আম্বেদকাৰ জয়ন্তী বা ভীম জয়ন্তী (Ambedkar Jayanti) ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে ১৪ এপ্ৰিল তাৰিখে ভাৰতীয় আইনবিদ, অৰ্থনীতিবিদ, সমাজ সংস্কাৰক আৰু ৰাজনৈতিক নেতা তথা ভাৰতৰ সংবিধানৰ পিতৃস্বৰূপ ভীমৰাও ৰামজী আম্বেদকাৰৰ জন্মোৎসৱ হিচাপে পালন কৰা হয়। ১৮৯১ চনৰ ১৪ এপ্ৰিল তাৰিখে আম্বেদকাৰৰ জন্ম হৈছিল।১ এই দিনটো সমতা দিৱস আৰু জ্ঞান দিৱস হিচাপেও পালন কৰা হয়। গোটেই জীৱন সমতাৰ বাবে সংগ্ৰাম কৰা বাবাচাহেব আম্বেদকাৰক সমতা আৰু জ্ঞানৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। আম্বেদকাৰ মানৱ অধিকাৰ আন্দোলন, সংবিধান নিৰ্মাতা আৰু অপৰিসীম পাণ্ডিত্যৰ বাবে সমগ্ৰ বিশ্বতে পৰিচিত আৰু এই দিনটো তেওঁক শ্ৰদ্ধা জনাই উদযাপন কৰা হয়। ১৯২৮ চনৰ ১৪ এপ্ৰিলত পুনে চহৰত সদাশিৱ ৰণপিচে নামৰ ব্যক্তি এজনে প্ৰথমবাৰৰ বাবে আম্বেদকাৰ জয়ন্তী হিচাপে অনুষ্ঠিত কৰিছিল। ৰণপিচে আম্বেদকাৰৰ অনুগামী আছিল। আম্বেদকাৰ জয়ন্তী কেন্দ্ৰীয় চৰকাৰৰ লগতে ভাৰতৰ ২৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত চৰকাৰী বন্ধৰ দিন।২৩৪
বিৱৰণ
ড° ভীমৰাও ৰামজী আম্বেদকাৰ এজন ভাৰতীয় আইনজ্ঞ, ৰাজনৈতিক নেতা, দাৰ্শনিক, বুৰঞ্জীবিদ, অৰ্থনীতিবিদ, শিক্ষক তথা লেখক আছিল। তেওঁ কেন্দ্ৰীয় মন্ত্ৰী সভাত প্ৰথম আইন মন্ত্ৰী আছিল। ১৯৩০-৩১ আৰু ১৯৩১-৩২ চনত প্ৰথম ঘূৰণীয়া মেজমেলত তেওঁ অনুন্নত জাতিৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। মুম্বাই বিধান সভাৰ সদস্য নিৰ্বাচিত হৈছিল। ব্ৰিটিছ চৰকাৰে তেওঁ যুটীয়া সংসদী কমিটীৰ সদস্য নিযুক্ত কৰিছিল। তেওঁ ভাৰতীয় কাৰ্যবাহী পৰিষদৰ সদস্য হৈ লাঠ গৱৰ্ণৰ কাৰ্যকৰী কাউন্সিলৰ শ্ৰম মন্ত্ৰী নিযুক্ত হৈছিল। ভাৰতীয় সংবিধান সভাৰ সদস্য আছিল আৰু ১৯৪৭ চনত তেওঁ সংবিধান খচৰা প্ৰস্তুতি কমিটীৰ সভাপতি হৈছিল আৰু ভাৰতীয় সংবিধান ৰচনা কৰিছিল।৫
২০১২ চনত History TV আৰু CNN-IBN চেনেলে দেশজুৰি চলোৱা এটা সমীক্ষাত তেখেতক "শ্ৰেষ্ঠ ভাৰতীয়" হিচাপে বাছনি কৰা হৈছিল।৬৭ ১৯৯০ চনত তেখেতক মৰনোত্তৰভাৱে ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হয়।
উদযাপন

১৯২৮ চনৰ ১৪ এপ্ৰিলত পুনে চহৰত সদাশিৱ ৰণপিচে নামৰ ব্যক্তি এজনে প্ৰথমবাৰৰ বাবে আম্বেদকাৰ জয়ন্তী হিচাপে অনুষ্ঠিত কৰিছিল। ৰণপিচে আম্বেদকাৰৰ অনুগামী আছিল। তেওঁৰ অনুগামী সকলে আম্বেদকাৰ জয়ন্তী শোভাযাত্ৰা মুম্বাইৰ চৈত্য ভূমি আৰু নাগপুৰৰ দীক্ষা ভূমিত অনুষ্ঠিত কৰে।৮ আম্বেদকাৰ জয়ন্তী উপলক্ষে নতুন দিল্লীত ভাৰতৰ সংসদ ভৱনত আম্বেদকাৰৰ প্ৰতিমূৰ্তিত ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু ৰাজনৈতিক দলৰ নেতাসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সমগ্ৰ বিশ্বতে বিশেষকৈ দলিত, আদিবাসী, শ্ৰমিক, মহিলা আৰু লগতে তেওঁৰ আদৰ্শক সৰোগত কৰি বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাসকলেও ইয়াক উদযাপন কৰে। ভাৰতত বৃহৎ সংখ্যক লোকে শোভাযাত্ৰা কৰি কেইদিনা আম্বেদকাৰক স্মৰণ কৰে। ২০২০ চনত বিশ্বত প্ৰথম অনলাইন আম্বেদকাৰ জয়ন্তী উদযাপন কৰা হয়।৯১০
