অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

ভাৰতৰ ৰাষ্ট্ৰীয় পুৰুষ ফিল্ড হকী দল

ভাৰতৰ ৰাষ্ট্ৰীয় পুৰুষ ফিল্ড হকী দলে আন্তঃৰাষ্ট্ৰীয় ফিল্ড হকী প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰে, এই দল হকী ইণ্ডিয়াৰ দ্বাৰা পৰিচালিত। দলটো পূৰ্বতে ভাৰতীয় হকী ফেডাৰেচনৰ নিয়ন্ত্ৰণত আছিল। আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেচনৰ অংশ হোৱা ভাৰত আছিল প্ৰথম অনা-ইউৰোপীয় দল।

হালনাগাদ: ১১ আগষ্ট ২০২৪ ১,৬৫৯ শব্দ · ৯ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

ভাৰতৰ ৰাষ্ট্ৰীয় পুৰুষ ফিল্ড হকী দলে আন্তঃৰাষ্ট্ৰীয় ফিল্ড হকী প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰে, এই দল হকী ইণ্ডিয়াৰ দ্বাৰা পৰিচালিত। দলটো পূৰ্বতে ভাৰতীয় হকী ফেডাৰেচনৰ নিয়ন্ত্ৰণত আছিল। আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেচনৰ অংশ হোৱা ভাৰত আছিল প্ৰথম অনা-ইউৰোপীয় দল।১ ১৯২৮ চনত দলটোৱে প্ৰথমবাৰ অলিম্পিকত স্বৰ্ণ পদক লাভ কৰে আৰু ১৯৬০ চনলৈকে ভাৰতীয় পুৰুষ দল অলিম্পিকত অপৰাজিত হৈ থাকে আৰু একেৰাহে ছটা সোণৰ পদক লাভ কৰে। দলটোৱে তেওঁলোকৰ প্ৰথম খেলৰ পৰা ১৯৬০ চনৰ স্বৰ্ণ পদকৰ ফাইনেলত পৰাজিত হোৱালৈকে এই সময়ছোৱাত ৩০–০ ত জয়ৰ ধাৰা বজাই ৰাখিছিল। ভাৰতে ১৯৭৫ চনত বিশ্বকাপ জিকিছিল। ভাৰতৰ হকী দলটো অলিম্পিকত এতিয়ালৈকে আটাইতকৈ সফল দল, যি ১৯২৮, ১৯৩২, ১৯৩৬, ১৯৪৮, ১৯৫২, ১৯৫৬, ১৯৬৪ আৰু ১৯৮০ চনত আঠটা সোণৰ পদক জিকিছিল। ১৩৪খন খেলৰ ভিতৰত ৮৩টা বিজয়ৰ সৈতে অলিম্পিক ইতিহাসত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ সামগ্ৰিক প্ৰদৰ্শন আছে। তেওঁলোকে আন যিকোনো দলতকৈ অলিম্পিকত সৰ্বাধিক গ'ল কৰিছে। ১৯২৮ আৰু ১৯৫৬ চনত এটাও গ'ল নোখোৱাকৈ অলিম্পিক জয় কৰা তেওঁলোক একমাত্ৰ দল।

ভাৰতৰ ৰাষ্ট্ৰীয় পুৰুষ ফিল্ড হকী দলটো এছিয়াৰ অন্যতম সফল দল। তেওঁলোকে ১৯৬৬, ১৯৯৮ আৰু ২০১৪ চনত তিনিবাৰ এছিয়ান গেমছ জিকিছে। ২০০৩, ২০০৭ আৰু ২০১৭ চনত এছিয়া কাপত ভাৰত শীৰ্ষস্থানলৈ আহিছিল। ভাৰতে ৫৩খন খেলৰ ভিতৰত ৪০ খনত জয় লাভ কৰিছে, যিটো এছিয়া কাপৰ যিকোনো দলৰ বাবে সৰ্বাধিক। তেওঁলোক ২০১১, ২০১৬ আৰু ২০১৮ চনত তিনিবাৰ প্ৰতিযোগিতাখন জিকি এছিয়ান চেম্পিয়নছ ট্ৰফীৰ আটাইতকৈ সফল দল ৰূপে পৰিগণিত হৈছে। মুঠতে, ভাৰতে ২৭টা আনুষ্ঠানিক আন্তঃৰাষ্ট্ৰীয় খিতাপ জয় কৰিছে।

