অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

উদিত নাৰায়ণ

উদিত নাৰায়ণ (Udit Narayan; জন্ম: ১ ডিচেম্বৰ ১৯৫৫) তেওঁ চাৰিটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (তাৰ ভিতৰত গায়ক হিচাপে ৩টা, ২০০১ চনত ২টা গানৰ বাবে আৰু ২০০২ চনত ১টা গানৰ বাবে আৰু ২০০৫ চনত প্ৰযোজক হিচাপে ১টা) আৰু ২০টা মনোনয়নৰ লগতে ৫টা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৩২৯ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

উদিত নাৰায়ণ (Udit Narayan; জন্ম: ১ ডিচেম্বৰ ১৯৫৫) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী৷ যাৰ গীতবোৰ মূলতঃ হিন্দী ভাষাৰ বলীউডৰ চলচ্চিত্ৰত প্ৰদৰ্শিত হৈছে। তেওঁ ভাৰত আৰু নেপালৰ এগৰাকী প্ৰখ্যাত গায়ক হিচাপে পৰিচিত।১২৩ তেওঁ তেলেগু, কন্নড়, তামিল, গুজৰাটী, মালয়ালম, ওড়িয়া, নেপালী, ভোজপুৰী, পাঞ্জাৱী, অসমীয়া, বঙালীকে ধৰি বিভিন্ন ভাষাত গীত গাইছে।৪ তেওঁ চাৰিটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা৫ (তাৰ ভিতৰত গায়ক হিচাপে ৩টা, ২০০১ চনত ২টা গানৰ বাবে আৰু ২০০২ চনত ১টা গানৰ বাবে আৰু ২০০৫ চনত প্ৰযোজক হিচাপে ১টা) আৰু ২০টা মনোনয়নৰ লগতে ৫টা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। ১৯৮০ চনত তেওঁ বলীউড প্লেবেকত আত্মপ্ৰকাশ কৰাৰ পিছতো যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল।

প্ৰাৰম্ভিক জীৱন

১৯৫৫ চনত মৈথিল ব্ৰাহ্মণ পৰিবাৰত উদিত নাৰায়ণ ঝাৰ জন্ম হৈছিল৷ তেওঁৰ পিতৃ হৰেকৃষ্ণ ঝা নেপালী আৰু মাতৃ ভুৱনেশ্বৰী ঝাৰ এগৰাকী ভাৰতীয় আছিল।৬৭ ২০০৯ চনত যেতিয়া উদিত নাৰায়ণক ভাৰতৰ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰা হয়, তেতিয়া তেওঁক নেপালত জন্মগ্ৰহণ কৰা বুলি ভাৰতীয় নাগৰিকত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা বাতৰি পোৱা গৈছিল। অৱশ্যে, উদিত নাৰায়ণে সেই প্ৰতিবেদনবোৰক "সম্পূৰ্ণ মিছা" বুলি কৈ তেওঁৰ জন্ম বিহাৰৰ সুপৌল জিলাৰ বৈসী গাঁৱত তেওঁৰ মাকৰ ঘৰত জন্ম হোৱা বুলি কয়।৮ পদ্মশ্ৰী গ্ৰহণ কৰাৰ পিছত তেওঁ নেপালত সমালোচনাৰ সন্মুখীন হৈছিল, তেতিয়া তেওঁ নেপালী দৈনিক কান্তিপুৰক কৈছিল যে তেওঁ “নেপালৰ যদিও তেওঁৰ মাতৃৰ ঘৰ বিহাৰত আছিল।”৯ ২০১৭ চনত ভাৰতীয় আলোচনী আউটলুকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ স্পষ্টকৈ জনায় যে, তেওঁৰ জন্ম বৈসীত হৈছিল আৰু তেওঁৰ দেউতাক হৰেকৃষ্ণ নেপালৰ সগৰমাথা অঞ্চলৰ সপ্তৰী জিলাৰ ভাৰদহৰ বাসিন্দা আছিল।৭ ২০১৮ চনৰ ছেপ্টেম্বৰত বিহাৰ ঝাৰখণ্ড এছ'চিয়েশ্যন অফ নৰ্থ আমেৰিকাৰ দ্বাৰা অনুষ্ঠিত হোৱা এক অনুষ্ঠানত উদিত নাৰায়ণে নিজকে বিহাৰী হিচাপে পৰিচয় দিয়ে।১০

