অসমীয়া গ্ৰন্থ
৩৮৪ প্ৰবন্ধ
-
লেখক-সাংবাদিকৰ গাইড
লেখক-সাংবাদিকৰ গাইড(Lekhok-Sambadikor Guide) হৈছে শান্তনু কৌশিক বৰুৱা আৰু শাংকব কৌশিক বৰুৱাৰ পৰিকল্পনা, সংকলন আৰু সম্পাদনাত প্ৰকাশিত এখন অসমীয়া গ্ৰন্থ।
-
লোক কল্পদৃষ্টি
লোক কল্পদৃষ্টি নীলমণি ফুকন ৰচিত এখন গ্ৰন্থ৷ ১৯৮৭ চনত অসম প্ৰকাশন পৰিষদে গ্ৰন্থখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ কৰিছে৷ গ্ৰন্থখনত অসমীয়া লোক কলাসম্পদৰ ঐতিহ্য, চৰ্চা আৰু আধুনিক চিত্ৰকলাৰ সন্দৰ্ভত আলোচনা কৰা হৈছে৷ তেখেতে এই গ্ৰন্থখনত অসমৰ বিভিন্ন প্ৰান্তত সিচৰতি হৈ থকা লোক সম্পদ সমূহৰ সংগ্ৰহ কৰি তাৰ অধ্যয়ন…
-
শংখনিনাদ
শংখনিনাদ হৈছে মনালিছা শইকীয়া ৰ দ্বাৰা ৰচিত পঞ্চমখন উপন্যাস। অসম আন্দোলনৰ পটভূমিত ৰচিত শংখনিনাদ এখন উল্লেখযোগ্য গ্ৰন্থ। আশীৰ দশকত অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ ছবি আৰু নব্বৈৰ দশকত অসমৰ সমাজ জীৱনলৈ নামি অহা বিভিন্ন বিপৰ্যয় সাম্প্ৰতিক সময়ৰ এগৰাকী তৰুণীৰ দৃষ্টিৰে উপন্যাসখনত লেখিকাই দাঙি ধৰিছে।
-
শান্তনুকুলনন্দন
শান্তনুকুলনন্দন হৈছে পূৰবী বৰমুদৈৰ দ্বাৰা ৰচিত এখন উপন্যাস। অসমীয়া সাহিত্য ক্ষেত্ৰত গৱেষণাধৰ্মী দৃষ্টিকোণেৰে এই উপন্যাসখন ৰচনা কৰা হৈছে। এই উপন্যাসখনে ২০০৭ বৰ্ষৰ বাবে সাহিত্য অকাডেমিৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
-
শিক্ষা (গ্ৰন্থ)
শিক্ষা (ইংৰাজী: Shiksha) (২০২২) দিল্লীৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মনীষ সিসোদিয়াৰ মূল ইংৰাজী গ্ৰন্থ শিক্ষা(Shiksha)ৰ প্ৰকল্প ৰঞ্জন ভাগৱতীয়ে কৰা অসমীয়া অনুবাদ। গ্ৰন্থখনত লেখকে দিল্লীৰ শিক্ষামন্ৰী হিচাপে লাভ কৰা অভিজ্ঞতা বৰ্ণনা কৰিছে।
-
শৃংখল
শৃংখল হ'ল ভবেন্দ্ৰ নাথ শইকীয়াৰদ্বাৰা ৰচিত অসমীয়া ভাষাৰ এখন উল্লেখযোগ্য চুটিগল্প সংকলন। অসমীয়া সাহিত্যত বাস্তৱধৰ্মী আৰু মনস্তাত্ত্বিক চুটিগল্পৰ ধাৰা সমৃদ্ধ কৰিবলৈ এই সংকলনে বিশেষ ভূমিকা পালন কৰে।
-
সফলতাৰ সোপান
সফলতাৰ সোপান(Sapholotar Sopan) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, কেৰিয়াৰ পৰামৰ্শদাতা প্ৰীতিমা কৌশিক বৰুৱাৰ এখন প্ৰবন্ধ সংকলন। ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত সঞ্জীৱন প্ৰকাশনৰ পৰা প্ৰকাশ হোৱা গ্ৰন্থখনৰ মুঠ পৃষ্ঠা ১৫৬ আৰু মূল্য ১৫০ টকা।এইয়া কিতাপখনৰ দ্বিতীয় প্ৰকাশ। প্ৰথম প্ৰকাশ ২০১১ চনতে হৈছিল।
-
সময় হৈছেনে?
