সুৰেশ ঈশ্বৰ ৱাডকৰ (Suresh Ishwar Wadkar; सुरेश वाडकर; জন্ম ৭ আগষ্ট ১৯৫৫) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। ১৯৫৫ চনৰ ৭ আগষ্ট তাৰিখে কোলাহপুৰত তেওঁ জন্মগ্ৰহণ কৰে৷১ তেওঁ মূলতঃ হিন্দী আৰু মাৰাঠী ভাষাৰ চলচ্চিত্ৰত গীত গায়। তেওঁ ভোজপুৰী চলচ্চিত্ৰ, উড়িয়া এলবাম আৰু ভজন২৩ আৰু কোংকণী ভাষাৰ চলচ্চিত্ৰতো গীত গাইছে। ভাৰত চৰকাৰে তেওঁক ২০২০ চনত, চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।
সংগীত শিক্ষা
১৯৬৮ চনত “প্ৰয়োগ সঙ্গীত সমিতি”য়ে আগবঢ়োৱা "প্ৰভাকৰ" প্ৰমাণপত্ৰৰ দিশত কাম কৰিবলৈ জিয়ালাল বসন্তে ১৩ বছৰ বয়সতে সুৰেশ ৱাডকৰক উৎসাহিত কৰিছিল, যিটো বিএডৰ সমতুল্য আছিল লগতে পুৰস্কাৰ প্ৰাপ্ত ব্যক্তিজনক পেছাদাৰীভাৱে শিকোৱাৰ যোগ্যতা প্ৰদান কৰিছিল। ৱাডকৰে সফলতাৰে তেওঁৰ “প্ৰভাকৰ” সম্পূৰ্ণ কৰি মুম্বাইৰ আৰ্য বিদ্যা মন্দিৰত সংগীত শিক্ষক হিচাপে যোগদান কৰিছিল।
সংগীত কৰ্মজীৱন
ৱাডকৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বাবে সজ্জিত হ’লেও ১৯৭৬ চনত তেওঁ সুৰ-শিংগাৰ প্ৰতিযোগিতাত প্ৰৱেশ কৰিছিল। ৱাডকৰ প্ৰতিযোগিতাত জয়ী হৈছিল; য’ত বিচাৰকৰ দ্বায়িত্বত আছিল জয়দেৱকে আদি কৰি ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ সুৰকাৰসকল। জয়দেৱে পিছত তেওঁক গমন (১৯৭৮) চলচ্চিত্ৰৰ "চিনে মে জলন" শীৰ্ষক গীতটোৰ বাবে অফাৰ কৰিছিল। তেওঁ ১৯৭৭ চনত মুক্তিপ্ৰাপ্ত চলচ্চিত্ৰ, প্ৰশান্ত নন্দৰ দ্বাৰা পৰিচালিত “পহেলী” চলচ্চিত্ৰতো গীত গাইছে।
সেই সময়ত, লতা মংগেশকাৰে তেওঁৰ কণ্ঠত মুগ্ধ হৈ লক্ষ্মীকান্ত-প্যাৰেলাল, খৈয়াম আৰু কল্যাণজী-আনন্দজীকে আদি কৰি চলচ্চিত্ৰ ব্যক্তিত্বসকলৰ আগত তেওঁ দৃঢ়ভাৱে ৱাডকৰৰ তোষামোদ কৰিছিল।৪ লক্ষ্মীকান্ত-প্যাৰেলালে তেওঁৰ কণ্ঠত মুগ্ধ হৈ লক্ষ্মীকান্ত-পিয়াৰেলালে সোনকালে ক্ৰোধি (১৯৮১) চলচ্চিত্ৰৰ বাবে লতাৰ সৈতে দ্বৈত কণ্ঠত “চল চামেলী বাগ মে” গীতটো বাণীবদ্ধ কৰে। ইয়াৰ ঠিক পিছতে, তেওঁক “হাম পাঞ্চ”, “প্যাসা চাৱান” ("মেঘা ৰে মেঘা ৰে") আৰু সৰ্বোপৰি তেওঁৰ টাৰ্ণিং পইণ্ট– ৰাজ কাপুৰ পৰিচালিত “প্ৰেম ৰোগ” (১৯৮২) চলচ্চিত্ৰত গীত গাবলৈ সুযোগ দিয়া হৈছিল। তাৰ পিছত, ৱাডকৰে আৰ. কে. বেনাৰৰ অধীনত বহুতো গান গাইছিল লগতে তেওঁ ঋষি কাপুৰ অভিনিত চলচ্চিত্ৰ “হেনা”, “প্ৰেম গ্ৰন্থ”, “বোল ৰাধা বোল”, “বিজয়” আৰু বহুতো চলচ্চিত্ৰত কণ্ঠদান কৰিছিল। তেওঁ ৰাজীৱ কাপুৰৰ বাবে “ৰাম তেৰি গংগা মইলী”তো কণ্ঠদান কৰিছিল। তেওঁৰ অন্যতম বিখ্যাত গীতটো হৈছে পৰিন্দা (১৯৮৯) চলচ্চিত্ৰৰ "তুম চে মিলকে" শীৰ্ষক গীতটো।
ৱাডকৰে “Tanman.com” চলচ্চিত্ৰখন প্ৰযোজনা কৰিছিল।৫ তেওঁ ভাৰতীয় টেলিভিশনৰ সংগীত অনুষ্ঠান Sa Re Ga Ma Pa L'il Champs আৰু ২০০৫ চনৰ সঞ্জিত বঁটাৰ বিচাৰক আছিল।৬
ৱাডকৰে ২০০৯ চনত কান্দেন কাধালাই চলচ্চিত্ৰৰ বাবে প্ৰথম তামিল ভাষাত গান গাইছিল, যি হিন্দী ব্লকবাষ্টাৰ চলচ্চিত্ৰ “জব উই মীট”ৰ অভিযোজন আছিল। গীতটো গজলৰ দৰে আছিল “নান মোঝি অৰিন্ধায়েন”৷
তেওঁ বিভিন্ন ভাৰতীয় ভাষাত অসংখ্য ভক্তিমূলক গীত গাইছে।
