চেতনা দাস (Chetana Das, জন্ম: ৪ নৱেম্বৰ, ১৯৫৪) হৈছে অসমৰ এগৰাকী অভিনেত্ৰী।১ ১৯৭০ আৰু ১৯৮০ দশকত তেওঁ অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী আছিল।২ তেওঁ পূৰ্বৰ অসমৰ (বৰ্তমানৰ মেঘালয়) শ্বিলঙত জন্মগ্ৰহণ কৰিছিল।৩
চমু জীৱনী
১৯৫৪ চনৰ ৪ নৱেম্বৰত চেতনা দাসৰ পূৰ্বৰ অসমৰ (বৰ্তমানৰ মেঘালয়) শ্বিলঙত জন্ম হয়। পিতৃৰ নাম হৈছে স্বৰ্গীয় গিৰিন্দ্ৰ কুমাৰ তালুকদাৰ।২ তেওঁ তেজপুৰৰ দৰং কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।
মঞ্চাভিনয়, গীত-নৃত্য
- তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতে শোণিত কুঁৱৰীত 'কুঁজী বুঢ়ী'ৰ চৰিত্ৰত অভিনয় কৰিছিল।
- ১৯৬৫ চনত "তেজপুৰ মাল্টিপাৰ্প'জ গাৰ্লছ স্কুল"ৰ হৈ শ্ৰেষ্ঠা অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল।২
- তেজপুৰৰ বাণ থিয়েটাৰত ভোগজৰা' নাটত অভিনয়। চন্দ্ৰধৰ গোস্বামী, নটসূৰ্য ফণী শৰ্মা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আদি প্ৰসিদ্ধ ব্যক্তিৰ সৈতে 'চিৰাজ', 'চাণক্য', 'নাগৰাজ বাসুকী', 'মহীজীৱি' আদি নাটত একেলগে কাম কৰিছিল।
- ১৯৭২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত নাট্য মহোৎসৱত দৰং মহাবিদ্যালয়ক প্ৰতিনিধিত্ব কৰিছিল আৰু নাট্যসম্ৰাট প্ৰফুল্ল বৰা ৰচিত সিহঁত নমৰে নাটখনৰ যোগে স্বৰ্ণপদক লাভ কৰিছিল।
- ১৯৭৫ চনত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন আৰু আই.আই.ফাস্ক হলত মঞ্চস্থ হোৱা আৰু 'নাটঘৰ'ৰ দ্বাৰা নিবেদিত 'ফাটিমা বিবিৰ ঘৰ' নাটত অংশ লৈছিল।
- তেজপুৰৰ সঙ্গীত নাটকম্ নাট্যগোষ্ঠীয়ে অসমৰ বিভিন্ন জিলাত মঞ্চস্থ কৰা নাট্যসম্ৰাট প্ৰফুল্ল বৰাৰ উপপথ নাটত আইতাকৰ ভূমিকাত অভিনয় কৰিছিল।
- ১৯৭৫ চনৰ ৩১ অক্টোবৰত সাংস্কৃতিক সঞ্চালকালয়ৰ নাট্য শাখাত এগৰাকী নাট্য শিল্পী ৰূপে যোগদান কৰিছিল।
- দূৰদৰ্শনত সম্প্ৰচাৰিত লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা পৰিচালিত এখন নৃত্য-নাটিকাত অংশ লৈছিল।
- ১৯৭৫ চনত কলিকতাৰ ৰবীন্দ্ৰ সদনত অনুষ্ঠিত অখিল ভাৰতীয় লোক-সঙ্গীত মহোত্সৱত অসমৰ অন্যান্য শিল্পীৰ সৈতে লোক-সংগীত শাখাত অংশ লৈছিল।
- ১৯৭৬ চনত দিল্লীৰ শ্ৰীৰাম চেণ্টাৰত মঞ্চায়িত, অতুল বৰদলৈ আৰু দুলাল ৰয় ৰচিত 'বৃক্ষৰ খোজ' নাটত মূল চৰিত্ৰ 'বাগী'ৰ ভাওত অভিনয় কৰিছিল। উল্লেখনীয় যে বিভিন্ন মঞ্চত এই নাটখন ৫০তকৈয়ে অধিকবাৰ অভিনীত হৈছিল।
- একেটা বৰ্ষতে নতুন দিল্লীৰ কলামন্দিৰত অনুষ্ঠিত অখিল ভাৰতীয় নাট্য মহোৎসৱত শ্ৰেষ্ঠ নাটকৰ সন্মান লাভ কৰা 'চৰকাৰী ইন্সপেক্টৰ'ত অভিনয় কৰিছিল।
