
চাহাৰা (Sahara,الصحراء الكبرى, aṣ-Ṣaḥrāʾ al-Kubrā , 'the Great Desert') বিশ্বৰ সবাতোকৈ উষ্ণ (hottest) মৰুভূমি অঞ্চল। তদুপৰি এণ্টাৰ্কটিকা আৰু সুমেৰুৰ পিছতে ই তৃতীয় বৃহৎ মৰু অঞ্চল। ১ ৯৪০০০০০ বৰ্গ কিলোমিটাৰ মাটিকালিৰ এই মৰুভূমিয়ে উত্তৰ আফ্ৰিকাৰ অধিকাংশ অঞ্চল অধিকাৰ কৰি আছে। এই মৰুভূমিয়ে ৰেড চিৰ পৰা ভূমধ্য-সাগৰীয় (Mediterranean) কিছু অঞ্চল সামৰি আটলাণ্টিক মহাসাগৰ লৈকে বিস্তৃত হৈ আছে।
বিৱৰণ
চাহাৰা মৰুভূমিৰ সীমাত পশ্চিমে আটলাণ্টিক মহাসাগৰ, উত্তৰে এটলাছ পৰ্বতমালা আৰু ভূমধ্য সাগৰীয় অঞ্চল, পূবে ৰেড চি আৰু দক্ষিণে চুডান অৱস্থিত। চাহাৰা মৰুভূমিক মূলত পশ্চিম চাহাৰা (western Sahara), কেন্দ্ৰীয় আহাগাৰ পৰ্বত (Ahaggar Mountains), তীব্বেছটি পৰ্বত (Tibesti Mountains) আৰু এৰ পৰ্বত (Aïr Mountains), টিনিৰি মৰুভূমি ( Ténéré desert ) আৰু লিবিয়ান মৰুভূমি (Libyan Desert)। চাহাৰা মৰুভূমিৰ সৰ্বোচ্চ অঞ্চলটো হৈছে এমি কৌছ্ছি ( Emi Koussi ) (3415 মিটাৰ)।
আফ্ৰিকা মহাদেশৰ ভিতৰত চাহাৰা সৰ্ববৃহৎ মৰুভূমি অঞ্চল। চাহাৰাৰ দক্ষিণ সীমাত চাহেল (Sahel) অৰ্ধশুস্ক চাভানা অঞ্চল (semiarid savanna) এটাই আগুৰি আছে। চাহেলৰ দক্ষিণত চুডান আৰু কংগো নদীৰ অৱবাহিকা অঞ্চল অৱস্থিত। চাভানাৰ সৰহসংখ্যক অঞ্চলেই বালিময় তথা শিলাময়।
বহু হাজাৰ পূৰ্বে চাহাৰা মৰুভূমিৰ সীমামূৰীয়া অঞ্চলসমূহত মানুহে বসবাস কৰাৰ তথ্য পোৱা যায়।২ সেইসময়ত চাহাৰা বৰ্তমানতকৈ যথেষ্ট সেমেকা (wetter) আছিল বুলি জনা যায়। এই অঞ্চলসমূহত বৰ্তমানলৈকে প্ৰায় ৩০,০০০তকৈ অধিক শিলত খোদিত হৈ থকা জীৱাশ্ম (petroglyphs) পোৱা গৈছে। এইসমূহ প্ৰধানত: ঘৰিয়াল৩, ডাইন'চৰ আদিৰ বুলি জনা গৈছে। অৱশ্যে বৰ্তমানৰ চাহাৰা মৰুভূমি পূৰ্বৰ দৰে সেউজ নহয়। কেৱল কিছুমান বিশেষ অঞ্চল যেনে নীল নদীৰ উপত্যকা ( নীল নদী Valley)ত কিছুমান ভূমধ্য সাগৰীয় উদ্ভিদ থকা দেখা যায়। খ্ৰীষ্টপূৰ্ব ১৬০০ শতিকাত পৃথিৱীৰ অক্ষৰেখাৰ স্থানান্তৰণে উষ্ণতা বৃদ্ধি ঘটোৱাৰ পিছৰ পৰাই এই অঞ্চলটোৰ এনে পৰিৱৰ্ত্তন ঘটে বুলি জনা যায়।৪
চাহাৰাত দেখা পোৱা বিভিন্ন বসবাসকাৰীসকলৰ ভিতৰত বাৰাবাৰ দল ( Berber groups) যেনে Tuareg, Moors, Reguibat Znaga, Toubou, Nubians, Zaghawa, Kanuri, Hausa, Songhai আদিয়ে প্ৰধান। চাহাৰাত থকা উল্লেখযোগ্য চহৰ হৈছে, Nouakchott, Tamanrasset, Ouargla, Béchar, Hassi Messaoud, Ghardaïa, Timbuktu, Agadez; Ghat আৰু Faya-Largeau ইত্যাদি।
ভৌগোলিক বিৱৰণ

