কছাৰী বুৰঞ্জী গ্ৰন্থখনৰ প্ৰথম সম্পাদনা কৰিছে সূৰ্য্যকুমাৰ ভূঞাই ১৯৩৬ চনত ৷ গ্ৰন্থখনত কছাৰী ৰাজ্যৰ ইতিবৃত্ত; আৰু অসম আৰু কছাৰী ৰাজ্যৰ ৰাজনৈতিক লেনদেনৰ বুৰঞ্জী সম্পৰ্কে উল্লেখ আছে৷ কছাৰী ৰজা আৰু আহোম ৰজাৰ মাজৰ সম্পৰ্ক, পাৰ্থক্য, আহোম-কছাৰীৰ যুদ্ধ আদি সম্পৰ্কেও বিৱৰণ আছে৷ গ্ৰন্থখনৰ মূল ৰূপটোৰ পাণ্ডুলিপি সংগ্ৰহ কৰা হয় হেমচন্দ্ৰ গোস্বামীৰ পৰিয়ালৰপৰা৷১
বিৱৰণ
গ্ৰন্থখনত কছাৰী বা আহোম ডা-ডাঙৰীয়াসকলৰ মাজৰ যোগসূত্ৰৰ এছোৱা সময়ৰ কথা উল্লেখ আছে৷ চিঠি-পত্ৰৰ আদান প্ৰদান, ৰাজনৈতিক কথা-বতৰা, সৌহাদ্যপূৰ্ণ সম্পৰ্ক স্থাপনৰ কাৰণে ইজনে আন এজন ৰজালৈ চিঠি প্ৰেৰণৰ মাত্ৰাটো আহোম যুগত সৰ্বাধিক আছিল৷ চিঠিৰ সৈতে কটকীৰ হাতত মৌখিক বাৰ্তা দি পঠোৱাটোও আহোম যুগৰ যোগাযোগৰ প্ৰধান বৈশিষ্ট্য আছিল৷ সেইদৰে একেটা কাৰণত কেতিয়াবা বাৰে-বাৰে চিঠিৰ জৰিয়তেই কটকী পঠিয়াই আলোচনা চলিছিল৷ এই বিষয়বোৰ কছাৰী বুৰঞ্জীত উল্লেখ আছে৷১
তথ্যসূত্ৰ
- ↑ সূৰ্যকুমাৰ ভূঞা. (২০১০). কছাৰী বুৰঞ্জী, Preface. বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ. পৃ. ৩
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কছাৰী বুৰঞ্জী (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৩৩৮৬৪০ (২১ নৱেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।