ইতিহাস

সোণালী যুগ (১৯২৮–৫৯)

ভাৰতীয় হকী ফেডাৰেচন গঠনৰ পাছত ভাৰতে ১৯২৮ চনৰ অলিম্পিকত এটা দল প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছিল। ভাৰতে সেইবছৰ অলিম্পিকত স্বৰ্ণ পদক লাভ কৰে। গ্ৰুপ পৰ্যায়ত ভাৰতে অষ্ট্ৰিয়াক ৬-০, বেলজিয়ামক ৯-০ আৰু ছুইজাৰলেণ্ডক ৫-০ গ'লত পৰাস্ত কৰে। তেওঁলোকে জয়পাল সিং মুণ্ডাৰ অধিনায়কত্বত ফাইনেলত নেডাৰলেণ্ডক ৩-০ গ'লত পৰাস্ত কৰিছিল।২ তাৰ পাছত ভাৰতে ১৯৩২ চনৰ অলিম্পিকত জাপানৰ বিৰুদ্ধে ১১-১ গ'লত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে ২৪-১ গ'লত জয়লাভ কৰে য'ত ধ্যান চান্দে ৮টা গ'ল আৰু ৰূপ সিঙে ১০টা গ'ল কৰিছিল, ইমান বছৰৰ পাছতো অলিম্পিকত এয়া এতিয়ালৈকে বিজয়ৰ সৰ্ববৃহৎ ব্যৱধান।৩ ভাৰতে ১৯৩৬ চনৰ অলিম্পিকত একেলেথাৰিয়ে তৃতীয়টো খিতাপ জয় কৰিছিল, সেইবাৰ কিংবদন্তি খেলুৱৈ ধ্যান চান্দে নিজে অধিনায়কত্ব কৰিছিল। ভাৰতে গ্ৰুপ পৰ্যায়ত জাপানৰ বিৰুদ্ধে ৯-০, হাংগেৰীৰ বিৰুদ্ধে ৪-০ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে ৭-০ ত জয়লাভ কৰে। ছেমি ফাইনেলত তেওঁলোকে ফ্ৰান্সক ১০-০ গ'লত পৰাস্ত কৰে। দলটোৱে ফাইনেলত জাৰ্মানীৰ মুখামুখি হৈছিল। খেলখন ভাৰতে ৮-১ ব্যৱধানত জিকিছিল, এয়াই সমগ্ৰ প্ৰতিযোগিতাখনত ভাৰতে খোৱা একমাত্ৰ গ'লটো আছিল আৰু লগতে এয়া আছিল ফাইনেলত আটাইতকৈ ডাঙৰ জয়ৰ ব্যৱধান।৩ ক্ৰমাগত ৩টা অলিম্পিক খিতাপ অৰ্জন কৰা ভাৰতীয় হকী দলটোক প্ৰায়ে সৰ্বশ্ৰেষ্ঠ দল হিচাপে গণ্য কৰা হয়।৪

