অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

শ্ৰম

উৎপাদন কাৰ্য্যত খটোৱা সকলো ধৰণৰ প্ৰচেষ্টাকে অৰ্থবিজ্ঞানত 'শ্ৰম' (Labour) বোলে। অথবা আৰ্থিক বিবেচনাধীন হৈ মানুহে প্ৰবৃত্ত হোৱা শাৰীৰিক আৰু মানসিক সকলো কামকে অৰ্থবিজ্ঞানত শ্ৰম বোলে।("Any work, whether mental or manual, undertaken for a moneytary consideration is called Labour in Economics") উৎপাদনৰ…

হালনাগাদ: ৯ মাৰ্চ ২০১৩ ৩৩৪ শব্দ · ২ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

উৎপাদন (অৰ্থনীতি) কাৰ্য্যত খটোৱা সকলো ধৰণৰ প্ৰচেষ্টাকে অৰ্থবিজ্ঞানত 'শ্ৰম' (Labour) বোলে। অথবা আৰ্থিক বিবেচনাধীন হৈ মানুহে প্ৰবৃত্ত হোৱা শাৰীৰিক আৰু মানসিক সকলো কামকে অৰ্থবিজ্ঞানত শ্ৰম বোলে।("Any work, whether mental or manual, undertaken for a moneytary consideration is called Labour in Economics")১ উৎপাদন (অৰ্থনীতি)ৰ উপাদান হিছাবে শ্ৰমিকৰ স্থান মন কৰিব লগা।আন উপাদানৰ তুলনাত ই সম্পূৰ্ণ বেলেগ। শ্ৰমৰ যোগান ধৰোতা শ্ৰমিক এটা জীৱন্ত বস্তু, ই মানুহ। মানৱীয় বিচাৰ-বুদ্ধি সকলো ইয়াৰ আছে। শ্ৰমিক কেৱল উৎপাদন (অৰ্থনীতি)ৰ উপাদানেই নহয়, উৎপাদনৰ লক্ষ্যও। শ্ৰম, উৎপাদনৰ এনে এটা আহিলা যাৰ লগত মানুহ প্ৰত্যক্ষভাৱে জৰিত। শ্ৰমিকৰ কেইবাটাও গুৰুত্বপুৰ্ণ বৈশিষ্ট্য আছে। তলত শ্ৰমৰ কেইটামান উদাহৰণ দিয়া হ'ল।

শ্ৰমৰ বৈশিষ্ট্য

  1. শ্ৰমক শ্ৰমিকৰ পৰা পৃথক কৰিব নোৱাৰি। মাটি বা মুলধনক যেনেকৈ গৰাকীৰ পৰা আহিলাটোক বিচ্ছিন্ন কৰিব পাৰি তেনেকৈ শ্ৰমক শ্ৰমিকৰ পৰা আঁতৰাই আনিব নোৱাৰি। শ্ৰমিকে তেওঁৰ শ্ৰমহে বিক্ৰী কৰে, কিন্তু তেঁও নিজেই নিজৰ শ্ৰমৰ মালিক।
  2. শ্ৰম ক্ষণস্থায়ী। এজন শ্ৰমিক নিবনুৱা হৈ থকা মানে তেওঁৰ শ্ৰম শক্তি আৰু সময়ৰ অপচয়। সেই ক্ষতি অপুৰণীয়। নিবনুৱা হৈ থকাৰ অৰ্থ হ'ল শ্ৰমিকৰ শ্ৰম নষ্ট হোৱা।
  3. মাটি আৰু মুলধনৰ দৰে শ্ৰম সাঁচি থ'ব নোৱাৰি।যিহেতু বয়স বঢ়াৰ লগে লগে মানুহৰ আয়ুস হ্ৰাস হৈ আহে।সাঁচি থ'লে শ্ৰমিকৰ জীৱনৰ পৰা শ্ৰম হেৰাই যায়। মাটি আৰু মূলধন (অৰ্থনীতি) সাঁচি থলে উপযোগিতা বৃদ্ধি হয়, আনহাতে শ্ৰম সাঁচি থলে মূল্য কমিহে যায়।
  4. শ্ৰম সাঁচি থব নোৱাৰি বাবেই শ্ৰমিকৰ দৰ-দাম কৰাৰ ক্ষমতা তেনেই কম।শ্ৰম সাঁচি থব নোৱাৰা কাৰণেই শ্ৰমিকে কম মজুৰিত কাম কৰিবলৈ বাধ্য হয়।উৎপাদন (অৰ্থনীতি) প্ৰতিস্থানৰ মালিক বা পুঁজিপতি সকলে শ্ৰমিকক কম মজুৰিত খটুৱাই অধিক মুনাফা লাভৰ চেষ্টা কৰে।
  5. শ্ৰমৰ দাম পৰিবৰ্তনে ইয়াৰ যোগানৰ ওপৰত বিপৰীত প্ৰতিক্ৰিয়া সৃষ্টি কৰে। যোগানৰ নিয়ম অনুসৰি যিকোনো সামগ্ৰীৰ দাম বৃদ্ধি হলে যোগান বৃদ্ধি হয়।কিন্তু শ্ৰমিকৰ দাম অৰ্থাৎ মজুৰি বৃদ্ধি হলে, শ্ৰমিকৰ যোগান হ্ৰাস পায়।
  6. শ্ৰম চলনশীল।শ্ৰমিকৰ লগতে যিহেতু শ্ৰম থাকে সেয়ে শ্ৰম চলনশীল।অৱশ্যে শ্ৰমৰ চলনশীলতা আংশিকহে।সামাজিক,ভৌগলিক,ৰাজনৈতিক আদি বিভিন্ন কাৰকৰ ওপৰত শ্ৰমিকৰ চলনশীলতা নিৰ্ভৰ কৰে।
  7. ভূমিৰ দৰে শ্ৰমো বিসম গুণসম্পন্ন।স্ধান,কাল,পাত্ৰ ভেদে শ্ৰমিকৰ গুণ ভিন্ন ভিন্ন হয়।নিপুন বা প্ৰশিক্ষণ প্ৰাপ্ত শ্ৰমিকৰ দক্ষতা অনিপুন শ্ৰমিকৰ তুলনাত বেছি হয়।জন্মগত কাৰণ, জলবায়ু, খাদ্যাভাস ইত্যাদি কাৰকৰ ওপৰত শ্ৰমিকৰ দক্ষতা বহুপৰিমানে নিৰ্ভৰ কৰে।
  8. শ্ৰমৰ যোগান হ্ৰসকালত অস্থিতিস্থাপক।অৰ্থাৎ প্ৰয়োজন অনুসৰি শ্ৰমৰ যোগান তৎক্ষনাৎ বঢ়াব নোৱাৰি।
  9. শ্ৰমৰ আতাইতকৈ লক্ষনীয় বৈশিষ্ট্য হ'ল, শ্ৰমৰ নিজা বিচাৰ বিবেচনা আছে।

তথ্যসূত্ৰ

  1. ↑ "Principles of Economics"--Marshall

সম্পৰ্কিত শ্ৰেণী

অৰ্থনীতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰম” প্ৰবন্ধৰ সংশোধন ১১৯৪৭৯ (৯ মাৰ্চ ২০১৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।