা
  • পৰিচালক, সঙ্গীত পৰিচালক, গীতিকাৰ- ভূপেন হাজৰিকা
  • কেমেৰা- ৰাধা ফিল্মচ্, কলিকতা
  • ষ্টুডিঅ'- ইন্দ্ৰপুৰী ষ্টুডিঅ', কলিকতা
  • শব্দ- অৱণী চেতাৰ্জী
  • মেকআপ- অনন্ত দাস

গীত

ছবিখনত মুঠ ৬টা গীত আছিল। গীতৰ সুৰ আৰু কথা আছিল ভূপেন হাজৰিকাৰ।৩

ক্ৰমিক নংগীতৰ শীৰ্ষকগীতিকাৰকণ্ঠ
১অলৌগুটি তলৌগুটি কোন ক’ত লটিঘটি কচুপাতৰ লাই, যিহাতে আঙুঠি নাই সেই হাতে কেনেকৈ পায়ভূপেন হাজৰিকাভূপেন হাজৰিকা, ইলা বসু
২প্ৰথম প্ৰহৰ ৰাত্ৰি ফুলি আছিল চম্পা, শুনা সখী শকুন্তলা তুলি বান্ধা খোপাভূপেন হাজৰিকাকবিতা হাজৰিকা,ইলা বোস
৩বিৰাজে কি সাজে প্ৰকৃতিৰে জীয়ৰী, জোনক দেখি হাঁসে সখী নিজকে পাহৰিভূপেন হাজৰিকাভূপেন হাজৰিকা
৪নৱ মল্লিকাৰ হেঁপাহ জানো পলাব মালিনী নৈতে ৰূপ চাই চাই, শকুন্তলা আইৰ জানো দেহাটি শীতলিব পদুমৰে পৰশন পাইভূপেন হাজৰিকাইলা বোস, অনামিকা দেৱী
৫পিতৃ গৃহ ত্যাগি আই মোৰ পতি গৃহে যায়, দুই পাৱ চলে যদি এক পিছুৱাইভূপেন হাজৰিকাভূপেন হাজৰিকা
৬বনৰে পখিটি, তোমাৰ লগৰীয়া আমাৰে জোনটি পদুমৰে কলিটিভূপেন হাজৰিকাইলা বোস

বঁটা আৰু সন্মান

১৯৬১ৰ নৱম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানত শকুন্তলাই অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ শিতানত ৰূপৰ পদক লাভ কৰে।৫

তথ্যসূত্ৰ

  1. ↑ Shakuntala (1961) – Assamese Film
  2. ↑ DR. BHUPEN HAZARIKA AS FILM AND MUSIC DIRECTOR
  3. ↑ (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন
  4. ↑ Shakuntala
  5. ↑ State Awards for filmsState Awards for films
  6. ↑ ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত, পৃঃ ১১৪-১১৯, অৰুণলোচন দাস, শশী-শিশু প্ৰকাশ, গুৱাহাটী, ২০১৩

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৬০ দশকৰ অসমীয়া চলচ্চিত্ৰভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শকুন্তলা (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫৯৯৮৬০ (৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।