অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এছ. পি. বালসুব্ৰমনিয়ম

শ্ৰীপতি পণ্ডিতাৰাধ্যুলা বালসুব্ৰমনিয়ম (ఎస్. పి. బాలసుబ్రహ్మణ్యం; ৪ জুন ১৯৪৬ - ২৫ ছেপ্টেম্বৰ ২০২০) জনপ্ৰিয়ভাৱে এছ. পি. বালসুব্ৰমনিয়ম, এছ. পি. বালু, এছ.পি.বি. বা বালু এগৰাকী ভাৰতীয় সংগীতজ্ঞ, নেপথ্য কণ্ঠশিল্পী, সংগীত পৰিচালক, অভিনেতা, ডাবিং শিল্পী আৰু চলচ্চিত্ৰ প্ৰযোজক।

হালনাগাদ: ৫ ছেপ্তেম্বৰ ২০২৫ ৪২৮ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

শ্ৰীপতি পণ্ডিতাৰাধ্যুলা বালসুব্ৰমনিয়ম (ఎస్. పి. బాలసుబ్రహ్మణ్యం; ৪ জুন ১৯৪৬ - ২৫ ছেপ্টেম্বৰ ২০২০) জনপ্ৰিয়ভাৱে এছ. পি. বালসুব্ৰমনিয়ম, এছ. পি. বালু, এছ.পি.বি. বা বালু এগৰাকী ভাৰতীয় সংগীতজ্ঞ, নেপথ্য কণ্ঠশিল্পী, সংগীত পৰিচালক, অভিনেতা, ডাবিং শিল্পী আৰু চলচ্চিত্ৰ প্ৰযোজক। তেওঁ ঘাইকৈ তেলেগু, তামিল, কন্নড়, হিন্দী আৰু মালয়ালম চলচ্চিত্ৰ জগতৰ লগত জড়িত আছিল।১ তেওঁ ১৬টা ভাৰতীয় ভাষাত প্ৰায় ৪০,০০০তকৈ অধিক গীতত কণ্ঠদান কৰিছে।২ স্বকীয় প্ৰকাশভংগীৰ বাবে তেওঁ কন্নড়, তেলেগু, তামিল আৰু হিন্দী গীতত কণ্ঠদান কৰি শ্ৰেষ্ঠ পুৰুষ নেপথ্য কণ্ঠশিল্পী শিতানত ছয়টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। ইয়াৰ লগতে তেওঁ তেলেগু চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে ২৫টা অন্ধ প্ৰদেশ ৰাজ্যিক নন্দী বঁটা আৰু কৰ্ণাটক আৰু তামিলনাডু চৰকাৰৰ পৰা বিভিন্ন ৰাজ্যিক বঁটা আৰু সন্মান লাভ কৰিছিল।৩৪ তদুপৰি তেওঁ শ্ৰেষ্ঠ পুৰুষ নেপথ্য কণ্ঠশিল্পী শিতানত এটা ফিল্মফেয়াৰ বঁটা আৰু ছয়টা ফিল্মফেয়াৰ দক্ষিণ বঁটা লাভ কৰিছে।৫৬ কিছুমান উৎসৰ মতে তেওঁৰ নামত ৪০,০০০তকৈ অধিক গীত ৰেকৰ্ডৰ বাবে আটাইতকৈ বেছিসংখ্যক গীত ৰেকৰ্ড কৰা কণ্ঠশিল্পী হিচাপে গিনীজ ৱৰ্ল্ড ৰেকৰ্ডত বিশ্বঅভিলেখ গঢ়িছে।৭৮৯১০ ২০১২ চনত ভাৰতীয় চলচ্চিত্ৰজগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ এনটিআৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।১১ ২০১৬ চনত গোৱাত অনুষ্ঠিত ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তেওঁক বৰ্ষশ্ৰেষ্ঠ ভাৰতীয় চলচ্চিত্ৰ ব্যক্তিত্বৰ ৰূপালী ময়ূৰ পদকেৰে সন্মানিত কৰা হৈছিল।১২১৩১৪১৫ ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০০১ চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী আৰু ২০১১ চনত তৃতীয় সৰ্বোচ্চ সন্মান পদ্মভূষণ প্ৰদান কৰে।১৬