সময় হৈছেনে? (Samay Haisene) হৈছে অসমৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ, অনুবাদক তথা শিশু-সাহিত্যিক বন্দিতা ফুকনৰ এখন কল্পবিজ্ঞান মূলক গ্ৰন্থ। এইখন কেইবাটাও কল্পবিজ্ঞান কাহিনীৰ একত্ৰ সংকলন। ২০১৬ চনৰ জুলাই মাহত বনলতা প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখনৰ মুঠ পৃষ্ঠা ১৩১ আৰু মূল্য ১০০ টকা।
-
সহস্ৰাব্দৰ বিশ্ব (গ্ৰন্থ)
সহস্ৰাব্দৰ বিশ্ব অসমীয়া ভাষাত ৰচিত এখন গ্ৰন্থ। গ্ৰন্থখনৰ সংকলন আৰু সম্পাদনা কৰিছে শান্তনু কৌশিক বৰুৱাই৷ জ্ঞান-বিজ্ঞান, ইতিহাস, বুৰঞ্জীৰ পৰা আৰম্ভ কৰি বিশ্বৰ বিভিন্ন দেশৰ গুৰুত্বপূৰ্ণ ঘটনাৰ বিৱৰণ এই গ্ৰন্থখনত আছে৷ বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিৰ পৰা সাম্প্ৰতিক সময়লৈকে মানৱ ইতিহাসে হাজাৰ হাজাৰ বছৰ অতিক্ৰম…
-
সাউদৰ পুতেকে নাও মেলি যায়
সাউদৰ পুতেকে নাও মেলি যায় (Saudor Puteke Nao Meli Jay) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ শৈশৱ-কৈশোৰ জীৱন আধাৰিত প্ৰথমখন উপন্যাস। এই 'সাউদৰ পুতেকে নাও মেলি যায়' উপন্যাসখন ষ্টুডেণ্টছ ষ্টৰছ প্ৰকাশনৰ পৰা ১৯৮৭ চনত প্ৰথম প্ৰকাশ পায়। উপন্যাসখন দুটা অধ্যায়ত বিভক্ত।
-
সীতাহৰণ কাব্য
সীতাহৰণ কাব্য গ্ৰন্থখন ৰচনা কৰিছে ভোলানাথ দাসে। দাসে এই গ্ৰন্থখন মাইকেল মধুসূদন দত্তৰ অমিত্ৰাক্ষৰ ছন্দৰ আৰ্হিত ৰচনা কৰিছে। কাব্যখনৰ ৰচনা আৰম্ভ ১৮৭১ চনত হ'লেও শেষ হয় ১৮৮৮ চনতহে।
-
সূৰুযমুখীৰ স্বপ্ন
সূৰুযমুখীৰ স্বপ্ন উপন্যাসখনৰ ঔপন্যাসিক হৈছে চৈয়দ আব্দুল মালিক। অসমীয়া সাহিত্যৰ এখন জনপ্ৰিয় উপন্যাস হিচাপে এই উপন্যাসখনৰ গুৰুত্ব আছে। উপন্যাসখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৯৫ চনত।
-
সোঁতৰ বিপৰীতে
সোঁতৰ বিপৰীতে(Sutar Biporite) হৈছে অসমৰ লেখক, শিক্ষাবিদ, সাহিত্যিক ড০ অনিমা গুহৰ এখন প্ৰবন্ধ গ্ৰন্থ। ২০০৮ চনৰ অক্টোবৰ মাহত কোনো প্ৰকাশনে নহৈ ব্যক্তিগতভাৱে প্ৰথম প্ৰকাশ কৰে গুৱাহাটীৰ শিলপুখুৰীৰ ডঃ হেমন্ত কুমাৰ শৰ্মা আৰু মঞ্জুলাই।
