অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

আধুনিক অসমীয়া সাহিত্যৰ ইতিহাস

আধুনিক অসমীয়া সাহিত্যৰ ইতিহাস এখন অসমীয়া গ্ৰন্থ। গ্ৰন্থখন আধুনিক অসমীয়া সাহিত্যৰ ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত এখন গুৰুত্বপূৰ্ণ অসমীয়া গ্ৰন্থ। গ্ৰন্থখনৰ লেখক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ড° শৈলেন ভৰালী।

হালনাগাদ: ৪ ছেপ্তেম্বৰ ২০২৩ ২৪৫ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

আধুনিক অসমীয়া সাহিত্যৰ ইতিহাস এখন অসমীয়া গ্ৰন্থ। গ্ৰন্থখন আধুনিক অসমীয়া সাহিত্যৰ ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত এখন গুৰুত্বপূৰ্ণ অসমীয়া গ্ৰন্থ। গ্ৰন্থখনৰ লেখক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ড° শৈলেন ভৰালী। গ্ৰন্থখনত আধুনিক অসমীয়া সাহিত্যৰ ইতিহাসক দুটা ভাগত বিভক্ত কৰি আলোচনা কৰিছে- জোনাকী যুগৰ সাহিত্য আৰু যুদ্ধোত্তৰ যুগৰ সাহিত্য। গ্ৰন্থখনৰ পৃষ্ঠাৰ সংখ্যা ১৮০।১

গ্ৰন্থকাৰৰ চমু পৰিচয়

মূল প্ৰবন্ধ: শৈলেন ভৰালী

শৈলেন ভৰালী একবিংশ শতাব্দীৰ অসমৰ এগৰাকী লেখক, সমালোচক আৰু অধ্যাপক।২ উপন্যাস আৰু নাট্য সমালোচক ৰূপে তেওঁৰ বিশেষ পৰিচিতি আছে। অসমৰ অংকীয়া নাটকে ধৰি বিভিন্ন দেশী-বিদেশী নাটক সম্পৰ্কে তেওঁ ঐতিহাসিক সমালোচনা আগবঢ়াইছে। ‘গডোৰ প্ৰতীক্ষাত’ নাম দি ছেমুৱেল বেকেটৰ বিখ্যাত নাটক ৱেইটিং ফৰ গ’ড’ ৰ তেওঁ অসমীয়া ভাঙনি কৰিছে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বহুকেইখন সন্মিলনত ভৰালীয়ে অসমৰ হৈ যোগাদান কৰিছে।

মুখবন্ধ

গ্ৰন্থখনৰ দ্বিতীয় প্ৰকাশ হয় জানুৱাৰী ১৯৯২ ত। প্ৰকাশক আছিল চন্দ্ৰ প্ৰকাশ। গ্ৰন্থখনৰ প্ৰকাশ সম্পৰ্কত মুখবন্ধত গ্ৰন্থকাৰে এনেদৰে লিখিছে:১

"গ্ৰন্থখন পোনতে প্ৰকাশ কৰা হৈছিল আধুনিক অসমীয়া সাহিত্যঃ দুটি তৰংগ এই নামেৰে। ১৮৮৯ ৰ পৰা ১৯৭৩ লৈকে অসমীয়া সাহিত্যৰ আলোচনাই তাত ঠাই পাইিছল। আৰ্হিকাকত নিজেই চাব নোৱাৰাৰ বাবে অমাৰ্জনীয় ভুল-ভ্ৰান্তিৰে পুথিখন ওলাই আহিছিল। সেইবোৰ ইয়াত আঁতৰাবলৈ চেষ্টা কৰা হৈছে।"

জোনাকী যুগৰ সাহিত্য

প্ৰসংগক্ৰমে এই অধ্যায়ত আধুনিক অসমীয়া সাহিত্যৰ পটভূমি সম্পৰ্কে আলোচনা কৰিছে। তদুপৰি জোনাকী যুগৰ সাহিত্য সম্পৰ্কে আলোচনা কৰোঁতে জোনাকী যুগৰ সাহিত্যক তলত উল্লেখ কৰা ধৰণে ভাগ কৰিছে-১

  1. কবিতা
  2. নাটক
  3. উপন্যাস
  4. চুটিগল্প
  5. প্ৰবন্ধ আৰু সমালোচনা
  6. জীৱনী সাহিত্য

যুদ্ধোত্তৰ যুগৰ সাহিত্য

এই ভাগটিত দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ পৰা বিংশ শতিকাৰ প্ৰায় নব্বৈ দশকলৈকে ৰচিত অসমীয়া সাহিত্যৰ বিষয়ে আলোচনা কৰিছে। গ্ৰন্থকাৰে এই সময়ছোৱাৰ সাহিত্যক আলোচনা কৰিবৰ বাবে তলত উল্লেখ কৰা ধৰণে ভাগ কৰিছে-১

  1. কবিতা
  2. নাটক
  3. উপন্যাস
  4. চুটিগল্প
  5. সমালোচনা আৰু প্ৰবন্ধ
  6. জীৱনী আৰু ভ্ৰমণ সাহিত্য

তথ্যসূত্ৰ

  1. ↑ ড° শৈলেন ভৰালী. (১৯৯২). আধুনিক অসমীয়া সাহিত্যৰ ইতিহাস. চন্দ্ৰ প্ৰকাশন
  2. ↑ শোণিত বিজয় দাস, মুনীন বায়ন. (২০০৬). কথা বৰণ্য ১০০. কথা. ISBN 81-89148-14-1

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আধুনিক অসমীয়া সাহিত্যৰ ইতিহাস” প্ৰবন্ধৰ সংশোধন ৩৭৬৯৩১ (৪ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।