অসমীয়া গ্ৰন্থ
৩৮৪ প্ৰবন্ধ
-
অসমীয়া ভাষাৰ ব্যাকৰণ (হেমচন্দ্ৰ বৰুৱা)
অসমীয়া ভাষাৰ ব্যাকৰণ (Asomiya Bhakhar Byakoron ) হেমচন্দ্ৰ বৰুৱাৰ দ্বাৰা প্ৰণিত অসমীয়া ভাষাত লিখা প্ৰথম ব্যাকৰণ। ১৮৫৯ চনত শিৱসাগৰ মিছনেৰী প্ৰেছৰ পৰা এই ব্যাকৰণখন প্ৰকাশ হয়। ব্যাকৰণখনৰ দ্বিতীয় তাঙৰণ 'অসমীয়া ব্যাকৰণ' নামেৰে ১৮৭৩ চনত পুনৰ সংশোধিত ৰূপত প্ৰকাশ পায়।
-
অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখা
অসমৰ লোক-সাহিত্যৰ ৰূপৰেখা হৈছে অসমীয়া ভাষাত ৰচিত আৰু অসমীয়া সাহিত্যিক-বুৰঞ্জীবিদ ড॰ লীলা গগৈৰ দ্বাৰা লিখিত এখনি গ্ৰন্থ। ১৯৬৮ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হোৱা গ্ৰন্থখনত প্ৰধানকৈ অসমৰ লোক-সাহিত্যৰ লগত জড়িত নানানটা বৈচিত্ৰ্যময় উপাদানৰ বিস্তৃত বিৱৰণ সন্নিৱিষ্ট হৈছে।
-
অসমীয়া সাহিত্য: আধুনিক যুগ (গ্ৰন্থ)
অসমীয়া সাহিত্য: আধুনিক যুগ এখন অসমীয়া গ্ৰন্থ। গ্ৰন্থখনৰ লেখক অধ্যাপক প্ৰফুল্ল চন্দ্ৰ বৰা। গ্ৰন্থখনৰ প্ৰকাশক ষ্টুডেণ্টচ্ ষ্ট’ৰচ আৰু প্ৰথম প্ৰকাশ পাইছিল ফেব্ৰুৱাৰী ১৯৯৫ চনত। এই গ্ৰন্থখনত সাতটা খণ্ডত অসমীয়া সাহিত্যৰ আধুনিক যুগটোৰ বিষয়ে আলোচনা কৰা হৈছে। গ্ৰন্থখনৰ মুঠ পৃষ্ঠা সংখ্যা২৬৬।
-
অসমৰ ঐতিহ্য (গ্ৰন্থ)
অসমৰ ঐতিহ্য অসমীয়া ভাষাত ৰচিত এখন গ্ৰন্থ। গ্ৰন্থখনৰ সংকলন আৰু সম্পাদনা কৰিছে শান্তনু কৌশিক বৰুৱাই। গ্ৰন্থখনত অসমৰ ২৫০খন ঐতিহ্যপূৰ্ণ স্থান আৰু স্মাৰকৰ পৰিচয়জ্ঞাপক বৰ্ণনা দিয়া হৈছে। লগতে চিত্ৰ আৰু আলোকচিত্ৰ সন্নিৱিষ্ট কৰা হৈছে।
-
অসমৰ জনজাতি (গ্ৰন্থ)
অসমৰ জনজাতি প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্য লিখিত এখন গ্ৰন্থ৷ গ্ৰন্থখনত অসম, নগাভূমি আৰু উত্তৰ পূব সীমান্ত অঞ্চলৰ জনজাতিসমূহৰ বিৱৰণ আছে৷ সেইদৰে পাহাৰ আৰু ভৈয়ামৰ অন্যান্য জনজাতিসকলৰ বিষয়েও চমু পৰিচয় আছে৷
-
অসমৰ লোক-সংস্কৃতি (গ্ৰন্থ)
অসমৰ লোক-সংস্কৃতি গ্ৰন্থখনৰ লিখক বিৰিঞ্চি কুমাৰ বৰুৱা৷ গ্ৰন্থখনত অসমীয়া লোক-সংস্কৃতিৰ স্বৰূপ, অসমৰ ভৌগোলিক পৰিৱেশ, লোক-সাহিত্য, লোক-বিশ্বাসত সাপ, মাছ, কুুকুৰা চৰাই, তামোল-পাণ, নগ্নতা, অশ্লীলতা, আৰু শাও-শপনি, নামঘৰ নিৰ্মাণৰ নীতি-নিয়ম, সাজ-পাৰ, খোৱা-বোৱা, বেজ-বেজালি, উৎসৱ-অনুষ্ঠান, ধৰ্মীয় পৰম্পৰা,…
-
অসমৰ সংস্কৃতি (গ্ৰন্থ)