-
স্বৰ্গ আৰু নৰক
স্বৰ্গ আৰু নৰক (Sworgo Aaru Norok) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। এই প্ৰবন্ধ সংকলনখন ১৯৯৫ চনৰ ডিচেম্বৰ মাহত প্ৰথম প্ৰকাশ কৰে ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ প্ৰকাশনে। গ্ৰন্থখন লেখক বৰগোহাঞিয়ে আন্তৰিক মৰম আৰু কৃতজ্ঞতাৰে টাবু আৰু বাসন্তীলৈ আগবঢ়াইছে।
-
স্যমন্তক হৰণ
স্যমন্তক হৰণ শ্ৰীশ্ৰী শঙ্কৰদেৱৰ দ্বাৰা ৰচিত এখন গ্ৰন্থ৷ ভাগৱতৰ দশম স্কন্ধত ‘স্যমন্তক হৰণ’ শীৰ্ষক অধ্যায়টি আছে৷
-
হিন্দু ধৰ্মত ঈশ্বৰ আৰু নাস্তিকতা
হিন্দু ধৰ্মত ঈশ্বৰ আৰু নাস্তিকতা(Hindu Dharmat Isswar Aaru Nastikota) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন। ২০১৬ চনৰ জানুৱাৰী মাহত গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় আঁক-বাক প্ৰকাশনৰ পৰা। গ্ৰন্থখনৰ মূল্য ডেৰশ টকা।
-
হৃদয় নিৰুপায়
হৃদয় নিৰুপায় এখন অসমীয়া ভাষাৰ উপন্যাস৷ ঔপন্যাসিক ৰীতা চৌধুৰী৷ উপন্যাসখনৰ প্ৰথম প্ৰকাশ হয় ২০০৩ চনৰ মে’ মাহত৷ উপন্যাসখন পূৰ্বতে ১৯৯৬ চনত ‘জনমভূমি’ কাকতৰ পূজা সংখ্যাত ‘অন্তঃস্ৰোতা’ শীৰ্ষক নামেৰে প্ৰকাশ হৈছিল৷ ‘হৃদয় নিৰুপায়’ তাৰেই পৰিবৰ্দ্ধিত ৰূপ৷ ২০২০ চনত উপন্যাসখনৰ ষষ্ঠ প্ৰকাশ মুদ্ৰিত হৈছে৷…
-
১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত
১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত:৭৮ বছৰীয়া ইতিহাসৰ এক ৰেঙণি (Exo Oxomiya Chalachitrar Kahini aru Geet: Athsottor Bosoriya Itihaasar Ek Rengoni) অসমীয়া চিত্ৰ সাংবাদিক অৰুণলোচন দাসৰ অসমীয়া চলচ্চিত্ৰ বিষয়ক এখন গৱেষণামূলক গ্ৰন্থ।
-
ৰংমিলিৰ হাঁহি
ৰংমিলিৰ হাঁহি (Rongmilir Hanhi) ৰংবং তেৰাঙে ৰচনা কৰা এখন অসমীয়া উপন্যাস। এই গ্ৰন্থখনৰ বাবে ঔপন্যাসিক ৰংবং তেৰাংক ২০০৮ চনত অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰা হৈছিল। উপন্যাসখনৰ প্ৰথম প্ৰকাশ ১৯৮১ চনত হৈছিল।
