আহোমৰ দিন (ইংৰাজী- 'Ahomar-Din' বা The History of Assam under the Ahoms) হৈছে বুৰঞ্জীবিদ, সাহিত্যিক হিতেশ্বৰ বৰবৰুৱাই আহোম শাসনকালৰ ঘটনাপ্ৰবাহ আৰু সমসাময়িক ভাষা-সাহিত্য-সংস্কৃতি, শিল্প-কলা, অৰ্থনীতি আদি দিশ সামৰি ৰচনা কৰা এখন বুৰঞ্জী। বৰবৰুৱাই ১৯১৫ চনতে আহোম যুগৰ যথাসম্ভৱ সকলো দিশ সামৰি এখন বিস্তৃত বুৰঞ্জী প্ৰণয়নৰ কাম আৰম্ভ কৰে যদিও ১৯৮১ চনতহে সুদীৰ্ঘ ৬৬ বছৰৰ পিছত লেখকৰ মৰণোত্তৰকালত অসম প্ৰকাশন পৰিষদে গ্ৰন্থখন প্ৰকাশ কৰি উলিয়ায়।
গ্ৰন্থৰ বিৱৰণ
গ্ৰন্থখন মুঠতে তিনিটা খণ্ডত বিভক্ত১
আৰম্ভণ- আহোম শাসনকাল
আহোম ৰাজবংশৰ উৎপত্তি আৰু চ্যু-কা-ফাৰ পৰা যোগেশ্বৰ সিংহলৈকে ৰজাসকল আৰু তেওঁলোকৰ শাসনকাল।
দ্বিতীয় খণ্ড- ইংৰাজৰ শাসনকাল
ডেভিদ স্কটৰ পৰা চাৰ জন হেন্ৰি কাৰৰ সময়লৈকে এইখণ্ডত অন্তৰ্ভুক্ত কৰা হৈছে। পুৰন্দৰ সিংহৰ ব্ৰিটিছৰ কৰতলীয়া হিচাপে উজনি অসমৰ শাসনকালো এইখণ্ডৰ অন্তৰ্ভুক্ত।
তৃতীয় খণ্ড- সাংস্কৃতিক বুৰঞ্জী
আহোমৰ পুৰ্বজাতি আৰু ধৰ্ম, ৰজাৰ দিনত সামাজিক আচৰণ, বিষয়াবিলাকৰ বিৱৰণ এই খণ্ডৰ অন্তৰ্ভুক্ত। এই খণ্ডতে সত্ৰসমূহৰ বিৱৰণো অন্তৰ্ভুক্ত হৈছে।
বৰবৰুৱাই তেখেতৰ 'A Few Words of the Compiler' শীৰ্ষক লেখাত গ্ৰন্থখনৰ ৭ টা মুখ্য ভাগৰ কথা উল্লেখ কৰিছে -১
- আহোমৰ দিনৰ অসমৰ ইতিহাস বা বুৰঞ্জী (ৰচনাকাললৈকে ব্ৰিটিছ শাসনকো সামৰি)
- আহোম বিষয়াসকল, তেওঁলোকৰ কাৰ্যাৱলী, পদমৰ্যাদা আৰু সন্মান
- খেল আৰু ফৈদ- উৎপত্তি, কাৰ্যাৱলী আৰু সামাজিক স্থান
- চাৰি-সত্ৰ, পৰ্বতীয়া গোঁসাই, ন-গোঁসাই, মুকলিমূৰীয়া গোঁসাই ইত্যাদি আৰু তেওঁলোকৰ স্থান আৰু সন্মান
- আহোমৰ উৎপত্তি, ধৰ্ম, ৰীতি-নীতি, সামাজিক প্ৰথা আৰু স্বৰ্ণউদ্যোগকে ধৰি আহোম আমোলৰ উদ্যোগসমূহ
- উচ্চ-বৰ্ণজাত কিছুমান ব্ৰাহ্মণ আৰু কায়স্থ পৰিয়াল, তেওঁলোকৰ উৎপত্তি আৰু অসমলৈ প্ৰব্ৰজন
- আহোম ৰজাসকল, তিনি-গোঁহাই আৰু সাতঘৰীয়া আহোম তথা অসমৰ কিছুমান নিৰ্বাচিত বংশ-পৰিয়ালৰ ইতিবৃত্ত তথা বংশলতিকা
তথ্যসূত্ৰ
- ↑ বৰবৰুৱা, হিতেশ্বৰ(১৯৮১), আহোমৰ দিন, অসম প্ৰকাশন পৰিষদ, ২য় প্ৰকাশ-১৯৯৭ চন
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আহোমৰ দিন” প্ৰবন্ধৰ সংশোধন ২৩৫৩৩৯ (৩ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।