দ্বিতীয় বিশ্বযুদ্ধৰ ফলত ১৯৪০ আৰু ১৯৪৪ চনৰ অলিম্পিক বাতিল হয়, যাৰ ফলত বিশ্ব হকীত আধিপত্য বিস্তাৰ কৰা দলটোৰ যুগৰ সমাপ্তি ঘটে।৫ ১৯৪৮ চনৰ অলিম্পিকত ভাৰতক এ গ্ৰুপত ৰখা হৈছিল আৰু তিনিওখন খেলতে জয় লাভ কৰিছিল, অষ্ট্ৰিয়াৰ বিৰুদ্ধে ৮-০, আৰ্জেণ্টিনাৰ বিৰুদ্ধে ৯-১ আৰু স্পেইনৰ বিৰুদ্ধে ২-০ৰ জয়। ফাইনেলত ভাৰতে গ্ৰেট ব্ৰিটেইনৰ মুখামুখি হৈছিল, ভাৰতে প্ৰথমবাৰৰ বাবে তেওঁলোকৰ মুখামুখি হৈছিল। ব্ৰিটিছ দলটোৱে ইতিমধ্যে ১৯০৮ আৰু ১৯২০ অলিম্পিকত স্বৰ্ণ পদক জিকিছিল, সেয়েহে এই খেলখনক চেম্পিয়নৰ যুঁজ হিচাপে গণ্য কৰা হৈছিল আৰু অৱশেষত ভাৰতে খেলখন ৪-০ত জিকিছিল।৬ এই ফলাফল ভাৰতৰ বাবে মধুৰ আছিল কিয়নো মাত্ৰ এবছৰ আগতে ব্ৰিটিছৰ পৰা ভাৰতে স্বাধীনতা লাভ কৰিছিল। এই জয়ক প্ৰায়ে ভাৰতীয় ফিল্ড হকী আৰু সকলো ভাৰতীয় ক্ৰীড়াৰ সৰ্বশ্ৰেষ্ঠ মুহূৰ্ত হিচাপে গণ্য কৰা হয়।৭

ভাৰতে ১৯৫২ আৰু ১৯৫৬ চনৰ অলিম্পিকত আৰু ২টা সোণৰ পদক অৰ্জন কৰে আৰু সেই সময়ত আটাইতকৈ সফল আৰু প্ৰভাৱশালী দল হিচাপে নিজৰ অভিলেখ বজাই ৰাখে। ১৯৫২ চনৰ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতে অষ্ট্ৰিয়াৰ বিৰুদ্ধে ৪-০, গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে ছেমি ফাইনেলত ৩-১ গ'লত জয়লাভ কৰে আৰু ফাইনেলত নেডাৰলেণ্ডক ৬-১ গ'লত পৰাস্ত কৰে।৮ খেলখন বলবীৰ সিং জেষ্ঠ্যৰ ৫টা গ'লৰ যাদুকৰী প্ৰদৰ্শনৰ বাবে বিখ্যাত, যিটো আজিও অলিম্পিকৰ এক স্মৰণীয় মুহূৰ্ত। ১৯৫৬ চনৰ অলিম্পিকত ভাৰতে গ্ৰুপ পৰ্যায়ত আফগানিস্তানক ১৪-০, আমেৰিকা যুক্তৰাষ্ট্ৰক ১৬-০ আৰু ছিংগাপুৰক ৬-০ গ'লত পৰাস্ত কৰে। ছেমি ফাইনেলত ভাৰতে জাৰ্মানীক ১-০ গ'লত পৰাস্ত কৰে। ফাইনেলত ভাৰতে পাকিস্তানৰ মুখামুখি হয় আৰু মেচখন ১-০ ত জিকিছিল, যিটো আছিল ফিল্ড হকীৰ আটাইতকৈ ডাঙৰ প্ৰতিদ্বন্দ্বিতাৰ আৰম্ভণি।৯ ১৯৫৮ চনৰ এছিয়ান গেমছত ভাৰত আৰু পাকিস্তান পুনৰ মুখামুখি হয় আৰু এইবাৰ খেলখন ০-০ ত অমীমাংসিত ভাৱে সমাপ্ত হয়। ভাৰতে জাপানক ৮-০, দক্ষিণ কোৰিয়াক ২-১ আৰু মালয়েছিয়াক ৬-০ গ'লত পৰাস্ত কৰে। কিন্তু পাকিস্তানে এছিয়ান গেমছত উন্নত গড়ৰ দ্বাৰা স্বৰ্ণৰ পদক লাভ কৰিছিল। আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতে প্ৰথমবাৰৰ বাবে ৰানাৰ্ছ-আপ হয়।১০

