উপপথ (Upapath) ১৯৮০ চনত মুক্তিপ্ৰাপ্ত, বিশ্বনাথ চাৰিআলিৰ ইউনাইটেড চলচ্চিত্ৰ প্ৰডাকচনৰ বেনাৰত নিৰ্মিত আৰু হেমন্ত দত্ত পৰিচালিত এখন ক’লা-বগা অসমৰ চলচ্চিত্ৰ। ছবিখনৰ মুখ্য প্ৰযোজক প্ৰমোদ বৰুৱা। নাট্যকাৰ প্ৰফুল্ল বৰাৰ উপপথ মঞ্চনাটৰ কাহিনীৰ আধাৰত ছবিৰ চিত্ৰনাট্য ৰচনা কৰা হৈছে। ছবিৰ মুখ্য ভূমিকাত আছে বিজু ফুকন, প্ৰাঞ্জল শইকীয়া আৰু মৃদুলা বৰুৱা।১ উপপথ মৃদুলা বৰুৱাৰ প্ৰথম অভিনীত ছবি। অৱশ্যে তেওঁৰ প্ৰথম মুক্তিপ্ৰাপ্ত ছবি উপপথ নহয়, মৰমীহে (১৯৭৮)।২
ছবিৰ নায়ক ইন্দ্ৰনীলে তেওঁৰ নবতম উপন্যাস উপপথৰ ৰচনাৰ কাম কৰিবলৈ গুৱাহাটীলৈ আহে। বস্তি জীৱনৰ আধাৰত ৰচনা কৰিবলগীয়া উপন্যাসখনৰ বাবে প্ৰত্যক্ষ অভিজ্ঞতা অৰ্জন কৰিবলৈ তেওঁ বস্তি অঞ্চলতে এটা কোঠা ভাৰা কৰি থাকিবলৈ লয়। তাতেই তেওঁ সন্মুখীন বিভিন্ন বিচিত্ৰ চৰিত্ৰৰ।১
অভিনয় শিল্পী
- বিজু ফুকন (ইন্দ্ৰনীল)
- মৃদুলা বৰুৱা (গৌৰী)
- প্ৰাঞ্জল শইকীয়া (ৰতন)
- চেতনা দাস (আইতা)
- হীৰা তালুকদাৰ নেওগ(অনিতা)
- হীৰেণ চৌধুৰী (বাদল)
- প্ৰমোদ বৰুৱা (দীননাথ)
- অসীম বোথ্ৰা (বিষ্ণু)
- আব্দুল মজিদ
- হেমন্ত দত্ত
- ভবেশ বৰুৱা (অতিথি শিল্পী)
- মাষ্টাৰ অপু (শিশুশিল্পী)
- অজন্তা (শিশুশিল্পী)
- দিপলু (শিশুশিল্পী)
- ৰিংকু (শিশুশিল্পী)১
সঙ্গীত
জয়ন্ত হাজৰিকাৰ সুৰৰ ভিত্তিত উপপথৰ সংগীত পৰিচালনা কৰিছিল মনীষা হাজৰিকাই। গীত লিখিছিল নিৰ্মলপ্ৰভা বৰদলৈ আৰু হেমন্ত দত্তই।৩
তথ্যসূত্ৰ
- ↑ Upapath in Maxplayer. maxplayer.in
- ↑ Mridula Barooah. It's My North-East
- ↑ Das, Babul. (1985). পঞ্চাশ বছৰৰ অসমীয়া বোলছবি গীতৰ সংকলন. Bani Mandir, Dibrugarh, Assam, India. পৃ. 345
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উপপথ” প্ৰবন্ধৰ সংশোধন ৬২৩৮৯০ (৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।