অসমৰ সংস্কৃতি লীলা গগৈৰ দ্বাৰা ৰচিত সংস্কৃতি বিষয়ক গ্ৰন্থ। ১৯৮২ চনত গ্ৰন্থখন প্ৰথম প্ৰকাশ হয়। এই গ্ৰন্থখনৰ পৃষ্ঠা সংখ্যা ২৪৭ আৰু ইয়াৰ পঞ্চম সংস্কৰণ প্ৰকাশ কৰিছে বনলতা প্ৰকাশনে। সৰ্বমুঠ একুৰি দুটা অধ্যায়ত এইখন পুথিতেই অসমীয়া সংস্কৃতিৰ আটাইকেইটা দিশৰ ওপৰত গুৰুত্ব দিয়া হৈছে।
-
অৰণ্যৰ গান (কাব্য সংকলন)
অৰণ্যৰ গান নীলমনি ফুকনে অসমীয়া ভাষালৈ অনুবাদ কৰা এলানি কবিতাৰ সংকলন। এই কবিতাসমূহ মূলতঃ ছত্তিশগড়ী, ৱাঞ্চু, চাঁওতাল, মিচিং, মুণ্ডা, কাৰ্বি, গাৰো, কুকি, বড়ো, আঙ্গামী, পৰাজা, কন্যাক আদি বিভিন্ন জনজাতীয় আৰু আদিবাসী ভাষাৰ।
-
অৰ্ণৱ, আস্থা আৰু JEC
অৰ্ণৱ, আস্থা আৰু জে ই চি (নামটো ষ্টাইলাইজ কৰা হৈছে: অৰ্ণৱ, আস্থা আৰু JEC) যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পটভূমিত অৰ্ণৱ আৰু আস্থা বৰুৱাৰ কাল্পনিক প্ৰেমকাহিনীৰে ৰচিত ইন্দ্ৰাণী শৰ্মাৰ এখন অসমীয়া উপন্যাস। তেওঁৰ ৱেবছাইট www.indranee.org-ত এই উপন্যাসখন ধাৰাবাহিকভাৱে প্ৰকাশ কৰিছিল।
-
আগলি বাঁহৰে লাহৰী গগনা
আগলি বাঁহৰে লাহৰী গগনা (১৯৬৪, ইংৰাজী: Agali Bahare Lahari Gagana) অসমীয়া ভাষাৰ গীতৰ সংকলন৷ ৰচক ড੦ ভূপেন হাজৰিকা৷
-
আজিও আহিছিল অৰণ্যখন
আজিও আহিছিল অৰণ্যখন (ইংৰাজী: Ajio Ahisil Aranyakhan) অসমীয়া পাৰিপাৰ্শ্বিক কবিতাৰ এখন সংকলন৷ সংকলনখনৰ কবি সত্যজিৎ গগৈ৷
-
আধুনিক অসমীয়া কবিতা-মঞ্জৰী (গ্ৰন্থ)
আধুনিক অসমীয়া কবিতা-মঞ্জৰী হৈছে লেখক, অধ্যাপক ড॰ নগেন শইকীয়াই সম্পাদনা কৰা অসমীয়া কবিতাৰ সংকলন বিষয়ক এখন গ্ৰন্থ। গ্ৰন্থখন প্ৰথমে ১৯৯৬ চনত বনলতা প্ৰকাশনে প্ৰকাশ কৰে। গ্ৰন্থখনৰ আগকথাৰ শিৰোনাম- আধুনিকতাবাদ আৰু আধুনিক অসমীয়া কবিতা।
-
আধুনিক অসমীয়া সাহিত্যৰ আভা
আধুনিক অসমীয়া সাহিত্যৰ আভা এখন অসমীয়া গ্ৰন্থ। গ্ৰন্থখনৰ লেখক ড০ বসন্ত কুমাৰ শৰ্মা।
-
আধুনিক অসমীয়া সাহিত্যৰ ইতিহাস
আধুনিক অসমীয়া সাহিত্যৰ ইতিহাস এখন অসমীয়া গ্ৰন্থ। গ্ৰন্থখন আধুনিক অসমীয়া সাহিত্যৰ ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত এখন গুৰুত্বপূৰ্ণ অসমীয়া গ্ৰন্থ। গ্ৰন্থখনৰ লেখক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ড° শৈলেন ভৰালী।
-
আধুনিক যুগৰ জন্ম কাহিনী