অন্ধ্ৰপ্ৰদেশ, বিহাৰ, চণ্ডীগড়, ছত্তীসগঢ়, গোৱা, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, ঝাৰখণ্ড, কৰ্ণাটক, কেৰালা, লাডাখ, মহাৰাষ্ট্ৰ, ওড়িশা, পুডুছেৰী, পঞ্জাব, ৰাজস্থান, ছিক্কিম, তামিলনাডু, তেলংগানা, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, মধ্য প্ৰদেশকে ধৰি ভাৰতৰ ২৫ খনতকৈও অধিক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আম্বেদকাৰ জয়ন্তী চৰকাৰী বন্ধৰ দিন।১১
১২৫ সংখ্যক আম্বেদকাৰ জয়ন্তী
২০১৬ চনত ভাৰত চৰকাৰে ড° ভীমৰাও আম্বেদকাৰৰ ১২৫ সংখ্যক জন্ম জয়ন্তী উপলক্ষে দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত ব্যাপক পৰিসৰত উদযাপন কৰে। এই দিনটো ভাৰতৰ সকলো ৰাজ্যতে চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছিল। একেবছৰে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘই আম্বেদকাৰৰ ১২৫ সংখ্যক জন্ম জয়ন্তীও পালন কৰে য’ত ১৫৬খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল। ৰাষ্ট্ৰসংঘই ড° ভীমৰাও আম্বেদকাৰক “বিশ্বৰ নেতা” বুলি অভিহিত কৰি সন্মান জনায়। ৰাষ্ট্ৰসংঘৰ ৭০ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী ভাৰতীয় ব্যক্তিৰ জন্মদিন পালন কৰা হয়। তেওঁৰ বাহিৰেও পৃথিৱীত মাত্ৰ দুজন ব্যক্তিৰ জন্ম বাৰ্ষিকী ৰাষ্ট্ৰসংঘই পালন কৰিছে – মাৰ্টিন লুথাৰ কিং আৰু নেলছন মেণ্ডেলা।১২ আম্বেদকাৰ, কিং আৰু মেণ্ডেলা, এই তিনগৰাকী ব্যক্তিয়ে নিজ নিজ দেশত মানৱ অধিকাৰ সংগ্ৰামৰ নেতৃত্ব দিছিল।
শ্ৰদ্ধাঞ্জলি
ভাৰতৰ ডাক বিভাগে ১৯৬৬, ১৯৭৩, ১৯৯১, ২০০১, আৰু ২০১৩ চনত আম্বেদকাৰ জয়ন্তী উপলক্ষে ডাকটিকট জাৰি কৰিছিল।১৩ ১৯৯০ চনৰ ১৪ এপ্ৰিলৰ পৰা ১৯৯১ চনৰ ১৪ এপ্ৰিললৈকে সময়ছোৱা বাবাচাহেবৰ স্মৃতিত "সামাজিক ন্যায়ৰ বৰ্ষ" হিচাপে পালন কৰা হৈছিল।১৪ ভাৰত চৰকাৰে আম্বেদকাৰৰ সন্মানত ১২৫ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ২০১৫ চনত ১০ টকা আৰু ১২৫ টকীয়া মুদ্ৰা জাৰি কৰিছিল।১৫ ২০১৫ চনৰ ১৪ এপ্ৰিলত আম্বেদকাৰৰ ১২৪ সংখ্যক জন্মদিনৰ বাবে গুগল ডুডল প্ৰকাশ কৰা হয়।১৬১৭১৮ এই ডুডল ভাৰত, আৰ্জেণ্টিনা, চিলি, আয়াৰলেণ্ড, পেৰু, পোলেণ্ড, ছুইডেন আৰু যুক্তৰাজ্যত প্ৰদৰ্শিত হৈছিল।১৯২০২১
