বিটকইন (Bitcoin, চিহ্ন: ₿) হৈছে একপ্ৰকাৰ ডিজিটেল মুদ্ৰা বা সাংকেতিক মুদ্ৰা (ক্ৰিপ্ট'কাৰেন্সী)। ইয়াক বিশ্বৰ সৰ্বপ্ৰথম মুক্ত-উৎসৰ ক্ৰিপ্ট'কাৰেন্সী আৰু কেন্দ্ৰীয় নিয়ন্ত্ৰণহীন অৰ্থাৎ প্ৰশাসকবিহিন বিকেন্দ্ৰীকৃত ডিজিটেল মুদ্ৰা ৰূপে গণ্য কৰা হয়। বিটকইনৰ সৈতে লেনদেনৰ বাবে কোন ধৰণৰ অৰ্থনৈতিক প্ৰতিষ্ঠান বা বেংকৰ প্ৰয়োজন নহয় তথা ই কোনো দেশৰ চৰকাৰ মান্যপ্ৰাপ্ত মুদ্ৰাও নহয়।১ ২০০৯ চনত ছাটোছি নাকামোটো (Satoshi Nakamoto) ছদ্মনামেৰে কোন এক ব্যক্তি বা গোষ্ঠীয়ে এই মুদ্ৰা ব্যৱস্থাৰ প্ৰচলন আৰম্ভ কৰে যাক পিয়েৰ-টু-পিয়েৰ মুদ্ৰা বুলি অভিহিত কৰা হয়।২৩
বিটকইনৰ লেনদেন হয় অনলাইন যোগে পোনপটিয়াকৈ প্ৰেৰকৰ কম্পিউটাৰৰ পৰা প্ৰাপকৰ কম্পিউটাৰলৈ।৪ এই লেনদেনসমূহৰ সত্যাপন কৰা হয় ক্ৰিপ্ট'গ্ৰাফিৰ মাধ্যমেৰে আৰু এক খতিয়ানত লিপিবদ্ধ কৰি ৰাজহুৱাকৈ প্ৰকাশ কৰা হয়। এই মুক্ত আৰু বিতৰিত খতিয়ানকে ব্লকচেইন বোলা হয়।৫ বিটকইন উৎপাদিত হয় মাইনিং নামৰ এক জটিল প্ৰক্ৰিয়াৰ দ্বাৰা য'ত কম্পিউটাৰৰ প্ৰচেচিং ক্ষমতাৰ ভিত্তিতে লেনদেন লিপিবদ্ধ তথা সত্যাপন কৰা হয়।৬
বিটকইনৰ লেনদেন সম্পন্ন কৰাত কোনো আৰ্থিক প্ৰতিষ্ঠানৰ প্ৰয়োজন নহয়, ইয়াৰ লেনদেনৰ প্ৰেৰক আৰু প্ৰাপকৰ বাস্তৱ পৰিচয় সম্বন্ধে বিস্তাৰিত তথ্য অনুসৰণ কৰা নহয়।৭৮ বৰ্তমানে একাধিক দেশত বিটকইন ক্ৰমান্বয়ে জনপ্ৰিয় হৈ পৰিছে।৯ বৰ্তমানে বিটকইন ডিজিটেল মুদ্ৰা, পণ্য বা সেৱা আকাৰে ব্যবহাৰ কৰা হয়। বৈধ পণ্য লেনদেনৰ বাহিৰেও কলাবজাৰত অবৈধ পণ্য লেনদেন আৰু কলাধন বৈধ কৰাৰ বাবেও বিটকইনৰ ব্যৱহাৰ কৰা দেখা যায়। যদিও বিটকইন ডিজিটেল কাৰেন্সী হিচাপে জনপ্ৰিয়তা লাভ কৰিছে, অবৈধ লেনদেনৰ বাবে ব্যৱহাৰ, বিভিন্ন আন্তৰাষ্ট্ৰীয় মুদ্ৰাৰ বিপৰীতে ইয়াৰ সাংঘাতিক উঠা-নমা দৰ, দুষ্প্ৰাপ্যতা আৰু ব্যৱসায়ৰ সীমিত ব্যৱহাৰৰ কাৰণে বহুতেই ইয়াৰ সমালোচনা কৰে।১০১১
২০১৩ চনৰ ২৯ অক্টোবৰত কানাডাৰ ভেনকুভাৰত বিটকইনৰ প্ৰথম ৰাজহুৱা ব্যৱহাৰৰ এটিএম মেছিন স্থাপন কৰা হয়।১২১৩ নিচাযুক্ত দ্ৰব্য, অবৈধ অস্ত্ৰ আৰু অন্যান্য বেআইনি লেনদেনত বিটকইনৰ ব্যৱহাৰ ৰোধ কৰিবৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ চৰকাৰে বিটকইনক গ্ৰাহকৰ পঞ্জীয়নৰ আওতাত অনাৰ চিন্তা কৰিছে।১৪১৫
ইতিহাস