- ১৯৮৬ চনত 'অপনা উৎসৱ'ত অংশ লৈছিল। একেটা বৰ্ষতে ৰেকিবুদ্দিন আহমেদৰ ওচৰত জিকিৰৰ আৰু নৃত্যশিল্পী নৰেন্দ্ৰ শৰ্মাৰ ওচৰত নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।
- ১৯৭৯ চনত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ তদাৰকীত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে আয়োজন কৰা 'নাট্য কৰ্মশালা'ৰ আটাইকেইখন নাটকতে অংশ লৈছিল।
- ১৯৯২ চনত দুলাল ৰয় পৰিচালিত আৰু নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় আৰু আই.আই.ফাস্ক হলত মঞ্চায়িত 'কেলিন্দা' নাটত 'চিজনিয়া'ৰ ভাওত অভিনয় কৰিছিল।
- ১৯৯৫ চনত SAARC লোক-নৃত্য মহোৎসৱত এগৰাকী লোক-নৃত্য শিল্পী ৰূপে ভাগ লৈছিল।
- ভুৱনেশ্বৰৰ সূৰ্ষ মন্দিৰত অনুষ্ঠিত কোণাৰ্ক লোক-নৃত্য মহোৎসৱত এগৰাকী লোক-নৃত্য শিল্পী ৰূপে ভাগ লৈছিল।
- ১৯৯৫ চনত জাহ্নু বৰুৱাৰ নিৰ্দেশনাত সফলতাৰে " Film Appreciation course"ৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।২
- শিল্পীগৰাকীয়ে অভিনয় কৰা কেইখনমান উল্লেখনীয় নাটক হ'ল-
| ক্ৰম | নাট | নাট্যকাৰ | ১ | আহাৰ | অৰুণ শৰ্মা |
| ২ | জন্ম | মহেন্দ্ৰ বৰঠাকুৰ | |||
| ৩ | শুনা জন্মেজয় | আদ্য ৰঙাচাৰী | |||
| ৪ | ভোটাই ডেকা | সাৰদা বৰদলৈ | |||
| ৫ | এটি চোলাৰ কাহিনী | আলি হাইদৰ | |||
| ৬ | লিলি অ’ লিলি | হৰেন্দ্ৰ নাথ ভূঞা | |||
| ৭ | আৰ্মছ এণ্ড দ্য মেন | জি. বি. শ্বেও | |||
| ৮ | অভাৰ ব্ৰীজ | প্ৰৱীণ ফুকন | |||
| ৯ | মহাৰজা | সতীশ ভট্টাচাৰ্য্য | |||
| ১০ | পৰশুৰাম | অৰুণ শৰ্মা২ |
আকাশবাণীত প্ৰচাৰিত নাট
| নাট | চৰিত্ৰ | নাট্যকাৰ | তথ্য |
|---|---|---|---|
| গোৱৰ্দ্ধন চৰিত | মাইনা | তৰুণ শইকীয়া | বৰ্ষ - ১৯৭৬, নিৰ্দেশক - নীলু চক্ৰৱৰ্তী |
| কাঠফুলা | বেদনা | আব্দুল মালিক | নিৰ্দেশক - ধীৰু ভূঞা |
| মাইনা সংবাদ | তৰুণ শইকীয়া | এই নাটখন অল ইণ্ডিয়া ৰেডিঅ' ড্ৰামা প্ৰতিযোগিতাত শ্ৰেষ্ঠ নাট সমূহৰ মাজত নিৰ্বাচিত।২ |
নাটক নিৰ্দেশনা
চেতনা দাসে কেইবাখনো নাটক নিৰ্দেশনা কৰিছে। ইয়াৰে কেইখনমান নাটক হৈছে:২
| নাট | নাট্যকাৰ |
|---|---|
| অজীণ পাটকী | দিনেশ শৰ্মা |
| মাজনী | জেউতি বৰা |
| পোহৰ | বসন্ত খনিকৰ |
| মহে গুণ গুণ কৰে | লক্ষীণন্দন বৰা |
| প্ৰজাপতি নিবন্ধন | চেতনা দাস |
চলচ্চিত্ৰপঞ্জী
| বৰ্ষ | চলচ্চিত্ৰৰ নাম | ইংৰাজী নাম |
|---|---|---|
| ১৯৭০ | বৰুৱাৰ সংসাৰ | Baruar Sansar |
