অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আৱৰ্তন (চলচ্চিত্ৰ)

আৱৰ্তন (Abartan (On the Run)) ১৯৯৩ চনত মুক্তিপ্ৰাপ্ত ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ ষষ্ঠখন অসমীয়া চলচ্চিত্ৰ। ড॰ শইকীয়া এই ছবিখনৰ একাধাৰে পৰিচালক, প্ৰযোজক, চিত্ৰনাট্য আৰু সংলাপ লেখক আছিল।

হালনাগাদ: ৬ আগষ্ট ২০২৬ ১৩০ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

আৱৰ্তন (Abartan (On the Run)) ১৯৯৩ চনত মুক্তিপ্ৰাপ্ত ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ ষষ্ঠখন অসমৰ চলচ্চিত্ৰ।১ ড॰ শইকীয়া এই ছবিখনৰ একাধাৰে পৰিচালক, প্ৰযোজক, চিত্ৰনাট্য আৰু সংলাপ লেখক আছিল। এই ছবিখনৰ এটা বিশেষ বৈশিষ্ট্য এয়ে যে এইগৰাকী পৰিচালকৰ অন্যান্য ছবিৰ দৰে ইয়াৰ কাহিনীভাগ কোনো চুটিগল্প বা উপন্যাসৰ পৰা লোৱা হোৱা নাছিল। প্ৰথমবাৰৰ বাবে তেখেতে ভ্ৰাম্যমাণ থিয়েটাৰ আধাৰিত এটা মৌলিক কাহিনীৰে এই ছবিখন নিৰ্মাণ কৰিছিল। ছবিখনৰ আৱহ সঙ্গীততো ভ্ৰাম্যমাণ থিয়েটাৰৰ সঙ্গীতশৈলী ব্যৱহৃত হৈছিল। ১৬ মিলিমিটাৰত নিৰ্মিত এইখন এখন ৰঙীন ছবি আছিল।২

কাহিনী

১৯৮২ চনৰ পৰা ড॰ ভবেন্দ্ৰ নাথ শইকীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে জড়িত হৈ আছিল। ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা-অভিনেত্ৰী, কলা-কুশলীসকলৰ জীৱন তেখেতে বহু ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছিল। এই অভিজ্ঞতাৰে তেখেতে আৱৰ্তনৰ কাহিনী ৰচনা কৰিছিল।২

গীত, নৃত্য, আবৃত্তি সকলোতে পাৰ্গত জয়ন্তী কিছুমান অবাঞ্ছিত পৰিস্থিতিৰ মুখামুখি হৈ ভ্ৰাম্যমাণ থিয়েটাৰলৈ অভিনয় কৰিবলৈ গৈছিল। একপ্ৰকাৰ বাধ্য হৈয়ে তাই থিয়েটাৰৰ জীৱন বাচি লৈছিল। কাৰণ অভিনয়ৰ বাদে কৰিব পৰা তাইৰ একো নাছিল। প্ৰথম অৱস্থাত তাইৰ ঘৰখনে এইক্ষেত্ৰত বিৰোধ কৰিছিল যদিও এসময়ত সমগ্ৰ ঘৰখন একমাত্ৰ তাইৰ উপাৰ্জনৰ ওপৰতে নিৰ্ভৰশীল হৈ পৰিছিল। সুদীৰ্ঘ ১২ বছৰ তাই ভ্ৰাম্যমাণ থিয়েটাৰত কটালে। এই সময়ছোৱাৰ ভিতৰত তাইৰ ডাঙৰজনী ভনীয়েকৰ বিয়াও হৈ গ'ল। কিন্তু তাইৰ কথা ঘৰখনৰ কোনেও চিন্তা নকৰিলে। ঘটনাক্ৰমে জয়ন্তীয়ে ইঞ্জিনীয়াৰ, এখন সংবেদনশীল হৃদয়ৰ গৰাকী পৰিমল দত্তক লগ পায়। লাহে লাহে দুয়োৰো মাজত সহৃদয়তা বাঢ়ে। পৰিমলে তাইক বিয়াৰ প্ৰস্তাৱ দিয়ে। কিন্তু তাইৰ বিয়াৰ ক্ষেত্ৰত বিভিন্নজন বাধাৰ প্ৰাচীৰ হৈ থিয় দিয়ে। প্ৰথম বাধা হয় তাইৰ ঘৰখন। কাৰণ তাইৰ বিয়া হৈ গ'লে তাইৰ উপাৰ্জনৰ পৰা ঘৰখন বঞ্চিত হব। থিয়েটাৰৰ নায়ক নিহাৰে বিৰোধিতা কৰে। কাৰণ বিবাহিত এই নায়কজনে তাইৰ শৰীৰটো আৰু উপভোগ কৰিবলৈ নাপাব। আনহাতে থিয়েটাৰৰ মালিকে তাইক এৰিব নিবিচাৰে। তাই তাৰকা অভিনেত্ৰী। তাইৰ ওপৰত থিয়েটাৰৰ ব্যৱসায়িক দিশটো বহু পৰিমাণে নিৰ্ভৰশীল। আনকি মালিকে থিয়েটাৰৰ চৰ্ত ভঙ্গ কৰিলে আদালতলৈ যোৱাৰো ভাবুকি দিয়ে। অৱশেষত থিয়েটাৰৰ কোনো ক্ষতি নোহোৱাকৈ কৌশলেৰে জয়ন্তীয়ে অভিনয় জীৱনৰ পৰা মেলানি মাগে আৰু পৰিমল দত্তৰ সৈতে এখন সুখৰ সংসাৰ গঢ়াৰ বাবে আগবাঢ়ে।২৩

অভিনেতা-অভিনেত্ৰী

*মৃদুলা বৰুৱা (জয়ন্তী) *তপন দাস (পৰিমল দত্ত) *জয়ন্ত দাস (নিহাৰ) *ড॰ হেমেন বৰ্মণ *লক্ষী বৰঠাকুৰ *চেতনা দাস *তীৰ্থ বৰুৱা *মিণ্টু বৰুৱা *চম্পক শৰ্মা *প্ৰদীপ বৰা *কিশোৰ শৰ্মা *জীবেশ্বৰ ডেকা*বাবুল খাটনিয়াৰ *উৎসৱ কলিতা *লক্ষ্মী দাস *হেমন্ত চৌধুৰী *ৰবেন ৰয় *প্ৰতিভা চৌধুৰী *মিতালী বৈশ্য *জুৰি শৰ্মা *শিল্পীশিখা বৰুৱা *বিনু কলিতা *বিনীতা দাস

লগতে আৱাহন থিয়েটাৰৰ অন্যান্য অভিনেতা-অভিনেত্ৰীসকল।২

বঁটা আৰু স্বীকৃতি

তথ্যসূত্ৰ

  1. ↑ Released Assamese Movies - A. Enajori.com
  2. ↑ Das Arunlochan. (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃ. 394
  3. ↑ Datta,Utpal. Chalachitra. Lawyers Book Stall, Panbazar, Guwahati

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত অসমীয়া ছবি১৯৯০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৱৰ্তন (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬২৩৮৯৪ (৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।