অসমীয়া গ্ৰন্থ
৩৮৪ প্ৰবন্ধ
-
কবিতাৰ দেহবিচাৰ
কবিতাৰ দেহবিচাৰ (Kobitar Dehbichar) হৈছে বিশিষ্ট অসমীয়া সাহিত্যিক নৱকান্ত বৰুৱাৰ অসমীয়া কবিতাৰ দেহৰূপটোৰ অলংকাৰ বিষয়ক সমীক্ষাত্মক প্ৰবন্ধ পুথি।
-
কলাগুৰু বিষ্ণুৰাভা (গ্ৰন্থ)
কলাগুৰু বিষ্ণুৰাভা (Kalguru Bishnu Rabha) গ্ৰন্থখন বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনীমূলক গ্ৰন্থ। গ্ৰন্থখনৰ প্ৰণেতা তিলক দাস। ১৯৮৮ চনত প্ৰথম প্ৰকাশ পোৱা গ্ৰন্থখনৰ প্ৰকাশক বনলতা, পানবজাৰ, গুৱাহাটী। ইয়াত মুঠতে একৈশটা অধ্যায় আছে।
-
কাঠনিবাৰী ঘাট
কাঠনিবাৰী ঘাট অসমীয়া ভাষাৰ এটা উল্লেখযোগ্য গল্প। গল্পকাৰ মহিম বৰা। গল্পটোৰ প্ৰথম প্ৰকাশ হয় ১৯৬১ চনত। মহিম বৰাৰ
-
কাণ-খোৱা
কাণ-খোৱা এখন কাব্য সাহিত্য। কাব্যখনৰ কবি শ্ৰীধৰ কন্দলি। ইয়াক নিচুকনি গীতৰ ঠাঁচত লিখা হৈছে। ড০ বাণীকান্ত কাকতিৰ ভাষাত “ই অতিশয় মনোমোহা, সৰল অথচ নিৰুপম কৌশলপূৰ্ণ। এইপিনে ইয়াত কৃষ্ণৰ শিশু জীৱনৰ নিকপটীয়া প্ৰাণৰ প্ৰতিবিম্ব পৰিছে, আনপিনে প্ৰশান্ত ভক্তিভাব পূৰ্ণচন্দ্ৰৰ নিচিনাকৈ বিৰাজ কৰিছে।”
-
কাব্য-কুসুম
গুণাভিৰাম বৰুৱাৰদ্বাৰা সংকলিত 'কাব্য-কুসুম' (১৮৮৪) অসমীয়া সাহিত্যৰ ইতিহাসত এক মাইলৰ খুঁটি হিচাপে গণ্য কৰা হয়। ই কেৱল এটা কবিতা সংকলনেই নহয়, বৰঞ্চ আধুনিক অসমীয়া সাহিত্যৰ শৈশৱকালত পুৰণি আৰু নতুনৰ মাজত এক সেতু স্বৰূপ।
-
কাব্যপ্ৰভা
কাব্যপ্ৰভা অতুলচন্দ্ৰ বৰুৱাৰ দ্বাৰা সম্পাদিত এখন কাব্য গ্ৰন্থ। "কাব্যপ্ৰভা" গ্ৰন্থত প্ৰাক্শংকৰী যুগৰ আদি আৰু অপ্ৰমাদী কবিসকলৰ পৰা আৰম্ভ কৰি আধুনিক যুগৰ বিভিন্নজন কবিৰ কবিতা সন্নিবিষ্ট কৰিছে। কাব্যপ্ৰভাৰ প্ৰথমটো সংস্কৰণ প্ৰকাশ পাইছিল ১৯৪২ চনৰ ফেব্ৰুৱাৰী মাহত।
-
কাম কৰাৰ আনন্দ
কাম কৰাৰ আনন্দ (Kaam Korar Aanondo) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন গদ্য-ৰচনা। প্ৰথমবাৰ ২০০৭ চনৰ অক্টোবৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হোৱা গ্ৰন্থখন লেখক বৰগোহাঞিয়ে কৰ্মযোগী ডাঃ নোমলচন্দ্ৰ বৰাৰ কৰকমলত আগবঢ়াইছে।
-
কামিনীকান্তৰ চৰিত্ৰ
কামিনীকান্তৰ চৰিত্ৰ ((১৮৭৭ খ্ৰীষ্টাব্দ)) অসমীয়া ভাষাৰ এখন গ্ৰন্থ৷ অৰুণোদয় যুগত খ্ৰীষ্টান মিছনেৰী এ কে গাৰ্নিয়ে এই গ্ৰন্থখন ৰচনা কৰিছিল৷ ডঃ প্ৰফুল্লদত্ত গোস্বামীয়ে এই গ্ৰন্থখন অসমীয়া ভাষাত পুনঃ সম্পাদনা কৰিছে৷
-
কীৰ্তন ঘোষা সংকলন