আধিপত্যৰ অন্তিম বছৰ (১৯৬০–৮০)

১৯৬০ চনৰ অলিম্পিকত ভাৰতে ডেনমাৰ্কৰ বিৰুদ্ধে ১০-০, নেডাৰলেণ্ডৰ বিৰুদ্ধে ৪-১ আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে ৩-০ ব্যৱধানত জয়লাভ কৰি অভিযান আৰম্ভ কৰে। ভাৰতে ক্ৰমে কোৱাৰ্টাৰ ফাইনেল আৰু ছেমি ফাইনেলত অষ্ট্ৰেলিয়া আৰু গ্ৰেট ব্ৰিটেইনক পৰাস্ত কৰে। পিছে ফাইনেলত পাকিস্তানৰ হাতত ০-১ গ'লত পৰাস্ত হয়, ফলত ভাৰতৰ একেলেথাৰিকৈ লাভ কৰা ৬টা স্বৰ্ণৰ পদক আৰু ৩০খন অপৰাজিত খেলৰ ধাৰা সমাপ্ত হয়। এইটো ভাৰতীয় হকীৰ এটা নতুন যুগৰ আৰম্ভণি আছিল, প্ৰথমবাৰৰ বাবে ভাৰতে অলিম্পিকত এখন মেচত পৰাজয় হৈছিল।১১ দুবছৰ পাছত ভাৰতে ১৯৬২ চনৰ এছিয়ান গেমছত আন এটা ৰূপৰ পদক অৰ্জন কৰে। ১৯৬৪ চনৰ অলিম্পিকত হংকং, বেলজিয়াম, নেডাৰলেণ্ড, মালয়েছিয়া আৰু কানাডাৰ বিৰুদ্ধে জয় লাভ কৰি আৰু স্পেইন আৰু জাৰ্মানীৰ সৈতে ড্ৰ খেল খেলি ভাৰত শক্তিশালীভাৱে উভতি আহে। ছেমি ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াক ৩-১ গ'লত পৰাস্ত কৰে, আৰু তেওঁলোকে ফাইনেলত পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰি অলিম্পিকত তেওঁলোকৰ ৭ম স্বৰ্ণ পদক দখল কৰে আৰু লগতে ১৯৬৬ চনৰ এছিয়ান গেমছত পাকিস্তানক পুনৰ পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰে।১২

১৯৬৮ চনৰ অলিম্পিকত ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাজয়ৰ সৈতে আৰম্ভ কৰিছিল কিন্তু পশ্চিম জাৰ্মানী, জাপান, স্পেইন, মেক্সিকো, পূব জাৰ্মানী, বেলজিয়ামৰ বিৰুদ্ধে তেওঁলোকৰ বাকী থকা ৬খন খেলৰ সকলোবোৰ জিকিছিল। পিছে ভাৰতে প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাজিত হৈ তৃতীয় স্থানৰ খেলখনত পশ্চিম জাৰ্মানীক পৰাস্ত কৰি সফলতাৰে ব্ৰঞ্জৰ পদক লাভ কৰিছিল।১৩ ১৯৭২ চনৰ অলিম্পিকতো ফলাফল একেই আছিল; ভাৰতে গ্ৰেট ব্ৰিটেইন, অষ্ট্ৰেলিয়া, কেনিয়া, নিউজিলেণ্ড আৰু মেক্সিকোক পৰাস্ত কৰি খেল আৰম্ভ কৰিছিল কিন্তু নেডাৰলেণ্ড আৰু পোলেণ্ডৰ সৈতে ড্ৰ খেলিছিল। তেওঁলোক ছেমি ফাইনেলত পাকিস্তানৰ দ্বাৰা পৰাজিত হৈছিল। তৃতীয় স্থানৰ খেলখনত ভাৰতে নেডাৰলেণ্ডক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক দখল কৰে।১৪

