ভাৰতৰ ৰাজহুৱা খণ্ডৰ বেংক (Public Sector Bank; চমুকৈ PSB) হৈছে ভাৰত চৰকাৰৰ মালিকানাধীন আৰু পৰিচালিত বেংক। ইয়াক ৰাষ্ট্ৰীয়কৃত বেংক (Nationalised Bank) বুলিও কোৱা হয়।১ বেংকিং উদ্যোগ নিয়ন্ত্ৰণ আৰু বিত্তীয় অন্তৰ্ভুক্তিক প্ৰসাৰিত কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ অংশ হিচাপে ১৯৬৯ চনত এই বেংকসমূহ ৰাষ্ট্ৰীয়কৰণ কৰা হয়।১ ভাৰতীয় অৰ্থনীতিৰ বৃদ্ধি আৰু বিকাশৰ ক্ষেত্ৰত বিশেষকৈ গ্ৰাম্য আৰু কম সেৱা লাভ কৰা অঞ্চলসমূহলৈ বেংকিং সেৱা প্ৰদানৰ ক্ষেত্ৰত পি এছ বিসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।২
এই বেংকসমূহত সংখ্যাগৰিষ্ঠ অংশীদাৰিত্ব (অৰ্থাৎ ৫০%তকৈ অধিক) ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয় নতুবা ভাৰতৰ বিভিন্ন ৰাজ্য চৰকাৰৰ ৰাজ্যিক বিত্ত মন্ত্ৰালয়ৰ হাতত থাকে। এই ৰাজহুৱা খণ্ডৰ বেংকসমূহক শ্বেয়াৰ ষ্টক এক্সচেঞ্জত তালিকাভুক্ত কৰা হয়।৩
ৰাষ্ট্ৰীয়কৃত বেংকৰ তালিকা
২০২৩ চনৰ ১ মাৰ্চলৈকে ১২টা ৰাষ্ট্ৰীয়কৃত বেংক আছে।
| বেংকৰ নাম | স্থাপিত | মুখ্য কাৰ্যালয় | চৰকাৰৰ অংশ | শাখাৰ সংখ্যা |
|---|---|---|---|---|
| বেংক অৱ বৰোদা | ১৯০৮ | বডোদৰা, গুজৰাট | ৬৩.৯৭% | ৮,৩১০ |
| বেংক অৱ ইণ্ডিয়া | ১৯০৬ | মুম্বাই, মহাৰাষ্ট্ৰ | ৮১.৪১% | ৫,০৮৪ |
| বেংক অৱ মহাৰাষ্ট্ৰ | ১৯৩৫ | পুনে, মহাৰাষ্ট্ৰ | ৯০.৯৭% | ২,০২২ |
| কানাড়া বেংক | ১৯০৬ | বেংগালুৰু, কৰ্ণাটক | ৬২.৯৩% | ১০,৪১৬ |
| চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া | ১৯১১ | মুম্বাই, মহাৰাষ্ট্ৰ | ৯৩.০৮% | ৪,৬০৮ |
| ইণ্ডিয়ান বেংক | ১৯০৭ | চেন্নাই, তামিলনাডু | ৭৯.৯০% | ৫,৭৪৪ |
| ইণ্ডিয়ান অভাৰচিজ বেংক | ১৯৩৭ | চেন্নাই, তামিলনাডু | ৯৬.৩৮% | ৩,২১৭ |
| পঞ্জাৱ এণ্ড সিন্ধ বেংক | ১৯০৮ | নতুন দিল্লী, দিল্লী | ৯৭.০৭% | ১,৫২৭ |
| পঞ্জাৱ নেচনেল বেংক | ১৮৯৪ | নতুন দিল্লী, দিল্লী | ৭৩.১৫% | ১০,৭৬৯ |
| ভাৰতীয় ষ্টেট বেংক | ১৯৫৫ | মুম্বাই, মহাৰাষ্ট্ৰ | ৫৭.৬২% | ২২,২১৯ |
| ইউকো বেংক | ১৯৪৩ | কলিকতা, পশ্চিমবংগ | ৯৫.৩৯% | ৩,০৮৭ |
| ইউনিয়ন বেংক অফ ইণ্ডিয়া | ১৯১৯ | মুম্বাই, মহাৰাষ্ট্ৰ | ৮৩.৪৯% | ৯,৩১৫ |
