অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী
৫৫ প্ৰবন্ধ
-
মৃদুলা বৰুৱা
মৃদুলা বৰুৱা অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী দীৰ্ঘদিনীয়া অভিনেত্ৰী, যিয়ে চলচ্চিত্ৰৰ উপৰি ভিচিডি ছবি, টেলিভিছনৰ ধাৰাবাহিক আৰু টেলিফিল্মত উল্লেখযোগ্য কাম কৰিছে। অভিনয়ৰ লগতে তেওঁ প্ৰযোজক হিচাপে আৰু তথ্যচিত্ৰ প্ৰযোজক ৰূপেও সক্ৰিয় হৈ অসমীয়া দৰ্শক-সংস্কৃতিত বহুমুখী অৱদান আগবঢ়াইছে।
-
বিদ্যা ৰাও (অভিনেত্ৰী)
বিদ্যা ৰাও এগৰাকী অসমীয়া আৰু বঙালী ছবিৰ অভিনেত্ৰী, যাৰ মূল চলচ্চিত্ৰ-কৰ্ম অসমীয়া ভাষাত কেন্দ্ৰিত। শিশু শিল্পী হিচাপে আৰম্ভ কৰি ১৯৭০–৮০ দশকৰ জনপ্ৰিয় বাণিজ্যিক ছবিত মুখ্য আৰু শক্তিশালী চৰিত্ৰ ৰূপায়ণৰ জৰিয়তে তেওঁ অসমীয়া ছবিজগতত লক্ষণীয় অৱদান আগবঢ়ায়।
-
চেতনা দাস
চেতনা দাস (Chetana Das, জন্ম: ৪ নৱেম্বৰ, ১৯৫৪) হৈছে অসমৰ এগৰাকী অভিনেত্ৰী। ১৯৭০ আৰু ১৯৮০ দশকত তেওঁ অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী আছিল। তেওঁ পূৰ্বৰ অসমৰ (বৰ্তমানৰ মেঘালয়) শ্বিলঙত জন্মগ্ৰহণ কৰিছিল।
-
প্ৰস্তুতি পৰাশৰ
প্ৰস্তুতি পৰাশৰ (Prastuti Porasor) অসমীয়া চলচ্চিত্ৰ জগত, দূৰদৰ্শন আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ উল্লেখযোগ্য অভিনেত্ৰী তেওঁ অসমীয়া ভাষাৰ কেইবাখনো বোলছবিত অভিনয় কৰিছে। ২০০১-০২ বৰ্ষত প্ৰস্তুতি পৰাশৰে গুণ গুণ গানে গানে বোলছবিখনৰ বাবে ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ২০০৪ৰ শ্ৰেষ্ঠা অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল।
-
জেৰিফা ৱাহিদ
জেৰিফ ৱাহিদ (Zerifa Wahid) হৈছে অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী।
-
নিশিতা গোস্বামী
নিশিতা গোস্বামী (Nishita Goswami) অসমীয়া চলচ্চিত্ৰৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। ১৯৮২ চনৰ ১৯ অক্টোবৰত অসমৰ গুৱাহাটীত তেখেতৰ জন্ম হয়। তেখেতৰ মাতৃৰ নাম মলয়া গোস্বামী আৰু পিতৃৰ নাম প্ৰদীপ গোস্বামী।
-
ইভা আচাও
ইভা আচাও এগৰাকী অসমীয়া অভিনেত্ৰী। তেখেতে পঞ্চাশ-ষাঠিৰ দশকত কেইবাখনো অসমীয়া ছবিত অভিনয় কৰিছিল।
-
বৰষা ৰাণী বিষয়া
বৰষা ৰাণী বিষয়া (Barsha Rani Bishaya) এগৰাকী অসমীয়া চলচ্চিত্ৰ জনপ্ৰিয় অভিনেত্ৰী। তেখেতে বৰ্তমানলৈ বহুতো অসমীয়া চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ বিভিন্ন ভ্ৰাম্যমাণ থিয়েটাৰটো তেখেতে অভিনয় কৰি আহিছে।
-
মলয়া গোস্বামী
