ঊষা মংগেশকাৰ (Usha Mangeshkar; ১৫ ডিচেম্বৰ, ১৯৩৫) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। তেওঁ হিন্দু, বঙালী, মাৰাঠী, কান্নড়, নেপালী, ভোজপুৰী, গুজৰাটী আৰু অসমীয়া ভাষাত বহুতো গীত বাণীৱদ্ধ কৰিছে।
ব্যক্তিগত জীৱন
১৯৩৫ চনৰ ১৫ ডিচেম্বৰ তাৰিখে মধ্য প্ৰদেশত লতা মংগেশকাৰৰ ভনীয়েক ঊষা মংগেশকাৰৰ জন্ম হৈছিল।১ তেওঁ পণ্ডিত দীননাথ মংগেশকাৰ আৰু শ্বেৱন্তী (শুদ্ধমতী) -ৰ দ্বিতীয় কনিষ্ঠ সন্তান। ঊষাৰ ছয় বছৰ বয়সতে পিতৃ দীননাথ মংগেশকাৰৰ দেহাৱসান হোৱাত ঊষাৰ ভাই-ভনীসকলে বহুতো সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়৷১ তেওঁ লতা মংগেশকাৰ, আশা ভোছলে আৰু মীনা খাদিকাৰৰ ভিতৰত আটাইতকৈ কনিষ্ঠ ভগ্নী। সংগীত-পৰিচালক হৃদয়নাথ মংগেশকাৰ তেওঁৰ সৰু ভায়েক। তেওঁ ১৯৭৫ চনৰ কম বাজেটৰ চলচ্চিত্ৰ “জয় সন্তোষী মা”-ৰ কেইটামান ভক্তিমূলক গীতত কণ্ঠদান কৰিছিল। যাৰ পিছত তেওঁ নেপথ্য কণ্ঠশিল্পী হিচাপে চৰ্চালৈ আহে আৰু সেইখন সৰ্বকালৰ ব্লকবাষ্টাৰ চলচ্চিত্ৰ হৈ পৰে।২ সেই ছবিখনত তেওঁ কণ্ঠদান কৰা “মে তো আৰতি উতাৰু ৰে” গীতটিৰ বাবে তেওঁ ফিল্মফেয়াৰ শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী বঁটা (Filmfare Best Female Playback Singer award) -লৈ মনোনীত হৈছিল। ২০০৬ চনত সেই চলচ্চিত্ৰখন পুনৰ্নিমাণ (ৰিমেক) কৰাত তেওঁ সেই একেটি গীতত পুনৰ কণ্ঠ নিগৰাইছে। চিত্ৰাংকনৰ প্ৰতি তেওঁৰ খুব ৰাপ আছে।
কৰ্মজীৱন
ভি. শান্তাৰামে পৰিচালনা কৰা ১৯৫৪ চনত মুক্তিপ্ৰাপ্ত ৰোমাণ্টিক-ড্ৰামা ফিল্ম “সুবহ কা তাৰা”ৰ “ভাভী আয়ী বড়ী ধূম ধাম সে মেৰী ভাভী আয়ী” গীতটিৰ জৰিয়তে ঊষা মংগেশকাৰে সংগীতৰ জগতত আত্মপ্ৰকাশ কৰিছিল।৩ তেওঁ কণ্ঠদান কৰা গীতবোৰৰ ভিতৰত 'ইনকাৰ' চলচ্চিত্ৰৰ 'মুংড়া' গীতটি খুব জনপ্ৰিয়৩৪৫ লগতে ১৯৭২ চনত মুক্তিপ্ৰাপ্ত ভি. শান্তাৰামৰ দ্বাৰা পৰিচালিত মাৰাঠী চলচ্চিত্ৰ পিঞ্জৰাৰ গীতসমূহৰ বাবে তেওঁ জনাজাত।
দূৰদৰ্শনে সম্প্ৰচাৰ কৰা ১৯৯২ চনৰ ভাৰতীয় সংগীত নাট ধাৰাবাহিক ফুলৱন্তীৰ তেওঁ প্ৰযোজক আছিল। যিটোৰ কাহিনী বাবাচাহেব পুৰন্দৰেৰ ওপৰত আধাৰিত আছিল৷১
বঁটা আৰু মনোনয়ন
১৯৭৫ চনত তেওঁ “জয় সন্তোষী মা” (১৯৭৫) -ৰ বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ বেঙ্গল ফিল্ম জাৰ্ণেলিষ্টছ্ এছোছিয়েশ্যন (চমুকৈ বি.এফ.জে.এ) বঁটা লাভ কৰে৬ আৰু সেইখন চলচ্চিত্ৰৰে “মে তো আৰতি” শীৰ্ষক গীতটিৰ বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটালৈ মনোনীত হয়৷ তেওঁ ইনকাৰ (১৯৭৭) চলচ্চিত্ৰৰ “মংগতা হে তো আজা” গীতটিৰ বাবে৭ আৰু ইকৰাৰ (১৯৮০) চলচ্চিত্ৰৰ “হমসে নাজাৰ তু মিলাও” গীতটিৰ বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটালৈ মনোনীত হয়৷ তেওঁ লাইফটাইম এচিভমেণ্ট এৱাৰ্ডৰ মিৰ্চি বঁটা ২০২০ বিজয়ী৷
তথ্যসূত্ৰ
- ↑ (2020-12-15). Usha Mangeshkar Birthday: 6 साल की उम्र में छोड़ गए थे पिता, ऐसे स्ट्रगल कर बनाया सिंगिंग कॅरियर. Patrika.com
- ↑ rediff.com: Movies: Will Kavi Pradeep get his due?
- ↑ (2020-08-20). Usha Mangeshkar gets Lata Mangeshkar award on sister's birthday. Deccanherald.com
- ↑ (2020-05-19). क्या उषा मंगेशकर लता मंगेशकर से बेहतर हैं ?
- ↑ (2020-12-15). Usha Mangeshkar's birthday. Republicworld.com
- ↑ 69th & 70th Annual Hero Honda BFJA Awards 2007
- ↑ 1st Filmfare Awards 1953
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঊষা মংগেশকাৰ” প্ৰবন্ধৰ সংশোধন ৪২০০৪৫ (৩০ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।