অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মোহিত চৌহান

মোহিত চৌহান (Mohit Chauhan) ৰোমাণ্টিক মালিতাসমূহৰ বাবে বিশেষভাৱে জনাজাত এক ভাৰতীয় নেপথ্য কণ্ঠশিল্পী৷ তেওঁ অন্যান্য পুৰস্কাৰসমূহৰ লগতে দুবাৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।

হালনাগাদ: ২৫ এপ্ৰিল ২০২৬ ৭৮৪ শব্দ · ৪ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

মোহিত চৌহান (Mohit Chauhan) ৰোমাণ্টিক মালিতাসমূহৰ বাবে বিশেষভাৱে জনাজাত এক ভাৰতীয় নেপথ্য কণ্ঠশিল্পী৷ তেওঁ অন্যান্য পুৰস্কাৰসমূহৰ লগতে দুবাৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।

প্ৰাৰম্ভিক জীৱন

হিমাচল প্ৰদেশৰ ছিৰম’ৰ জিলাৰ নাহান চহৰত চৌহানৰ জন্ম হয়। তেওঁৰ মাতা-পিতা আছিল কৃষ্ণা ৰাণা আৰু বি.কে ৰাণা৷১ তেওঁ হিন্দী আৰু পাহাৰী দুয়োটা ভাষা স্পষ্টকৈ ক’ব পাৰে। তেওঁ প্ৰথমতে দিল্লীৰ ছেইণ্ট জেভিয়াৰ্ছ স্কুলত শিক্ষা গ্ৰহণ কৰে যদিও শিক্ষা সমাপ্ত কৰিবলৈ পুনৰ হিমাচল প্ৰদেশলৈ যায়। তেওঁ হিমাচলৰ ধৰমশালা মহাবিদ্যালয়ৰ পৰা ভূতত্ত্ববিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

সংগীতৰ কোনো আনুস্থানিক শিক্ষা গ্ৰহণ নকৰা চৌহানে গীত গাবলৈ আৰু গীটাৰ, হাৰমনিকা আৰু বাঁহী বজাবলৈ শিকে। হিমাচলত শিক্ষা সমাপ্ত কৰি তেওঁ মুম্বাইলৈ আহে আৰু সহপাঠী কেম ত্ৰিৱেদীৰ সৈতে ১৯৯৬ চনত "ছিল্ক ৰুট" নামৰ বেণ্ড এটা গঠন কৰে। ভাৰতীয় পপ শৈলীত তেওঁ অৰ্পিত গুপ্তাৰ সৈতে ছিল্ক ৰুট বেণ্ডৰ হৈ গান গাবলৈ আৰম্ভ কৰে আৰু বুণ্ডে (১৯৯৮) আৰু পেহচান নামৰ দুটা এলবাম মুকলি কৰে। ইয়াৰে “ডুবা ডুবা” গীতটি জনপ্ৰিয় হয়। কিন্তু এই বেণ্ডটি ভাঙি যায়। কিছুদিন তেওঁ সংগীত জগতৰ পৰা আঁতৰি থাকি ২০০৫ চনত “ম্যে, মেৰী পত্নী অ’ৰ ৱহ” ছবিৰ “গুনছা” গীতটিৰে পুনৰ উভতি আহে। তেওঁৰ গায়নশৈলীৰ দ্বাৰা আকৃষ্ট হৈ এ.আৰ. ৰহমানে তেওঁক “ৰং দে বসন্তী” ছবিত গাবলৈ সুযোগ দিয়ে। ২০০৭ চনত সংগীত পৰিচালক প্ৰীতমে তেওঁক “জব ৱী মেট” ছবিৰ “তুম চে হি” গীতটি গোৱাৰ সুযোগ দিয়ে আৰু ইয়াৰ পিছৰ পৰা চৌহানৰ সফলতাৰ যাত্ৰা আৰম্ভ হয়।

বিবাহ

২০১২ চনৰ ২৯ জুনত হিমাচল প্ৰদেশৰ চোলানত চৌহান দিল্লীৰ সাংবাদিক প্ৰাৰ্থনা গেহলোটৰ লগত বিবাহপাশত আৱদ্ধ হয়৷২ উত্তৰাখণ্ডৰ দেৰাডুনত জন্ম লাভ কৰা চৌহানৰ পত্নীয়ে এখন ইংৰাজী আলোচনীত কাম কৰে।