১৯৭২ চনৰ অলিম্পিকৰ এবছৰ আগতে ভাৰতে কেনিয়াৰ বিৰুদ্ধে জয়লাভ কৰি ১৯৭১ চনৰ বিশ্বকাপত ব্ৰঞ্জৰ পদক জিকিছিল। ১৯৭৩ চনৰ বিশ্বকাপত ভাৰতে ছেমি ফাইনেলত পাকিস্তানক পৰাস্ত কৰে, কিন্তু ফাইনেলত নেডাৰলেণ্ডৰ বিৰুদ্ধে খেলখন ২-২ ৰ অমীমাংসিত হৈ সমাপ্ত হোৱাৰ পাছত পেনাল্টি শ্বুট আউটত পৰাস্ত হয়। ১৯৭৫ চনৰ বিশ্বকাপত ভাৰতে ছেমি ফাইনেলত মালয়েছিয়াক পৰাস্ত কৰি ফাইনেলত চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানক পৰাস্ত কৰি প্ৰথম খিতাপ দখল কৰে।১৫ ১৯৭৬ চনৰ অলিম্পিকৰ এষ্ট্ৰো-টাৰ্ফ হকী পিটছ প্ৰৱৰ্তন কৰা হৈছিল, ভাৰতে ঘাঁহত দেখুওৱাৰ দৰে তেওঁলোকৰ আধিপত্য বজাই ৰাখিবলৈ সংগ্ৰাম কৰিব লগা হৈছিল আৰু প্ৰথমবাৰৰ বাবে কোনো পদক অবিহনে ঘৰলৈ উভতি আহিছিল। ১৯৮০ চনৰ অলিম্পিক মস্কোত অনুষ্ঠিত হৈছিল, ভাৰতে টাঞ্জানিয়াৰ বিৰুদ্ধে ১৮-০ ব্যৱধানত জয়লাভ কৰি অভিযান আৰম্ভ কৰিছিল, তাৰ পাছত পোলেণ্ড আৰু স্পেইনৰ সৈতে ২-২ ত ড্ৰ খেলিছিল, কিউবাৰ বিৰুদ্ধে ১৩-০ ৰ ব্যৱধানত জয় লাভ কৰিছিল আৰু ছ'ভিয়েট সংঘৰ বিৰুদ্ধে ৪-২ ৰ গ'লত আন এটা জয় লাভ কৰিছিল। ভাৰতে পাছত ফাইনেলত স্পেইনক ৪-৩ গ'লত পৰাস্ত কৰি অভিলেখ সংখ্যক ৮ম বাৰৰ বাবে স্বৰ্ণ পদক অৰ্জন কৰিছিল।১৬

পতন (১৯৮১–৯৭)