আধুনিক যুগৰ জন্ম কাহিনী (Aadhunik Jugor Jonmo-Kahini) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন গদ্য ৰচনা। গ্ৰন্থখন প্ৰথম ১৯৮৯ চনৰ জানুৱাৰী মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হয়। গ্ৰন্থখন লেখক বৰগোহাঞিয়ে তেখেতৰ দুই পুত্ৰ অনিন্দ্য আৰু প্ৰদীপ্তলৈ আগবঢ়াইছে।
-
আন এজন
আন এজন (Aan ejon) হৈছে অসমৰ সাহিত্যিক, কবি, সমালোচক হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত কেইটিমান কবিতাৰ সংকলন। ১৯৮৭ চনত এই কাব্য গ্ৰন্থখনে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
-
আনন্দ আৰু বেদনাৰ সন্ধানত
আনন্দ আৰু বেদনাৰ সন্ধানত(Ananda aru bedonar sondhanot) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ৭ টা প্ৰবন্ধৰ লগত ৫ টা পৰিশিষ্ট শিতান আছে। গ্ৰন্থখনৰ পাতনি লিখিছে চন্দ্ৰপ্ৰসাদ শইকীয়াই।
-
আন্দোলন আলোচনী আৰু ব্যক্তি
আন্দোলন আলোচনী আৰু ব্যক্তি এখন অসমীয়া গ্ৰন্থ। এই গ্ৰন্থখনৰ লেখক উপেন্দ্ৰ বৰকটকী আৰু প্ৰকাশক অসম প্ৰকাশন পৰিষদ। গ্ৰন্থখন প্ৰথম প্ৰকাশ পাইছিল ডিচেম্বৰ ২০০৮ ত। গ্ৰন্থখন ‘ক’, ‘খ’, ‘গ’ নামেৰে তিনিটা অংশত বিভক্ত।
-
আমাক কিতাপ লাগে
আমাক কিতাপ লাগে (Aamak Kitap Lage) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ-সংকলন। গ্ৰন্থখন প্ৰথম ১৯৯৩ চনৰ জানুৱাৰী মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হয়।
-
আশীৰ দশকৰ দস্তাবেজ
আশীৰ দশকৰ দস্তাবেজ(Aashiir Dashakar Dastaabej) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ৪১ টা প্ৰবন্ধ আছে।
-
আহোমৰ দিন
আহোমৰ দিন (ইংৰাজী- 'Ahomar-Din' বা The History of Assam under the Ahoms) হৈছে বুৰঞ্জীবিদ, সাহিত্যিক হিতেশ্বৰ বৰবৰুৱাই আহোম শাসনকালৰ ঘটনাপ্ৰবাহ আৰু সমসাময়িক ভাষা-সাহিত্য-সংস্কৃতি, শিল্প-কলা, অৰ্থনীতি আদি দিশ সামৰি ৰচনা কৰা এখন বুৰঞ্জী।
-
আৱাহন যুগৰ অসমীয়া সাহিত্য
আৱাহন যুগৰ অসমীয়া সাহিত্য গ্ৰন্থখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ড০প্ৰহ্লাদ কুমাৰ বৰুৱাৰ সম্পাদনাত ১৯৭৪ চনৰ ডিচেম্বৰ মাহত প্ৰকাশ পায়। গ্ৰন্থখনৰ প্ৰকাশক আছিল খগেশ্বৰ শৰ্মা,নিতাইপুখুৰী শাখা সাহিত্য সভা। গ্ৰন্থখনৰ মুঠ পৃষ্ঠা ৬৩।
-
ইতিহাসে সোঁৱৰা ছশটা বছৰ
ইতিহাসে সোঁৱৰা ছশটা বছৰ হৈছে সৰ্বানন্দ ৰাজকুমাৰৰ দ্বাৰা লিখিত এখন অসমীয়া বুৰঞ্জী। ১৯৮০ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হোৱা গ্ৰন্থখনত আহোম ৰাজত্বৰ উত্থান-পতনকে ধৰি প্ৰায়বোৰ ঘটনাক্ৰমৰ বিস্তৃত বৰ্ণনা সন্নিৱিষ্ট হৈছে।
