অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শিল্পা ৰাও

শিল্পা ৰাও (Shilpa Rao; জন্ম: অপেক্ষা ৰাও; ১১ এপ্ৰিল ১৯৮৪) জামছেদপুৰত জন্মগ্ৰহণ আৰু ডাঙৰ-দীঘল হোৱা এগৰাকী ভাৰতীয় গায়িকা। মুম্বাইৰ ছেইণ্ট জেভিয়াৰ কলেজৰ পৰা এপ্লাইড ষ্টেটিষ্টিকছত স্নাতকোত্তৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত তিনি বছৰ জিংগল গায়িকা হিচাপে কাম কৰে।

হালনাগাদ: ২৭ জুন ২০২৫ ৩৭১ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

শিল্পা ৰাও (Shilpa Rao; জন্ম: অপেক্ষা ৰাও; ১১ এপ্ৰিল ১৯৮৪) জামছেদপুৰত জন্মগ্ৰহণ আৰু ডাঙৰ-দীঘল হোৱা এগৰাকী ভাৰতীয় গায়িকা। মুম্বাইৰ ছেইণ্ট জেভিয়াৰ কলেজৰ পৰা এপ্লাইড ষ্টেটিষ্টিকছত স্নাতকোত্তৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত তিনি বছৰ জিংগল গায়িকা হিচাপে কাম কৰে। কলেজীয়া দিনত সংগীত পৰিচালক মিথুনে তেওঁক আনোৱাৰৰ (২০০৭) ‘তোছে নেইনা’ গীতটো বাণীবদ্ধ কৰাৰ প্ৰস্তাৱ দিছিল আৰু এনেকৈয়ে বলীউডৰ সংগীত জগতত তেওঁ খোজ পেলায়। এই গীতটো ২০০৭ চনৰ অন্যতম জনপ্ৰিয় গীত হিচাপে পৰিগণিত হয়।

শিল্পাই দ্য ট্ৰেইনৰ (২০০৭) ‘ৱহ আজনাবি’ আৰু বছনা এ হাছিনোৰ (২০০৮) ‘খুদা জানে’ মুক্তিৰ লগে লগে সংগীতৰ ক্ষেত্ৰখনত এক বিশিষ্ট স্থান দখল কৰে। দ্বিতীয় গীতটোৰ বাবে তেওঁ শ্ৰেষ্ঠ মহিলা নেপথ্য গায়িকাৰ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰে। পিছৰ বছৰত ইলাইয়াৰাজাৰ সংগীত পৰিচালনাত পা (২০০৯) ছবিখনত তেওঁ ‘মুদি মুদি ইত্তেফাক ছে’ গীতটো পৰিবেশন কৰে, যাৰ বাবে তেওঁ একেটা শাখাতে দ্বিতীয়বাৰৰ বাবে ফিল্মফেয়াৰ মনোনয়ন পায়। ২০১২ চনত শিল্পাই য়শ চোপ্ৰাৰ জব তক হ্যায় জানৰ ‘ইছক্ ছাৱা’ শীৰ্ষক গীতৰ বাবে এ. আৰ. ৰহমানৰ সৈতে যুটি বান্ধে। ২০১৩ ত ধুম-৩ ছবিৰ প্ৰীতমৰ সংগীতত ‘মলং’ আৰু ২০১৪ চনত বিশাল-শেখৰৰ সংগীতত মেহেৰবান ছবিৰ ‘বেং বেং’ গীত দুটাৰ বাবে শিল্পাই প্ৰসংশা আৰ্জিবলৈ সক্ষম হয়। অমিত ত্ৰিবেদীৰ সংগীতত লুটেৰাৰ (২০১৩) শিল্পাই কণ্ঠদান কৰা ‘মৰ্জিয়ানা’য়ো দৃষ্টি আকৰ্ষণ কৰে। ক'ক ষ্টুডিঅ' পাকিস্তানত ‘পাৰ চানা দে’ (২০১৬) গীতl কণ্ঠদান কৰা তেওঁ আছিল চূড়ান্ত পৰ্যায়ৰ ভাৰতীয় গায়িকা।

নতুন শৈলী সংযোগ কৰাৰ প্ৰচেষ্টা আৰু বিভিন্ন ধাৰাৰ গীত গোৱাৰ বাবে শিল্পা প্ৰচাৰ মাধ্যমত জনাজাত। তেওঁ দেউতাকক সৰ্বশ্ৰেষ্ঠ প্ৰেৰণা বুলি গণ্য কৰে। তেওঁ বহু কেইটা দাতব্য সংস্থাক সহায়ো কৰি আহিছে।

