অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

আয়কৰ

আয়কৰ (income tax) হৈছে এগৰাকী ব্যক্তি বা এক সত্তাৰ (কৰদাতা) ওপৰত তেওঁলোকৰ দ্বাৰা উপাৰ্জন কৰা আয় বা লাভৰ (কৰযোগ্য আয়, taxable income) ক্ষেত্ৰত আৰোপ কৰা কৰ। আয়কৰ সাধাৰণতে কৰযোগ্য আয়ৰ কৰ হাৰৰ গুণফল হিচাপে গণনা কৰা হয়। কৰদাতাৰ প্ৰকাৰ বা বৈশিষ্ট্য আৰু আয়ৰ প্ৰকাৰ অনুসৰি আয়কৰৰ হাৰ ভিন্ন হ’ব পাৰে।

হালনাগাদ: ২৫ জুলাই ২০২৬ ২৩৮ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

আয়কৰ (income tax) হৈছে এগৰাকী ব্যক্তি বা এক সত্তাৰ (কৰদাতা) ওপৰত তেওঁলোকৰ দ্বাৰা উপাৰ্জন কৰা আয় বা লাভৰ (কৰযোগ্য আয়, taxable income) ক্ষেত্ৰত আৰোপ কৰা কৰ। আয়কৰ সাধাৰণতে কৰযোগ্য আয়ৰ কৰ হাৰৰ গুণফল হিচাপে গণনা কৰা হয়। কৰদাতাৰ প্ৰকাৰ বা বৈশিষ্ট্য আৰু আয়ৰ প্ৰকাৰ অনুসৰি আয়কৰৰ হাৰ ভিন্ন হ’ব পাৰে। কৰযোগ্য আয় বৃদ্ধিৰ লগে লগে কৰৰ হাৰ বৃদ্ধি হ’ব পাৰে আৰু এনেদৰে বৃদ্ধি হোৱা হাৰক বৰ্ধিত বা প্ৰগতিশীল কৰৰ হাৰ বুলি কোৱা হয়। কোম্পানীসমূহৰ ওপৰত আৰোপ কৰা কৰ সাধাৰণতে কৰ্পৰেট কৰ বুলি জনা যায় আৰু ইয়াক সাধাৰণতে এক নিৰ্দিষ্ট হাৰত আৰোপ কৰা হয়। ব্যক্তিগত আয়ৰ ওপৰত প্ৰায়ে প্ৰগতিশীল হাৰত কৰ আৰোপ কৰা হয় আৰু এইক্ষেত্ৰত আয়ৰ প্ৰতিটো অতিৰিক্ত এককৰ ওপৰত প্ৰয়োগ কৰা কৰ হাৰ বৃদ্ধি পায়; যেনে আয়ৰ প্ৰথম ১০,০০০ টকাত ০% কৰ আৰোপ কৰা হয়, পৰৱৰ্তী ১০,০০০ টকাত ১% কৰ আৰোপ কৰা হয় ইত্যাদি। ন্যায়িক অধিকাৰক্ষেত্ৰসমূহৰ অধিকাংশই স্থানীয় দাতব্য সংস্থাসমূহক কৰ ৰেহাই দিয়ে। বিনিয়োগৰ পৰা পোৱা আয়ৰ ওপৰত অন্য ধৰণৰ আয়তকৈ ভিন্ন (সাধাৰণতে কম) হাৰত কৰ আৰোপ কৰিব পাৰি। কৰ হ্ৰাস কৰা বিভিন্ন ধৰণৰ উপায়ৰ অনুমতিও দিয়া হ'ব পাৰে।

আয়কৰৰ ব্যৱস্থা সৰ্বপ্ৰথমে সাধাৰণতে ইজিপ্তঅতেই আৰম্ভ হৈছিল বুলি গণ্য কৰা হয়।১ ৰোমান গণৰাজ্যৰম্প্ৰাৰম্ভিক কালত ৰাজহুৱা কৰ মালিকানাধীন সম্পত্তিৰ ওপৰত মূল্যায়ন কৰা হৈছিল। সাধাৰণ পৰিস্থিতিত কৰৰ হাৰ আছিল ১% আৰু যুদ্ধৰ দৰে পৰিস্থিতিত কেতিয়াবা ৩% পৰ্যন্ত বৃদ্ধি পাইছিল। মাটি, ঘৰ আৰু অন্যান্য ৰিয়েল এষ্টেট, দাস, জীৱ-জন্তু, ব্যক্তিগত সামগ্ৰী আৰু আৰ্থিক সম্পদৰ ওপৰত এই কৰ আৰোপ কৰা হৈছিল। এজন ব্যক্তিৰ সম্পত্তি যিমানেই বেছি আছিল তেওঁ সিমানেই বেছি কৰ দিবলগীয়া হৈছিল।২

তথ্যসূত্ৰ

  1. ↑ Breasted, James Henry. (1906). Ancient Records of Egypt. The University of Chicago Press
  2. ↑ Roman Taxes. UNRV.com

সম্পৰ্কিত শ্ৰেণী

অৰ্থনীতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আয়কৰ” প্ৰবন্ধৰ সংশোধন ৬১৯৩৫৯ (২৫ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।