১৯৯৬ চনত ৱাডকৰে ৰাজেন্দ্ৰ তালাকৰ কোংকণী এলবাম “দৰিয়াচ্যা ডেগেৰ”ত আশা ভোঁসলেৰ সৈতে আন কেইবাটাও গীত গায়; তাৰ ভিতৰত এটা হ’ল- চানেচে ৰাতি৷
ব্যক্তিগত জীৱন
ৱাডকৰ ভাৰতীয় শাস্ত্ৰীয় সংগীত গায়িকা পদ্মাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।৭ তেওঁৰ দুগৰাকী কন্যা- অনন্যা আৰু জিয়া।
মাৰাঠী সংগীতত কৰ্মজীৱন
সুৰেশ ৱাডকৰে শীৰ্ষ শ্ৰেণীৰ মাৰাঠী সংগীত পৰিচালক হৃদয়নাথ মংগেশকাৰ, সুধীৰ ফাডকে, শ্ৰীনিবাস খালে, শ্ৰীধৰ ফাডকে, বসন্ত দেশাই, অশোক পাটকী, অনিল-অৰুণ (Anil-Arun) আদিৰ সৈতে কাম কৰিছে।
সংগীত বিদ্যালয়
ভাৰতৰ মুম্বাইত (www.ajivasan.com) আৰু নিউ জাৰ্চি/নিউয়ৰ্ক চহৰত (www.sureshwadkarmusic.com) তেওঁৰ সংগীত বিদ্যালয় আছে য’ত শিক্ষাৰ্থীসকলক পদ্ধতিগত প্ৰশিক্ষণ দিয়া হয়। তেওঁ এচ অপেন বিশ্ববিদ্যালয়ৰ অধীনত SWAMA (Suresh Wadkar Ajivasan Music Academy) নামেৰে এখন অনলাইন সংগীত বিদ্যালয়ো আৰম্ভ কৰিছে।
বঁটা আৰু সন্মান
১৯৭৬ চনত ৱাডকৰে সুৰ-শিংগাৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ পুৰুষ গায়কৰ মদন মোহন বঁটা লাভ কৰে।৮ ২০০৪ চনত তেওঁক মধ্য প্ৰদেশ চৰকাৰৰ দ্বাৰা স্থাপিত লতা মংগেশকাৰ পুৰস্কাৰৰে সন্মানিত কৰে।৯ ২০০৭ চনত তেওঁ মহাৰাষ্ট্ৰ প্ৰাইড বঁটাও লাভ কৰিছিল, যিটো মহাৰাষ্ট্ৰ চৰকাৰে নোটৰ নাগৰিকসকলক প্ৰদান কৰে।১০ ২০১১ চনত তেওঁ মে সিন্ধুটাই চাপকাল শিৰোনামৰ মাৰাঠী চলচ্চিত্ৰৰ "হে ভাস্কৰ ক্ষিতিজাভাৰী য়া" গীতটোৰ বাবে শ্ৰেষ্ঠ পুৰুষ নেপথ্য কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।১১ ২০১৭ চনত আহমেদনগৰৰ থিংক গ্ল’বেল ফাউণ্ডেশ্যনে তেওঁক স্বৰ্গীয় সদাশিৱ অমৰাপুৰকাৰ বঁটাৰে পুৰস্কৃত কৰে। কেকেৰ দৰে তেওঁৰ এটাও ফিল্মফেয়াৰ বঁটা বিজয়ী নোহোৱাকৈ, শ্ৰেষ্ঠ গায়কৰ বাবে সৰ্বাধিক সংখ্যক ফিল্মফেয়াৰলৈ মনোনয়ন লাভ কৰাৰ অভিলেখ আছে।
কলা ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱাৰ বাবে ২০২০ চনৰ ২৫ জানুৱাৰী তাৰিখে ভাৰত চৰকাৰে চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰীৰ বাবে তেওঁৰ নাম ঘোষণা কৰে।১২
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Suresh Wadkar. Gloriousindia
- ↑ আৰ্কাইভ কপি
- ↑ আৰ্কাইভ কপি
- ↑ Rediff: I am fortunate I lived in her time
- ↑ (8 June 2003). The colour of divine sound. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (30 August 2005). Mixing it all up. The Telegraph
- ↑ (5 May 2005). Sony's Santiniketan. The Telegraph
- ↑ Shahane, Devayani. (24 June 2002). Voicing his soul. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (16 February 2004). पार्श्व गायक सुरेश वाडकर लता अंलकरण से सम्मानित. Navbharat Times
- ↑ (2 December 2007). And the award goes to... দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ 58th National Film Awards. Directorate of Film Festivals
- ↑ Padma Awards 2020
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুৰেশ ৱাডকৰ” প্ৰবন্ধৰ সংশোধন ৪৭২৬৬৮ (৭ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।