অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কবিতা কৃষ্ণমূৰ্তি

সাৰদা (Kavita Krishnamurthy; জন্ম ২৫ জানুৱাৰী ১৯৫৮) এগৰাকী ভাৰতীয় নেপথ্য আৰু শাস্ত্ৰীয় কণ্ঠশিল্পী। তেওঁক কবিতা কৃষ্ণমূৰ্তি বা কবিতা সুব্ৰমনিয়াম নামেৰে জনা যায়।

হালনাগাদ: ১৮ আগষ্ট ২০২৬ ৩৯৪ শব্দ · ২ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

সাৰদা (Kavita Krishnamurthy; জন্ম ২৫ জানুৱাৰী ১৯৫৮) এগৰাকী ভাৰতীয় নেপথ্য আৰু শাস্ত্ৰীয় কণ্ঠশিল্পী। তেওঁক কবিতা কৃষ্ণমূৰ্তি বা কবিতা সুব্ৰমনিয়াম নামেৰে জনা যায়। তেওঁ বঙালী ভাষা, কন্নড় ভাষা, হিন্দী ভাষা, ভোজপুৰী ভাষা, তেলুগু ভাষা, উড়িয়া, মাৰাঠী ভাষা, ইংৰাজী ভাষা, উৰ্দু ভাষা, তামিল ভাষা, মালয়ালম ভাষা, গুজৰাটী ভাষা, নেপালী ভাষা, অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা), কোংকণী আৰু অন্যান্য ভাষাত ৫০,০০০ গীত গাইছে।১ তেওঁ চাৰিটা শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটা পোৱাৰ উপৰিও ২০০৫ চনত পদ্মশ্ৰীৰে তেওঁক সন্মানিত কৰা হৈছে। এল সুব্ৰমনিয়ামৰ সৈতে তেওঁ বিবাহ পাশত আবদ্ধ হৈছে আৰু বৰ্তমান বেংগালুৰুত বাস কৰে।২

প্ৰাৰম্ভিক জীৱন

তেওঁৰ জন্মৰ নাম আছিল সাৰদা।৩ এটা তামিল ভাষা আয়াৰ সম্প্ৰদায়ৰ পৰিয়ালত নতুন দিল্লীত জন্মগ্ৰহণ কৰা কবিতাৰ দেউতাক টি.এচ. কৃষ্ণমূৰ্তি শিক্ষা মন্ত্ৰালয়ৰ এজন চাকৰিয়াল আছিল। খুৰীয়েক প্ৰতিমা ভট্টাচাৰ্যই সুৰুমা বসুৰ তাত তেওঁৰ নাম লিখাই দিছিল, য’ত তেওঁ ৰবীন্দ্ৰ সংগীত শিকে। শাস্ত্ৰীয় সংগীতজ্ঞ বলৰাম পুৰীৰ তত্বাৱধানত তেওঁ হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ আনুষ্ঠানিক প্ৰশিক্ষণ আৰম্ভ কৰে। ৮ বছৰ বয়সত তেওঁ এখন সংগীত প্ৰতিযোগিতাত সোণৰ পদক পায়। ১৯৬০ দশকৰ মাজভাগত তেওঁ নতুন দিল্লীৰ মন্ত্ৰালয়সমূহৰ মাজত অনুষ্ঠিত হোৱা শাস্ত্ৰীয় সংগীতৰ প্ৰতিযোগিতাত বহু পদক লাভ কৰে।৪

কৰ্মজীৱন

১৪ বছৰ বয়সত তেওঁ মুম্বাইলৈ আহে। ইয়াতে চেইণ্ট জেভিয়াৰ্চ কলেজৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লয়। এটা অনুষ্ঠানত হেমন্ত কুমাৰ কন্যা ৰাণু মুখাৰ্জীৰ সৈতে সাক্ষাৎ হয়। ৰাণুৱে তেওঁক দেউতাকৰ ওচৰলৈ লৈ যায় আৰু হেমন্ত কুমাৰে তেওঁক বিভিন্ন অনুষ্ঠানত গীত গোৱাৰ সুযোগ দিয়ে।মুম্বাইৰ চেইণ্ট জেভিয়াৰ্ছ কলেজত পঢ়ি থকা দিনত ১৯৭১ চনত হেমন্ত কুমাৰৰ সংগীত পৰিচালনাত তেওঁ বঙালী ভাষা ছবি শ্ৰীমান পৃথ্বিৰাজত কিংবদন্তী কণ্ঠশিল্পী লতা মংগেশকাৰৰ সৈতে গীত এটা বাণীবদ্ধ কৰে। এটা মঞ্চ অনুষ্ঠানত গীত গাওঁতে মান্না দেই তেওঁক দেখা পায় আৰু বিজ্ঞাপন জিংগলত গীত গাবলৈ সুবিধা কৰি দিয়ে। হেমা মালিনীৰ মাক জয়া লক্ষ্মীৰ সৈতে কবিতা কৃষ্ণমূৰ্তিৰ খুৰীয়েকৰ ভাল যোগাযোগ থকা সূত্ৰে জয়া লক্ষ্মীয়ে সংগীত পৰিচালচ লক্ষ্মীকান্তৰ সৈতে চিনাকী কৰাই দিয়ে।৩৫

