অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

অসমৰ সংস্কৃতি (গ্ৰন্থ)

অসমৰ সংস্কৃতি লীলা গগৈৰ দ্বাৰা ৰচিত সংস্কৃতি বিষয়ক গ্ৰন্থ। ১৯৮২ চনত গ্ৰন্থখন প্ৰথম প্ৰকাশ হয়। এই গ্ৰন্থখনৰ পৃষ্ঠা সংখ্যা ২৪৭ আৰু ইয়াৰ পঞ্চম সংস্কৰণ প্ৰকাশ কৰিছে বনলতা প্ৰকাশনে। সৰ্বমুঠ একুৰি দুটা অধ্যায়ত এইখন পুথিতেই অসমীয়া সংস্কৃতিৰ আটাইকেইটা দিশৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

হালনাগাদ: ২৩ জুলাই ২০২৫ ২২৫ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

অসমৰ সংস্কৃতি লীলা গগৈৰ দ্বাৰা ৰচিত সংস্কৃতি বিষয়ক গ্ৰন্থ। ১৯৮২ চনত গ্ৰন্থখন প্ৰথম প্ৰকাশ হয়। এই গ্ৰন্থখনৰ পৃষ্ঠা সংখ্যা ২৪৭ আৰু ইয়াৰ পঞ্চম সংস্কৰণ প্ৰকাশ কৰিছে বনলতা প্ৰকাশনে। সৰ্বমুঠ একুৰি দুটা অধ্যায়ত এইখন পুথিতেই অসমীয়া সংস্কৃতিৰ আটাইকেইটা দিশৰ ওপৰত গুৰুত্ব দিয়া হৈছে। নৃতাত্ত্বিক গাঁথনি, ধৰ্মীয় ঐতিহ্যৰ পৰা আৰম্ভ কৰি চাৰু কলা, কাৰু কলা আৰু দৈনন্দিন জীৱন ধাৰাৰ বৈশিষ্ট্যলৈকে- কোনোটো দিশকেই লেখকে উপেক্ষা কৰা নাই। অসমৰ মাটিত বুৰঞ্জীৰ দীঘল বাটত তৰপে তৰপে নতুন মানুহগোষ্ঠীৰ সংস্কৃতি পলস পৰিছে। সেই সকলোকেইটা তৰপৰ সাংস্কৃতিক অৰিহণা ভালকৈ ফঁহিয়াই অতি ফটফটীয়াকৈ তুলি ধৰা হৈছে।

বিষয়বস্তু

  • অসম, অসমীয়া
  • ভৌগোলিক পৰিৱেশ আৰু সংস্কৃতি
  • সংস্কৃতি
  • অসমীয়া সংস্কৃতিৰ উপাদান
  • নেগ্ৰিটো সংস্কৃতি
  • অষ্ট্ৰিক সংস্কৃতি
  • সমন্বয়ৰ সংস্কৃতি অসমীয়া
  • প্ৰাক্-শংকৰী যুগৰ সংস্কৃতি
  • আহোম যুগৰ সংস্কৃতি
  • শংকৰী সংস্কৃতি
  • আধুনিক অসমীয়া সংস্কৃতি
  • অসমৰ ধৰ্মীয় ঐতিহ্য
  • নগাৰাজ্যৰ সংস্কৃতি
  • অৰুণাচলৰ সংস্কৃতি
  • অসমীয়া সংস্কৃতি আৰু মুছলমান
  • চাহবনুৱা আৰু অসমীয়া সংস্কৃতি
  • লোকসংস্কৃতিৰ বিৱৰ্তন
  • অসমৰ বস্ত্ৰ-শিল্প
  • অসমৰ বসন্ত উৎসৱ
  • বৌদ্ধ সংস্কৃতি
  • লোকসংস্কৃতিৰ উৰ্ব্বৰা-বিশ্বাস
  • অসমীয়া সংস্কৃতিৰ বৈশেষ্ট্য
  • নৃত্য উৎসৱ আৰু যৌন সম্পৰ্ক
  • ভাৰতত মাতৃ পূজাৰ উৎস
  • অসমৰ লোক-সংস্কৃতিঃ অমঙ্গল
  • লোকবিশ্বাসত বৰষুণ
  • অসমৰ লোক-সংস্কৃতিঃ ধান
  • অসমীয়া শব্দ-গঠনত জাতি-জনজাতি
  • উজনি অসমৰ বৌদ্ধসকল

লেখকৰ পৰিচয়

মূল প্ৰবন্ধ: লীলা গগৈ

ড॰ লীলা গগৈ (১৯৩০-১৯৯৪) এজন বিশিষ্ট সাহিত্যিক, বুৰঞ্জীবিদ, গ্ৰন্থকাৰ, শিক্ষাবিদ আছিল। তেওঁ অসম সাহিত্য সভাৰ সম্পাদক, উপ-সভাপতি, কাৰ্যনিৰ্বাহকৰ সদস্য, অসম প্ৰকাশন পৰিষদৰ সদস্য, সৰ্বভাৰতীয় পাঠ্যপুথি প্ৰণয়ন আৰু কাৰ্যকৰী সমিতিৰ সদস্য, সৰ্বভাৰতীয় পৰিভাষা প্ৰণয়ন সমিতিৰ সদস্য, অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ সঞ্চালক আছিল। ১৯৯৪ চনত অসম সাহিত্য সভাৰ মৰিগাঁও বাৰ্ষিক অধিবেশনত সভাপতিত্ব কৰিছিল।১২

তথ্যসূত্ৰ

  1. ↑ ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
  2. ↑ ত্ৰিদিপ গোস্বামী. পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ. অনন্ত হাজৰিকা, বনলতা প্ৰকাশণ. পৃ. ১৭৩, ১৭৪

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ সংস্কৃতি (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৫২৬৬৩০ (২৩ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।