মধুবানী চিত্ৰশিল্প (Madhubani art) ভাৰতীয় লোক চিত্ৰকলাৰ এক অংশ। বিহাৰৰ মিথিলাত ইয়াৰ অনুশীলন কৰা হয়। ই এটি ঐতিহ্যমণ্ডিত মৌলিক শিল্প। এই চিত্ৰকলা হাতৰ আঙুলি, কাঠি, ব্ৰাচ, নিব-কলম, জুইশলা কাঠি আদি ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়। প্ৰাকৃতিক ভাবে তৈয়াৰী ৰং আৰু ৰঞ্জক এই ছবিসমূহত ব্যৱহাৰ কৰা হয়। দৃষ্টিনন্দন জ্যামিতিক শৈলীয়েই হৈছে ছবিসমূহৰ মূল বৈশিষ্ট্য। জন্ম আৰু বিবাহ, ফাকুৱা, কালী-পূজা, উপনয়ন, দুৰ্গা পূজা আদি বিভিন্ন অনুষ্ঠান বা উৎসৱৰ বাবে ইয়াত ৰীতিগত বিষয়বস্তু আছে।
উৎস
ভাৰতৰ মিথিলা অঞ্চলৰ বিভিন্ন সম্প্ৰদায়ৰ মহিলাসকলে ঐতিহ্যগতভাৱে মধুবানী চিত্ৰকলা বা মিথিলা চিত্ৰ নিৰ্ম্মাণ কৰে। বিহাৰৰ মধুবানী জিলাৰ মিথিলা অঞ্চল ইয়াৰ উৎপত্তিস্থল। মধুবানী এই চিত্ৰসমূহৰ এক প্ৰধান ৰপ্তানি কেন্দ্ৰ।১ সমগ্ৰ অঞ্চলটোতে দেৱাল চিত্ৰৰূপে বহুলভাৱে এই চিত্ৰকলাৰ অনুশীলন কৰা হয়। মধুবানী জিলাৰ আশে-পাশে থকা গাঁওবোৰত সাধাৰণতে কাগজ আৰু কেনভাচত এই চিত্ৰকলাৰ বিকাশ হয় আৰু কালক্ৰমত মিথিলা চিত্ৰকলাৰ সৈতে মধুবানী চিত্ৰশিল্প শব্দটোও ব্যৱহাৰ হ'বলৈ ধৰে।
পৰম্পৰাগতভাৱে বোকাৰে লেপা দেৱাল বা মজিয়াত এই চিত্ৰসমূহ অংকন কৰা হৈছিল। কিন্তু এতিয়া কাপোৰ, হস্তনিৰ্মিত কাগজ আৰু কেনভাচতো মধুবানী চিত্ৰ অঁকা হয়।২ চাউলৰ গুড়িৰ পেষ্টৰপৰা মধুবানী চিত্ৰকলা নিৰ্ম্মাণ হয়।
শৈলী
মধুবানী চিত্ৰশিল্পৰ পাঁচটা ভিন্ন শৈলী আছে। সেইসমূহ হৈছে- ভৰ্ণি, কচ্নি, তান্ত্ৰিক, গোড়না আৰু কোহবাৰ। ১৯৬০ চনত ভাৰত আৰু নেপালৰ বিশেষকৈ উচ্চ বৰ্ণৰ ব্ৰাহ্মণ আৰু কায়স্থ মহিলাসকলে ভৰ্ণি, কচ্নি আৰু তান্ত্ৰিক শৈলী অংকন কৰিছিল। তেওঁলোকৰ বিষয়বস্তু মূলতঃ ধাৰ্মিক আছিল আৰু তেওঁলোকে সততে দেৱ-দেৱতা, গছ আৰু জীৱ-জন্তুৰ চিত্ৰ আঁকিছিল। নিম্ন বৰ্ণৰ শিল্পীসকলে ঘাইকৈ নিজৰ জীৱন শৈলী আৰু ঘটনা প্ৰৱাহক লৈ আৰু ৰাজা শৈলেশ(গাঁৱৰ ৰক্ষাকৰ্তা)ৰ কাহিনী বা অন্য বিষয়-বস্তু লৈ চিত্ৰ অংকন কৰিছিল। কিন্তু বৰ্তমান মধুবানী চিত্ৰশিল্পই এক গোলকীয় মৰ্যাদা পোৱাৰ পাছত শিল্পীসকলৰ মাজত বৰ্ণ বা জাত লৈ একো প্ৰভেদ নাথাকিল। সকলোৱে পাঁচোটা শৈলীত কাম কৰে। মধুবানী চিত্ৰশিল্পই বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে।৩
অৱদান
বিহাৰত সঘনে বনাঞ্চল ধ্বংস হৈ থকাৰ সময়ত, ২০১২ চনত ভাৰতৰ 'পৰিৱেশ সংৰক্ষণ প্ৰয়াস'ত মধুবানী চিত্ৰশিল্পই এক মুখ্য ভূমিকা লৈছিল। ৰাস্তাৰ সম্প্ৰসাৰণ আৰু বিকাশৰ নামত যিসমূহ গছ কটা হৈছিল সেই স্থানীয় গছবোৰ ৰক্ষাৰ বাবে 'গ্ৰাম বিকাশ কেন্দ্ৰ' নামৰ এন জি অ'টোৰ পৰিচালিকা সস্তী নাথ ঝাই এক পদক্ষেপ গ্ৰহণ কৰিছিল। ইয়াৰ পিছত থকা মুখ্য কাৰণটো হৈছে, গছসমূহ বিভিন্ন দেৱতা যেনে ৰাম-সীতা, ৰাধা-কৃষ্ণ আৰু বিভিন্ন ঐতিহাসিক আৰু ধাৰ্ম্মিক চিত্ৰ, মহাভাৰত- ৰামায়ণৰ কাহিনী আদিৰে সজোৱা হৈছিল। গছসমূহৰ এই সাংস্কৃতিক আৰু নান্দনিক স্বীকৃতিয়ে বহুত পৰিমাণে ইয়াৰ কটা যোৱা ৰোধ কৰে।৪