| ১৯৭৯ | দূৰণীৰ ৰঙ | Duronir rang |
| ১৯৮০ | উপপথ | Upapath |
| ১৯৮৫ | অগ্নিস্নান | Ordeal |
| ১৯৮৬ | পাপৰি | papari |
| ১৯৮৮ | কোলাহল (চলচ্চিত্ৰ) | The Turmoil |
| ১৯৯২ | ফিৰিঙতি (চলচ্চিত্ৰ) | The Spark |
| ১৯৯৫ | আৱৰ্তন (চলচ্চিত্ৰ) | Abatran |
| ১৯৯৬ | অদাহ্য (চলচ্চিত্ৰ) | Incombustible |
| ১৯৯৮ | দিল চে | Dil se (Hindi) |
| ২০০০ | হিয়া দিয়া নিয়া | Hiya diya niya |
| ২০০১ | দাগ | Daag |
| ২০০২ | কন্যাদান | Koinadan |
| ২০০৪ | ৰংমন | Rongmon |
| ২০০৪ | কাদম্বৰী | Kadambori |
| ২০০৫ | চুৰেণ চোৰৰ পুতেক (চলচ্চিত্ৰ) | Suren Suror putek |
| ২০১৬ | দূৰদৰ্শন এটি যন্ত্ৰ | Duradrashan Eti Janta |
| ২০১৯ | ৰত্নাকৰ | Ratnakar |
তেওঁ অভিনয় কৰা আৰু কেইখন মান বোলছবি নাম হল: কালসন্ধ্যা (হিন্দী),কইনা মোৰ ধুনীয়া, মাঘত মামনি বিয়া, উজনি দুজনী গাভৰু, মন, চেনাই মোৰ ঢুলীয়া, ককা দেউতা ঘৰ জোৱাঁই, ৰুদ্ৰ আদি।
অন্যান্য কৃতিত্ব
- হিন্দী ধাৰাবাহিক "কামৰূপ কি কাহানী"ত অভিনয় কৰিছিল।
- অসমীয়া সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ড॰ আম্বেদকাৰ বঁটা লাভ কৰে।
- অসমীয়া চলচ্চিত্ৰ হিয়া দিয়া নিয়াত দেখুওৱা প্ৰদৰ্শনৰ বাবে মুনলাইট মিডিয়া স্পেছিয়েল জুৰি বঁটা লাভ কৰে।
- ২০২৪ চনত অসম চৰকাৰে তেখেতক নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰদান কৰে।
- ২০২৬ চনত তেখেতক ভাৰত চৰকাৰে ২০২৫ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰে।
জড়িত থকা কেন্দ্ৰসমূহ
চেতনা দাস কেইবাটাও সাংস্কৃতিক কেন্দ্ৰৰ লগত জড়িত হৈ আছে। তাৰে কেইটামান সাংস্কৃতিক কেন্দ্ৰৰ নাম হৈছে:
- মিতালী কলা কেন্দ্ৰ
- অক্যাতন
- ভাৰতীয় গণ নাট্য সংঘ
- সৌভিক
- নাটশালা
- প্ৰগতি
- সমলয়
- নিউ আৰ্ট প্লেয়াৰ্ছ
- মঞ্চলোক
- বৰপেটা ফুকন নাট্য মন্দিৰ
- মিলন মন্দিৰ
- শিৱসাগৰ নাট্য মন্দিৰ
- কামৰূপীয়া সনাতন ধৰ্ম মণ্ডলী
- শৃগাল
- বাণ থিয়েটাৰ
- মাজগাঁও শংকৰ মন্দিৰ২
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (১ ফেব্ৰুৱাৰী, ২০১৮). ৰস-সম্ৰাজ্ঞী চেতনা দাসৰ সৈতে এক অন্তৰংগ আলাপ. সাক্ষাৎকাৰ. ফটাঢোল
- ↑ ৰূপালী পৰ্দাত চেতনা দাসৰ বষয়ে. www.webxindia.com
- ↑ IMDbত চেতনা দাসৰ বিষয়ে. IMDb.com, Inc
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেতনা দাস” প্ৰবন্ধৰ সংশোধন ৬৩৮৭৬৮ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।