শংকৰদেৱ ৰচিত কীৰ্তন ঘোষা পুথিখন এখন সংকলন পুথি আৰু ই শংকৰদেৱৰ মৃত্যুৰ পিছত সংকলয়িত হৈছিল৷ শংকৰদেৱে ভাগৱত পুৰাণৰ কাহিনীৰ আলমতে তেওঁ সৰহভাগ কীৰ্তন লিখিছিল যদিও ব্ৰহ্মপুৰাণ, পদ্মপুৰাণ আৰু বৃহন্নাৰদীয় পুৰাণৰ পৰাও তেওঁ তিনিটা খণ্ডৰ কীৰ্তন লিখিছিল৷ কীৰ্তনৰ প্ৰতিটো খণ্ডত বেলেগ বেলেগ কাহিনীৰ অৱতাৰণা কৰা…
-
কেষ্টাৰব্ৰিজৰ মেয়ৰ
কেষ্টাৰব্ৰিজৰ মেয়ৰ এখন বিশ্ববিখ্যাত ইংৰাজী উপন্যাস৷ মূল গ্ৰন্থৰ নাম-The mayor of Casterbridge. উপন্যাসখনৰ লেখক টমাছ হাৰ্ডি৷ ভিক্তোৰিয়ান যুগৰ প্ৰখ্যাত ঔপন্যাসিক, কবি আৰু নাট্যকাৰ টমাছ হাৰ্ডিৰ জন্ম হয় ১৮৪০ খ্ৰীষ্টাব্দৰ ২ জুনত৷ জন্মস্থান ডৰছেটশ্বায়াৰ৷ ১৮৭১ চনত তেখেতৰ প্ৰথম উপন্যাস Desperate…
-
খনিকৰ পুথি
খনিকৰ পুথি গোলাঘাট জিলাৰ দেৰগাঁৱৰ অন্তৰ্গত মিছামৰা মৌজাৰ খনিকৰ গাঁৱত সংৰক্ষিত এখন পুথি। এইখন পুথি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত কীৰ্তন-ঘোষা আৰু নামঘোষা নামৰ দুখন সাঁচিপতীয়া পুথিৰ সমষ্টি। এই পুথিখন প্ৰায় আঢ়ৈশ বছৰ পুৰণি।
-
গংগাৰাম পালোৱান আৰু বঙলা ঘৰৰ ভূত
গংগাৰাম পালোৱান আৰু বঙলা ঘৰৰ ভূত ড০ প্ৰণৱজ্যোতি ডেকাৰ দ্বাৰা অনূদিত এখনি সাধুকথাৰ পুথি৷ পুথিখনত বিশ্বৰ লোক-সাহিত্যৰ পাঁচটা ভিন্ন সাধু সন্নিৱিষ্ট হৈছে৷ গ্ৰন্থখন ১৯৭৮ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হৈছিল৷
-
গছ আৰু অন্য কবিতা
গছ আৰু অন্য কবিতা (ইংৰাজী: Gas Aru Anya Kabita) হ’ল কবি, নিবন্ধকাৰ অনিৰ্বাণ দত্তৰ পাৰিপাৰ্শ্বিক কবিতাৰ সংকলন৷ ২੦২৪ চনত পি.ডব্লিউ.এফ.-এ সংকলনটি প্ৰকাশ কৰে৷
-
গদ্যৰ সাধনা
গদ্যৰ সাধনা(Antohin Prerona) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন গদ্য সংকলন। সংকলনখনত মুঠ ১২ জন ব্যক্তিৰ ১৫ টি গদ্য-ৰচনা সন্নিৱিষ্ট আছে। ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনে ১৯৯৫ চনৰ আগষ্ট মাহত প্ৰকাশ কৰা এই সংকলনটিৰ মূল্য আছিল ৪৫ টকা।
-
গভীৰ আস্থাৰ গান
গভীৰ আস্থাৰ গান (Gabhir Aasthaar Gaan) হৈছে ভূপেন্দ্ৰ সংগীতৰ পৰ্যালোচনা সম্পৰ্কত ৰচিত এখন গ্ৰন্থ। ইয়াৰ ৰচয়িতা হৈছে 'যুক্তি বিকাশ সমিতি, অসম'ৰ অনলাইন আলোচনী 'মুক্ত চিন্তা'ৰ সম্পাদক ড° বৰ্ণালী দাস বৰুৱা।
-
গৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকা
গৱেষণাৰ সংজ্ঞা: গৱেষণা শব্দটোৰ অৰ্থ হ'ল বিচৰা বা অনুসন্ধান কৰা। এই অৰ্থত এই সংস্কৃত শব্দটোৰ ব্যৱহাৰ 'ঋকবেদ'ৰ সময়ৰ পৰা পোৱা গৈছে। শব্দটো গৱ (গৌ শব্দৰ পৰা হোৱা গো- শব্দৰ লগত যুক্ত) শব্দৰ পৰা উদ্ভূত। গৱেষণা হ'ল জ্ঞানৰ সমৃদ্ধিৰ বাবে কৰা পদ্ধতিগত অনুসন্ধান।
-
ঘোঁৰা নিদান (গ্ৰন্থ)
ঘোঁৰা নিদান হৈছে ঘোঁৰাৰ বেমাৰ আৰু চিকিৎসা সৰ্ম্পকীয় এখন পুথি। এই পুথিখনৰ ৰচয়িতা গৰাকীৰ নাম পোৱা নাযায় যদিও পুথিখন অসমত আহোম ৰাজত্বৰ কালতে ৰচনা কৰা হৈছিল। পুথিখনৰ বিশেষত্ব এয়েই যে এইখন সৰ্ম্পূণ অসমীয়া ভাষাত ৰচিত প্ৰথম পুথি।
-
চলচ্চিত্ৰৰ ৰসাস্বাদন
চলচ্চিত্ৰৰ ৰসাস্বাদন (Chalachitrar Rakhachadan) হৈছে অসমৰ লেখক আৰু চলচ্চিত্ৰ সমালোচক উৎপল দত্তৰ দ্বাৰা লিখিত আৰু পূৰ্বায়ণ প্ৰকাশন গোষ্ঠীৰ দ্বাৰা সংকলিত এখনি সমালোচনাত্মক গ্ৰন্থ৷ গ্ৰন্থখনৰ ভাষা অসমীয়া৷ মূলতঃ চলচ্চিত্ৰৰ কাৰিকৰী ভাষাৰ বিভিন্ন দিশ সম্পৰ্কে আলোকপাত কৰি যুগুত কৰা এই গ্ৰন্থখনত মুঠতে…
-
চিত্ৰ-ভাগৱত
এতিয়ালৈকে উদ্ধাৰ হোৱা অসমীয়া ভাষাৰ আটাইতকৈ পুৰণি সচিত্ৰ পুৰণি কালৰেপৰাই এক চিত্ৰচৰ্চাৰ পৰম্পৰা আছিল যদিও চিত্ৰ-ভাগৱতৰ আগৰ প্ৰমাণ্য উদাহৰণ আমাৰ হাতত আজি নাই। আলোচ্য 'চিত্ৰ-ভাগৱত' খনি এই মহাভাগৱতৰ 'প্ৰথম অংশ' বা 'আদ্য দশম'ৰ আধাৰত সচিত্ৰ কৰা হৈছিল। মূল সচিত্ৰ পুথিখন 'আদ্য দশম' বা 'আদি দশম'।
-
ছিন্নমস্তাৰ মানুহটো
ছিন্নমস্তাৰ মানুহটো (The Man from Chinnamasta) জ্ঞানপীঠ বঁটা বিজয়িনী ড॰ মামণি ৰয়ছম গোস্বামীৰ দ্বাৰা ৰচিত উপন্যাসখন ২০০১ চনত ষ্টুডেণ্ট ষ্ট’ৰ্চ প্ৰকাশনে প্ৰথমে প্ৰকাশ কৰে আৰু তৃতীয় সংস্কৰণটো প্ৰথম বাৰৰ বাবে চন্দ্ৰ প্ৰকাশনে ২০১১ চনত প্ৰকাশ কৰে।
-
জন্মৰহস্য
জন্মৰহস্য মাধৱদেৱ বিৰচিত এখন তত্ত্বমূলক গ্ৰন্থ। শংকৰদেৱৰ কথামতে মাধৱদেৱে এই গ্ৰন্থ ৰচনা কৰিছিল। ই মাধৱদেৱৰ আগ বয়সৰ ৰচনা। প্ৰথমে এই পুথিত ৭০০ পদ আছিল। পিছত শংকৰদেৱৰ কথামতে পুনৰ লিখি ৪০০ পদত লিখি উলিয়ায়।
-
জয়ন্তীয়া বুৰঞ্জী (গ্ৰন্থ)
জয়ন্তীয়া বুৰঞ্জী গ্ৰন্থখনৰ প্ৰথম সম্পাদনা কৰিছিল সূৰ্যকুমাৰ ভূঞাই ১৯৩৭ চনত৷ গ্ৰন্থখনত আহোম ৰজা-মহাৰজা আৰু জয়ন্তীয়া ৰজাৰ মাজৰ সামাজিক যোগসূত্ৰ, লেন-দেন, চিঠি-পত্ৰৰ আদান-প্ৰদান তথা ৰাজনিতিক, কূটনৈতিক সম্পৰ্কৰ বিৱৰণ আছে৷ আহোম ৰজা প্ৰতাপ সিংহৰ সময়ৰপৰা শিৱ সিংহৰ সময়লৈকে ৰাজনৈতিক বুৰঞ্জী এইখন…
-
জলজাহ
