ঝুম বা ঝুম খেতি উত্তৰ-পূব ভাৰতৰ কিছুমান বিশেষ অঞ্চলত আৰু বাংলাদেশৰ চিট্টাগং পাহাৰীয়া অঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহে কৰা কটা-পোৰা কৃষি পদ্ধতিৰ এটা ৰূপ।১ ই এক পৰম্পৰাগত কৃষি কৌশল। এই পদ্ধতিত কৃষিৰ বাবে বাছনি কৰা মাটিত থকা গছ-গছনি আৰু অন্যান্য ঘাঁহ-বন আঁতৰাই জ্বলাই তাৰ পিছত নিৰ্দিষ্টসংখ্যক বছৰৰ বাবে খেতি কৰা হয়।
কৌশল আৰু শস্য
ৰ মিচিমি পাহাৰত ঝুম খেতি কৰা ইদু-মিচিমি মহিলাসকলে জুইৰ শাৰী সৃষ্টি কৰি জুই বিয়পিবলৈ নিদিয়াকৈ নিজৰ পৰিৱেশ তন্ত্ৰক সুৰক্ষিত কৰে।]]
জানুৱাৰী মাহত ঝুম খেতিয়কবোৰে পাহাৰৰ এঢলীয়াত থকা হাবি কাটি পেলায়। ইয়াৰ পিছত মাটি চাফা কৰি কাটি থোৱা কাঠ, বাঁহ, গছ-গছনি ৰ’দত শুকাবলৈ দিয়ে। পিছলৈ মাৰ্চ–এপ্ৰিলৰ আশে-পাশে শুকান সামগ্ৰী জ্বলাই ঝুম খেতিৰ উপযোগী কৰি তোলা হয়।
ইয়াৰ পিছত মে’ মাহৰ আশে-পাশে ঝুম খেতিয়কসকলে জ্বলি যোৱা ঝুম মাটিত গাঁত খান্দি ধান, ৰঙালাও, কপাহ, তিল, কুঁহিয়াৰ, মাকৈ আদি বিভিন্ন ধৰণৰ বীজ সিঁচে, যিবোৰৰ বিশেষত্বৰ ওপৰত নিৰ্ভৰ কৰি কেইবামাহো পিছত শস্য চপোৱা হয়।২
খৰাঙৰ বাবে কোনো বছৰত ঝুম খেতি নহয়। নিগনি আৰু পোক-পৰুৱাৰ আক্ৰমণ নহ’লে উৎপাদন বেছি হ’ব বুলি আশা কৰা হয়।
ঝুম খেতিৰ বাবে কৃষকসকলে বছৰৰ পাছত বছৰ ধৰি নিজৰ কৃষিস্থান সলনি কৰিব লাগে যাতে মাটিখিনি পুনৰ সাৰুৱা হ’ব পাৰে। আগতে পাহাৰৰ প্ৰাকৃতিক অৰণ্যবোৰ বহুদিনলৈ খেতি নকৰাকৈ থকা দেখা গৈছিল। শেহতীয়াকৈ অৱশ্যে পৰম্পৰাগত খেতি নকৰা সময়ছোৱা দহ বছৰৰপৰা দুবছৰৰপৰা তিনিবছৰলৈ বিপদজনকভাৱে হ্ৰাস পাইছে। ইয়াৰ কাৰণ জনসংখ্যাৰ চাপ, কাপ্তাই জলাশয় আৰু বৃহৎ পৰিসৰৰ অজনজাতীয় বসতিৰ বাবে কৃষিভূমিৰ অভাৱ আৰু সাৰুৱা মাটি উপলভ্য নোহোৱা।৩
অসুবিধাসমূহ
ঝুম খেতি কৰিলে পৰিৱেশৰ ব্যাপক ক্ষতি হয়।৪৫ ঝুম খেতিৰ ক্ষতিকাৰক প্ৰভাৱৰ ভিতৰত মাটিৰ উৰ্বৰতা হেৰুৱা, মাটি খহনীয়া, বনাঞ্চল ধ্বংস, বন্যপ্ৰাণীৰ বাসস্থান ধ্বংস, নদী আৰু বিলত পানী উপচি পৰা আদি। ই সময়ৰ লগে লগে মাটিৰ উৰ্বৰতা আৰু শস্যৰ উৎপাদনো হ্ৰাস কৰে আৰু শেষত উৎপাদন ইমানেই হ্ৰাস পায় যে এটা ঝুম খেতিয়কৰ পৰিয়াল একেডোখৰ ঠাইতে খেতি কৰি জীয়াই থাকিব নোৱাৰে। আটাইতকৈ বেছি অনুসৰণ কৰা ন্যূনতম সাতৰপৰা আঠ বছৰৰ চক্ৰটো বৰ্তমান তিনিৰপৰা চাৰি বছৰলৈ হ্ৰাস কৰা হৈছে যিটো একেবাৰেই যথেষ্ট নহয়। এই কাৰণসমূহৰ বাবে শস্যৰ উৎপাদন যথেষ্ট হ্ৰাস পাইছে, যাৰ বাবে ঝুম খেতিৰ উপযুক্ত বিকল্প উদ্ভাৱন কৰাটো অতি জটিল হৈ পৰিছে।৩
তথ্যসূত্ৰ
- ↑ (August 10, 2014). Robust Yield of Jhum in the Hill Tracts. Bangladesh Pratidin
- ↑ Choudhury, Sanjoy. Jhum. Geography and You
- ↑ Islam, Md Shahidul. Jhum. Banglapedia: National Encyclopedia of Bangladesh. Asiatic Society of Bangladesh
- ↑ Dhar, Bijoy. (October 3, 2020). Jhum farmers happy with robust yield in Rangamati. Dhaka Tribune
- ↑ (September 26, 2019). Rangamati jhum cultivators start harvesting paddy. The Daily Star
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঝুম খেতি” প্ৰবন্ধৰ সংশোধন ৬২০২৬০ (২৭ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।