অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

পাপৰি

পাপৰি হৈছে ১৯৮৬ চনত মু্ক্তিপ্ৰাপ্ত জাহ্নু বৰুৱা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। পাটকাই ফিল্মছৰ বেনাৰত শৈলধৰ বৰুৱা আৰু জাহ্নু বৰুৱাই প্ৰযোজনা কৰা বোলছবিখনত মুখ্য ভূমিকাত অভিনয় কৰে গোপী দেশাই, সুশীল গোস্বামী আৰু বিজু ফুকনে।

হালনাগাদ: ১৩ মে’ ২০২৫ ১৮২ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

পাপৰি হৈছে ১৯৮৬ চনত মু্ক্তিপ্ৰাপ্ত জাহ্নু বৰুৱা পৰিচালিত এখন অসমৰ চলচ্চিত্ৰ। পাটকাই ফিল্মছৰ বেনাৰত শৈলধৰ বৰুৱা আৰু জাহ্নু বৰুৱাই প্ৰযোজনা কৰা বোলছবিখনত মুখ্য ভূমিকাত অভিনয় কৰে গোপী দেশাই, সুশীল গোস্বামী আৰু বিজু ফুকনে।১

কাহিনী

১৯৮৩ চনৰ নিৰ্বাচন আৰু অসম আন্দোলনৰ ৰাজনৈতিক পৰিস্থিতিৰ পটভূমিত কাহিনীটো নিৰ্মিত। পাপৰি (গোপী দেশাই) এগৰাকী গাঁৱলীয়া বিবাহিতা মহিলা। শিক্ষক স্বামী বিনোদ (সুশীল গোস্বামী) আৰু ৯ বছৰীয়া জীয়েক দীপাৰ সৈতে তেওঁ থাকে। ঘৰৰ চাৰিবেৰৰ মাজত সোমাই থকা পাপৰিয়ে তাইৰ ঘৰৰ নিচেই বাহিৰতে লাহে লাহে অস্থিৰ হৈ অহা ৰাজনৈতিক পৰিৱশৰ কথা একো নাজানে। ঘটনাক্ৰমে জীয়েক দীপাৰ পেৰেলাইছিছ হৈ চিকিৎসালয়ত মৃত্যু হয় আৰু স্বামী বিনোদ এজন ৰাজনৈতিক নেতাৰ হত্যাৰ গোচৰত মিছাকৈ অভিযুক্ত হয়। ২এজন আৰক্ষী বিষয়াই (বিজু ফুকন) প্ৰকৃত হত্যাকাৰীক ধৰা পেলায় যদিও গ্ৰেপ্তাৰ কৰিব নোৱাৰে, কিয়নো হত্যাকাৰীজনে ৰাজনৈতিক সুৰক্ষা লাভ কৰি থাকে। এনেতে পাপৰিকো ধৰ্ষণ কৰি হত্যা কৰা হয় আৰু এই গোচৰতো বিনোদেই পুনৰ অভিযুক্ত হয়। বোলছবিখনৰ শেষত কোৱা হয় যে, অৱশেষত বিনোদ সকলো অভিযোগৰপৰা মুক্ত হয় আৰু আৰক্ষী বিষয়াজনে পদোন্নতি লাভ কৰে।১৩

অভিনয়ত

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Papori – 1986 – Assamese film. Chaosmag
  2. ↑ Papori. jahnubarua.com
  3. ↑ Papori. Cinema of India
  4. ↑ Papori (1986). IMDB

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত অসমীয়া ছবিভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত অসমৰ ছবি১৯৮০ দশকৰ অসমীয়া চলচ্চিত্ৰ১৯৮৬ বৰ্ষৰ চলচ্চিত্ৰজাহ্নু বৰুৱা পৰিচালিত চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাপৰি” প্ৰবন্ধৰ সংশোধন ৫০৮৩৪৬ (১৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।