২০০৮ চনৰ ১৮ আগষ্টত bitcoin.org ৱেবচাইট ড'মেইনৰ নাম পঞ্জীয়ন কৰা হয়।১৬ সেই বছৰৰে নৱেম্বৰত ছাটোছি নাকামোটোই বিটকইন কি আৰু কিদৰে কাম কৰে তাক প্ৰকাশ কৰে metzdowd.com ৱেবছাইটৰ মেইলিং লিষ্টৰ জৰিয়তে। ২০০৯ চনত sourceforge নামৰ এক অনলাইন প্লেটফৰ্মত ছাটোছিয়ে বিটকইনৰ চৰ্চক'ড ৰাজহুৱা কৰে।১৭ ইয়াৰ পাছতে বিটকইন নেটৱৰ্ক সম্প্ৰচাৰ কৰা হয় আৰু ছাটোছিয়ে ব্লকচেইনৰ সৰ্বপ্ৰথম ব্লক মাইন কৰে যাক “জেনেচিচ ব্লক” নামে জনা যায়।১৮১৯ সৰ্বপ্ৰথম বিটকইনৰ লেনদেন ঘটিছিল ছাটোছি নাকামোটো আৰু হাল ফিনি নামক এক ব্যক্তিৰ মাজত। সেই লেনদেনত ছাটোছিয়ে হাল ফিনিক ১০ বিটকইন প্ৰেৰণ কৰে।২০ প্ৰথম বছৰটোত ছাটোছিয়ে প্ৰায় ১০ লাখ বিটকইন মাইন কৰিছিল।২১ ২০১০ চনত ছাটোছি নাকামোটোই বিটকইন নেটৱৰ্ক এলাৰ্ট কী (network alert key) আৰু বিটকইন ক'ৰ (ছফ্টৱেৰ ৱালেট য'ত বিটকইন সংৰক্ষণ কৰা হয়)-ৰ ক'ড ৰিপ'জিটৰিৰ স্বত্ব গেভিন এণ্ডাৰছন নামে এজন ছফ্টৱেৰ বিকাশক বা ডেভেলপাৰৰ ওচৰত হস্তান্তৰ কৰে।২২ পাছলৈ গেভিন এণ্ডাৰছন বিটকইন ফাউণ্ডডেছনৰ প্ৰধান ডেভেলপাৰ আসনত অধিষ্ঠিত হয়। স্বত্ব হস্তান্তৰ পাছৰে পৰা ছাটোছি নাকামোটোৰ কোনো সম্বেদ পোৱা নগ'ল আৰু বৰ্তমানেও ছাটোছি নাকামোটোৰ প্ৰকৃত পৰিচয় অজ্ঞাত।২৩
কাৰ্যপ্ৰণালী

বিটকইনৰ লেনদেন হয় পিয়েৰ টু পিয়েৰ বা গ্ৰাহক পৰা গ্ৰাহকৰ কম্পিউটাৰলৈ। ই কোনো কেন্দ্ৰীয় অৰ্থনৈতিক প্ৰতিষ্ঠান মাজেৰে নাযায় বা ইয়াৰ কোনো নিয়ন্ত্ৰণকাৰী বা প্ৰশাসক প্ৰতিষ্ঠান নাই। বিটকইনৰ সকলো প্ৰক্ৰিয়া সম্পন্ন হয় অনলাইন যোগে এক মুক্ত-উৎসৰ ছফ্টৱেৰৰ মাধ্যমেৰে। বিটকইন মাইনিং প্ৰক্ৰিয়াৰ দ্বাৰা যিকোনো লোকেই বিটকইন উৎপন্ন কৰিব পাৰে। বিটকইন উৎপন্ন হোৱাৰ লগে লগে ই গ্ৰাহকৰ ডিজিটেল ৱালেটত সংৰক্ষিত হৈ ৰয়। এই সংৰক্ষিত বিটকইন যদি গ্ৰাহকে অন্য কাৰোবাৰ একাউণ্টলৈ পাঠায়, তেন্তে এই লেনদেনৰ কাৰণে এক স্বতন্ত্ৰ ইলেক্ট্ৰনিক চিগনেচাৰ তৈয়াৰী হয় যি অন্যান্য মাইনাৰৰ দ্বাৰা নিৰীক্ষিত হয় আৰু নেটৱৰ্কৰ মাজেৰে গোপন অথচ সুৰক্ষিতভাবে সংৰক্ষিত হয় তথা খতিয়ানত অন্তৰ্ভূক্ত হয়।
বিটকইনেৰে কোনো পণ্য কিনা-বেছা কৰিলে ক্ৰেতাই বিক্ৰেতাৰ একাউণ্ট বিটকইন প্ৰেৰণ কৰে যি বিক্ৰেটাৰ একাউণ্টত যোগ হয়। বিক্ৰেতাই এই বিটকইন পৰবৰ্তী সময়ত পুনৰায় পণ্য কিনাত ব্যৱহাৰ কৰিব পাৰে; অন্যহাতে ক্ৰেতাৰ একাউণ্টতৰ পৰা সেই একে পৰিমাণৰ বিটকইন কমি যায়। প্ৰত্যেক চাৰি বছৰ ব্যৱধানত বিটকইনৰ মুঠ সংখ্যা পুনঃনিৰ্ধাৰণ কৰা হয়।