পেচাদাৰী জীৱন

“ছিল্ক ৰুট”ৰ এলবাম “বুন্দে”ৰ “ডুবা ডুবা” গীতটিৰে মোহিত চৌহানে প্ৰথম সফলতাৰ মুখ দেখে। এলবামৰ তালিকাত ই প্ৰথম স্থান দখল কৰে। বুন্দেত হিন্দী ভাষা, ইংৰাজী ভাষা আৰু পাহাৰী ভাষাৰ গীত আছিল। এই বেণ্ডটোৱে ১৯৯৮ চনৰ “চেনেল ভি এৱাৰ্ডছ”ত বহুকেইটা বঁটা লাভ কৰে৷৩ ২০০৫ চনৰ ছবি "ম্যে, মেৰী পত্নী... অৰ ৱহ!" ছবিৰ “গুনছা কোই” গীতটিৰে বলীউদত তেওঁৰ জীৱন আৰম্ভ হয়। এ. আৰ. ৰহমানৰ সংগীতেৰে "ৰং দে বসন্তী" আৰু “দিল্লী-৬”ৰ “মাচাকলি” আৰু "খুন চলা" তথা প্ৰীতমৰ সংগীতেৰে জব ৱী মেটৰ “তুম চে হি” আদি গীতৰ জৰিয়তে চৌহানে প্ৰচূৰ সফলতা লাভ কৰে। তেওঁৰ কণ্ঠৰ পৰৱৰ্তী জনপ্ৰিয় গীতবোৰ হ’ল নিউয়ৰ্ক ছবিৰ “তু নে জো না কহা”,লভ আজ কলৰ “য়ে দূৰীয়া” আৰু কমিনেৰ “পেহলী বাৰ মোহব্বত কি হে”। "মাচাকলি" গীতটিৰ বাবে তেওঁ ২০১০ চনত শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে৷৪ ইয়াৰ উপৰিও প্ৰীতমৰ সংগীত পৰিচালনাত তেওঁ “ৰাজনীতি” আৰু “ৱান্স আপন এ টাইম ইন মুম্বাই” ছবিৰ “ভীগি চি” আৰু “পী লু” শীৰ্ষক চুপাৰহিত গীত দুটিতো কণ্ঠদান কৰে। তেওঁ গোৱা “অনজানা অনজানী” আৰু “তনু ৱেদছ মনু” ছবিৰ “তুঝে ভুলা দিয়া” আৰু “য়ু হি” গীত দুটিও যথেষ্ট সফল হয়। “ৰকষ্টাৰ” ছবিত তেওঁ গোৱা গীতসমূহে আকাশলঙ্ঘী সফলতা লাভ কৰে। “সেদিন দেখা হয়েচিলো” আৰু “পগলু” ছবিত তেওঁ প্ৰথম আৰু দ্বিতীয় বঙালী গীতদুটি গায়। "থ্ৰী" (3) ছবিত তেওঁ “পো নী পো” শীৰ্ষক প্ৰথম তামিল গীতটিত কণ্ঠদান কৰে।

ছবিৰ বাহিৰেও তেওঁ বিভিন্ন বিজ্ঞাপন যেনে এলপেনলিবে, পেৰাচ্যুট, হ্বীল, নেছকেফে, হিপ্পো মান্সিছ, ভিক্স ভেপৰ ৰাব, এলকেমিষ্ট, মাৰুতি ছুজুকী অল্টো আদিত কণ্ঠদান কৰে। ২০১১ৰ ষ্টাৰ পৰিবাৰ এৱাৰ্ডৰ শীৰ্ষ সংগীততো তেওঁ কণ্ঠদান কৰে।

২০০৭ত তেওঁ নাইন এক্সৰ সংগীত ৰিয়েলিটি শ্বো “মিশ্যন উস্তাদ”ত অংশগ্ৰহণ কৰে। তদুপৰি ষ্টাৰ প্লাছৰ ‘’’মিউজিক কা মহা মুকাবলাতো’’’ তেওঁ ভাগ লয়। তেওঁ বিভিন্ন কলেজসমূহত হোৱা উত্‍সৱ যেনে ২০১৩ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ বছৰেকীয়া সাংস্কৃতিক অনুষ্ঠান এলচেৰিংগাৰ ক্ৰেচেণ্ডো নাইট, ২০০১ চনত আই আই টী খড়গপুৰৰ সাংস্কৃতিক সন্ধিয়া আৰু ২০০৯ চনত আই আই টী বোম্বে আদিত তেওঁ সংগীত পৰিবেশন কৰে।

