অগ্নিস্নান (Agnisnaan) হৈছে ১৯৮৫ চনত মুক্তিপ্ৰাপ্ত ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত এখন ড্ৰামাভিত্তিক অসমৰ চলচ্চিত্ৰ। শইকীয়াৰ অন্তৰীপ নামৰ গল্পৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হয়। চলচ্চিত্ৰখনত অভিনয় কৰে ইন্দ্ৰ বণিয়া, কাশ্মীৰি শইকীয়া বৰুৱা, মলয়া গোস্বামী, বিজু ফুকন আদিয়ে। ভবেন্দ্ৰনাথ শইকীয়াই চলচ্চিত্ৰখনৰ বাবে ১৯৮৫ চনৰ শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে আৰু চলচ্চিত্ৰখনে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) লাভ কৰে।১
কাহিনী
ছবিখনৰ কাহিনী মনোবৈজ্ঞানিক আৰু অগতানুগতিক। এজন সম্পদশালী ব্যৱসায়ীয়ে দ্বিতীয় বিবাহ কৰিবলৈ মন মেলে। তেওঁৰ এই সিদ্ধান্তই তেওঁৰ প্ৰথমা পত্নী আৰু পুত্ৰৰ মনত তীব্ৰ খং আৰু আশ্চৰ্যৰ সৃষ্টি কৰে। স্বামীৰ প্ৰতি তেওঁৰ অপৰিসীম প্ৰেম আৰু সমৰ্পণৰ বিনিময়ত প্ৰথমা পত্নীয়ে প্ৰৱঞ্চনা পোৱা যেন অনুভৱ কৰে আৰু তেওঁ ইয়াৰ প্ৰতিশোধ লয়।১২
অভিনয়ত
- ইন্দ্ৰ বণিয়া
- কাশ্মীৰি শইকীয়া বৰুৱা
- চেতনা দাস
- অশোক ডেকা
- মলয়া গোস্বামী
- অৰ্জুন গুহ ঠাকুৰীয়া
- অৰুণ নাথ
- বিজু ফুকন১
- সঞ্জীৱ হাজৰিকা২
কলা-কুশলী
- প্ৰযোজনা/পৰিচালনা/কাহিনী/চিত্ৰনাট্য/সংলাপ- ভবেন্দ্ৰ নাথ শইকীয়া
- সহ-পৰিচালনা- সঞ্জীৱ হাজৰিকা, গৌতম বৰা
- সংগীত- তৰুণ গোস্বামী১
- চিত্ৰগ্ৰহণ- কমল নায়ক
- সম্পাদনা- নিকুঞ্জ ভট্টাচাৰ্য
সন্মান
- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, শ্ৰেষ্ঠ চিত্ৰনাট্য, ভবেন্দ্ৰনাথ শইকীয়া, ১৯৮৫
- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ৰজত কমল, আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ (অসমীয়া ভাষা), ১৯৮৫
- 'ভাৰতীয় পেনোৰামা'লৈ নিৰ্বাচিত।
- ফ্ৰান্সৰ নেণ্টিছ চলচ্চিত্ৰ মহোৎসৱৰ বাবে নিৰ্বাচিত।
- উত্তৰ কোৰিয়াৰ প্যংয়াং চলচ্চিত্ৰ মহোৎসৱ বাবে নিৰ্বাচিত।
- বাংলাদেশৰ ঢাকা চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত।
- আলজেৰিয়াৰ স্বাধীনতা ৰূপালী জয়ন্তী মহোৎসৱৰ বাবে নিৰ্বাচিত।১
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Agnisnaan
- ↑ AGNISNAAN (1985). BFI
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অগ্নিস্নান” প্ৰবন্ধৰ সংশোধন ৫৩৮৪৭৩ (১৩ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।