প্ৰাৰম্ভিক জীৱন

১৯৮৪ চনৰ ১১ এপ্ৰিলত জামছেদপুৰত জন্মগ্ৰহণ কৰা শিল্পাৰ নাম প্ৰথমতে অপেক্ষা ৰাও আছিল যদিও পিছলৈ তেওঁ শিল্পা ৰাওলৈ সলনি কৰে। তেওঁৰ মতে শিল্পা নামটোৰ সৈতে তেওঁৰ সম্পৰ্ক বেছি, যিহেতু এই নামটোৰ ‘শিল্পৰ সৈতে সম্পৰ্ক আছে’। ১ সংগীতৰ ডিগ্ৰীধাৰী পিতৃ এছ ভেংকট ৰাওৰ প্ৰশিক্ষণ আৰু নিৰ্দেশনাত সৰুৰে পৰা তেওঁ গান গাবলৈ আৰম্ভ কৰিছিল। ২ ৩ পিতৃয়ে তেওঁ বিভিন্ন ৰাগ সম্পৰ্কে শিকাইছিল। “তেওঁৰ শিক্ষাদান পদ্ধতি অনানুষ্ঠানিক আৰু একে সময়তে অতি ফলপ্ৰসূ আছিল, সংগীতৰ প্ৰতি মোৰ আগ্ৰহ জগাই তুলিবলৈ ই পৰ্যাপ্ত আছিল”। ৪ জামছেদপুৰৰ লিটিল ফ্লাৱাৰ স্কুল আৰু লয়লা স্কুলত তেওঁ পঢ়াশুনা কৰে। ৫ ১৯৯৭ চনত তেওঁ পৰিয়ালৰ সৈতে মুম্বাইলৈ যায় আৰু মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা পৰিসংখ্যা বিষয়ত স্নাতকোত্তৰ ডিপ্লমা কৰে। ৬

১৩ বছৰ বয়সত হৰিহৰণক লগ পোৱাৰ পিছত তেওঁ এগৰাকী কণ্ঠশিল্পী হ'বলৈ অনুপ্ৰাণিত হয় আৰু হৰিহৰণৰ তাগিদাত ওস্তাদ গুলাম মুস্তাফা খানৰ অধীনত প্ৰশিক্ষণ আৰম্ভ কৰে। ২৩ প্ৰথম অৱস্থাত তেওঁ সংগীত পৰিচালকসকলৰ সৈতে সংযোগ ঘটাবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছিলষ কাৰণ সেই সময়ত তেওঁ সামাজিক যোগাযোগৰ ক্ষেত্ৰত ‘ইমান সক্ৰিয়’ নাছিল।৩ ২০০১ চনত তেওঁ হৰিহৰণৰ সৈতে বিভিন্ন স্থানত লাইভ অনুষ্ঠান পৰিৱেশন কৰিবলৈ আৰম্ভ কৰে। তাৰ পিছত নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিভা সন্ধানত জয়ী হয়। প্ৰতিযোগিতাৰ অন্যতম বিচাৰক শংকৰ মহাদেৱনে তেওঁক মুম্বাইত বসতি স্থাপন কৰিবলৈ কৈছিল। ৪

বঁটা

২০০৯: শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ স্ক্ৰীণ এৱাৰ্ড (খুদা জানে ছবিৰ ‘বচনা এ হাচিনো’ গীতৰ বাবে)।৭

২০২০: শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটা (ৱাৰ ছবিৰ ‘ঘুংগুৰু’ গীতৰ বাবে)।৮

তথ্যসূত্ৰ

  1. ↑ Sen, Debarati S. (4 January 2014). 'Meeting Hariharan, when I was 13, changed my life'. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ Shah, Zaral. (29 May 2015). Pitch Perfect: Shilpa Rao. Verve
  3. ↑ Das, Soumitra. (7 March 2014). Rahman sir is a chatterbox: Shilpa Rao. The Times of India
  4. ↑ Choudhury, Nilanjana Ghosh. (7 March 2014). Jingle route to be Salaam-E-Ishq star - Steel city girl crooning chartbusters. The Telegraph
  5. ↑ Vijan, Bhawna Gera. (20 July 2009). 'There's work for everyone in the industry'. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  6. ↑ (16 March 2015). The Singing Sensation: Shilpa Rao. Stardust
  7. ↑ 65th Filmfare Awards 2020 to be held in Guwahati. Pune Mirror. The Times Group
  8. ↑ Star Screen Awards 2009. Awards And Shows

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিল্পা ৰাও” প্ৰবন্ধৰ সংশোধন ৫২১১৩৩ (২৭ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।