-
ইতিহাসৰ ছাঁ-পোহৰত পুৰণি গুৱাহাটী
ইতিহাসৰ ছাঁ-পোহৰত পুৰণি গুৱাহাটী (Itihaaxor Saa-Puhorot Puroni Guwahati) হৈছে অসমীয়া ভাষাত ৰচিত আৰু অসমৰ থলুৱা বা স্থানীয় ইতিহাসক আধাৰ কৰি লিখা এখনি ইতিহাস-নিৰ্ভৰ গ্ৰন্থ৷ গ্ৰন্থখনৰ লেখক হৈছে কুমুদেশ্বৰ হাজৰিকা৷ প্ৰধানকৈ এই গ্ৰন্থখনে অসমৰ গুৱাহাটী চহৰৰ ইতিহাসক আলোকপাত কৰিছে৷ গ্ৰন্থখন পোনপ্ৰথমবাৰৰ…
-
উভতি যাবৰ মন
উভতি যাবৰ মন (ইংৰাজী: Ubhati Jabar Man) কবি ফৰিদা আহমেদৰ অসমীয়া কবিতা-সংকলন৷ ২੦২৩ চনত গুৱাহাটীৰ ইলয়ড কমিউনিকেচনে কবিতা-সংকলনটি প্ৰকাশ কৰে৷
-
উৰণীয়া হাঁহৰ মাত
উৰণীয়া হাঁহৰ মাত হীৰেন গোহাঁইৰ উৰণীয়া হাঁহৰ মাত গ্ৰন্থখন প্ৰকৃতি সংৰক্ষণ আৰু সজাগতা বিষয়ক এখন গ্ৰন্থ৷ গ্ৰন্থখনৰ প্ৰকাশ হয় ১৯৯৮ চনত বুক হাইভ প্ৰকাশনৰপৰা৷ গোহাঁয়ে প্ৰকৃতিৰ সৈতে কটোৱা সান্নিধ্য, গুৱাহাটী বিশ্ববিদ্যালয়ত কৰ্মৰত অৱস্থাত আবাসত থাকোতে লাভ কৰা প্ৰকৃতৰ মনোৰম অভিজ্ঞতা সম্পৰ্কে এই…
-
ঋতুসংহাৰম্ (অসমীয়া অনুবাদ)
ঋতুসংহাৰম্ মহাকবি কালিদাসৰ এখন মহাকাব্য। কালিদাসে ঋতুসংহাৰম্ কাব্যখন সংস্কৃত ভাষাত ৰচনা কৰিছিল। কাব্যগ্ৰন্থখন অসমীয়া ভাষালৈ সম্পূৰ্ণ অনুবাদ কৰি উলিয়াইছে কবি কৌস্তুভমণি শইকীয়া দত্তই।
-
এটা দ্বীপ সাতটা কবৰ
এটা দ্বীপ সাতটা কবৰ ৰঞ্জু হাজৰিকাই ৰচনা কৰা এখন অসমীয়া উপন্যাস। এই উপন্যাসৰ কাহিনী কল্পনা আৰু বাস্তৱ জীৱনৰ সংমিশ্ৰণৰ আলমত লিখা হৈছে। এই গ্ৰন্থখনৰ প্ৰথম সংস্কৰণ হৈছিল ২০০৩ চনত।
-
কছাৰী বুৰঞ্জী (গ্ৰন্থ)
কছাৰী বুৰঞ্জী গ্ৰন্থখনৰ প্ৰথম সম্পাদনা কৰিছে সূৰ্য্যকুমাৰ ভূঞাই ১৯৩৬ চনত ৷ গ্ৰন্থখনত কছাৰী ৰাজ্যৰ ইতিবৃত্ত; আৰু অসম আৰু কছাৰী ৰাজ্যৰ ৰাজনৈতিক লেনদেনৰ বুৰঞ্জী সম্পৰ্কে উল্লেখ আছে৷ কছাৰী ৰজা আৰু আহোম ৰজাৰ মাজৰ সম্পৰ্ক, পাৰ্থক্য, আহোম-কছাৰীৰ যুদ্ধ আদি সম্পৰ্কেও বিৱৰণ আছে৷ গ্ৰন্থখনৰ মূল ৰূপটোৰ…
-
কবি অমূল্য বৰুৱাৰ জীৱন আৰু সমকালীন সময়
কবি অমূল্য বৰুৱাৰ জীৱনৰ আধাৰত সাহিত্যিক গুণীন হাজৰিকাই লিখি উলিওৱা এই কিতাপখন কলিয়াবৰৰ চিৰন্তন প্ৰকাশে প্ৰকাশ কৰি উলিয়ায় ২০২০ চনত৷ মুঠ পৃষ্ঠা সংখ্যা ১৪৪৷ সৰ্বস্বত্ব লেখকৰ নামত থকা কিতাপখনৰ আৰম্ভণিতে ’মোৰ মনৰ কথাত’ লেখকে লিখিছে, “কবিজনৰ বিষয়ে লিখিম বুলি কেতিয়া চিন্তা কৰিছিলোঁ সঠিক মনত নাই৷ অসম…