ৰাষ্ট্ৰসংঘই ২০১৬, ২০১৭ আৰু ২০১৮ বৰ্ষত আম্বেদকাৰ জয়ন্তী উদযাপন কৰে।২২২৩২৪ ২০১৭ চনৰ পৰা মহাৰাষ্ট্ৰ চৰকাৰে আম্বেদকাৰ জয়ন্তীক মহাৰাষ্ট্ৰ ৰাজ্যত আম্বেদকাৰৰ স্মৃতিত জ্ঞান দিৱস হিচাপে পালন কৰিববলৈ আৰম্ভ কৰে।২৫ ২০১৭ চনত আম্বেদকাৰ জয়ন্তীৰ উপলক্ষে টুইটাৰে আম্বেদকাৰৰ ইম'জি তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে মুকলি কৰে।২৬ ২০২০ চনৰ ৬ এপ্ৰিলত কানাডাৰ বাৰ্নাবেত ১৪ এপ্ৰিলক "ড° বি.আৰ. আম্বেদকাৰ সমতাৰ দিৱস" হিচাপে পালন কৰাৰ সিদ্ধান্ত লোৱা হয়। কানাডাৰ বাৰ্নাবে চহৰৰ পৰিষদে এই সিদ্ধান্ত গ্ৰহণ কৰে।২৭২৮ ২০২১ চনত ব্ৰিটিছ কলম্বিয়া চৰকাৰে কানাডাৰ ব্ৰিটিছ কলম্বিয়া প্ৰদেশত ১৪ এপ্ৰিলক "ড° বি আৰ আম্বেডকাৰ সমতা দিৱস" হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছে।২৯৩০ ২০২২ চনত কানাডাৰ ব্ৰিটিছ কলম্বিয়া প্ৰদেশে এপ্ৰিল মাহক দলিত ইতিহাস মাহ হিচাপে স্বীকৃতি দিয়ে।৩১ ২০২২ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক'লৰাডো চৰকাৰে ২০২২ চনৰ ১৪ এপ্ৰিল তাৰিখটো আমেৰিকাৰ ক'লৰাডোত "ড° বি.আৰ. আম্বেডকাৰ সমতা দিৱস" হিচাপে পালন কৰে।৩২৩৩৩৪ ২০২২ চনত তামিলনাডু চৰকাৰে আম্বেদকাৰ জয়ন্তীক তামিলনাডু ৰাজ্যত "সমতা দিৱস" হিচাপে পালন কৰে।৩৫৩৬৩৭
তথ্যসূত্ৰ
- ↑ (2021-04-10). Ambedkar Jayanti 2021:Humble Request to Dr B. R. Ambedkar's Followers. S A NEWS
- ↑ कुमार, अरविन्द. (2020-04-14). असमानता दूर करने के लिए भीमराव आंबेडकर ने क्या उपाय दिए थे. ThePrint Hindi
- ↑ Ambedkar Jayanti 2020: आज है अंबेडकर जयंती, जानिए बाबा साहेब से जुड़ी ये 7 बातें. NDTVIndia
- ↑ हिंदी, क्विंट. (2020-04-13). B.R. Ambedkar Jayanti 2020: पढ़ें अंबेडकर साहब के ये अनमोल विचार. TheQuint
- ↑ সমীন কলিতা. ভাৰত-ৰত্ন. অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃ. ৮৪,৮৫,৮৬,৮৭,৮৮,৮৯,৯০
- ↑ আৰ্কাইভ কপি. cnn ibn
- ↑ আৰ্কাইভ কপি
- ↑ Ambedkar Jayanti - Bhim Jayanti - 14 April
- ↑ Chatterjee, Mohua. (April 13, 2020). Dalits go digital to celebrate 129th Ambedkar Jayanti amid lockdown. The Times of India
- ↑ Shastree, Uttara. (1996). Religious Converts in India: Socio-political Study of Neo-Buddhists. Mittal Publications. ISBN 978-81-7099-629-3
- ↑ Dr Ambedkar Jayanti in India in 2021 · by Office Holidays. www.officeholidays.com
- ↑ संग्रहीत प्रति
- ↑ Ambedkar on stamps. colnect.com
- ↑ (2006-05-05). Bharat Ratna Baba Saheb
- ↑ (6 December 2015). PM Narendra Modi releases Rs 10, Rs 125 commemorative coins honouring Dr Babasaheb Ambedkar
- ↑ B.R. Ambedkar, a hero of India's independence movement, honoured by Google Doodle. The Telegraph
- ↑ Google Doodle