চিত্ৰশিল্পী আৰু বঁটা-বাহন
বিহাৰ চৰকাৰে সীতা দেৱীক ৰাজ্যিক বঁটা দিয়াৰ পাছতে মধুবানী চিত্ৰশিল্পই ১৯৬৯ চনত প্ৰথমবাৰৰ বাবে চৰকাৰী স্বীকৃতি লাভ কৰে। মিথিলা চিত্ৰত ৰাষ্ট্ৰীয় বঁটা লাভ কৰা জগদম্বা দেৱী মিথিলাৰ প্ৰথমগৰাকী চিত্ৰশিল্পী। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ১৯৭৫ চনত জগদম্বা দেৱীক পদ্মশ্ৰী আৰু মধুবানী জিলাৰ জিতৱাৰপুৰ গাঁৱৰ সীতা দেৱীক ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰে।৫জগদম্বা দেৱীৰ তোলনীয়া ল'ৰা সত্য নাৰায়ণ লাল কৰ্ণ আৰু তেওঁৰ পত্নী মতি কৰ্ণ মিথিলাৰ নামকৰা শিল্পী। ২০০৩ চনত তেওঁলোক দুয়োগৰাকীয়ে যুটীয়াভাৱে ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। সীতা দেৱীয়ে পদ্মশ্ৰী লাভ কৰে ১৯৮১ চনত। ১৯৮৪ চনত তেওঁ বিহাৰ ৰত্ন আৰু ২০০৬ চনত শিল্প গুৰু উপাধি লাভ কৰে। ১৯৮৪ চনত গংগা দেৱীয়ে৬ পদ্মশ্ৰী বঁটা লাভ কৰে।৭ মহাসুন্দৰী দেৱীয়ে পদ্মশ্ৰী লাভ কৰে ২০১১ চনত। বৌৱা দেৱী, যমুনা দেৱী, শান্তি দেৱী, চানু দেৱী, বিন্দেশ্বৰী দেৱী, চন্দ্ৰকলা দেৱী, শশীকলা দেৱী, লীলা দেৱী, গোদাৱৰী দত্ত আৰু ভাৰতী দয়ালেও ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।৮৯১০
তথ্যসূত্ৰ
- ↑ (30 September 2017). Madhubani Painting. Abhinav Publications. ISBN 9788170171560
- ↑ Krupa, Lakshmi. (4 January 2013). Madhubani walls. The Hindu
- ↑ (1 September 2018). पटना के चित्रकार राजकुमार लाल ने विदेश में लाइव मधुबनी पेंटिंग बनायीं. atulyabihar.com
- ↑ DHIRAJ SINGH SLIET. craftsvilla.com
- ↑ (2015). Padma Shri. Padma Shri
- ↑ Jyotindra Jain. (1989). Ganga Devi: Tradition and expression in Madhubani painting. Third Text. পৃ. 43–50
- ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
- ↑ Thakur, Upendra. (1981). Madhubani painting – Upendra Thakur – Google Boeken. ISBN 9780391024113
- ↑ Tripathi, Shailaja. (22 November 2013). Madhubani beyond the living rooms. The HIndu
- ↑ (26 August 2013). Art that subverts. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মধুবনী চিত্ৰশিল্প” প্ৰবন্ধৰ সংশোধন ৩৮৯৬৬৪ (৩১ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।