মলয়া গোস্বামী (Moloya Goswami) অসম, ভাৰতৰ এগৰাকী চলচ্চিত্ৰ অভিনেত্ৰী, নাট্যাভিনেত্ৰী, টেলিভিছনৰ অভিনেত্ৰী আৰু অধ্যাপক৷ ১৯৮৫ চনত ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ 'অগ্নিস্নান'ৰ জৰিয়তে চলচ্চিত্ৰ জগতত খোজ পেলোৱা গোস্বামীয়ে পৰৱৰ্তী সময়ত ফিৰিঙতিৰ (১৯৯২) জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ…
-
সীমা বিশ্বাস
সীমা বিশ্বাস (सीमा बिस्वास; Seema Biswas) (জন্ম ১৪ জানুৱাৰী, ১৯৬৫) অসমৰ এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ জগতৰ সুপৰিচিত অভিনেত্ৰী, এখেতে শেখৰ কাপুৰৰ বেণ্ডিত কুইনত (১৯৯৪) ফুলন দেৱী চৰিত্ৰটোৰ অভিনয় কৰিছিল। বলিউদ তথা অন্য ভাৰতীয় চলচ্চিত্ৰ জগতত বলিষ্ঠ অভিনেত্ৰী হিচাপে যথেষ্ট নাম আছে।
-
জ্ঞানদা কাকতি
জ্ঞানদা কাকতি (Gyanada Kakati) এগৰাকী অসমীয়া অভিনেত্ৰী আৰু কণ্ঠশিল্পী। ১৯৪৯ চনত পাৰঘাট ছবিৰে অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰা কাকতিয়ে অসমীয়াৰ উপৰিও বঙালী ছবিতো অভিনয় কৰিছে। পূবেৰুণ ছবিৰে দৰ্শকৰ মাজত জনপ্ৰিয় হোৱা কাকতিয়ে ১৯৬০ চনত বাৰ্লিন চলচ্চিত্ৰ মহোসৎৱত অংশগ্ৰহণ কৰে।
-
বীণা দাস মান্না
বীণা দাস বা বিবাহসূত্ৰে বীণা দাস মান্না (Bina Das Manna, ১৯৩৪- ১ ফেব্ৰুৱাৰী ২০১০) অসমৰ এগৰাকী অভিনেত্ৰী আছিল। সতী বেউলা ছবিৰে চলচ্চিত্ৰ জগতত ভৰি দিয়া মান্নাই প্ৰায় দেৰকুৰি অসমীয়া ছবিত অভিনয় কৰিছে। তেওঁ অভিনয় কৰা শেষ মুক্তিপ্ৰাপ্ত ছবি আছিল অ’ মোৰ মনে তৰা।
-
ৰিম্পী দাস
ৰিম্পী দাস (Rimpi Das) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। তেওঁ ভাৰতীয় হিন্দী টেলিভিছন জগতৰ ধাৰবাহিকত বৰ্তমান যথেষ্ট ব্যষ্ট হৈ আছে। তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত খোজ পেলাই ২০০৪ চনত অশোক কুমাৰ বিষয়াৰ পৰিচালিত মনত বিৰিণাৰ জুইৰ জৰিয়তে।
-
আইদেউ সন্দিকৈ
আইদেউ সন্দিকৈ (Aideu Nilambar Handique; জন্ম: ২৭ জুন, ১৯১৫ - মৃত্যু: ১৭ ডিচেম্বৰ, ২০০২)[1] অসমীয়া চলচ্চিত্ৰৰ ইতিহাসৰ পাত লুটিয়ালেই যিগৰাকী মহিয়সী নাৰীৰ নাম স্বৰ্ণাক্ষৰেৰে জিলিকি উঠে, তেখেতেই হ’ল প্ৰথম গৰাকী মহিলা অভিনেত্ৰী আইদেউ সন্দিকৈ।
-
আইমী বৰুৱা
আইমী বৰুৱা (Aimee Baruah) এগৰাকী অসমীয়া অভিনেত্ৰী। তেওঁ কেইবাখনো অসমীয়া চলচ্চিত্ৰৰ লগতে বহুতো ভিচিডি তথা এলবামত অভিনয় কৰিছে।
-
পূৰবী শৰ্মা