তেওঁ ভাৰতৰ বিহাৰৰ সুপৌলৰ কুনাউলিৰ জগেশ্বৰ হাইস্কুলত অধ্যয়ন কৰিছিল, য'ত তেওঁ এছএছচি সমাপ্ত কৰিছিল আৰু পিছত নেপালৰ কাঠমাণ্ডুৰ ৰত্ন ৰাজ্য লক্ষ্মী কেম্পাচৰ (Ratna Rajya Lakshmi Campus) পৰা মধ্যৱৰ্তী ডিগ্ৰী লাভ কৰিছিল। তেওঁৰ দেউতাক হৰেকৃষ্ণ ঝা এগৰাকী খেতিয়ক আছিল আৰু মাতৃ ভুৱনেশ্বৰী দেৱী এগৰাকী লোক কণ্ঠশিল্পী আছিল, যিয়ে উদিত নাৰায়ণৰ সংগীত কৰ্মৰাজীত উৎসাহ যোগাইছিল৷১১১২

ব্যক্তিগত জীৱন

২০০৬ চনত ৰঞ্জনা নাৰায়ণে নাৰায়ণৰ প্ৰথম পত্নী বুলি কৰা দাবীক উদিত নাৰায়ণে অস্বীকাৰ কৰিছিল যদিও পিছত তেওঁক উদিত নাৰায়ণে পত্নী হিচাপে গ্ৰহণ কৰিছিল৷১১৩ উদিত নাৰায়ণে প্ৰথমে ৰঞ্জনা নাৰায়ণ ঝাৰ সৈতে আৰু পিছত দীপা নাৰায়ণ ঝাৰ সৈতে দুবাৰ বিবাহ পাশত আৱদ্ধ হয়৷ ৰঞ্জনা নাৰায়ণৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পিছত তেওঁ দীপা নাৰায়ণৰ সৈতে সম্পৰ্ক স্থাপন কৰে আৰু ১৯৮৫ চনত বিবাহপাশত আৱদ্ধ হয়৷ দীপা নাৰায়ণৰ সৈতে তেওঁৰ এগৰাকী পুত্ৰ সন্তানৰ জন্ম হয় - আদিত্য নাৰায়ণ, যি এগৰাকী নেপথ্য কণ্ঠশিল্পী।১১৪১৫

ডিস্কোগ্ৰাফী

অন্যান্য কণ্ঠশিল্পীৰ সৈতে

উদিত নাৰায়ণে সংগীত কেৰিয়াৰ ১৯৮০ চনত আৰম্ভ কৰে আৰু ৯০ ৰ দশকত বিকশিত হয়। উল্লেখযোগ্য মহিলা নেপথ্য কণ্ঠশিল্পীৰ লগতে সকলো প্ৰজন্মৰ নেপথ্য কণ্ঠশিল্পীৰ সৈতে তেওঁ সহযোগিতা কৰিবলৈ সৌভাগ্য পাইছিল। জনপ্ৰিয় কণ্ঠশিল্পী মহম্মদ ৰফিৰ সৈতে উদিত নাৰায়ণে সংগীত জগতত আত্মপ্ৰকাশ কৰিছিল আৰু তাৰ পিছত ৮০ৰ দশকত কিশোৰ কুমাৰ, অমিত কুমাৰ, সুৰেশ ৱাডকৰ, মোহম্মদ আজিজ আৰু আন আন কণ্ঠশিল্পীৰ গীত গাৱলৈ সুযোগ পাইছিল। তেওঁ বেছিভাগ গীত পুৰুষ কণ্ঠশিল্পী কুমাৰ চানু আৰু অভিজিৎৰ সৈতে গাইছে। তেওঁৰ নিৰ্বাচিত আৰু উল্লেখযোগ্য কিছুমান গীত তলত দিয়া হ’ল-