- ↑ Gibbs, Jonathan. (14 April 2015). B. R. Ambedkar's 124th Birthday: Indian social reformer and politician honoured with a Google Doodle. The Independent
- ↑ (14 April 2015). B R Ambedkar 124th birth anniversary: Google doodle changes in 7 countries as tribute. The Indian Express
- ↑ (14 April 2015). Google's BR Ambedkar birth anniversary doodle on 7 other countries apart from India. dna
- ↑ Nelson, Dean. (14 April 2015). B.R. Ambedkar, a hero of India's independence movement, honoured by Google Doodle. Telegraph.co.uk
- ↑ (15 April 2016). Ambedkar Jayanti celebrated for the first time outside India as UN organises special event - Firstpost. firstpost.com
- ↑ UN celebrates Ambedkar's legacy 'fighting inequality, inspiring inclusion'. The New Indian Express
- ↑ संयुक्त राष्ट्र में मनाई गई डॉ. बाबासाहेब भीमराव आंबेडकर जयंती - News State. newsstate.com
- ↑ Staff Reporter. (14 April 2017). Ambedkar Jayanti to be celebrated as Knowledge Day in State. The Hindu
- ↑ KVN, Rohit. (2017-04-14). #JaiBhim: Twitter launches Dr BR Ambedkar emoji to commemorate 126th birth anniversary. www.ibtimes.co.in
- ↑ (7 April 2020). Burnaby proclaims April 15 as Dr. B.R. Ambedkar Day of Equality | Indo-Canadian Voice
- ↑ Maharashtra, Max. (2020-04-11). डॉ. बाबासाहेब आंबेडकर यांचा जन्मदिवस कॅनडात 'समता दिन' म्हणून घोषित. www.maxmaharashtra.com
- ↑ Canada Province of British Columbia - A Proclamation - "Dr. B. R. Ambedkar Equality Day"
- ↑ (2021-04-03). डॉ. बाबासाहेबांचा कॅनडात सन्मान, 14 एप्रिल 'समता दिन' म्हणून साजरा होणार. Lokmat
- ↑ (2022-04-01). Canada's British Columbia Declares April As Dalit History Month In Historic Move. IndiaTimes
- ↑ (14 April 2022). State of Colorado Proclamation - Dr. B. R. Ambedkar Equity Day
- ↑ Colorado to celebrate Ambedkar's birth anniversary on April 14
- ↑ Colorado to celebrate Ambedkar's birth anniversary on April 14
- ↑ (13 April 2022). Tamil Nadu to celebrate Dr Ambedkar's birthday as Equality Day: CM Stalin
- ↑ (13 April 2022). Ambedkar's birth anniversary to be observed as Day of Equality. The Hindu
- ↑ (13 April 2022). TN declares Ambedkar birth anniversary as 'Equality Day'. Theprint
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আম্বেদকাৰ জয়ন্তী” প্ৰবন্ধৰ সংশোধন ৬১২৫২৭ (১৬ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।