২০১১চনত তেওঁ “মায়া” গীতটিৰ বাবে “দ্য দিৱাৰিষ্ট”ৰ তৃতীয় খণ্ডত “ইণ্ডিয়ান অচেন” বেণ্ডৰ লগত লগ হয়। সেই বছৰতে তেওঁক এমটিভি আনপ্লাগ (ইণ্ডিয়া) তো দেখা যায়।

কৰ্মৰাজি

এলবাম

  • বুন্দে;– ছিল্ক ৰুট বেণ্ড প্ৰযোজক এছ এছ জচৱাল (১৯৯৮)
  • পেহচান;– ছিল্ক ৰুট বেণ্ড (২০০০)
  • কালাম;– ড° এ পি জে আব্দুল কালামৰ কবিতা (২০০৮)
  • চৰ উথা কে জিয়ো;–এইচডিএফছি লাইফৰ বাবে নিৰ্মিত (২০০৮)
  • ''ফিতুৰ’';– প্ৰথম একক এলবাম (২০০৯);–
  • ''আও চাই” (২০১১) (ভজন এলবাম) (তেওঁ এটা গীত গায়)
  • ''মায়া মায়া ৰে” (ইণ্ডিয়ান অ’চেন আৰু মোহিত চোহান)
  • ''দৰ্মিয়া”

চলচ্চিত্ৰপঞ্জী

  • ৰোড (২০০২)
  • ম্যে,মাধুৰী দীক্ষিত বননা চাহতী হু (২০০৩)
  • অধৰ্ম (২০০৩)
  • লেট্ছ এনজয় (২০০৪)
  • ম্যে, মেৰী পত্নী অ’ৰ ৱহ (২০০৫)
  • ৰং দে বসন্তী (২০০৬)
  • জব ৱী মেট' (২০০৭)
  • কিস্মত কানেকশ্যন (২০০৮)
  • আগলী অ’ৰ পাগলী (২০০৮)
  • ৱেলকাম টু সজ্জন্পুৰ (২০০৮)
  • ফেশ্বন (২০০৮)
  • ইএমআই (২০০)
  • বিৰুগালি (২০০৯) (কানাৰা)
  • দিল্লী-6' (২০০৯)
  • 8 x 10 তসৱীৰ (২০০৯)
  • লেট্ছ ডান্স' (২০০৯)
  • নিউ য়ৰ্ক (২০০৯)
  • ছিকন্দৰ (২০০৯)
  • লভ আজ কল (২০০৯)
  • কমিনে (২০০৯)
  • তুম মিলে (২০০৯)
  • ক্ৰুক (২০১০)
  • ৱেল ডান আব্বা (২০১০)
  • বদমাশ কোম্পানী (২০১০)
  • ৰাজনীতি (২০১০)
  • ৱান্স আপন এ টাইম ইন মুম্বাই (২০১০)
  • লফংগে পৰিন্দে (২০১০)
  • আশায়ে (২০১০)
  • অনজানা অনজানী (২০১০)
  • ডম মাৰো ডম (২০১১)
  • দিল তো বচ্চা হে জী (২০১১)
  • ৰকষ্টাৰ (২০১১)
  • পাচ নাৰ এক বেজাৰ(২০১১)
  • প্লেয়াৰ্ছ' (২০১১)
  • জিন্দেগী না মিলেগী দোবাৰা (২০১১)
  • "থ্ৰী" (3) (২০১২)
  • অজব গজব লভ (২০১২)
  • গলি গলি চোৰ হে' (২০১২)
  • তেৰে নাল লভ হো গয়া (২০১২)
  • জন্নত 2 (২০১২)
  • তেজ(২০১২)
  • বোল বচ্চন(২০১২)
  • য়ে জো মোহব্বত হে(২০১২)
  • এক থা টাইগাৰ(২০১২)
  • শ্বিৰি ফাৰহাদ কি তো নিকল পৰি (২০১২)
  • বৰ্ফি! (২০১২ চলচ্চিত্ৰ) (২০১২)
  • আধি ভগৱান (২০১২)
  • জব তক হে জান (২০১২)
  • এথিৰ নীচল (২০১২)
  • পগলু
  • লে হাৱা লে
  • মত্ৰু কি বিজলী কা মন্দোলা (২০১৩)
  • এবিছিদি(২০১৩)
  • জিলা গাজিয়াবাদ'(২০১৩)
  • চুলতান (২০১৬)