গীতচলচ্চিত্ৰসহঃ কণ্ঠশিল্পী/ (অন্যান্য সংস্কৰণ)
"মিল গয়া"ঊনিশ-বিশ (১৯৮০)মহম্মদ ৰফি আৰু ঊষা মংগেশকাৰ
"জীৱন কা দিন"বাড়ে দিলৱালা (১৯৮৩)লতা মংগেশকাৰ আৰু কিশোৰ কুমাৰ (Other Version)
"অ বিন্দিয়া তুম হমসে কেহ দো প্যাৰ হে"কেহদো প্যাৰ হে (১৯৮৩)কিশোৰ কুমাৰ আৰু সুৰেশ ৱাডকৰ
"লোগ জাহা পৰ ৰহতে হে"প্যাৰ কা মন্দিৰ (1988)মোহম্মদ আজীজ, সুৰেশ ৱাডকৰ আৰু কবিতা কৃষ্ণমূৰ্তি
"অয়ে অয়ে"ত্ৰিদেৱ (১৯৮৯)অমিত কুমাৰ আৰু মোহম্মদ আজীজ
"এক দুসৰে সে কৰতে হে প্যাৰ হম"হম (১৯৯১)সুদেশ ভোঁচলে আৰু মোহম্মদ আজীজ
"ইলু ইলু"সদাগৰ (১৯৯১)মনোহৰ উদাস, সুকিন্দৰ সিং আৰু কবিতা কৃষ্ণমূৰ্তি
দিৱানো কী মাস্তনা কীডাঞ্চৰ (১৯৯১)এছ. পি. বালসুব্ৰমনিয়ম আৰু কবিতা কৃষ্ণমূৰ্তি
"দিল লে গয়ী তেৰী বিনদিয়া"বিশ্বআত্মা (১৯৯২)অমিত কুমাৰ, স্বপ্না মুখাৰ্জী আৰু মোহম্মদ আজীজ
"সাত সুমন্দৰ পাৰ (Part-II)"বিশ্বআত্মা (১৯৯২)সাধনা স্বৰগম আৰু জুলী মুখাৰ্জী
"দিৱান দিল দিৱান "কভী হা কভী না (১৯৯৪)অমিত কুমাৰ
"মে খিলাড়ী তু অনাড়ী"মে খিলাড়ী তু অনাড়ী (১৯৯৪)অভিজিৎ আৰু অনু মালিক
"য়ে বন্ধন তো"কৰণ অৰ্জুন (১৯৯৫)কুমাৰ চানু আৰু অলকা য়াগনিক
"ৰাম জানে"ৰাম জানে (১৯৯৫)চনু নিগম আৰু অলকা য়াগনিক
ভেৰী গুড ভেৰী বেডত্ৰিমূৰ্তি (১৯৯৫)বিনোদ ৰাথোৰ
"চলমা পে দিল আ গয়া" (Part 1)চলমা পে দিল আ গয়া (১৯৯৭)আশা ভোছলে আৰু অমিত কুমাৰ: কুমাৰ চানু(Part II)
"কই জানে কই না জানে"ঔৰ প্যাৰ হো গয়া (১৯৯৭)নুশৰত ফাতেহ আলি খান আৰু অনুৰাধা পৰৱাল
"নিন্দ চুৰাই মেৰী "ইস্ক (১৯৯৭)কুমাৰ চানু, কবিতা কৃষ্ণমূৰ্তি আৰু অলকা য়াগনিক
"মিঃ লোবা লোবা" (আখিয়া তু মিলা লে)অভিজিৎ, সুদেশ ভোঁচলে, কবিতা কৃষ্ণমূৰ্তি আৰু পূৰ্ণিমা
"হম সাথ সাথ হে"হম সাথ সাথ হে (১৯৯৯)কুমাৰ চানু, অনুৰাধা পৰৱাল, হৰিহৰণ, কবিতা কৃষ্ণমূৰ্তি আৰু অলকা য়াগনিক
"মহাৰে হিৱদা (Mhare Hiwda)"হম সাথ সাথ হে (১৯৯৯)হৰিহৰণ, অনুৰাধা পৰৱাল, কুমাৰ চানু, কবিতা কৃষ্ণমূৰ্তি আৰু অলকা য়াগনিক
"সুনোজী দুলহান"হম সাথ সাথ হে (১৯৯৯)ৰূপ কুমাৰ ৰাথোৰ, চনু নিগম, কবিতা কৃষ্ণমূৰ্তি আৰু প্ৰতিমা ৰাও
"দিললাগী দিললাগী"দিললাগী (১৯৯৯)অভিজিৎ, চনু নিগম, সুকিন্দৰ সিং, শংকৰ মহাদেৱান, চান, কবিতা কৃষ্ণমূৰ্তি, অলকা য়াগনিক, যোশপিন্দৰ নাৰুলা আৰু মহালক্ষ্মী আয়াৰ
"মেলা দিলো কা (Part II)"মেলা (২০০০)অভিজিৎ, চনু নিগম, অলকা য়াগনিক, সাধনা স্বৰগম, হেমা চাৰদেশাই, মনচুৰ/(Part I) ৰূপ কুমাৰ ৰাথোৰ, শংকৰ মহাদেৱান, যোশপিন্দৰ নাৰুলা, নিতিন মুকেশ আৰু আনমোল
"দিল নে য়ে কহা হে দিল সে"ধড়কন (২০০০)অলকা য়াগনিক আৰু কুমাৰ চানু
"ঘানা ঘানা"লগান (২০০১)সুকিন্দৰ সিং, অলকা য়াগনিক, শংকৰ মহাদেৱান আৰু চান
মিটৱালগান (২০০১)সুকিন্দৰ সিং, অলকা য়াগনিক আৰু শ্ৰীনিৱাশ
"মে কাহী ভী ৰাহু"এলঅচি কাৰ্গিল (২০০৩)হৰিহৰণ, ৰূপ কুমাৰ ৰাথোৰ, চনু নিগম আৰু সুকিন্দৰ সিং
"এইসা দেশ হে মেৰা"বীৰ-জৰা (২০০৪)লতা মংগেশকাৰ আৰু গুৰদাস মন
"য়ুহি চালা চল"স্বদেশ (২০০৪)কৈলাশ খেৰ আৰু হৰিহৰণ
"দিৱানগী দিৱানগী"ওঁম শান্তি ওঁম (২০০৭)চান, শ্ৰেয়া ঘোষাল, আৰু সুনীধি চৌহান
"ৰাধা"ষ্টুডেণ্ট অৱ দ্য ইয়াৰ (২০১২)শ্ৰেয়া ঘোষাল আৰু বিশাল দেদলানী
"অপনা বোম্বে টকিজ"বোম্বে টকিজ (২০১৩)কুমাৰ চানু, অলকা য়াগনিক, অভিজিৎ, সাধনা স্বৰগম, এছ. পি. বালসুব্ৰমনিয়ম, কবিতা কৃষ্ণমূৰ্তি, চান, সুনীধি চৌহান, কেকে, শ্ৰেয়া ঘোষাল, সুকিন্দৰ সিং, শিল্পা ৰাও, মোহিত চৌহান আৰু চনু নিগম

