মানৱ অধিকাৰ দিৱস সমগ্ৰ বিশ্বত প্ৰতিবছৰে ১০ ডিচেম্বৰ তাৰিখে পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ ১৯৪৮ চনৰ ১০ ডিচেম্বৰত, মানৱ অধিকাৰৰ সৰ্বজনীন ঘোষণা (ইউডিএইচআৰ), মানৱ অধিকাৰৰ প্ৰথম বিশ্বব্যাপী ঘোষণা আৰু নতুন ৰাষ্ট্ৰসংঘৰ প্ৰথমটো মুখ্য সফলতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি এই তাৰিখটো মানৱ অধিকাৰ দিৱস হিচাপে বাছনি কৰা হৈছিল। মানৱ অধিকাৰ দিৱসৰ আনুষ্ঠানিক স্থাপন ১৯৫৯ চনৰ ৪ ডিচেম্বৰত সাধাৰণ সভাৰ ৩১৭তম সম্পূৰ্ণ সভাত হৈছিল। সাধাৰণ সভাই আৱেদন ৪২৩(ভি) ঘোষণা কৰি সকলো সদস্য ৰাজ্য আৰু আন যিকোনো আগ্ৰহী সংগঠনক উপযুক্ত দেখিলে দিনটো উদযাপন কৰিবলৈ আহ্বান জনায়।১
তাৰিখৰ ভিন্নতা
১৯৪৮ চনৰ পৰা প্ৰতি বছৰে ১০ ডিচেম্বৰ তাৰিখটো যথাযোগ্য মৰ্যাদা ও গুৰুত্বৰ সৈতে বিশ্বব্যাপী মানৱ অধিকাৰ দিৱস হিচাপে পালিত হয়। দিৱসটো জাতিসংঘ কৰ্তৃপক্ষৰ দ্বাৰা স্বীকৃত আৰু বিশ্বৰ সৰ্বতে পালিত হয়। কিন্তু, দক্ষিণ আফ্ৰিকাৰ সাৰ্পেভিল গণহত্যাক স্মৰণ কৰি ২১ মাৰ্চৰ দিনটো দক্ষিণ আফ্ৰিকাত মানৱ অধিকাৰ দিৱস হিচাপে পালিত হৈ আহিছে।২
তথ্যসূত্ৰ
- ↑ Office of the High Commission for Human Rights. (2009). The History of Human Rights Day
- ↑ Human Rights Day. South African Human Rights Commission
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মানৱ অধিকাৰ দিৱস” প্ৰবন্ধৰ সংশোধন ২৫৪০২৮ (১১ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।