পূৰবী শৰ্মা (Purabi Sarma, ১৯৬১-২০২৬) অসম, ভাৰতৰ এগৰাকী অভিনেত্ৰী আছিল। তেওঁ মূলতঃ অসমীয়া ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছিল। ইয়াৰ লগতে তেওঁ অনাতাৰ নাট, ভ্ৰাম্যমাণ আৰু দূৰদৰ্শনৰ একাধিক অভিনয়-কৰ্মৰ লগত জড়িত হৈ আছিল।
-
অনুপমা ভট্টাচাৰ্য
অনুপমা ভট্টাচাৰ্য (Anupama Bhattacharjya; ১৯ আগষ্ট ১৯২৮-৩০ জানুৱাৰী ২০২২) অসমৰ চলচ্চিত্ৰ আৰু মঞ্চজগতৰ এগৰাকী গুৰিধৰোঁতা অভিনেত্ৰী। অসমৰ “মীনা কুমাৰী” হিচাপে খ্যাত ভট্টাচাৰ্যই চল্লিশৰ জগতৰ পৰা আজিলৈকে মঞ্চ, অনাতাঁৰ, বোলছবি আৰু দূৰদৰ্শনত অভিনয় কৰি আহিছে।
-
নিকুমণি বৰুৱা
নিকুমণি বৰুৱা (ইংৰাজী: Nikumoni Baruah) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। অভিনয় কৰাৰ উপৰিও তেখেতে কেইখনমান চলচ্চিত্ৰত প্ৰযোজনা কৰিছে৷ প্ৰায় ৯ বছৰ বয়সৰ পৰা তেখেতে অভিনয় কৰি আহিছে৷ বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ, নাটক আৰু চুটি ছবি তথা ধাৰাবাহিকত অভিনয় কৰিছে৷
-
পূৰ্ণিমা পাঠক শইকীয়া
পূৰ্ণিমা পাঠক শইকীয়া (বিবাহৰ পূৰ্বে পাঠক; Purnima Pathak Saikia) এগৰাকী অসমীয়া চলচ্চিত্ৰ আৰু মঞ্চ অভিনেত্ৰী। দূৰদৰ্শনৰ অনুষ্ঠান কাৰ্যবাহী ৰূপে তেওঁ দূৰদৰ্শনৰ বহুতো অনুষ্ঠানৰ প্ৰযোজনাও কৰিছে।
-
গায়ত্ৰী মহন্ত
গায়ত্ৰী মহন্ত (ইংৰাজী: Gayatri Mahanta) এগৰাকী অসমীয়া চলচ্চিত্ৰ জনপ্ৰিয় অভিনেত্ৰী। অসমৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত বিশ্বনাথ চাৰিআলি মহকুমাত ১৯৮২ চনৰ ১৪ ফেব্ৰুৱাৰীত তেখেতৰ জন্ম হয়। গায়ত্ৰী মহন্তই ১৯৯৫ চনত তেখেতৰ অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল "নৰ্থ ইষ্ট মেগা ফেশ্বন শ্ব"ৰ যোগেদি।
-
ইলা কাকতি
ইলা কাকতি (Ila Kakati; ২৩ মাৰ্চ ১৯৫৩- ২০০৩) এগৰাকী অসমীয়া চলচ্চিত্ৰ আৰু ভ্ৰাম্যমান থিয়েটাৰৰ অভিনেত্ৰী আছিল৷ ভূপেন হাজৰিকা পৰিচালিত চিকমিক বিজুলীৰে চলচ্চিত্ৰ জগতত পদাৰ্পন কৰা কাকতিয়ে মুঠ ষোলখন ছবিত অভিনয় কৰিছিল৷ আজলী নবৌ আৰু বৃষ্টি তেওঁৰ উল্লেখযোগ্য ছবি।
-
জুপিতৰা ভূঞা
জুপিতৰা ভূঞা এগৰাকী অসমীয়া চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী। জুপিতৰাই কেইবাখনো অসমীয়া বোলছবিত লগতে বিভিন্ন বিহুৰ ভিডিঅ' ছবিত অভিনয় কৰিছে। তেখেতে অসমৰ ভ্ৰাম্যমান থিয়েটাৰ দল কহিনুৰ থিয়েটাৰতো মুখ্য অভিনেত্ৰীৰ হিচাপে কাম কৰিছিল। অভিনয়ৰ লগতে জুপিতৰাই বিভিন্ন অনুষ্ঠানত ঘোষিকাৰ ভূমিকা পালন কৰিছে।
-
পাকিজা বেগম
