আনন্দ আৰু বেদনাৰ সন্ধানত(Ananda aru bedonar sondhanot) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ৭ টা প্ৰবন্ধৰ লগত ৫ টা পৰিশিষ্ট শিতান আছে। গ্ৰন্থখনৰ পাতনি লিখিছে চন্দ্ৰপ্ৰসাদ শইকীয়াই।১
বিৱৰণ
কিতাপখনত থকা প্ৰবন্ধসমূহ হৈছে, জৰ্জ লুই বৰ্ঝেছ; এড্গাৰ লী মাষ্টাৰছ্; গ্যেটে আৰু চাৰ্লট ফন্ ষ্টেইন; গ্যেটেৰ সৰ্বশেষ প্ৰেমৰ কবিতা; হাইন্ৰিখ হাইনে;ডাগ্ হেমাৰশ্বল্ড;অৰ্ধ-পশু অৰ্ধ-দেৱতা আৰু পৰিশিষ্টত সংযোগ কৰিছে - 'গ্যেটে(ফাউষ্টৰ পৰা)', 'কেইটামান কবিতা', 'হাইন্ৰিখ হাইনে','জৰ্জ লুই বৰ্ঝেছ' আৰু 'এড্গাৰ লী মাষ্টাৰছ্'।অৰ্ধ-পশু অৰ্ধ-দেৱতা প্ৰবন্ধটো হৈছে যন্ত্ৰণাৰ অতি বাস্তৱবাদী কবি আৰ্থাৰ ৰিয়াঁবোৰ বিষয়ে। চন্দ্ৰপ্ৰসাদ শইকীয়াই পাতনিতে কিতাপখনত বৰ্ণিত ব্যক্তিকেইজনৰ আলোচনাক লৈ এনেদৰে মন্তব্য দিছে, “ব্যক্তি জীৱনৰ অসম্পূৰ্ণতা, যন্ত্ৰণা, হতাশাই কবি-শিল্পীৰ মহত্তৰ স্বপ্ন আৰু সৃষ্টিৰ মাজেদি শাশ্বত, চিন্ময় ৰূপ লাভ কৰিছে। জীৱনৰ এই দ্বিমুখী ৰূপটোকে লেখকে এই গ্ৰন্থত সন্নিৱিষ্ট ভাবোদ্দীপক প্ৰবন্ধ কেইটাত আঁকিবলৈ প্ৰয়াস কৰিছে।”১
লেখকৰ চমু পৰিচয়
মূল প্ৰবন্ধ: হোমেন বৰগোহাঞি
অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ (গ্ৰন্থ) গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।২ ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।৩
লগতে চাওক
বাহ্যিক সংযোগ
হোমেন বৰগোহাঞিৰ আনন্দ আৰু বেদনাৰ সন্ধানত
তথ্যসূত্ৰ
- ↑ হোমেন বৰগোহাঞি. (ডিচেম্বৰ,২০০৮). আনন্দ আৰু বেদনাৰ সন্ধানত. শ্ৰী অজয় কুমাৰ দত্ত
- ↑ Sahitya Akademi Official website
- ↑ Homen Borgohain
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আনন্দ আৰু বেদনাৰ সন্ধানত” প্ৰবন্ধৰ সংশোধন ৪৯৮৫৫৮ (২৭ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।