অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্ৰেয়া ঘোষাল

শ্ৰেয়া ঘোষাল (জন্ম ১২ মাৰ্চ, ১৯৮৪) এগৰাকী ভাৰতীয় নেপথ্য গায়িকা। তেখেতে এতিয়ালৈকে চাৰিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, পাঁচটা ফিল্মফেয়াৰ বঁটা (শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ চাৰিটা), সাতটা আইফা বঁটা, ছটা স্ক্ৰীন বঁটা আৰু আঠটা দাক্ষিণাত্যৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ২৭৪ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

শ্ৰেয়া ঘোষাল (জন্ম ১২ মাৰ্চ, ১৯৮৪) এগৰাকী ভাৰতীয় নেপথ্য গায়িকা। তেখেতে এতিয়ালৈকে চাৰিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, পাঁচটা ফিল্মফেয়াৰ বঁটা (শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ চাৰিটা), সাতটা আইফা বঁটা, ছটা স্ক্ৰীন বঁটা আৰু আঠটা দাক্ষিণাত্যৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। তেখেতে বিভিন্ন ভাৰতীয় ভাষাৰ বোলছবিৰ বাবে গীত বাণীবদ্ধ কৰি আগশাৰীৰ নেপথ্য গায়িকা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে।

সৰুকালৰে পৰা ঘোষালৰ গায়িকা হোৱাৰ মন আছিল। ২০০০ চনত দূৰদৰ্শনৰ গানৰ ৰিয়েলিটী শ্ব' চা ৰে গা মা পাৰ খিতাপ জয় কৰোঁতে ঘোষাল বোলছবি নিৰ্দেশক সঞ্জয় লীলা ভণশালীৰ চকুত পৰে। তাৰ পাছত তেখেতে ভাঞ্চালীৰ বোলছবি দেৱদাস (২০০২)ৰ যোগেদি নেপথ্য গায়িকা জীৱনৰ পাতনি মেলে। ইয়াৰ বাবে তেখেতে এটাকৈ শ্ৰেষ্ঠ গায়িকাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ফিল্মফেয়াৰ বঁটা লাভ কৰে।

নেপথ্য গায়কীৰ বাহিৰে ঘোষালে দূৰদৰ্শনৰ কেইবাটাও ৰিয়েলিটী শ্ব'ত বিচাৰক ৰূপে কাম কৰিছে। ২০১০ চনত তেখেতৰ সন্মানাৰ্থে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অ'হায়' ৰাজ্যৰ গৱৰ্ণৰ টেড ষ্ট্ৰিকলেণ্ডে ২৬ জুনক "শ্ৰেয়া ঘোষাল দিৱস" ঘোষণা কৰিছিল।১ ফ'ৰ্বছৰ ১০০ গৰাকী ভাৰতীয় চেলিব্ৰিটীৰ তালিকাত তেখেতৰ নাম তিনিবাৰ অন্তৰ্ভুক্ত হৈছিল।

প্ৰাৰম্ভিক জীৱন

পশ্চিমবংগৰ মুৰ্ছিদাবাদ জিলাৰ বৰহমপুৰত ১৯৮৪ চনৰ ১২ মাৰ্চ তাৰিখে এটা বেংগলী হিন্দু পৰিয়ালত শ্ৰেয়া ঘোষালৰ জন্ম হয়।২৩ ৰাজস্থানৰ কোটাৰ ওচৰৰ ৰাৱাতভাতা নামৰ ঠাইত তেখেত ডাঙৰ-দীঘল হয়।৪ তেখেতৰ দেউতাক বিশ্বজিৎ ঘোষ নিউক্লিয়েৰ পাৱাৰ ক'ৰ্পৰেছন অৱ ইণ্ডিয়াত কৰ্মৰত এজন বৈদ্যুতিক অভিযন্তা আৰু মাতৃ শৰ্মিষ্ঠা ঘোষাল এগৰাকী সাহিত্যৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী।৫ তেখেতৰ সৌম্যদীপ নামৰ এজন ভাতৃও আছে।৬৭