চাহাৰা মৰুভূমিয়ে আলজেৰিয়া, চাদ (Chad), ইজিপ্ট, লিবিয়া, মালি, ম'ৰ'ক্ক, চুডান আদি দেশৰ এক বৃহৎ অংশ অধিকাৰ কৰি আছে।
sent a massive dust plume northwestward over the আটলাণ্টিক মহাসাগৰ on March 2, 2003]]

চাহাৰাৰ মৰু অঞ্চলটোৰ আকৃতি বতাহ বা কাৎচিৎ হোৱা বৰষুণে পৰিৱৰ্ত্তন ঘটায় থাকে। এই অঞ্চলটো মূলত: বালিৰ স্তুপ (sand dune), sand seas (erg), stone plateaus (hamada), gravel plains (reg), শুকান উপত্যকা ( dry valleys), আৰু salt flats (shatt or chott). আদিৰে গঠিত।
তদুপৰি চাহাৰাত বহুতো পৰ্বতমালা, আগ্নেয়গিৰি যেনে এৰ পৰ্বতমালা (Aïr Mountains),আহাগাৰ পৰ্বতমালা ( Ahaggar Mountains), চাহাৰান এটলাছ ( Saharan Atlas),তীব্বেছটি পৰ্বতমালা ( Tibesti Mountains),আদ্ৰাৰ দেচ ইফ'ৰাচ ( Adrar des Iforas) আৰু ৰেড চি পাহাৰা (Red Sea hills) আছে। চাহাৰাত থকা সৰ্বোচ্চ স্থান হৈছে এমি কৌচ্ছি (Emi Koussi) নামৰ সুপ্ত আগনেয়গিৰিটো। ই উত্তৰ চাদ ( northern Chad) তীব্বেছটি পৰ্বতমালাত অৱস্থিত।
নীল নদী (Nile River) ৰ বাহিৰে চাহাৰাত থকা বেছিভাগ নদী বা জান-জুৰিয়ে ঋতুজনিত (seasonal )। নীল নদীয়ে আফ্ৰিকাৰ উৎপত্তিস্থলৰ পৰা ওলাই এই মৰুভূমিয়েদি বৈ গৈ ভূমধ্য সাগৰীয় অঞ্চলত পৰেগৈ।
উত্তৰ দিশত চাহাৰা মৰুভূমি ইজিপ্তৰ ভূমধ্য সাগৰ আৰু লিবিয়াৰ কিছু অংশ পৰ্যন্ত বিস্তৃত হৈ আছে। কিন্তু Cyrenaica আৰু Maghreb অঞ্চলত ই উত্তৰ আফ্ৰিকাৰ ভূমধ্য সাগৰীয় বনাঞ্চল আৰু কাঁইটীয়া অৰণ্যৰ সীমা স্পৰ্শ কৰি আছে। আমেৰিকাৰ প্ৰখ্যাত উদ্ভিদবিজ্ঞানী ফ্ৰেংক হুৱাইট (Frank White)৫ৰ মাপকাঠী আৰু ভূগোলবিদ ৰবাৰ্ট কেপট-ৰে (Robert Capot-Rey)৬৭ ৰ মন্তব্য অনুসৰি চাহাৰা মৰুভূমিৰ উত্তৰ সীমাই খেজুৰ খেতি (date palm cultivation) ৰো উত্তৰ সীমা সূচায়। ৮
দক্ষিণে, চাহাৰাক শুস্ক ক্ৰান্তীয় চাভানা অঞ্চল ( dry tropical savanna) চাহেল (Sahel) এ আবৰি আছে। এই সীমাই Chenopodiaceae গোটৰ মৰুভূমি অঞ্চলত বাচি থকাৰ বাবেঅভিযোজিত Cornulaca monacantha নামৰ উদ্ভিদবিধৰ বিস্তৃতিৰ দক্ষিণ সীমাও সূচায়। ৬৭ জলবায়ুৰ তথ্য অনুসৰি চাহাৰা মৰুভূমিৰ দক্ষিণ সীমাত ( isohyet ) বাৰ্ষিক অধঃক্ষেপ ( annual precipitation) ৰ পৰিমাণ প্ৰায় ১৫০ মিমি আইছ'হাইট। ৮
জলবায়ু
চাহাৰা মৰুভূমিৰ জলবায়ুৰ বিগত কেইবাটাও দশকত বহুতো পৰিৱৰ্ত্তনৰ মাজেদি বৰ্তমানৰ অৱস্থা পাইছেহি। ৯ ইয়াৰ কাৰণ হিচাপে পৃথিৱীৰ ২২ ° আৰু ২৪.৫° মাজত ঘটা পৰিৱত্তৰ্ন (tilt)ৰ ফলত হোৱা ৪১০০০ বছৰৰ মূৰে মূৰে হোৱা এটা চক্ৰৰ পৰিণতি বুলি জানিব পৰা গৈছে। ১০ এই চক্ৰৰ ব্যৱধানত চাহাৰাৰ জলবায়ুৰো শুকান (dry) আৰু সেমেকা (wet) জলবায়ুলৈ পৰিৱৰ্ত্তন ঘটে। বৰ্তমান (২০০০ এ ডি) চাহাৰাৰ জলবায়ু শুস্ক (dry period) হৈ আছে। কিন্তু ১৫০০০ বছৰ (১৭০০০ এ ডি)ৰ পিছত চাহাৰা মৰুভূমি সেমেকা জলবায়ুৰ বাবে পুনৰ সেউজ হৈ পৰিব বুলি ধাৰণা কৰা হয়।