আঞ্চলিক গ্ৰাম্য বেংক
অন্ধ্ৰ প্ৰদেশ
- অন্ধ্ৰ প্ৰগতি গ্ৰামীনা বেংক
- চৈতন্য গোদাবৰী গ্ৰামীন বেংক
- সপ্তগিৰি গ্ৰামীন বেংক
অৰুণাচল প্ৰদেশ
- অৰুণাচল প্ৰদেশ ৰুৰেল বেংক
অসম
- অসম গ্ৰামীণ বিকাশ বেংক
বিহাৰ
- দক্ষিণ বিহাৰ গ্ৰামীন বেংক
- উত্তৰ বিহাৰ গ্ৰামীন বেংক
ছত্তীশগড়
- ছত্তীশগড় ৰাজ্য গ্ৰামীন বেংক
গুজৰাট
- বৰোদা গুজৰাট গ্ৰামীন বেংক
- সৌৰাষ্ট্ৰ গ্ৰামীন বেংক
হাৰিয়ানা
- সৰ্ব হাৰিয়ানা গ্ৰামীন বেংক
হিমাচল প্ৰদেশ
- হিমাচল প্ৰদেশ গ্ৰামীন বেংক
জম্মু-কাশ্মীৰ
- জে এণ্ড কে গ্ৰামীন বেংক
- এলাকুই দেহাতি বেংক
ঝাৰখণ্ড
- ঝাৰখণ্ড ৰাজ্য গ্ৰামীন বেংক
কৰ্ণাটক
- কৰ্ণাটক গ্ৰামীন বেংক
- কৰ্ণাটক বিকাশ গ্ৰামীনা বেংক
কেৰালা
- কেৰেলা গ্ৰামীন বেংক
মধ্য প্ৰদেশ
- মধ্যাঞ্চল গ্ৰামীন বেংক
- মধ্য প্ৰদেশ গ্ৰামীন বেংক
মহাৰাষ্ট্ৰ
- মহাৰাষ্ট্ৰ গ্ৰামীন বেংক
- বিদৰ্ভা কোংকন গ্ৰামীন বেংক
মণিপুৰ
- মণিপুৰ ৰুৰেল বেংক
মেঘালয়
- মেঘালয় ৰুৰেল বেংক
মিজোৰাম
- মিজোৰাম ৰুৰেল বেংক
নাগালেণ্ড
- নাগালেণ্ড ৰুৰেল বেংক
উৰিষ্যা
- ওড়িশা গ্ৰাম্য বেংক
- উৎকাল গ্ৰামীণ বেংক
পুডুচেৰী
- পুডুবাই ভৰতীয়াৰ গ্ৰামা বেংক
পঞ্জাৱ
- পঞ্জাৱ গ্ৰামীন বেংক
ৰাজস্থান
- বৰোদা ৰাজস্থান ক্ষেত্ৰীয় গ্ৰামীন বেংক
- ৰাজস্থান মৰুধৰা গ্ৰামীন বেংক
তামিলনাডু
- তামিলনাডু গ্ৰামা বেংক
তেলেংগানা
- তেলেংগানা গ্ৰামীনা বেংক
অন্ধ্ৰ প্ৰদেশ
- অন্ধ্ৰ প্ৰদেশ গ্ৰামীণা বিকাশ বেংক
ত্ৰিপুৰা
- ত্ৰিপুৰা গ্ৰামীন বেংক
উত্তৰ প্ৰদেশ
- আৰ্যৱৰ্ত বেংক
- প্ৰথমা ইউ পি গ্ৰামীন বেংক
- বৰোদা ইউ পি বেংক
উত্তৰাখণ্ড
- উত্তৰাখণ্ড গ্ৰামীন বেংক
পশ্চিম বংগ
- পশ্চিম বংগ গ্ৰামীন বেংক
- বঙ্গীয় গ্ৰামীণ বিকাশ বেংক
- উত্তৰবংগ ক্ষেত্ৰীয় গ্ৰামীন বেংক
তথ্যসূত্ৰ
- ↑ Nationalised Banks: ভাৰতৰ ৰাষ্ট্ৰীয়কৃত বেংকসমূহ. অসমীয়া প্ৰতিদিন
- ↑ কেন্দ্ৰীয় বেংক. dailyassam.com
- ↑ Class 12 | Banking | Chapter 1 | ভাৰতবৰ্ষত বাণিজ্যিক বেংক. devlibrary.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ ৰাজহুৱা খণ্ডৰ বেংক” প্ৰবন্ধৰ সংশোধন ৩৫৬১০৯ (২৯ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।