-
ৰহস্য গল্প
ৰহস্য গল্প (ইংৰাজী: Rahasya Galpa) অসমীয়া কল্পবিজ্ঞান, ৰহস্য আৰু ভৌতিক গল্পৰ এক নিৰ্বাচিত সংকলন। অসম সাহিত্য সভাই ২০২১ চনৰ আগষ্ট মাহত প্ৰকাশ কৰা সংকলনটো সম্পাদনা কৰিছে কবি, সমালোচক প্ৰকল্প ৰঞ্জন ভাগৱতীয়ে।
-
ৰেণ্ডম ৰিফ্লেকশ্যনছ্
ৰেণ্ডম ৰিফ্লেকশ্যনছ্(Random Reflections) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন ইংৰাজী প্ৰবন্ধৰ সংকলন। আঁক-বাক প্ৰকাশনৰ পৰা ২০১৬ চনৰ নৱেম্বৰত প্ৰথম প্ৰকাশ পোৱা গ্ৰন্থখনৰ মূল্য দুশ টকা।
-
অ-পদাৰ্থ
অ-পদাৰ্থ হৈছে অসমীয়া কবি-সাহিত্যিক নৱকান্ত বৰুৱাদেৱৰ দ্বাৰা লিখিত এখনি কল্প-বিজ্ঞানধৰ্মী উপন্যাস। উপন্যাসখন ১৯৮২ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হৈছিল।
-
অসম কোষ (গ্ৰন্থ)
অসমকোষ অসমীয়া ভাষাত ৰচিত এখন গ্ৰন্থ। গ্ৰন্থখনৰ সংকলক আৰু সম্পাদক– হেমন্ত কুমাৰ ভৰালী। গ্ৰন্থখনত অসম বুৰঞ্জী, ভূগোল, জাতি-জনগোষ্ঠী, সমাজ-ব্যৱস্থা, কৃষি-শিল্প-সংস্কৃতি, ভাষা-সাহিত্য-সংবাদপত্ৰ, স্থাপত্য-ভাস্কৰ্য, থিয়েটাৰ-নাটক-ৰংগমঞ্চ-চিনেমা, সমাজ জীৱনৰ বিশিষ্ট ব্যক্তিসকল, অনুষ্ঠান-প্ৰতিষ্ঠান,…
-
অসমত মহাত্মা
অসমত মহাত্মা (Asomat Mahatma) মহাত্মা গান্ধীৰ অসম ভ্ৰমণৰ কাহিনী। গান্ধীয়ে চাৰিবাৰকৈ অসম ভ্ৰমণ কৰিছিল। এই ঐতিহাসিক ভ্ৰমণ কাহিনীৰ বিভিন্ন তথ্য অসমৰ বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰি অমিয়কুমাৰ দাস আৰু লীলাধৰ বৰুৱাই অসমত মহাত্মা শীৰ্ষক সংকলনটি যুগুতাই উলিয়াইছিল।
-
অসমীয়া আধুনিক গান জন্মক্ৰন্দনৰ পৰা জাতীয় স্পন্দনলৈ (গ্ৰন্থ)
অসমীয়া আধুনিক গান জন্মক্ৰন্দনৰ পৰা জাতীয় স্পন্দনলৈ গ্ৰন্থখনৰ লিখক লোকনাথ গোস্বামী৷ সাৰস্বত প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছে ২০১৩ চনৰ ডিচেম্বৰ মাহত৷ গ্ৰন্থখনত অসমীয়া সংগীতৰ উৎপত্তি আৰু ক্ৰমবিকাশৰ বৰ্ণনা আৰু বিচাৰ-বিশ্লেষণ আছে৷ গ্ৰন্থখনত আধুনিক অসমীয়া গানৰ ইতিহাস, ইয়াৰ ঐতিহাসিক,…
