কন্যাদান ২০০২ চনত মুক্তি প্ৰাপ্ত এখন অসমীয়া পাৰিবাৰিক চলচ্চিত্ৰ। চি এছ নাৰায়ণ আৰু স্বৰাজ দাসৰ দ্বাৰা প্ৰযোজিত আৰু মুনিন বৰুৱাৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰ খনৰ সংগীত পৰিচালনা কৰিছিল জুবিন গাৰ্গে। মুখ্য চৰিত্ৰত অভিনয় কৰে যতীন বৰা, মৃদুলা বৰুৱা, ভাস্কৰ বৰা, পূৰবী শৰ্মা, মাধুৰীমা চৌধুৰী আৰু ঋতুপৰ্ণা কটকীয়ে।
কাহিনী
বকুলপুৰ নামৰ এখন ঠাইৰ যৌথ পৰিয়ালৰ আধাৰত কাহিনীটো নিৰ্মিত। চিনেমাখনৰ নায়ক উৎপল (যতীন বৰা) নগৰৰ চহকী পটভূমিৰ এগৰাকী ছোৱালীৰ প্ৰেমত পৰা পৰিয়ালটোৰ কনিষ্ঠ পুত্ৰ। তেওঁৰ তিনিজন ভায়েক আৰু তিনিজনী ভনীয়েক আছে। ছোৱালীজনীৰ প্ৰতি তেওঁৰ মোহৰ কথা বায়েকহঁতে জানে যদিও ভাইটিহঁতে সেই বিষয়ে অৱগত নহয়। মধ্যবিত্তীয় পটভূমিৰ এটা সাধাৰণ পৰিয়ালক প্ৰক্ষেপ কৰা সামাজিক চিনেমা।
অভিনয়ত
- যতীন বৰা (উৎপল)
- ঋতুপৰ্ণা কটকী(ৰীমা)
- অৰুণ নাথ(বিজয় বৰুৱা)
- মৃদুলা বৰুৱা (জয়া)
- জয়ন্ত দাস(বিনন্দ বৰুৱা)
- মাধুৰীমা চৌধুৰী (নীৰা)
- ভাস্কৰ বৰা (বিজয় বৰুৱা)
- পূৰবী শৰ্মা (ৰুবি)
- চেতনা দাস
- হিৰণ্য ডেকা (ফণীধৰ)
- তপন দাস (ৰঞ্জিত ফুকন)
- মঞ্জুলা বৰুৱা
- জগদীশ ভূঞা
- ৰশ্মি ৰেহাই
সংগীত
চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল জুবিন গাৰ্গে। গীতিকাৰ আছিল জুবিন গাৰ্গ, দিগন্ত ভাৰতী আৰু মানস ৰবীন। কণ্ঠশিল্পী সকল আছিল জুবিন গাৰ্গ, কল্পনা পাটোৱাৰী, মহালক্ষ্মী আয়াৰ, শাশ্বতী ফুকন, নিৰ্মালী দাস, মিতালী বৰকটকী, জংকী বৰঠাকুৰ আৰু মানস ৰবীন। মুঠ ৬টা গানৰ প্ৰায় সকলো কেইটা গানেই যথেষ্ট জনপ্ৰিয়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কন্যাদান (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬১৯১৫৮ (২৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।