তথ্যসূত্ৰ

  1. ↑ Udit Narayan meets 'first wife' Ranjana
  2. ↑ (26 October 2015). Indian Celebrities Who Married Their Mistresses
  3. ↑ Sahay, Anand Mohan. (28 June 2006). Udit Narayan wants compromise with first wife. Rediff
  4. ↑ Udit Narayan: Latest News, Videos and Udit Narayan Photos - Times of India. The Times of India
  5. ↑ Udit Narayan National award
  6. ↑ Shaw, Shri Ram. (5 July 2020). Exclusive – Udit Narayan on completing 40 years in Bollywood: Bitterness of struggle makes success sweeter. Asianet News Network Pvt Ltd
  7. ↑ Udit Narayan. (8 May 2017). Song Of Life Diary. Outlook
  8. ↑ (28 January 2009). Getting Padma Shri a dream come true. Hindustan Times
  9. ↑ (27 January 2009). Artistes have no borders, Udit Narayan tells Nepal. The Times of India
  10. ↑ (8 September 2018). Bihar Jharkhand Association of North America Honors Singer Udit Narayan. PatnaDaily
  11. ↑ Udit Narayan on iTunes. ITunes
  12. ↑ Sharma, Devesh. (23 July 2016). Udit Narayan looks back at his career with affection. Filmfare
  13. ↑ Tale of two wives
  14. ↑ (26 October 2015). Indian Celebrities Who Married Their Mistresses
  15. ↑ Sahay, Anand Mohan. (28 June 2006). Udit Narayan wants compromise with first wife. Rediff

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পীহিন্দী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উদিত নাৰায়ণ” প্ৰবন্ধৰ সংশোধন ৬৩৬৮৫৫ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।