বঁটা

বৰ্ষশ্ৰেণীগীতফলাফল
ফিল্মফেয়াৰ বঁটা
২০১০শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীদিল্লী-৬ ছবিৰ মাছাকলি
২০১১শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৱান্স আপন এ টাইম ইন মুম্বাইৰ পী লু
২০১২শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৰকষ্টাৰ ছবিৰ চাদ্দা হক
২০১২শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটাৰকষ্টাৰ ছবিৰ জো ভি মে৫
জী চিনে এৱাৰ্ড
২০১১শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৱান্স আপন এ টাইম ইন মুম্বাইৰ পী লু
২০১২শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৰকষ্টাৰ ছবিৰ জো ভি মে
ষ্টাৰ স্ক্ৰীণ এৱাৰ্ড
২০১১শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৱান্স আপন এ টাইম ইন মুম্বাইৰ পী লু
২০১১শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৰকষ্টাৰ ছবিৰ ফিৰ চে উৰ চলা
অপ্সৰা ফিল্ম এণ্ড টেলিভিছন প্ৰডিউচাৰছ গীল্ড এৱাৰ্ডছ
২০১০শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীলভ আজ কল ৰ য়ে দূৰীয়া
মিৰ্চি মিউজিক এৱাৰ্ডছ
২০১০শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীদিল্লী-৬ৰ মাচাকলি
গ্লোবেল ইণ্ডিয়ান ফিল্মছ এণ্ড টেলিভিছন এৱাৰ্ডছ
২০১১শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৱান্স আপন এ টাইম ইন এ মুম্বাইৰ পী লু
আইফা এৱাৰ্ডছ
২০১১শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৱান্স আপন এ টাইম ইন এ মুম্বাইৰ পী লু
২০১২শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৰকষ্টাৰৰ নাদান পৰিন্দে
গিমা এৱাৰ্ডছ
২০১১শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৱান্স আপন এ টাইম ইন এ মুম্বাইৰ পী লু
কালাৰ্ছ স্ক্ৰীণ এৱাৰ্ডছ
২০১১শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৰকষ্টাৰ ছবিৰ চাদ্দা হক
বিগ ষ্টাৰ এণ্টাৰটেইনমেন্ট এৱাৰ্ডছ
২০১১শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৰকষ্টাৰ ছবিৰ চাদ্দা হক
২০১২শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৰকষ্টাৰৰ জো ভি মে
জী চিনে এৱাৰ্ডছ
২০১১শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৱান্স আপন এ টাইম ইন এ মুম্বাইৰ পী লু
২০১২শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৰকষ্টাৰ ছবিৰ চাদ্দা হক
অপ্সৰা এৱাৰ্ডছ
২০১০শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীলভ আজ কলৰ য়ে দূৰীয়া
২০১১শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীপী লু
২০১২শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৰকষ্টাৰৰ জো ভি মে

অন্যান্য পুৰস্কাৰ আৰু সন্মান

  • ২০১১: আৰএমআইএম পুৰস্কাৰ;— বছৰটোৰ পুৰুষ কণ্ঠশিল্পী৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (March 2, 2010). Mohit Chauhan dedicates Film fare award to Himachal. nvonews
  2. ↑ Mohit Chauhan
  3. ↑ Silk Route website. Albums. Silk Route.net
  4. ↑ Indo Asian News Service. (28 February 2010). Amitabh Bachchan, Vidya Balan claim top honours at 55th Filmfare Awards. Hindustan Times
  5. ↑ (31 January 2012). Filmfare Awards 2011 Winners. Times of India
  6. ↑ RMIM Purskaar 2011

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পীফিল্মফেয়াৰ বঁটা বিজয়ীহিন্দী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীভাৰতীয় নেপথ্য কণ্ঠশিল্পীজী চিনে বঁটা বিজয়ীআন্তঃৰাষ্ট্ৰীয় ভাৰতীয় চলচ্চিত্ৰ একাডেমী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মোহিত চৌহান” প্ৰবন্ধৰ সংশোধন ৬০২৬৪৫ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।