১৯৮০ চনত তেওঁ মাং ভৰো সাজনাৰ বাবে গীত গায়; কিন্তু দুৰ্ভাগ্যবশতঃ ছবিত গীতটো ৰখা নহ’ল। ১৯৮৫ চনত তেওঁ আৱিৰ্ভূত হয় প্ৰভূত জনপ্ৰিয়তা পোৱা মিথুন চক্ৰৱৰ্তী আৰু পদ্মিনী কোলহাপুৰীৰ প্যাৰ ঝুকতা নেহীৰ যোগেদি। ইয়াৰ পিছত এটাৰ পিছত এটা হিট গান উপহাৰ দি থাকে। যেনে মিঃ ইণ্ডিয়াৰ ‘হাৱা হাৱাই’ বা ‘কৰতে হ্যায় হম প্যাৰ মিষ্টাৰ ইণ্ডিয়া চে’। কিছুদিন পাছত তেওঁ জনপ্ৰিয় কণ্ঠশিল্পী কিশোৰ কুমাৰৰ সৈতে একেলগে কাম কৰাৰ সুযোগ পায়।৩

১৯৯০ৰ দশকটোতে তেওঁ এখনৰ পিছত এখন বিখ্যাত ছবিত, সকলো বিখ্যাত পৰিচালকৰ সৈতে কাম কৰি গৈছে। এ লাভ ষ্টোৰী, য়াৰানা, অগ্নিসাক্ষী, ভৈৰৱী, খামোচী আদি ছবি গীত গাই শীৰ্ষস্থানীয় কণ্ঠশিল্পীৰ স্থানলৈ উত্তৰণ হয়। কাম কৰে বাপ্পী লাহিড়ী, এ. আৰ. ৰহমান, ইচমাইল দৰবাৰ, নাদিম-শ্ৰাৱণ, যতীন ললিত, বিজু শাহ আৰু অনু মালিকৰ সৈতে।৫

ব্যক্তিগত জীৱন

১৯৯৯ চনৰ ১১ নবেম্বৰত কৰ্ণাটকৰ বাংগালুৰুৰ ডঃ এল. সুব্ৰমনিয়ামৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়। দম্পত্তিহালৰ কোনো সতি-সন্ততি নাই। সুব্ৰমনিয়ামৰ প্ৰথম পত্নীৰ ফালৰ চাৰিটা সন্তান আছে।৬৭ কবিতা আৰু তেওঁৰ স্বামীয়ে ২০০৭ চনত বেংগালুৰুতসুব্ৰমনিয়াম একাডেমী অফ পাৰফৰ্মিং আৰ্টচ্ নামেৰে এখন সংগীত প্ৰতিষ্ঠান স্থাপন কৰে। ২০১৩ৰ মাৰ্চত তেওঁ এপ ষ্টোৰ আৰু গুগল প্লে ষ্টোৰত গীত ডাউনলোড কৰিবলৈ এটা এপ মুকলি কৰে। ভাৰতীয় সংগীত জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে জৈন বিশ্ববিদ্যালয়ে ২০১৫ চনত তেওঁক ডক্টৰেট উপাধি (অনাৰেৰী) প্ৰদান কৰে।৮৯

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Priyanka Dasgupta. (19 December 2009). Kavita Krishnamurthy conquering global shores. Times of India
  2. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
  3. ↑ Amit Puri. (23 August 2003). ..Kehte hain mujhko Hawa Hawaii. The Tribune
  4. ↑ Rupa Damodaran. (8 May 2004). Bollywood Kavita trills for good lyrics. News Straits Times
  5. ↑ আৰ্কাইভ কপি
  6. ↑ (12 May 2011). 'Being L Subramaniam's daughter didn't help'. Rediff
  7. ↑ Violinist Dr. L. Subramaniam - Ambi Subramaniam - Kavita Krishnamurthy - Bangalore. mybangalore.com
  8. ↑ 5th Annual Convocation. Jain University
  9. ↑ Kavita Krishnamurti Subramaniam got Doctorate. Pressnote

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পীফিল্মফেয়াৰ বঁটা বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ীহিন্দী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীমাৰাঠী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীঅসমীয়া চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কবিতা কৃষ্ণমূৰ্তি” প্ৰবন্ধৰ সংশোধন ৬২৮৬৮৩ (১৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।