পাকিজা বেগম (Pakija Begum) অসমীয়া চলচ্চিত্ৰ জগতৰ এক অভিনেত্ৰী তথা পৰিচালক। ভালেমান চলচ্চিত্ৰ,নাটক,ধাৰাবাহিকত অভিনয় কৰা বেগমে “পত্নী” ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
ৰাখী গুলজাৰ
Rakhee Gulzar ( Rakhee Gulzar; জন্ম ৰাখী মজুমদাৰ ১৫ আগষ্ট ১৯৪৭; অধিক জনাজাত নাম ৰাখী) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ বহুতো হিন্দী আৰু বঙালী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ তিনিটা ফিল্মফেয়াৰ বঁটা আৰু এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।
-
মুনমী ফুকন
মুনমী ফুকন (ইংৰাজী: Moonmi Phukan) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ, ছুটি ছবি, ধাৰাবাহিক আৰু ভ্ৰাম্যমাণ থিয়েটাৰতো অভিনয় কৰিছে৷
-
উৰ্মিলা মহন্ত
উৰ্মিলা মহন্ত (Urmila Mahanta) এগৰাকী ভাৰতীয় অভিনেত্ৰী। পুনেত অৱস্থিত ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত শিক্ষা গ্ৰহণ কৰা উৰ্মিলাই বৰ্তমানলৈকে ভালেসংখ্যক নাটক, চুটি চিনেমা আৰু দূৰদৰ্শনৰ ছিৰিজ আদিত অভিনয় কৰিছে।
-
কাশ্মীৰি শইকীয়া বৰুৱা
কাশ্মীৰি শইকীয়া বৰুৱা (Kashmiri Saikia Baruah) এগৰাকী অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু কণ্ঠশিল্পী। অসমৰ মঙলদৈত ৩০ নৱেম্বৰ তাৰিখে তেওঁৰ জন্ম হৈছিল। মংলদৈত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পাছত ১৯৮১ চনত কটন কলেজৰ পৰা স্নাতক উপাধি লাভ কৰে।
-
পৰিণীতা বৰঠাকুৰ
পৰিণীতা বৰঠাকুৰ (জন্ম- ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা। অসমীয়া আৰু হিন্দী ভাষাৰ বহুকেইখন চলচ্চিত্ৰ, দূৰদৰ্শন ধাৰাবাহিকত অভিনয় কৰা পৰিণীতাই কেইবাখনো অসমীয়া চলচ্চিত্ৰ আৰু এলবামৰ গীতত কণ্ঠদান কৰিছে।
-
মাধুৰীমা চৌধুৰী
মাধুৰীমা চৌধুৰী (Madhurima Choudhury) অসমৰ এগৰাকী অভিনয় শিল্পী আৰু নৃত্য পটীয়সী। তেওঁ বহুকেইখন অসমীয়া কথাছবি, ভিচিডি আৰু ধাৰাবাহিকত অভিনয় কৰিছে। তেওঁ দূৰদৰ্শণ কেন্দ্ৰ গুৱাহাটীৰ এগৰাকী ঘোষিকা হিচাপেও কৰ্মৰত আছিল। চৌধুৰী আছিল অসমৰ লতাশিল বিহুতলীৰ প্ৰথমগৰাকী বিহুৰাণী।
-
আঙুৰলতা ডেকা
আঙুৰলতা ডেকা (ইংৰাজী: Angoorlata Deka) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী তথা ৰাজনৈতিক নেত্ৰী। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ আৰু চুটি ছবিত অভিনয় কৰিছে৷ ২০১৫ চনত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আৰু ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ পৰা নিৰ্বাচিত হৈ…