বিত্তীয় হিচাপকৰণত উদ্বৃত্তপত্ৰ বা বেলেঞ্চ শ্বিট (Balance sheet) হৈছে কোনো একক ব্যৱসায়, অংশীদাৰী ব্যৱসায়, কোম্পানী অথবা অন্য ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিত্তীয় স্থিতিসমূহৰ এক সংক্ষিপ্ত ৰূপ। এখন উদ্বৃত্তপত্ৰত বিত্তীয় বছৰৰ শেষত নাইবা এক নিৰ্দিষ্ট তাৰিখত ব্যৱসায়টোৰ সম্পত্তি, দেনা আৰু গৰাকীৰ প্ৰাপ্য লিপিৱদ্ধ কৰা হয়। উদ্বৃত্তপত্ৰক এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিত্তীয় অৱস্থাৰ তাৎক্ষণিক চিত্ৰ বুলি কোৱা হয়।১ চাৰিখন মুখ্য বিত্তীয় বিৱৰণীৰ ভিতৰত উদ্বৃত্তপত্ৰই একমাত্ৰ বিৱৰণী যি ব্যৱসায়টোৰ সাপেক্ষে বছৰটোৰ এটা বিন্দুতহে প্ৰযোজ্য।
ব্যৱসায় প্ৰতিষ্ঠান এটাৰ মান্য উদ্বৃত্তপত্ৰ এখনত তিনিটা ভাগ থাকে: সম্পত্তি, দেনা আৰু গৰাকীৰ প্ৰাপ্য। সাধাৰণতে সম্পত্তিৰ মূল ভাগবোৰ নমনীয়তা অনুসাৰে প্ৰথমতেই লিপিৱদ্ধ কৰা হয়।২ ইয়াৰ পিছতেই দেনাসমূহ লিখা হয়। সম্পত্তি আৰু দেনাৰ পাৰ্থক্যক প্ৰতিষ্ঠানটোৰ ইকুইটি (গৰাকীৰ প্ৰাপ্য) বা প্ৰকৃত সম্পত্তি বা প্ৰকৃত মূল্য বা মূলধন (অৰ্থনীতি) হিচাপে জনা যায়। বিত্তীয় হিচাপকৰণৰ সমীকৰণ মতে সম্পত্তি আৰু দেনাৰ পাৰ্থক্য প্ৰকৃত মূল্যৰ সমান হ'বই লাগিব।১
এই সমীকৰণটো এইধৰণও চাব পাৰি: সম্পত্তি দেনা আৰু গৰাকীৰ প্ৰাপ্যৰ (owner's equity) যোগফলৰ সমান।
কেৱলমাত্ৰ চলিত মুদ্ৰাৰ ওপৰতে চলি থকা এটা ব্যৱসায়ে বিত্তীয় বছৰৰ শেষত বেঙ্কৰ আটাইখিনি জমা ধন আৰু হাতত থকা আটাইবোৰ টকা উঠাই লৈ ব্যৱসায়টোৰ লাভালাভ জানিব পাৰে। অৱশ্যে বহুতো ব্যৱসায়ে তাৎক্ষণিকভাৱে এনে নকৰি পণ্যদ্ৰৱ্যৰ সম্ভাৰ গোটাই যায় আৰু গৃহ-ভৱন তথা সা-সঁজুলি আহৰণ কৰে। অৰ্থাৎ ব্যৱসায় এটাই সম্পত্তি ধাৰণ কৰি থাকে আৰু মন কৰিলেও প্ৰতিছোৱা সময়ৰ অন্তত ইয়াক টকালৈ ৰূপান্তৰ কৰিব নোৱাৰে। ব্যৱসায়সমূহে প্ৰায়ে যোগান দিওঁতা বা আয়কৰ বিভাগৰ দেনাদাৰ হৈ থাকে আৰু মালিকপক্ষই প্ৰতিছোৱা সময়ৰ শেষত বিনিয়োগ কৰা আটাইখিনি মূলধন তথা লাভাংশ আহৰণ নকৰে। অৰ্থাৎ এটা বিত্তীয় বছৰৰ শেষত এটা ব্যৱসায়ৰ সম্পত্তিৰ লগতে দেনাও থাকে। উদ্বৃত্তপত্ৰখনত এই দেনা আৰু সম্পত্তিৰ শেহতীয়া স্থিতিকে লিপিৱদ্ধ কৰা হয়।
প্ৰকাৰ
এখন উদ্বৃত্তপত্ৰই এক নিৰ্দিষ্ট তাৰিখত এটা প্ৰতিষ্ঠান অথবা এজন ব্যক্তিৰ সম্পত্তি, প্ৰাপ্য (equity) আৰু দেনাসমূহৰ এক সংক্ষিপ্ত বিৱৰণ দাঙি ধৰে। সাধাৰণভাৱে উদ্বৃত্তপত্ৰ দুই ধৰণৰ থাকে, বিৱৰণী ফৰ্মা আৰু একাউণ্ট ফৰ্মা। ব্যক্তি তথা সৰু ব্যৱসায়সমূহে সাধাৰণতে সৰল উদ্বৃত্তপত্ৰৰ ব্যৱহাৰত প্ৰাধান্য দিয়ে।৩ বৃহ ব্যৱসায়সমূহৰ উদ্বৃত্তপত্ৰসমূহ কিছু জটিল ধৰণৰ হয় আৰু প্ৰতিষ্ঠানটোৰ বাৰ্ষিক বিৱৰণীত (Annual Report) ইয়াক উপস্থাপন কৰা হয়।৪ বৃহ ব্যৱসায়সমূহে ইয়াৰ বিভিন্ন অংশসমূহৰ কাৰণেও উদ্বৃত্তপত্ৰ তৈয়াৰ কৰিব পাৰে।৫ তুলনা কৰাৰ সুবিধাৰ বাবে একোখন উদ্বৃত্তপত্ৰ প্ৰায়ভাগ ক্ষেত্ৰতে আন এটা তাৰিখৰ আন এখন উদ্বৃত্তপত্ৰৰ (পূৰ্বৱৰ্তী বছৰৰ) ওচৰা-উচৰিকৈ তৈয়াৰ কৰা হয়।৬৭
ব্যক্তিগত উদ্বৃত্তপত্ৰ