বৈধতা
বিটকইনৰ বিকেন্দ্ৰীকৃত আৰু অনলাইন হোৱাৰ বাবে ইয়াক নিয়ন্ত্ৰণ কৰাতো কঠিন। বিটকইনৰ আইনি বৈধতা দেশ ভেদে বেলেগ বেলেগ। দ্য লাইব্ৰেৰী অব্ কংগ্ৰেছৰ তথ্য অনুসৰি বৰ্তমানলৈ ৮খন দেশে বিটকইন ব্যৱহাৰত "সম্পূৰ্ণ নিষেধাজ্ঞা" আৰোপ কৰিছে। এই দেশকেইখন হৈছে: আলজেৰিয়া, ব'লিভিয়া, ইজিপ্ত, ইৰাক, ম'ৰকো, নেপাল, পাকিস্তান আৰু সংযুক্ত আৰৱ আমিৰাত। আনহাতে ১৫খন দেশে "পৰোক্ষ নিষেধাজ্ঞা" আৰোপ কৰিছে। এই দেশকেইখন হ'ল: বাহৰেইন, বাংলাদেশ, চীন, কলম্বিয়া, ডমিনিকান গণৰাজ্য, ইণ্ডোনেছিয়া, ইৰান, কুৱেইট, ল'চ'থ', লিথুৱেনিয়া, মাকাও, ওমান, কাটাৰ, চৌদি আৰৱ আৰু টাইৱান।২৪
২০১৮ চনৰ ১ ফেব্ৰুৱাৰীৰ বাজেট অধিবেশনত ভাৰতৰ বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে তেখেতৰ ভাষণত ঘোষণা কৰে যে ভাৰত চৰকাৰে বেআইনী কামৰ বাবে বিটকইনৰ ব্যৱহাৰক বন্ধ কৰিবলৈ সকলো প্ৰচেষ্টা চলাব। তেওঁ লগতে এয়াও কয় যে ভাৰতে বিটকইনক বিধিসম্মত মুদ্ৰা ৰূপে ব্যৱহাৰৰ স্বীকৃতি নিদিয়ে।২৫ ২০১৮ চনতে ভাৰতৰ কেন্দ্ৰীয় বেংকিং প্ৰতিষ্ঠান ভাৰতীয় ৰিজাৰ্ভ বেংকে ইয়াৰ নিয়মাধীন সকলো প্ৰতিষ্ঠানতে ক্ৰিপ্ট'কাৰেন্সীৰ লেনদেনত নিষেধাজ্ঞা আৰোপ কৰে।২৬
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Hough, Jack. (3 June 2011). The Currency That's Up 200,000%. SmartMoney. Dow Jones & Company
- ↑ Virtual currencies: Mining digital gold. The Economist (13 April 2013). Retrieved on 20 April 2013
- ↑ Sidel, Robin. (16 April 2013) Bitcoin Investors Hang On for the Ride – WSJ.com. Online.wsj.com. Retrieved on 20 April 2013
- ↑ Nakamoto, Satoshi. Bitcoin: A Peer-to-Peer Electronic Cash System. Bitcoin
- ↑ (December 2013). What is Bitcoin?. CNN
- ↑ Mining. Bitcoin Wiki
- ↑ Madrigal, Alexis. (1 June 2011). Libertarian Dream? A Site Where You Buy Drugs With Digital Dollars. The Atlantic Monthly
- ↑ Chen, Adrian (1 June 2011). The Underground Website Where You Can Buy Any Drug Imaginable. Gawker