১৯৮০ চনৰ অলিম্পিকৰ সফলতাৰ পাছত ভাৰতৰ প্ৰদৰ্শন নিম্নগামী হয় আৰু পৰৱৰ্তী দশকবোৰত ৰাষ্ট্ৰীয় দলটোৰ যথেষ্ট উত্থান-পতন হয়। দলটোৱে বিশ্বকাপ বা অলিম্পিকত কোনো পদক জিকিবলৈ ব্যৰ্থ হৈছিল যদিও এছিয়াৰ শীৰ্ষ দল হৈয়েই আছিল আৰু মহাদেশীয় প্ৰতিযোগিতাবোৰত কেইবাটাও পদক জিকিছিল। ১৯৮২ বিশ্বকাপ ভাৰতে আয়োজন কৰিছিল আৰু ৰাষ্ট্ৰীয় দলটোৱে পঞ্চম স্থান লাভ কৰিছিল। দলটো ১৯৮২ চনৰ এছিয়ান গেমছৰ ফাইনেল আৰু কৰাচীত অনুষ্ঠিত প্ৰথম এছিয়া কাপৰ ফাইনেল দুয়োখনতে পাকিস্তানৰ হাতত পৰাজিত হৈছিল। ভাৰতে ১৯৮৬ চনৰ এছিয়ান গেমছ আৰু ১৯৮২ চনৰ চেম্পিয়নছ ট্ৰফীত ব্ৰঞ্জৰ পদক আৰু ১৯৮৫ আৰু ১৯৮৯ এছিয়া কাপত ৰূপৰ পদক লাভ কৰি ৮০ৰ দশকটোৰ সমাপ্তি ঘটায়। কোনো ডাঙৰ প্ৰতিযোগিতাত তেওঁলোকৰ একমাত্ৰ স্বৰ্ণ জয় আছিল ১৯৮৫ চনৰ চুলতান আজলান শ্বাহ কাপত। ভাৰতে ১৯৯১ চনৰ চুলতান আজলান শ্বাহ কাপ জিকিছিল আৰু ১৯৯৪ চনৰ এছিয়া কাপৰ ফাইনেলত উপনীত হৈছিল কিন্তু ফাইনেলত দক্ষিণ কোৰিয়াৰ হাতত পৰাজিত হৈছিল। ভাৰতে পাছত ১৯৯৫ চনৰ চুলতান আজলান শ্বাহ কাপ পুনৰ জিকিছিল।

পুনৰুত্থান (১৯৮৯–২০১২)

ভাৰতে ১৯৯৮ চনৰ এছিয়ান গেমছত দক্ষিণ কোৰিয়াক পৰাস্ত কৰি ৩২ বছৰৰ পাছত তেওঁলোকৰ প্ৰথম মহাদেশীয় খিতাপ জিকিছিল। দলটোৱে ১৯৯৮ চনৰ কমনৱেলথ গেমছত চতুৰ্থ স্থান লাভ কৰিছিল। তেওঁলোকে ১৯৯৯ চনৰ এছিয়া কাপত ব্ৰঞ্জৰ পদক লাভ কৰি দশকটো সমাপ্ত ঘটাইছিল।

ভাৰতে ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি উদ্বোধনী হকী চেম্পিয়ন চেলেঞ্জৰ দ্বাৰা নতুন সহস্ৰাব্দ আৰম্ভ কৰিছিল। ২০০৩ চনত ভাৰতে তেওঁলোকৰ প্ৰথম এছিয়া কাপ খিতাপ জিকিছিল। ২০০৩ চনত ফাইনেলত পাকিস্তানক পৰাস্ত কৰি ভাৰতে প্ৰথম আৰু একমাত্ৰ আফ্ৰো-এছিয়ান গেমছৰ খিতাপ অৰ্জন কৰিছিল। ২০০৬ এছিয়ান গেমছত তেওঁলোকৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এছিয়ান গেমছত কোনো পদক লাভ কৰিব নোৱাৰিলে, তেওঁলোকে পঞ্চম স্থান লাভ কৰে। ভাৰতে ২০০৭ চনৰ এছিয়া কাপ জয় কৰি এছিয়া কাপত সফলতাৰে নিজৰ খিতাপ ৰক্ষা কৰে। ফাইনেলত দলটোৱে দক্ষিণ কোৰিয়াক ৭-২ ব্যৱধানত পৰাস্ত কৰে। ২০০৭ চনত এফআইএইচ বিশ্ব ৰেংকিঙত দলটো তেওঁলোকৰ সৰ্বনিম্ন ৰেংকিং ১২ স্থান পায়। ভাৰতে প্ৰথমবাৰৰ বাবে ২০০৮ বেইজিং অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ ব্যৰ্থ হৈছিল।১৭