জলজাহ অসমীয়া সাহিত্যিক ৰাজীৱ বৰাৰ এখন পাৰিপাৰ্শ্বিক উপন্যাস। এই উপন্যাসখন ২০২২ চনত অসমৰ এটা প্ৰকাশনগোষ্ঠী বনলতাই প্ৰকাশ কৰিছে। ৯৭৮-৯৩-৯৩৮০৫-৯৪-২ আই এছ বি এন সম্বলিত কিতাপখন মুঠ ২৩২ পৃষ্ঠাৰ।
-
জলশংখ
জলশংখ (ইংৰাজী: Jalashankha) প্ৰণৱী গগৈৰ এখন অসমীয়া কবিতা-সংকলন৷ ২੦২৪ চনত পি.ডব্লিউ.এফ.-এ সংকলনটি প্ৰকাশ কৰে৷
-
জাপানী কবিতা
জাপানী কবিতা নীলমণি ফুকনৰ দ্বাৰা অনুদিত জাপানী কবিতাৰ এখন সংকলন৷ গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় ১৯৭০ চনত৷ গ্ৰন্থখনৰ ভূমিকা লিখিছে ড° হীৰেন গোহাঁয়ে৷ জাপানৰ প্ৰতিনিধিত্বমূলক কেইজনমান কবিৰ চুটি চুটি কবিতা এইখন গ্ৰন্থত সংকলিত হৈছে৷
-
জিজ্ঞাসা
জিজ্ঞাসা(Jigyasha) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ১৬ টা প্ৰবন্ধ আছে। এই সংকলনটি লেখক হোমেন বৰগোহাঞিয়ে পুত্ৰ অনিন্দ্য বৰগোহাঞি(মিঠু) আৰু প্ৰদীপ্ত বৰগোহাঞি(মিকু)ৰ হাতত দেউতাকৰ মৰমৰ উপহাৰ হিচাপে আগবঢ়াইছে।
-
জীৱন কলা (গ্ৰন্থ)
জীৱন কলা জীৱন কলা গ্ৰন্থখন মূলতঃ প্ৰবন্ধ সংকলন৷ কৈশোৰ আৰু বয়ঃসন্ধি কালৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰাসংগিক এখন গ্ৰন্থ৷ গ্ৰন্থখনত মুঠ ১৮ টা অধ্যায় আছে৷ প্ৰতিটো অধ্যায়েই মানৱ জীৱনৰ মনস্তত্ত্ব বিষয়ক চিন্তা-চেতনাৰে সমৃদ্ধ৷
-
জীৱন সুন্দৰ আৰু ভয়ংকৰ
জীৱন সুন্দৰ আৰু ভয়ংকৰ (Jibon Hundor Aaru Voionkor) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ পাঁচখন আত্মজীৱনীমূলক গ্ৰন্থৰ একত্ৰ সংকলন। কিতাপখন প্ৰকাশ কৰিছে ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনে।
-
জীৱন-বৃত্ত
জীৱন-বৃত্ত হৈছে অসমীয়া সাহিত্যিক ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ আত্মজীৱনী। লিখকে ১৯৯৭ চনৰ ডিচেম্বৰ মাহত লিখিবলৈ আৰম্ভ কৰি ১৯৯৯ চনৰ ডিচেম্বৰ মাহত লিখি শেষ কৰা আত্মজীৱনীখন প্ৰথমে প্ৰান্তিক আলোচনীৰ পাতত চৌচল্লিছটা খণ্ডত ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল আৰু পৰৱৰ্তী সময়ত লয়াৰ্চ বুক ষ্টলে ২০০৩ চনত গ্ৰন্থ আকাৰে…
-
জীৱনীকোষ (গ্ৰন্থ)
জীৱনীকোষ (Jiwanikosh) হৈছে শান্তনু কৌশিক বৰুৱাৰ পৰিকল্পনা, সংকলন আৰু সম্পাদনাত প্ৰকাশিত এখন অসমীয়া ভাষাৰ জীৱনী গ্ৰন্থ। ইয়াত দেশ-বিদেশৰ প্ৰায় ১,৪০০ ব্যক্তিৰ জীৱন-টোকা সন্নিৱিষ্ট আছে। ব্যক্তিসকলৰ সম্যক-জীৱন টোকা বস্তুনিষ্ঠভাৱে অসমীয়া বৰ্ণমালাৰ ক্ৰম অনুসৰি সন্নিৱিষ্ট হৈছে।