২০২০ চনৰ ২৫ ছেপ্টেম্বৰ তাৰিখে তামিলনাডুৰ চেন্নাইৰ এমজিএম হস্পিটেলত কৰ'নাভাইৰাছ ৰোগ ২০১৯ত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।১৭ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে ২০২১ চনত তেওঁক মৰণোত্তৰভাৱে দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ প্ৰদান কৰে।১৮১৯

প্ৰাৰম্ভিক জীৱন

১৯৪৬ চনৰ ৪ জুন তাৰিখে মাদ্ৰাজ প্ৰেচিডেন্সীৰ নেল্লোৰৰ (বৰ্তমান অন্ধ্ৰপ্ৰদেশ) তেলেগু ব্ৰাহ্মণ পৰিয়ালত এছ. পি. বালসুব্ৰমনিয়মৰ জন্ম হৈছিল।২০২১২২২৩২৪২৫২৬ তেওঁৰ পিতৃ এছ. পি. সম্ভমূৰ্তি এগৰাকী হৰিকথা শিল্পী আছিল আৰু তেওঁ নাটকত অভিনয়ো কৰিছিল।২৭ তেওঁৰ মাতৃ শকুন্তলাম্মা।২৮ তেওঁৰ দুজন ভাতৃ কৰো পাঁচ গৰাকী ভগ্নী আছিল।২৯৩০৩১ বালসুব্ৰমনিয়মে সৰু কালৰ পৰায়ে সংগীতৰ প্ৰতি আকৰ্ষিত অনুভৱ কৰিছিল আৰু সংগীতৰ প্ৰাৰম্ভিক জ্ঞান আহৰণ কৰিছিল। তেওঁ অভিযন্তা হোৱাৰ মানসেৰে অনন্তপুৰত অৱস্থিত জেএনটিইউ অভিযান্ত্ৰিক মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল। কিন্তু টাইফয়ড ৰোগত আক্ৰান্ত হোৱাৰ বাবে তেওঁ শিক্ষা আধৰুৱাকৈ এৰি চেন্নাইৰ অভিযন্তা প্ৰতিষ্ঠানত সহযোগী সদস্য হিচাপে যোগদান কৰে।২৩২

অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰি থকা কালছোৱাৰ সমসাময়িক ভাবে তেওঁ সংগীত চৰ্চাতো মনোনিবেশ কৰিছিল আৰু বিভিন্ন প্ৰতিযোগিতাত বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৬৪ চনত তেওঁ মাদ্ৰাজৰ তেলেগু সাংস্কৃতিক সংস্থাৰ সংগীতৰ প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰিছিল। তাৰপিছত তেওঁ কেইবাজনো সংগীতশিল্পী লগত লৈ এক সাংগীতিক দল গঠন কৰে। এই দলত অনিৰুত্তা, ইলিয়াৰাজা, ভাস্কৰ আৰু গংগাই অম্ৰান আছিল আৰু তেওঁ নিজে এই দলৰ দলপতি আছিল।৩৩

ব্যক্তিগত জীৱন

বালসুব্ৰমনিয়মে সাৱিত্ৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ দুগৰাকী সন্তান দুহিতা পল্লৱী আৰু৩৪৩৫ আৰু পুত্ৰ এছ. পি. বি. চৰণ। এছ. পি. বি. চৰণ এগৰাকী কণ্ঠশিল্পী আৰু চলচ্চিত্ৰ নিৰ্মাতা।৩৬৩৭ ২০১৯ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে বালসুব্ৰমনিয়মৰ মাতৃ শকুন্তলাম্মাৰ ৮৯ বছৰ বয়সত মৃত্যু হৈছিল।২৮