বিশ্বৰ ভিতৰতে চাহাৰা মৰুভূমিৰ জলবায়ু দুৰূহ (harshest )। চাহাৰা মৰুভূমিৰ উত্তৰ-পূবীয় বতাহে প্ৰায়ে বালিৰ ধুমুহা ( sand storms) আৰু ধূলিৰ ঘূৰ্ণী বতাহ (dust devils) ৰ সৃষ্টি কৰে।১১ এই ধুমুহাক ভূমধ্য সাগৰীয় অঞ্চলত চিৰ'ক' ( Sirocco ) বুলি কোৱা হয়। ই উত্তৰ আফ্ৰিকা আৰু দক্ষিণ ইউৰোপত প্ৰায়ে হাৰিকেনৰ গতি লাভ কৰে। চাহাৰাৰ প্ৰায় আধা অংশত ২০ মিমি (০.৭৯ ইঞ্চি) তকৈ কম বাৰ্ষিক বৰষুণ হয়। বাকী অংশত বাৰ্ষিক বৰষুণৰ পৰিমাণ প্ৰায় ১০০ মিমি ( ৩.৯ ইঞ্চি)। ১২
শেহতীয়া তথ্য অনুসৰি চাহাৰা মৰুভূমি আৰু আশে পাশে থকা অঞ্চলসমূহ বাৰ্ষিক বৰষুণৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত ক্ৰমান্বয়ে সেউজ হৈ আহিবলৈ ধৰিছে। ছেটেলাইটৰ পৰা টোলা চিত্ৰসমূহে ১৯৮২ ৰ পৰা ২০০২ চনৰ ভিতৰত চাহেল অঞ্চলৰ বহুতো ঠাই ক্ৰমাগতভাৱে সেউজীয়া হৈ অহাৰ প্ৰমাণ দিছে। ১৩
জীৱকুল
চাহাৰা মৰুভূমিত সচৰাচৰ দেখা পোৱা প্ৰাণীৰ ভিতৰত পোহনীয়া উট (Dromedary camel) আৰ ছাগলী আদিয়ে প্ৰধান। শুকান ঠাইত থকাৰ বাবে বিশেষভাবে অভিযোজিত আৰু দুৰন্ত গতিৰ বাবে অঘৰী (Nomads) বসবাসকাৰী সকলে এই উটসমূহেই ব্যৱহাৰ কৰে।
ইয়াত দেখা পোৱা ডেথষ্টকাৰ বৃশ্চিক (deathstalker Scorpion) ৰ দৈৰ্ঘ্য ১০ ছে:মি: পৰ্যন্ত হ'ব পাৰে বুলি জনা যায়। ইয়াৰ বিষত অতিকৈ ক্ষতিকৰ এজিটক্সিন (agitoxin) আৰু স্কাইলেট'ক্সিন (scyllatoxin) থাকে।
.]]
চাহাৰা মৰুভূমিত বিভিন্ন প্ৰকাৰৰ শিয়াল যেনে fennec fox, pale fox আৰু Rüppell's fox আদি দেখা পোৱা যায়। ইয়াত দেখা পোৱা এডেস্ক (Addax) নামৰ বৃহৎ আকাৰৰ ছাগলীজাতীয় প্ৰাণী ( Antelope) বিধে পানী নোখোৱাকৈ মৰুভূমিত এবছৰ পৰ্যন্ত কটাব পাৰে বুলি জনা যায়। তদুপৰি ইয়াত পোৱা Dorcas gazelle, Rhim gazelle আৰু Dama gazelle আদি প্ৰাণীয়ে পানী অবিহনে বহু দিন কটাব পাৰে।
caravan transporting black African slaves across the Sahara.]]
চাহাৰাৰ চিতাবাঘ (Saharan Cheetah) প্ৰধানকৈ এলগেৰিয়া (Algeria), ট'গ' (Togo),নিগাৰ (Niger), মালি (মালী), বেনিন (Benin), আৰু বুৰকিনা ফেচ' (Burkina Faso) আদি অঞ্চলত দেখা পোৱা যায়। তথ্য অনুসৰি বৰ্তমান কেৱল ২৫০টা এনে পূৰ্ণবয়স্ক চিতা বাঘ বাকী ৰৈছেগৈ।১৪১৫
s.]]
