অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

আদিবাসী

আদিবাসী হ'ল ভাৰতীয় উপমহাদেশৰ জনজাতি (tribe)-সকলৰ সম্মিলিত শব্দ, যিসকলক ভাৰতৰ থলুৱা লোক হিচাপে বিবেচনা কৰা হয়। পিছে ভাৰতে আনুষ্ঠানিক ভাবে জনজাতিসকলক খিলঞ্জীয়া লোক হিচাপে বিবেচনা নকৰে। আদিবাসী লোকসকল কোনো এক অঞ্চলত স্থায়ীভাবে বসবাস কৰে নতুবা যাযাবৰ জীৱন-যাপন কৰে।

হালনাগাদ: ১৯ ডিচেম্বৰ ২০২৪ ১৪০ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

আদিবাসী হ'ল ভাৰতীয় উপমহাদেশৰ জনজাতি (tribe)-সকলৰ সম্মিলিত শব্দ,১ যিসকলক ভাৰতৰ থলুৱা লোক হিচাপে বিবেচনা কৰা হয়। পিছে ভাৰতে আনুষ্ঠানিক ভাবে জনজাতিসকলক খিলঞ্জীয়া লোক হিচাপে বিবেচনা নকৰে।২ আদিবাসী লোকসকল কোনো এক অঞ্চলত স্থায়ীভাবে বসবাস কৰে নতুবা যাযাবৰ জীৱন-যাপন কৰে। এই শব্দটো আন দেশৰ জাতিগত সংখ্যালঘু, যেনে বাংলাদেশৰ চাকমা, নেপালৰ খচ জনগোষ্ঠী তথা পাকিস্তানৰ ভিল আদিৰ বাবেও ব্যৱহাৰ কৰা হয়।

আদিবাসীসকল ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যাৰ ৮.৬% বা প্ৰায় ১০.৪ কোটি।৩৪৫ আদিবাসী সমাজ অন্ধ্ৰপ্ৰদেশ, ছত্তীসগঢ়, গুজৰাট, ঝাৰখণ্ড, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, ওড়িশা, পশ্চিমবংগ, উত্তৰ-পূব ভাৰত আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত বিশেষভাবে দেখা যায়।

যদিও আদিবাসীসকলক ভাৰতৰ আদি বাসিন্দা হিচাবে বিবেচিত কৰা হয়, তথাপিও বৰ্তমানৰ আদিবাসীসকল সিন্ধু সভ্যতাৰ পতনৰ পাছতহে গঠিত হৈছিল, যিসকল প্ৰাচীন চিকাৰী, সিন্ধু সভ্যতাৰ লোক, ইণ্ডো-আৰ্য আৰু অষ্ট্ৰোএচিয়াটিক তথা তিব্বতীয়-বৰ্মণ ভাষীক লোকৰ বিভিন্ন স্তৰৰ বংশধৰ।৬৭৮ আদিবাসী ভাষাসমূহ পাঁচটা ভাষাতাত্ত্বিক গোষ্ঠীত শ্ৰেণীবদ্ধ কৰা যায়: আন্দামানিজ, অষ্ট্ৰোএচিয়াটিক, দ্ৰাবিড়, ইণ্ডো-আৰ্য, চীনা-তিব্বতীয় আৰু ক্ৰা-ডাই।৯

Percent of scheduled tribes in India by tehsils by census 2011
Percent of scheduled tribes in India by tehsils by census 2011ছবি: Goran_tek-en · CC BY-SA 4.0

তথ্যসূত্ৰ

  1. ↑ Encyclopedia Britannica, Adivasi
  2. ↑ Claiming Indigenousness in India. booksandideas
  3. ↑ 2011 Census Primary Census Abstract
  4. ↑ SCs, STs form 25% of population, says Census 2011 data - Indian Express. archive.indianexpress.com
  5. ↑ (16 April 2015). CPI(M) demands reservation for SCs, STs in private sector. DNA India
  6. ↑ Reich 2009
  7. ↑ Basu Sarkar-RoyaMajumder 2016
  8. ↑ Narasimhan Patterson et al.
  9. ↑ (7 April 2015). TRIBAL LANGUAGES IN INDIA – INTRODUCTION (1/4). wordsinthebucket

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ সামাজিক সম্প্ৰদায়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আদিবাসী” প্ৰবন্ধৰ সংশোধন ৪৫৬৩০১ (১৯ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।