তথ্যসূত্ৰ

  1. ↑ S P Balasubramaniam. FilmiBeat
  2. ↑ (11 June 2012). Singer S.P. Balasubrahmanyam honoured. The Hindu
  3. ↑ (24 March 2009). SPB to be honoured. Sify.com
  4. ↑ (3 February 2006). Entertainment Hyderabad / Events: In honour of a legend. The Hindu
  5. ↑ Pehla Pehla Pyar by S.P. Balasubramaniam – Songfacts. www.songfacts.com
  6. ↑ (8 August 2008). Friday Review Hyderabad / Events: The stars shimmered bright. The Hindu
  7. ↑ (25 September 2020). SP Balasubrahmanyam: Legendary Indian singer dies. BBC News
  8. ↑ (4 June 2020). Happy Birthday SP Balasubramaniam: Five interesting unknown facts about the fabulous singer. The Times of India
  9. ↑ (20 November 2016). Have lost count of songs sung, says record holder S.P. Balasubrahmanyam. The Indian Express
  10. ↑ SP Balasubrahmanyam Dies At 74: 5 Facts About The Guinness Record Holder. Forbes India
  11. ↑ Correspondent, Special. (5 April 2017). S.P. Balasubrahmanyam, Hema Malini bag NTR awards. The Hindu
  12. ↑ (8 November 2017). Who will be the Indian Film Personality of the Year at IFFI 2017?
  13. ↑ (20 November 2013). Waheeda receives Indian Film Personality of the Year award at IFFI
  14. ↑ India, Press Trust of. (20 November 2016). SP Balasubrahmanyam honoured with centenary award. Business Standard India
  15. ↑ (20 November 2016). Have lost count of songs sung, says record holder S.P. Balasubrahmanyam
  16. ↑ 26 January 2011 DC Correspondent New Delhi. (26 January 2011). SPB wins Padma Bhushan, no Bharat Ratna this year. Deccan Chronicle
  17. ↑ Kolappan, B. (25 September 2020). 'Paadum Nila' S.P. Balasubrahmanyam no more. The Hindu
  18. ↑ Padma Awards 2021 announced. Ministry of Home Affairs
  19. ↑ (25 January 2021). Shinzo Abe, Tarun Gogoi, Ram Vilas Paswan among Padma Award winners: Complete list. [The Times of India
  20. ↑ (2020-09-26). SPB was not just a singer, but a multifaceted personality. The Hindu
  21. ↑ Naidu, M. Venkaiah. (25 September 2020). 'I can’t believe Balu’s voice has fallen silent'. Press Bureau of India
  22. ↑ Murali, S. (25 September 2020). S.P. Balasubrahmanyam: The end of an era. The Hindu
  23. ↑ Veteran singer SP Balasubrahmanyam donates his ancestral home to Shri Kanchi Kamakoti Math – The Times of India. The Times of India
  24. ↑ S.P.Bala Subramanyam. Swara Maadhuri – సంకీర్తనా నిధి
  25. ↑ (20 November 2016). SP Balasubrahmanyam honoured with centenary award. Deccan Herald
  26. ↑ Telugu · Andhra Cultural Portal · Page 16
  27. ↑ Suganthy Krishnamachari. (26 August 2010). Arts / Music: Motivating, musically. The Hindu
  28. ↑ SP Balasubrahmanyam loses his mother. The Times of India
  29. ↑ (5 December 2005). Kerala / Thiruvananthapuram News: S.P.Balasubramaniam shares memories with music buffs. The Hindu
  30. ↑ Tamil Cinema news – Tamil Movies – Cinema seithigal
  31. ↑ (8 September 2017). Rumours Rife on SPB Health
  32. ↑ (4 June 2013). SP.Balasubrahmanyam's 67th Birthday
  33. ↑ Dinathanthi, Nellai Edition, 11 August 2006, p. 11
  34. ↑ (19 September 2003). Unnai Charan Adainthaen. The Hindu
  35. ↑ Tamil Cinema news – Tamil Movies – Cinema seithigal
  36. ↑ (13 January 2004). The cup of joy called friendship. The Hindu
  37. ↑ (26 November 2009). Metro Plus Madurai / Events: A medley of sorts. The Hindu

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পীপদ্মশ্ৰী বঁটা বিজয়ীপদ্মভূষণ বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ীপদ্মবিভূষণ বঁটা বিজয়ীক'ভিড-১৯ বৈশ্বিক মহামাৰীত মৃত্যু হোৱা ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এছ. পি. বালসুব্ৰমনিয়ম” প্ৰবন্ধৰ সংশোধন ৫৩৭২৫৩ (৫ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।