- ↑ Ball, James. (22 March 2013). Silk Road: the online drug marketplace that officials seem powerless to stop. The Guardian
- ↑ Yes, Bitcoin is volatile. But it's still got defenders. Washingtonpost.com (11 April 2013). Retrieved on 20 April 2013
- ↑ Study: 45 percent of Bitcoin exchanges end up closing Wired.co.uk (26 April 2013)
- ↑ www.telegraph.co.uk/finance/currency/10408635/Wo
- ↑ Wagner, Kurt. World's First Bitcoin ATM Opens In Vancouver, Canada. Mashable
- ↑ (19 March 2013). US govt clarifies virtual currency regulatory position. Finextra
- ↑ Application of FinCEN's Regulations to Persons Administering, Exchanging, or Using Virtual Currencies. Department of the Treasury Financial Crimes Enforcement Network
- ↑ Bernard, Zoë. (10 November 2018). Everything you need to know about Bitcoin, its mysterious origins, and the many alleged identities of its creator. Business Insider
- ↑ (4 November 2009). Bitcoin. SourceForge
- ↑ (3 January 2009). Block #0. Blockchain
- ↑ Wallace, Benjamin. (23 November 2011). The Rise and Fall of Bitcoin. Wired
- ↑ Peterson, Andrea. (3 January 2014). Hal Finney received the first Bitcoin transaction. Here’s how he describes it.. The Washington Post
- ↑ McMillan, Robert. (18 December 2013). Who Owns the World's Biggest Bitcoin Wallet? The FBI. Wired
- ↑ Simonite, Tom. (15 August 2014). The Man Who Really Built Bitcoin. MIT Technology Review
- ↑ S., L. (2 November 2015). Who is Satoshi Nakamoto?. The Economist. The Economist Newspaper Limited
- ↑ (June 2018). Regulation of Cryptocurrency Around the World. Library of Congress. The Law Library of Congress, Global Legal Research Center. পৃ. 4–5
- ↑ Anand, Nupur. Arun Jaitley has just killed India’s cryptocurrency party. Quartz
- ↑ (6 April 2018). India bans crypto-currency trades. BBC
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিটকইন” প্ৰবন্ধৰ সংশোধন ৬০৬৫৬৮ (১৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।