২০০৯ চনৰ পৰৱৰ্তী এছিয়া কাপ টুৰ্ণামেণ্টত দলটোৰ ভাল প্ৰদৰ্শন কৰিব পৰা নাছিল আৰু পঞ্চম স্থান লাভ কৰি কোনো পদক লাভ কৰাত ব্যৰ্থ হৈছিল। এয়া প্ৰথমবাৰৰ বাবে ঘটিছিল। দলটোৱে ২০০৯ চনৰ চুলতান আজলান শ্বাহ কাপ জয় লাভ কৰি পুনৰ গতি লাভ কৰে আৰু ২০১০ সংস্কৰণতো যুটীয়া বিজয়ী হয়। ভাৰতত আয়োজিত ২০১০ চনৰ বিশ্বকাপত দলটোৱে অষ্টম স্থান লাভ কৰে। ভাৰতৰ আয়োজন কৰা ২০১০ কমনৱেলথ গেমছত ৰাষ্ট্ৰীয় দলটোৱে ফাইনেলত উপনীত হৈছিল য'ত অষ্ট্ৰেলিয়াৰ হাতত ০-৮ ব্যৱধানত পৰাজিত হৈ ৰূপৰ পদক লাভ কৰিছিল, এয়া ভাৰতে এতিয়ালৈকে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ পৰাজয়। ২০১১ সংস্কৰণৰ ফাইনেলত পাকিস্তানক পৰাস্ত কৰাৰ পাছত ভাৰত প্ৰথমবাৰৰ বাবে এছিয়ান চেম্পিয়নছ ট্ৰফীৰ চেম্পিয়ন হৈছিল। ২০১২ চনত দলটোৱে তেওঁলোকৰ সকলো বোৰ খেলত পৰাজিত হৈ অলিম্পিকত অন্তিম স্থান লাভ কৰিছিল, অলিম্পিকত এতিয়ালৈকে আটাইতকৈ সফল দল হোৱা স্বত্বেও এনে ফলাফল হতাশাজনক আছিল। ভাৰতে ২০১২ এছিয়ান চেম্পিয়নছ ট্ৰফীত ৰানাৰ্ছ-আপ আছিল।

২০১৩–বৰ্তমান (অলিম্পিক প্ৰত্যাৱৰ্তন)

অলিম্পিকত হতাশাজনক প্ৰদৰ্শনৰ পাছত ভাৰতে ২০১৩ চনৰ এছিয়ান চেম্পিয়নছ ট্ৰফী খেলি পঞ্চম স্থান লাভ কৰিছিল। ২০১৪ চনৰ এছিয়ান গেমছ দলটোৰ বাবে টাৰ্ণিং পইণ্ট হৈ পৰিছিল য'ত পাকিস্তানক পৰাস্ত কৰি তেওঁলোকে তৃতীয় স্বৰ্ণ পদক জয় কৰিছিল। ২০১৪-১৫ হকী ৱৰ্ল্ড লীগত ভাৰতে নেডাৰলেণ্ডক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক জিকিছিল। দলটোৱে ২০১৬ চনৰ পুৰুষ হকী চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত উপনীত হৈছিল কিন্তু পেনাল্টি শ্বুটআউটত অষ্ট্ৰেলিয়াৰ হাতত পৰাজিত হৈছিল। সলটোৰ জয়ৰ শৃঙ্খলা ২০১৬ চনৰ এছিয়ান চেম্পিয়নছ ট্ৰফীত পাকিস্তানক আৰু ২০১৭ এছিয়া কাপত মালয়েছিয়াক পৰাস্ত কৰি খিতাপ লাভেৰে উভতি আহিছিল। দলটোৱে ২০১৬-১৭ বৰ্ষৰ হকী ৱৰ্ল্ড লীগত জাৰ্মানীক ২-১ গ'লত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