-
অসমীয়া আৰু অসমৰ ভাষা-উপভাষা
অসমীয়া আৰু অসমৰ ভাষা-উপভাষা অসমীয়া ভাষা বিষয়ক গ্ৰন্থ৷ লিখক উপেন ৰাভা হাকাচাম৷ প্ৰথম প্ৰকাশ হয় ২০০৯ চনত৷ প্ৰকাশক জ্যোতি প্ৰকাশন৷ গ্ৰন্থখনত উত্তৰ-পূৰ্বাঞ্চলৰ ভাষাসমূহৰ বিষয়ে বিশদ ৱিৱৰণ আছে৷ লগতে অসমৰ নব্য স্বীকৃত/অস্বীকৃত ভাষা, অসমৰ বিভিন্ন নৃগোষ্ঠীয় উপভাষা, অসমীয়াৰ জাতিগত/সামাজিক শ্ৰেণীগত…
-
অসমীয়া কবিতা বিন্দুৰপৰা সিন্ধুলৈ
অসমীয়া কবিতা বিন্দুৰপৰা সিন্ধুলৈ শীৰ্ষক গ্ৰন্থখন সম্পাদনা কৰিছে ৰাজীৱ বৰাই৷ এই গ্ৰন্থখন অসমীয়া কাব্য সাহিত্যৰ ইতিহাস বিষয়ক এখন গ্ৰন্থ৷ অসমীয়া কবিতাৰ প্ৰস্তুতি পৰ্বৰপৰা বিংশ শতিকাৰ শেষ দশকলৈকে যিসকল প্ৰতিনিধিত্বকাৰী কবিয়ে কাব্যসাধনা কৰি আহিছে, তেওঁলোকৰ নিৰ্বাচিত কবিতাৰ সংগ্ৰহ আৰু সংকলন এইখন…
-
অসমীয়া গদ্য-সাহিত্যৰ গতি-পথ
অসমীয়া গদ্য-সাহিত্যৰ গতি-পথগ্ৰন্থখন অসমীয়া গদ্য সাহিত্যৰ ক্ৰমবিকাশ, স্বৰূপ আৰু গতি-প্ৰকৃতি অধ্যয়নৰ ক্ষেত্ৰত এখন গুৰুত্বপূৰ্ণ অসমীয়া গ্ৰন্থ। গ্ৰন্থখনৰ লেখক ড০ হৰিনাথ শৰ্ম্মাদলৈ। ১৯৯২ চনৰ জানুৱাৰী মাহত শান্তিপুৰ নলবাৰী জিলাৰ পদ্মপ্ৰিয়া লাইব্ৰেৰীৰ পৰা গ্ৰন্থখন প্ৰথম প্ৰকাশ পাইছিল।
-
অসমীয়া চুটিগল্পৰ ঐতিহ্য আৰু বিৱৰ্তন
অসমীয়া চুটিগল্পৰ ঐতিহ্য আৰু বিৱৰ্তন (Asomia Chutigalpa: Oitijya Aru Biborton) অসমীয়া চুটিগল্পৰ ইতিহাস আৰু গতি-প্ৰকৃতি অধ্যয়ন সম্পৰ্কীয় এখন অসমীয়া গ্ৰন্থ। ড° অপূৰ্ব বৰাৰ সম্পাদনাত এই গ্ৰন্থখন যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ প্ৰকাশন কোষৰ পৰা ৭ জুলাই ২০১২ চনত প্ৰথম প্ৰকাশ পাইছিল।
-
অসমীয়া পুৰণি সাহিত্য
পণ্ডিত জ্ঞাননাথ বৰাৰ দ্বাৰা প্ৰণিত অসমীয়া পুৰণি সাহিত্য এখন প্ৰবন্ধ সংকলন। নটা প্ৰবন্ধ সন্নিৱিষ্ট এই সংকলনখনি গুৱাহাটী, দীঘলী- পুখুৰীৰ পাৰৰ বৰুৱা এজেন্সীৰ পৰা শ্ৰী অতুলচন্দ্ৰ বৰুৱাই প্ৰকাশ কৰিছিল আৰু শ্ৰী সুধীৰকুমাৰ দাশগুপ্তৰ কমলা প্ৰিণ্টিং ওয়াৰ্কস্, কলিকতাৰ পৰা মুদ্ৰিত হৈছিল।