এই প্ৰাণীসমূহৰ উপৰিও চাহাৰাত দেখা পোৱা অন্য কিছুমান প্ৰাণী হৈছে- Monitor lizards, Hyrax, sand vipers, আৰু African wild dog,। চৰাইৰ ভিতৰত অষ্ট্ৰিস চৰাই, African silverbill আৰু Black-faced firefinch১৬।
চাহাৰাৰ কেন্দ্ৰভাগত প্ৰায় পাচশ বিধ বিভিন্ন প্ৰজাতিৰ উদ্ভিদ থকাৰ কথা জনা যায়। ইয়াৰ ভিতৰত একেচিয়া, palms, succulents, কাইঁতীয়া গুল্ম জাতীয় উদ্ভিদ, ঘাঁহ আদিয়ে প্ৰধান। ইয়াৰ উদ্ভিদ সমূহে বৰষুণ নোহোৱা শুস্ক পৰিবেশত জীয়াই থাকিব পৰাকৈ বিশেষভাৱে অভিযোজিত। তদুপৰি বতাহ বা বালিৰ ধুমুহাত ভাঙি নপৰিবলৈ শিপাই দলৈকে খামুচি ধৰি ৰখা, ডাঠ কাণ্ডত পানী জমা কৰি ৰখা আদি অভিযোজন দেখা যায়।
বসবাসকাৰী
চাহাৰাত বসবাস কৰা লোকসমূহৰ মাজত বিভিন্ন আৰবীয় মূলৰ কথিত ভাষা প্ৰচলিত। পশ্চিম ইজিপ্তৰ পৰা ম'ৰ'ক্কলৈ প্ৰধানত: বাৰবাৰ ( Berber) লোকসকলক দেখা পোৱা যায়। চাহাৰাৰ কেন্দ্ৰীয় ভাগত ট্যুৰেগ (Tuareg pastoralist) লোকসকলক দেখা পোৱা যায়।
তথ্যসূত্ৰ
- Chris Scott. Sahara Overland. Trailblazer Guides, 2005.
- Michael Brett and Elizabeth Frentess. The Berbers. Blackwell Publishers, 1996.
- Charles-Andre Julien. History of North Africa: From the Arab Conquest to 1830. Praeger, 1970.
- Abdallah Laroui. The History of the Maghrib: An Interpretive Essay. Princeton, 1977.
- Hugh Kennedy. Muslim Spain and Portugal: A Political History of al-Andalus. Longman, 1996.
- Richard W. Bulliet. The Camel and the Wheel. Harvard University Press, 1975. Republished with a new preface Columbia University Press, 1990.
- Eamonn Gearon. The Sahara: A Cultural History. Signal Books, UK, 2011. Oxford University Press, USA, 2011.
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Largest Desert in the World
- ↑ Discover Magazine, 2006-Oct
- ↑ National Geographic News, 2006-06-17
- ↑ Sahara's Abrupt Desertification Started by Changes in Earth's Orbit, Accelerated by Atmospheric and Vegetation Feedbacks
- ↑ Wickens, Gerald E. (1998) Ecophysiology of Economic Plants in Arid and Semi-Arid Lands. Springer, Berlin. ISBN 978-3-540-52171-6
- ↑ Grove, A.T., Nicole. (1958,2007). The Ancient Erg of Hausaland, and Similar Formations on the South Side of the Sahara. The Geographical Journal. পৃ. 528–533
- ↑ Bisson, J. (2003). Mythes et réalités d'un désert convoité: le Sahara. L'Harmattan
- ↑ Walton, K. (2007). The Arid Zones. Aldine
- ↑ Kevin White and David J. Mattingly. (2006). Ancient Lakes of the Sahara. American Scientist. পৃ. 58–65
- ↑ Orbit: Earth's Extraordinary Journey documentary
- ↑ Oxfam Cool Planet - the Sahara - access February 10, 2008
- ↑ (1991-07-19). Expansion and contraction of the Sahara Desert between 1980 and 1990| Science 253: 299-301. Ciesin.columbia.edu
- ↑ Sahara Desert Greening Due to Climate Change?. News.nationalgeographic.com
- ↑ (2009-02-24). Rare cheetah captured on camera. BBC News
- ↑ The IUCN Red List of Threatened Species: Acinonyx jubatus ssp. hecki
- ↑ "Desert-Adapted Crocs Found in Africa ", National Geographic News, June 18, 2002
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাহাৰা মৰুভূমি” প্ৰবন্ধৰ সংশোধন ৬৩৭০৪৮ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।