২০১৮ চনৰ এছিয়ান গেমছ দলটোৰ বাবে অলপ হতাশাজনক প্ৰমাণিত হৈছিল কিয়নো ডিফেণ্ডিং চেম্পিয়ন হোৱাৰ লগতে ফেভাৰিট হৈয়ো ছেমি ফাইনেলত মালয়েছিয়া হাতত পৰাস্ত হৈছিল, পিছে পাকিস্তানক ২-১ গ'লত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰিছিল। দলটোৱে ২০১৮ চনৰ এছিয়ান চেম্পিয়নছ ট্ৰফী জয় লাভ কৰে আৰু ২০১৮-১৯ পুৰুষ হকী শৃংখলাত স্বৰ্ণৰ পদক দখল কৰি শক্তিশালীভাৱে প্ৰত্যাৱৰ্তন ঘটায়। ভাৰতে ২০১৮ হকী বিশ্বকাপত আয়োজক হিচাপে খেলিছিল আৰু কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈ নেডাৰলেণ্ডৰ হাতত পৰাজিত হৈছিল।

২০২১ চনত জাৰ্মানীক ৫-৪ গ'লত পৰাস্ত কৰি ভাৰতীয় দলে ২০২০ টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰে। এইটো এক ঐতিহাসিক জয় আছিল কিয়নো ভাৰতীয় হকী দলে ৪১ বছৰৰ ব্যৱধানৰ পাছত অলিম্পিকত পদক লাভ কৰিছিল।১৮১৯

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Hockey India
  2. ↑ (26 May 2017). Reliving Indian hockey's glory days: On this day in 1928, India won its first Olympic gold. The News Minute
  3. ↑ (7 July 2012). 1932 Olympics games: India's dominance continues. The Hindu
  4. ↑ Barefoot and without a tooth, Dhyan Chand's magic took centrestage at Berlin 1936. Olympic Channel
  5. ↑ Roos, Dave. When World Events Disrupted the Olympics. HISTORY
  6. ↑ For independent India, how hockey made a new beginning at 1948 London Olympics. Olympic Channel
  7. ↑ 1948 olympics games: 'Success that day tasted the best': 72nd anniversary of independent India's first Olympic gold | Hockey News–Times of India. The Times of India
  8. ↑ When the Helsinki sun shone brightly on Indian hockey team at 1952 Olympics. Olympic Channel
  9. ↑ Melbourne 1956: Indian hockey's record breakers earn sixth Olympic gold. Olympic Channel
  10. ↑ Ghosh, Rajarshi. (19 September 2014). India's glorious past in Asian Games Hockey (1958–2010). sportskeeda.com
  11. ↑ (12 July 2012). 1960 Olympics: Pakistan ends India's dominance. The Hindu
  12. ↑ ShieldSquare Captcha. validate.perfdrive.com
  13. ↑ Mexico 1968 Olympics: Two captains hurt rhythm, Indian hockey team gets bronze. Olympic Channel
  14. ↑ Munich 1972 Olympics: Indian hockey team returns with second straight bronze. Olympic Channel
  15. ↑ On This Day: Indian hockey team beats Pakistan to lift 1975 World Cup. Sportstar
  16. ↑ When the Indian hockey team regained its lost glory at 1980 Moscow Olympics. Olympic Channel
  17. ↑ (28 February 2012). Is Indian hockey on an upswing?. BBC News
  18. ↑ Olympics: India win bronze medal in Tokyo, first Olympic medal in hockey since 1980 Hindustan Times. Retrieved 5 August 2021
  19. ↑ India vs Germany Hockey, Olympics 2021 Live: India win historic men's hockey bronze, beat Germany 5-4. The Times of India

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ ৰাষ্ট্ৰীয় পুৰুষ ফিল্ড হকী দল” প্ৰবন্ধৰ সংশোধন ৪২৮৪৮৭ (১১ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।