এখন ব্যক্তিগত উদ্বৃত্তপত্ৰই সাম্প্ৰতিক সম্পত্তি (current assets) যেনে লেনদেনমূলক একাউণ্ট আৰু জমা একাউণ্টসমূহত থকা নগদ ধন, দীৰ্ঘকালীন সম্পত্তি যেনে ষ্ট'ক আৰু মাটি-বাৰী, সাম্প্ৰতিক দেনা (current liabilities) যেনে দিবলৈ থকা ঋণ আৰু বন্ধকৰ ধাৰ আদি লিপিৱদ্ধ কৰে। ছিকিউৰিটি আৰু মাটি-বাৰী ইয়াৰ বজাৰ মূল্যত প্ৰবিষ্ট কৰা হয়। এজন ব্যক্তিৰ মুঠ দেনা আৰু মুঠ সম্পত্তিৰ পাৰ্থক্যই ব্যক্তিগত প্ৰকৃত মূল্য (personal net worth)।৮
মুক্ত খণ্ডৰ ব্যৱসায় প্ৰতিষ্ঠানৰ উদ্বৃত্তপত্ৰৰ নক্সা
এক মুক্ত খণ্ডৰ ব্যৱসায়ৰ উদ্বৃত্তপত্ৰৰ প্ৰস্তুতকৰণৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় হিচাপকৰণ মানক সমিতি আৰু সেই দেশখনৰ নিৰ্দিষ্ট সংস্থা বা প্ৰতিষ্ঠানে নিৰ্দেশনা জাৰী কৰে। উদ্বৃত্তপত্ৰৰ একাউণ্টসমূহৰ নাম আৰু ব্যৱহাৰ প্ৰতিষ্ঠানটোৰ প্ৰকাৰ আৰু ই থকা দেশখনৰ ওপৰত নিৰ্ভৰশীল। চৰকাৰী প্ৰতিষ্ঠানসমূহে সাধাৰণতে ব্যক্তি তথা ব্যক্তিগত ব্যৱসায়ৰ বাবে নিৰ্ধাৰিত মান অনুসৰণ নকৰে।৯১০১১১২
যদিহে প্ৰযোজ্য হয় তেন্তে নিম্নলিখিত হিচাপসমূহ উদ্বৃত্তপত্ৰত চমুকৈ অন্তৰ্ভুক্ত কৰা হয়।১৩
সম্পত্তি
অস্থাৱৰ সম্পত্তি
- নগদ ধন আৰু নগদ ধনৰ সমতুল্য
- পাবলগীয়া টকা
- মজুত সম্ভাৰ
- কোনো সেৱাৰ (যাৰ ম্যাদ এবছৰৰ ভিতৰতে শেষ হ'ব) বাবে আগতীয়াকৈ পৰিশোধ কৰা টকা
অস্থাৱৰ সম্পত্তি
- ধন-সম্পত্তি, যন্ত্ৰ আৰু সঁজুলি
- বিনিয়োগ সম্পত্তি যেনে ভৱিষ্যতে বিনিয়োগ কৰিবলৈ ক্ৰয় কৰি ৰখা মাটি-বাৰী
- অস্পৰ্শনীয় সম্পত্তি
- বিনিয়োগ
- জৈৱিক সম্পত্তি যেনে গছ-গছনি, পশুধন ইত্যাদি।
দেনা
- দিবলগা টকা
- ৱাৰেণ্টি বা ন্যায়িক সিদ্ধান্তৰ বিপৰীতে ৰখা ব্যৱস্থা
- বিত্তীয় দেনা যেনে প্ৰ'মিছৰি নোট আৰু কৰ্পৰেট বণ্ড
- সাম্প্ৰতিক কৰৰ বাবে দেনা আৰু সম্পত্তি
- পিছলৈ দিবলগা কৰৰ দেনা আৰু সম্পত্তি
- কোনো সেৱাৰ বিপৰীতে গ্ৰাহকে আদায় দিয়া অগ্ৰিম ধন
তথ্যসূত্ৰ
- ↑ Williams, Jan R. (2008). Financial & Managerial Accounting. McGraw-Hill Irwin. পৃ. 40, 50. ISBN 978-0-07-299650-0
- ↑ Daniels, Mortimer. (1980). Corporation Financial Statements. New York: Arno Press. পৃ. 13–14. ISBN 0-405-13514-9
- ↑ US Small Business Administration sample spreadsheet for a small business
- ↑ Microsoft Corporation balance sheet, June 30, 2004. Microsoft.com
- ↑ International Business Machines "Global Financing" balance sheet comparing 2003 to 2004. Ibm.com
- ↑ Balance sheet comparing two year-end balance sheets
- ↑ Balance sheet comparing two year-end balance sheets
- ↑ Personal balance sheet structure
- ↑ Personal balance sheet structure
- ↑ University of Victoria (Canada) balance sheet accounts
- ↑ STATE OF ALABAMA CHART OF ACCOUNTS
- ↑ New York State (USA) public utilities balance sheet accounts
- ↑ "Presentation of Financial Statements" International Accounting Standards Board. Accessed 24 June 2007
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উদ্বৃত্তপত্ৰ” প্ৰবন্ধৰ সংশোধন ৩৮০১৮৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।