অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

সমষ্টিবাদী অৰ্থনীতি

সমষ্টিবাদী অৰ্থনীতি (Macroeconomics) হ’ল অৰ্থনীতিৰ এটা ভাগ য’ত সামগ্ৰীক ভাৱে অৰ্থনীতিখন বা সমগ্ৰ অৰ্থনীতিখনৰ সমষ্টিবোৰৰ আচৰণ অধ্যয়ন কৰা হয়। সমাজৰ সমষ্টিগত অৰ্থনৈতিক বিষয়সমূহ, যেনে - সম্পূৰ্ণ নিয়োগ সমস্যা, সৰ্বমুঠ ৰাষ্ট্ৰীয় উৎপাদন, সামগ্ৰিক চাহিদা, সামগ্ৰিক যোগান, ৰাষ্ট্ৰীয় সঞ্চয় আৰু বিনিয়োগ…

হালনাগাদ: ৪ অক্টোবৰ ২০২৪ ১৫৮ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

সমষ্টিবাদী অৰ্থনীতি (Macroeconomics) হ’ল অৰ্থনীতিৰ এটা ভাগ য’ত সামগ্ৰীক ভাৱে অৰ্থনীতিখন বা সমগ্ৰ অৰ্থনীতিখনৰ সমষ্টিবোৰৰ আচৰণ অধ্যয়ন কৰা হয়। ১ সমাজৰ সমষ্টিগত অৰ্থনৈতিক বিষয়সমূহ, যেনে - সম্পূৰ্ণ নিয়োগ সমস্যা, সৰ্বমুঠ ৰাষ্ট্ৰীয় উৎপাদন, সামগ্ৰিক চাহিদা, সামগ্ৰিক যোগান, ৰাষ্ট্ৰীয় সঞ্চয় আৰু বিনিয়োগ ইত্যাদিৰ অধ্যয়নেই হৈছে সমষ্টিবাদী অৰ্থনীতি।

সংজ্ঞা

সমষ্টিবাদী অৰ্থনীতিৰ ইংৰাজী প্ৰতিশব্দ Macroeconomics (মেক্ৰইকনমিক্স) শব্দটো গ্ৰীক শব্দ ‘Makros’ (মেক্ৰছ) ৰ পৰা আহিছে যাৰ অৰ্থ হৈছে বৃহৎ বা ডাঙৰ।

সমষ্টিবাদী অৰ্থনীতিৰ সূত্ৰ হ’ল - “অৰ্থনৈতিক বিশ্লেষণৰ সেই ভাগকেই সমষ্টিবাদী অৰ্থনীতি বুলি ক’ব পাৰি, যি ভাগে এটা বিশেষ গোটৰ পৰিৱৰ্তে আটাইবোৰ গোটৰ অৰ্থনৈতিক আচৰণ একেলগে অধ্যয়ন কৰে।”

বিকল্প নাম

সমষ্টিবাদী অৰ্থনীতিক ‘আয় আৰু নিয়োগ তত্ত্ব’ বুলিও কোৱা হয়। যিহেতু ইয়াৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ বিষয়সমূহ সমাজৰ আয় আৰু নিয়োগ নিৰ্ধাৰণৰ সৈতে জড়িত সেইবাবে ইয়াক ‘আয় আৰু নিয়োগ তত্ত্ব’ বুলিও অভিহিত কৰা হয়।

সমষ্টিবাদী অৰ্থনীতিৰ পৰিসৰ

সমষ্টিবাদী অৰ্থনীতিৰ পৰিসৰ অতি ব্যাপক। ইয়াৰ পৰিসৰখিনি ৰাষ্ট্ৰীয় আয়, উৎপাদন আৰু নিয়োগৰ স্তৰ নিৰ্ধাৰণ কৰা উপাদানবোৰৰ বিশ্লেষণ,বিতৰণ তত্ত্ব,অৰ্থনৈতিক উন্নয়ন আৰু ইয়াৰ দীৰ্ঘম্যাদী অৰ্জন পদ্ধতি,আন্তৰ্জাতিক বাণিজ্য তত্ত্ব, মুদ্ৰা, বাণিজ্য চক্ৰ আৰু মুদ্ৰাস্ফীতি বা মুদ্ৰা অৱক্ষয় আদিলৈ বিস্তৃত।

তথ্যসূত্ৰ

  1. ↑ Macroeconomics

সম্পৰ্কিত শ্ৰেণী

অৰ্থনীতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সমষ্টিবাদী অৰ্থনীতি” প্ৰবন্ধৰ সংশোধন ৪৩৫২০৭ (৪ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।