ঘোষালে ৰাৱাতভাতাৰ এটমিক এনাৰ্জী চেণ্ট্ৰেল স্কুলত অষ্টম শ্ৰেণীলৈকে পঢ়ে।৪ ১৯৯৭ চনত তেখেতৰ দেউতাক ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰলৈ বদলি হওঁতে তেখেত পৰিয়ালৰ লগত মুম্বাইলৈ আহি তাৰ এটমিক এনাৰ্জী চেণ্ট্ৰেল স্কুলত নাম লগায়।<৮}} এটমিক এনাৰ্জী জুনিয়'ৰ্কলেজৰ বিজ্ঞান শাখাত নাম লগাই অলপদিন পাছতে মুম্বাইৰ SIES কলেজ অৱ আৰ্ট্‌ছ, চায়েন্স এণ্ড কমাৰ্চত নামভৰ্তি কৰে। ৪৫৯

প্ৰথম অৱস্থাত ঘোষালে মাকৰ পৰাই সংগীতৰ শিক্ষা লাভ কৰিছিল। ছয় বছৰ বয়সত তেখেতে ভাৰতীয় ধ্ৰুপদী সংগীতৰ শিক্ষা আৰম্ভ কৰে।৪ ২০০০ চনত ১৬ বছৰ বয়সত তেখেতে টেলিভিজনৰ মিউজিক ৰিয়েলিটী শ্ব' চা ৰে গা মা (এতিয়াৰ চা ৰে গা মা পা)। জি টিভিত সম্প্ৰচাৰিত এই অনুষ্ঠানৰ আঁত ধৰিছিল চনু নিগমে।১০১১১২

ঘোষালে তেখেতৰ অনুপ্ৰেৰণা হিচাপে লতা মংগেশকাৰ, মহম্মদ ৰফি, আশা ভোছলে, মুকেশ, কে. এচ. চিত্ৰা, গীতা দত্ত, মদন মোহন আৰু আৰ ডি বৰ্মনৰ নাম উল্লেখ কৰিছে।১৩১৪

তথ্যসূত্ৰ

  1. ↑ (Jun 26, 2012). June 26 is Shreya Ghoshal Day!. The Times of India
  2. ↑ Shreya Ghoshal's Biography. Koimoi
  3. ↑ Shreya Ghoshal. iTunes
  4. ↑ Shreya Ghoshal Biography. Shreya Ghoshal Official Website
  5. ↑ Shreya Ghoshal Biography. Saavn
  6. ↑ (17 May 2012). Shreya Ghoshal May 17, 2012 status update. টুইটাৰ
  7. ↑ Nagarajan, Saraswathy. (7 April 2010). Queen of the charts. The Hindu
  8. ↑ Kulkarni, Ronjita. I simply closed my eyes and sang. Rediff.com
  9. ↑ Shreya Ghoshal: Lesser known facts. The Times of India
  10. ↑ (12 March 2015). Birthday Special: Shreya Ghoshal turns 31 today. Dainik Jagran
  11. ↑ (12 March 2015). Birthday special: आज है सरगम के पहले शब्द जैसी श्रेया घोषाल का जन्मदिन जाने कौन से हैं उनके टॉप टेन सांग. inext
  12. ↑ (12 March 2012). Happy Birthday Shreya Ghosal. The Indian Express
  13. ↑ Singh, Veenu. (24 August 2013). Personal Agenda: Shreya Ghoshal, Singer. Hindustan Times
  14. ↑ Kumar, S. Shiva. (14 August 2009). Melody meaning. The Hindu

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পীবঙালী কণ্ঠশিল্পীফিল্মফেয়াৰ বঁটা বিজয়ীবঙালী ব্যক্তিহিন্দী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীবঙালী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীমাৰাঠী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰেয়া ঘোষাল” প্ৰবন্ধৰ সংশোধন ৬৪০২৪৯ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।