অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

দাগ (চলচ্চিত্ৰ)

দাগ ২০০১ চনত মুক্তি লাভ কৰা এখন ৰোমাণ্টিক ৰহস্যধৰ্মী ছবি। বিশিষ্ট পৰিচালক মুনিন বৰুৱাই চলচ্চিত্ৰখন পৰিচালনা কৰিছিল আৰু প্ৰযোজনা কৰিছিল নীলোৎপল চৌধুৰীয়ে। সংগীত পৰিচালনা আছিল জুবিন গাৰ্গৰ। ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছিল তপন দাস, যতীন বৰা, অনুৰূপা পাঠক আৰু বিষ্ণু খাৰঘৰীয়াই।

হালনাগাদ: ১৫ ছেপ্তেম্বৰ ২০২৬ ১৮৯ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

দাগ ২০০১ চনত মুক্তি লাভ কৰা এখন ৰোমাণ্টিক ৰহস্যধৰ্মী ছবি। বিশিষ্ট পৰিচালক মুনিন বৰুৱাই চলচ্চিত্ৰখন পৰিচালনা কৰিছিল আৰু প্ৰযোজনা কৰিছিল নীলোৎপল চৌধুৰীয়ে। সংগীত পৰিচালনা আছিল জুবিন গাৰ্গৰ। ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছিল তপন দাস, যতীন বৰা, অনুৰূপা পাঠক আৰু বিষ্ণু খাৰঘৰীয়াই।১

কাহিনীৰ সাৰাংশ

দুই ভাতৃয়ে নজনাকৈ একেগৰাকী ছোৱালীৰ প্ৰেমত পৰে আৰু তাৰ পিছতেই বিভিন্ন ঘাত-প্ৰতিঘাত আৰু প্ৰতিশোধৰ মাজেৰে ছবিখনৰ কাহিনীভাগ আগবাঢ়ে। অৱশেষত জ্যেষ্ঠ ভাতৃয়ে কনিষ্ঠ ভাতৃৰ বাবে নিজকে ত্যাগ কৰে।২

অভিনয়ত

সংগীত

জুবিন গাৰ্গে চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল। গীত লিখিছিল জুবিন গাৰ্গ আৰু দিগন্ত ভাৰতীয়ে। গীতসমূহত কণ্ঠদান কৰিছিল জুবিন গাৰ্গ, শাশ্বতী ফুকন, ৰূপজ্যোতি দেৱী, মহালক্ষ্মী আয়াৰ, জংকী বৰঠাকুৰ আৰু দিগন্ত ভাৰতীয়ে। ছবিখনৰ গীতসমূহ চিৰসেউজ আৰু এতিয়াও যথেষ্ট জনপ্ৰিয়।

জুবিন গাৰ্গ আৰু দিগন্ত ভাৰতীয়ে একেলগে গোৱা প্ৰথমটো গীতক প্ৰতিনিধিত্ব কৰাৰ বাবে "মনলে উভতি আহে ল'ৰালি" ট্ৰেকটো তাৎপৰ্যপূৰ্ণ, য'ত দিগন্তই এই ছবিখনৰ জৰিয়তে নেপথ্য কণ্ঠশিল্পী হিচাপে আত্মপ্ৰকাশ কৰিছিল।

টোকাসমূহ

  • ট্ৰেক ৮ আৰু ৯ হৈছে "বোনাচ ট্ৰেক" আৰু বোলছবিখনত প্ৰদৰ্শিত হোৱা নাছিল।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (23 September 2016). Released Assamese Feature Films. enajori.com
  2. ↑ Daag. Imdb.com

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ২০০০ দশকৰ অসমীয়া চলচ্চিত্ৰ২০০১ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দাগ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬৩৫৬৭৮ (১৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।